চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৭ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 31, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৭ ): Assamese Storyboard

Assamese Storyboard



নাজানো সিহঁতৰ চন্দালিকাৰ কথাবোৰ সচা যেন কিয় লাগিছিল আৰু সিহঁতৰ ভয়ো লগা নাছিল। তাই চকু মুদিলত এনেকুৱা লাগিল যেন তাই ধুনীয়া পুতলা হে

(Assamese Storyboard )

।  চাৰিজন বন্ধুৱে মুগ্ধ হৈ তাইক চাই আছিল আৰু তাই ক'বলৈ আৰম্ভ কৰিলে, তোমালোকক যিজন সন্যাক্ষীয়ে মোৰ ওচৰলৈ পঠিয়াইছে তেওঁৰ নাম ৰত্নাকৰ। তেওঁ আৰু মোৰ দেউতা বন্ধু আছিল। তেওঁ বহুত বেয়া আছিল আৰু তেওঁ নিজৰ গুৰুৰ পৰা এই পাথৰটো লৈ পেলাইছিল ।যিটো তোমালোকক নিবলৈ কৈছিল ।


এই পাথৰটোৱে বিশ্বৰ সকলো বস্তুৱে প্ৰদৰ্শন কৰিব পাৰে। তাৰ পাছত গুৰুৱে মোৰ দেউতাক ৰত্নাকৰৰ পাছত লগাই দিলে আৰু ক'লে যে ৰত্নাকৰক তাৰ পাপৰ দণ্ড দি পাথৰটো লৈ আহিবা। মোৰ দেউতাই তেওঁক বিচাৰি ইয়ালৈ আহিল আৰু একেৰাহে সাতদিন তেওঁলোকৰ মাজত যুদ্ধ হ'ল। মই একো নোকোৱাকৈ দেউতাক সহায় কৰিবলৈ গুচি আহিলোঁ আৰু মোক দেউতাই ইয়াত দেখি ভয় খালে আৰু মোক বচাবলৈ চাওঁতেই সুযোগ লৈ ৰত্নাকৰে তেওঁক মাৰি পেলালে।

( Assamese Storyboard )



তেওঁলোকে যুদ্ধ কৰি থাকোঁতেই মই সোণৰ বাকচতো ল'লো। কিন্তু মই তাৰ পৰা উলাব নোৱাৰিলোঁ।ৰত্নাকৰে মোক মাৰিবলৈ চেষ্টা কৰিলে আৰু মই বাচি বাচি আহি এই মন্দিৰটো পালোঁ।ৰত্নাকৰে পাপ কৰিছিল কাৰণে এই মন্দিৰটোত সোমাব নোৱাৰে। সেইকাৰণে সি বাহিৰতে মই উলাই যোৱাৰ বাট চাই থাকে। ওপৰৰ কোঠাটোত তাৰ মাত আৰু ভৰি খোজ শুনা যায়। কিন্তু সি ইয়াৰ ভিতৰলৈ আহিব নোৱাৰে।এই দেৱীৰ সন্মুখলৈ আহিলে সি ভষ্ম হৈ যাব। তোমালোকে যেতিয়া মন্দিৰৰ ওপৰৰ বাৰাণ্ডাত বহি আছিলা তেতিয়া কিবা কিবি আচৰিত ঘটনা ঘটিছিল ন? 


সেই সকলোবোৰ ৰত্নাকৰৰ মায়া আছিল। সি বিচাৰিছিল যে তোমালোক যাতে মন্দিৰৰ বাহিৰলৈ যোৱা আৰু সি তোমালোকক পঠায় এই পাথৰটো ‌নিব পাৰে।  বাহিৰত যে এটা মানৱ ৰূপী জন্তু আছে । সেইটো তাৰে গোলাম আৰু পাপ কৰা জীৱ। তোমালোকে ৰত্নাকৰৰ কামত অহাৰ কাৰণে  সি তোমালোকক একো নকৰিলে আৰু দেৱী ৰূমৰ দৰ্জা খুল খালতেই সি ভয় খাই লুকাই থাকিল।

চাৰিজন বন্ধুৱে মুগ্ধ হৈ তাইৰ কথা শুনি আছিল। সিহঁতৰ মনৰ পৰা শংকা আৰু ভয় নিজে নিজে নাইকীয়া হৈ গৈ আছিল। 


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages