ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 31, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১০ ) : Assamese Storyboard

Assamese Storyboard

 

মাধুৰীৰ নিৰ্দেশ মতেই শইকীয়া , কেওত , তিদীপ , ৰত্নাকৰ সকলো ৰাতিটো থানাতেই আছে , মাজে মাজে শইকীয়া নাইবা ৰত্নাকৰে টৰ্চ জ্বলাই চাৰিওফালে এপাক  চাইছে( Assamese Storyboard ) , কিমান আৰু সাৰে থাকিব , ৰাতি দুটা বজালৈকে কোনেও চকুৰে টিপ এটা মৰা নাছিল , মৃণাল আৰু ৰাজুৱে নাক বজাই বজাই ল'কাপত শুই আছিল , .... এইকেইটাৰ কাৰণেই আজি আমাৰ এই দশা , ...ৰত্নাকৰে খঙেৰে কলে , 


: কিয় খং কৰিছে খুড়া ? সিহঁতৰ কি দোষ নিজৰ কৰ্তব্য পালন কৰিছে আৰু আমি আমাৰ দায়িত্ব পালন কৰিছোঁ , নে মই মিছা কলো শইকীয়া দা....., 


: একদম সত্য কথা কৈছা তিদীপ , ..... শইকীয়াই তপৰাই মাত লগালে , তেনেতে কিবা এটা শব্দ শুনি ৰত্নাকৰ আৰু কেওত টৰ্চটো লৈ বাহিৰলৈ গল , থানাৰ পৰা কিছু নিলগত এখন বাইক আলিটোৰ সোঁমাজতে ৰখাই থোৱা আছে ....., শইকীয়া , আমি ওচৰলৈ নোযোৱাই ভাল , মেডামে কি কৈছিল মনত আছে নহয় ,  ৰত্নাকৰৰ কাণৰ কাষেদিয়ে কুকুৱাই গুলি এটা পাৰ হৈ গল ...... শইকীয়া টৰ্চটো নোমুৱাই দিয়া , কোনোবাই আমাক অনুসৰণ কৰিছে , মোৰ কাণৰ কাষেদি গুলি এটা পাৰ হৈ যোৱা যেন লাগিল , 


: আপুনি সঁচাকৈ কৈছে নে , মোক ভয় খুৱাইছে , ।


: ভয় নহয় সঁচাকৈ কৈছোঁ , মেডামক খবৰ দিয়াটো ভাল হব , 


             টৰ্চটো নোমুৱাই চাপৰি চাপৰি আহি দুয়ো থানা পালেহি , শইকীয়াই অলপো পলম নকৰি মাধুৰীলৈ ফোন কৰিলে , মাধুৰী ঘোৰ টোপনিত লাল কাল , শইকীয়াই তিনি চাৰি বাৰ চেষ্টা কৰিও ফোন লগাব পৰা নাই , শেষবাৰৰ বাবে আকৌ চেষ্টা কৰি চাওঁতে মাধুৰীয়ে ফোনটো ৰিচিভ কৰিলে ,  .......হেল্ল" মেডাম মই শইকীয়াই কৈছোঁ , আমাক কোনোবাই ফ'ল কৰি আছে , তিনিআলিটোৰ পৰা কিছু নিলগত বাইক এখন ৰখাই থোৱা দেখি ৰত্নাকৰ আৰু মই আগবাঢ়ি গৈছিলো , একো দেখা নাপালোঁ কিন্তু ৰত্নাকৰৰ কাণৰ কাষেদি গুলি এটা পাৰ হৈ যোৱা যেন লাগিল , 


: What. ..?


: yes মেডাম , 


: তিদীপ আছে নে নাই , তাক জীপখন ষ্টাৰ্ট কৰি তিনি আলিটোৰ ফালে লাইট দি পোহৰ কৰি দিবলৈ কোৱা , মই গৈ আঁচো , 


: ঠিক আছে মেডাম ,  ফোনটো কাটি দিলে মাধুৰীয়ে , তিদীপ মেডামে জীপখন ষ্টাৰ্ট কৰি তিনি আলিৰ ফালে পোহৰ কৰি দিবলৈ কৈছে , মেডাম আহি আছে , তিদীপে জীপখন ষ্টাৰ্ট কৰি গোটেইখন পোহৰ কৰি দিলে , মাধুৰীয়েও ৰয়েলখন ষ্টাৰ্ট কৰি লাইটো জ্বলাই ইফালে সিফালে ঘূৰাই দিলে , তিনি আলিটো দিন যেন পোহৰ হৈ পৰিল , প্ৰকাণ্ড আমজোপাৰ কাষৰ পৰা কলা সাঁজ পৰিহিত মানুহ এজন ওলাই বাইকখন ষ্টাৰ্ট কৰি লৈ গুচি গল , মাধুৰীয়ে কিছুদূৰ খেদি গৈছিল যদিও কোঁৱৰপুৰলৈ যোৱা হাবিদৰাৰ ওচৰতে বাইকৰ পোহৰটো নাইকিয়া হৈ গৈছিল , আগুৱাই  নগৈ মাধুৰী উভটি আহিছিল থানালৈ , ..... ৰত্নাকৰ ই পল্লৱৰ বাহিৰে আন কোনো নহয় , মৃণাল আৰু ৰাজুক সি পলুৱাই নিবলৈ আহিছিল , মই এটা কথা ভাবিছোঁ , 


: কি কথা মেডাম ,


: মোৰ কোৱাটাৰৰ ষ্টৰৰূমতো এনেয়ে পৰি থাকে , খিৰিকীয়ো নাই , ইহঁত দুটাক মুখত টেপ লগাই হাত ভৰি বান্ধি সেই ৰূমটোতে ভৰাই থলে কেনে হব , 


: বেয়া নহয় মেডাম , 


: কাইলৈ সন্ধিয়া হোৱাৰ আগতেই কামটো কৰিব লাগিব , আৰু এটা কথা ইয়াৰ পৰা তালৈ নিওতে চকু দুটা ভালকৈ বান্ধি নিব লাগিব , ৰাতিপুৱা মই উকীল এজনৰ লগত কথা পাতিম , আৰু যিমান পাৰোঁ সিমান সোনকালে ইহঁতক আদালতত হাজিৰ কৰিব লাগিব , পল্লৱে কেনেবাকৈ ইহঁতক শেষ কৰি দিলে মিতালিয়ে আৰু কেতিয়াও ন্যায় নাপাব , ৰাতিপুৱাবৰে হল মই কোৱাটাৰলৈ আহিছোঁ , আপোনালোকে বাহিৰৰ গেটখন ভালকৈ বন্ধ কৰি অলপ শুই দিয়ক , মই বাৰু যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম , ( Assamese Storyboard )

...... কথাকেইটা কৈ খৰ খোজেৰে উলাই গৈছিল মাধুৰী , শইকীয়াই গেটখনত ডাঙৰ তলাটো লগাই দুৱাৰখন ভালকৈ বন্ধ কৰি চকী টেবুল যাৰ যতেই সুবিধা হৈছে তেনেকৈয়ে অলপ দীঘল দিলে , শইকীয়াই বেঞ্চখনতে দীঘল দি নাক বজাই বজাই শুবলৈ ধৰিলে , তিদীপে চকীখনত বহি টেবুলতে মূৰটো থৈ চকুহাল জপাই দিলে , কেতিয়া যে ৰাতিপুৱাল কোনেও গমকেই নাপালে , মাধুৰীয়ে আহি বাহিৰৰ পৰা চিঞৰি চিঞৰি ভাগৰি পৰিল , উপায়ন্তৰ হৈ মাধুৰীয়ে শইকীয়ালৈ ফোন লগালে , নাই শইকীয়াৰো কোনো কাণষাৰ নাই , কেওত তিদীপ , ৰত্নাকৰ সকলোলৈকে ফোন লগালে কোনেও ফোন ৰিচিভ নকৰিলে , মাধুৰীয়ে বাৰাণ্ডাতে কিছুসময় বহি দুৱাৰখন খুল খাই বুলি অপেক্ষা কৰিছিল , নাই দুৱাৰখন বন্ধ হৈ থাকিল , সেয়ে মাধুৰীয়ে অপেক্ষা নকৰি ৰয়েলখন লৈ উকীল দীনবন্ধুক লগ কৰিবলৈ গল , মাধুৰীয়ে সকলোবোৰ কথা খুলি কোৱাৰ পাছত দীনবন্ধুৱে এটা উপায় দিলে....... আপুনি চিন্তা কৰিব নালাগে , এনেকুৱা কেচ মই বহুত পাইছো , আজিলৈকে মই হাৰ মনা নাই , আপুনি প্ৰমাণ সমূহ ভালকৈ ৰেডী কৰি থব , উপযুক্ত প্ৰমাণ নহলে দোষীক উপযুক্ত শাস্তি দিব পৰা নাযাব , আদালতে প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে ৰায় প্ৰদান কৰে ....... t>


: প্ৰমাণ নোহোৱাকৈ মাধুৰীয়ে কোনো কামত হাত নিদিয়ে , উপযুক্ত প্ৰমাণ মোৰ হাতত আছে , কিন্তু 

পল্লৱ লোচনক এতিয়াও কৰায়ত্ত কৰিব পৰা নাই , 


: আপুনি ওপৰত কথাটো এবাৰ জনাওক , যদি সঁহাৰি নাপায় তেন্তে পল্লৱ লোচন শৰ্মালৈ আদালতৰ পৰা এখন চমন প্ৰেৰণ কৰিব লাগিব , 


: ঠিক আছে , মই এতিয়া আহিছোঁ , 


          মাধুৰী আহি পোৱালৈকে তিদীপ আৰু শইকীয়া শুয়ে আছিল , ....... তিদীপ বাৰ বাজীবৰ হল , শইকীয়া উঠক আৰু........ মাধুৰীৰ মাতটো শুনাৰ লগে লগেই চকুদুটা মোহাৰি তিদীপে আৰু শইকীয়া উঠিল.... মেডাম ৰাতিটো সাৰে আছিলোঁ যে ...... তিদীপে লাহেকৈ কলে ..


: যোৱা অলপ ফ্ৰেচ হৈ আহাগৈ , কোঁৱৰপুৰলৈ যাব লাগিব , 


: ok মেডাম ..... শইকীয়াহঁত আহে মানে ৰত্নাকৰ আহি পাইছিল , Good Morning মেডাম..


: Good Morning ,  এবাৰ ঘড়ীটোলৈ চাওকচোন কেইটা বাজিলে..


: মেডাম.... মানে....!


: হব দিয়ক মই বুজি পাইছোঁ , বলক এতিয়া কোঁৱৰপুৰৰ পৰা আহোগৈ ...


: ঠিক আছে , কিন্ত থানালৈ বাকী কোনো অহাই নাই দেখোন ,


: কেওতলৈ ফোন কৰি সোনকালে আহিবলৈ কৈ দিয়ক ,  মাধুৰীয়ে বাইখখন ষ্টাৰ্ট কৰি ৰত্নাকৰক উঠিবলৈ কলে .... উঠক ৰত্নাকৰ , ভালকৈ ধৰি লব , ৰাস্তা বৰ ঠিক নহয় , ধূলি উৰুৱাই কেঁচা ৰাস্তাটোৱেদি মাধুৰীহঁত আগুৱাই গল , গছৰ পাতৰ সুৰুঙাইদি বেলিৰ পোহৰ আহি আলিবাটটোত পৰিছে , সৰু সৰু ল'ৰাবোৰে মাধুৰীৰ বাইকখনৰ পাছে পাছে দৌৰ মাৰিছে , 


 (ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

  ......... ক্ৰমশঃ

( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages