: ৰক্তিমহঁতৰ ঘৰৰপৰা কোনো অহা নাই নেকি?
তাইতো জানেই সিহঁত কোনো নাহে বুলি। মনে মনে চাগে কিমান ভাল পাইছে সিহঁতে তাৰ কোনো লেখ নাই( Assamese Storyboard )। তথাপিও নাৰীৰ মন যে নোসোধাকৈ থাকিব নোৱাৰিলে। নোৱাৰিলে তাই সচাঁ কথাবোৰ বাপেকক ক'বলৈ। সুখী হোৱা অভিনয়ৰ প্ৰলেপ সানি মিচিকিয়া হাঁহি মাৰি কথাটো সোধোতে হয়তো তাইৰ মনত থকা বিষাদৰ মহাসাগৰখনত উঠা ঢৌবোৰ বাপেকে নেদেখিলে। দুখৰ বোজা কঢ়িওৱাটো সহজ কিন্তু সেই বোজাটোৰ বাহিৰৰ কাপোৰখনত সুখৰ ৰঙ লগালেহে কঢ়িয়াবলৈ বৰ কষ্ট হয়।
কিন্তু বাপেকে কোৱা উত্তৰটো শুনিহে তাই আচৰিত হ'ল।
: তেওঁলোকেইতো তোক ইয়ালৈ আনিলে কালি ৰাতি। আমিতো অলপ আগতহে পাইছোহি। তই চকুমেলাৰ ঠিক দহমিনিটমানৰ আগত। মইয়ে তেওঁলোকক ঘৰত যাব ক'লো। ৰাতিটো নুশুৱাৰ বাবে তেওঁলোকৰ টোপনি ধৰি আছিল মই কথাটো মন কৰিয়েই তেওঁলোকক ঘৰত ফ্ৰেচ হৈ আহিব ক'লো। আৰু ৰক্তিমটো যাবই খোজা নাছিল, আমিহে জোৰ কৰি পঠিয়াইছো। এতিয়া দুটা বাজিলেই, তই অলপ শুই দে। অলপ পিছতে মানে আবেলি তোক ডিচাৰ্জ দিব। মই বিলটো দি ঔষধকেইটা লৈ আনোগৈ ৰ'বি।
বাপেক বিল দিবলৈ গ'ল কিন্তু মানসীক দি প্ৰশ্নৰ এটি অদৃশ্য টোপোলা। মানসীয়ে বাপেকে কৈ যোৱা কথাবোৰ শুনি মনে মনে ভাবিবলৈ ধৰিলে..........
" এইঘৰ বাৰু কেনেকুৱা মানুহ? কি সচাঁ আৰু কি মিছা? হে ভগৱান ক'ত সোমাই গ'ল মোৰ জীৱনটো। মোক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি পঠিওৱা মানুহজনেই আকৌ মোৰ বাবে ৰাতিটো উজাগৰে লঘোণে-ভোকে আছে। এইয়া দায়িত্ব, প্ৰেম নে স্বাৰ্থ? যদি এইয়া প্ৰেম আৰু দায়িত্বই হয় তেন্তে ইমানদিনে ক'ত গৈছিল তেওঁৰ এই প্ৰেম কিম্বা দায়িত্ব? কিয় বিয়াৰ পিছত শাম কাটিছিল এই দায়িত্ব আৰু প্ৰেমে। নাই নাই এইয়া কেতিয়াও সচাঁ হ'ব নোৱাৰে। মই ইমানদিনে সিহঁতক ভালকৈ চিনি পাইছোঁ। প্ৰতিটো ৰাতি মোৰ শৰীৰটোৰ ওপৰত কৰা অত্যাচাৰৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰতিটো ৰাতি তাৰ চকুত জ্বলা কামনাৰ শিখাডালক মই কেতিয়াও মোৰ মনৰ পৰা মচিব নোৱাৰোঁ। এইয়া সিহঁতৰ এটা স্বাৰ্থ। মোৰ সহজ সৰল মা-দেউতাৰ পৰা পইছা সৰকোৱাৰ এটা কৌশল। মোৰ দ্বাৰা পইছা আনিব নোৱাৰি এতিয়া এইবোৰ কৰিছে!"
কথাখিনি ভাবি থাকোঁতেই হঠাতে তাইৰ মনত পৰিল যে তাইৰ বাপেকৰো দেখোন অপাৰেচন হৈছিল। এদিন ককায়েকৰ লগত কথা পাতোঁতে তাইক ককায়েকে কৈছিল। তাই দেখোন এতিয়ালৈকে বাপেকৰ খবৰ লোৱাই নাই। "হে ভগৱান, এইবোৰ কি হৈ আছে মোৰ লগত? মই কেতিয়াৰপৰা ইমান স্বাৰ্থপৰ হ'লো। দেউতা ইমান সময় মোৰ লগতে আছিল অথচ মই তেওঁৰেই খবৰ এটা নল'লো। কি পাকচক্ৰত সোমালোঁ মই য'ত সূৰ্য ওলাই পশ্চিমফালে আৰু মাৰ যায় পূবফালে।"
"নগ্ন সময়, নগ্ন বতাহ,
নগ্ন হৃদয়ত প্ৰসাধনৰ জোৱাৰ।"
বাথৰুমৰপৰা মাক ওলাই আহি তাইৰ বিছনাখনৰ ওচৰৰ চকীখনত বহিল।
: মা, দেউতাৰ গাটো এতিয়া কেনেকুৱা? ভাল পাইছেনে?
: দেউতা আহিলে তই তেওঁক নিজেই সুধি ল'বি, ভাল পাব তেওঁ। বাৰু দেউতাৰানো ক'লৈ গ'ল?
: দেউতা হস্পিতালৰ বিল দিবলৈ আৰু ঔষধ আনিবলৈ গৈছে।
: অ'।
সুধিবলৈ যেতিয়া বহুত কথা থাকে তেতিয়া মুখৰ ভাষা হেৰাই যায়। প্ৰকাশিত ৰূপত প্ৰকাশ হ'বলৈ ওলোৱা শব্দৰ নৈখনে দিশ সলনি কৰে। খুন্দা মাৰি ধৰে শোকৰ হুমুনিয়াহটোৱে। বৰকৈ আমনি কৰে "মৰম" নামৰ শব্দটোৱে।
অলপ সময়ৰ পিছত মানসীৰ বাপেক বিল দি আহি ঔষধকেইটা ফাৰ্মাচীৰপৰা লৈ তাইৰ কোঠাটো পালেহি।
: আহিলা দেউতা?
: উমম্ মুনু।
: তোমাৰ গাটো এতিয়া কেনেকুৱা? ভাল পাইছানে?
: মই এতিয়াসম্পূৰ্ণ সুস্থ।তই মোৰ বাবে চিন্তা কৰিব নালাগে। নিজৰ কথা চিন্তা কৰ। ভোক লাগিছে নেকি তোৰ?
: নাই লগা।
: ঠিকে আছে আৰু মই ফোন কৰিছোঁ অলপ পিছতে গাড়ী আহি পাবই তঁহত দুজনী সাজু হ'।
: ঠিক আছে।
মাকে বয়-বস্তুবোৰ সামৰি ল'লে। ধৰণীৰ বুকুত দুপৰীয়াই যৱনিকা পেলাই আবেলিয়ে ভুমুকি মাৰিলে। আৰু চাওঁতে চাওঁতে অলপ সময়ৰ পিছতে গাড়ীখনো আহি পালে। তিনিও গৈ গাড়ীখনৰ ওচৰ পালেগৈ। তেনেতে মানসীৰ মাকে ক'লে------------
: জোঁৱাইলৈ ফোন এটা কৰি কৈ দিয়ক নহ'লে, এইক যে ডিচাৰ্জ দিলে আৰু আমি এতিয়া মুনুক আমাৰ ঘৰলৈকে লৈ গৈছোঁ।( Assamese Storyboard )
: নালাগে নেকি মা?
: তই মনে মনে থাক। আমিহে জানো ল'ৰাটোৱে কিমান কষ্ট কৰিছে তোৰ বাবে।
: ঠিকে কৈছা তুমি। ৰ'বা মই ফোন এটা কৰো।
এইবুলি কৈ পকেটৰপৰা ফোনটো উলিয়াই মানসীৰ বাপেকে ৰক্তিমলৈ ফোনটো লগালে।
: হেল্ল' ৰক্তিম।
: অ' দেউতা কওঁক? মানসী ঠিকে আছেনে? তাইৰ হুচ আহিলনে? ডাক্তৰে কি ক'লে?
: নাই নাই তাইৰ অথনিয়ে মানে তোমালোক যোৱাৰ পিছতে হুচ আহিল। ডাক্তৰেও সব ঠিকেই আছে বুলি কৈছে। এতিয়া মানে তাইক ডিচাৰ্জ দিলে। মই হস্পিতালৰ বিলটো দিলোঁ আৰু গাড়ী এখন ঠিক কৰি তাইক আমাৰ ঘৰলৈকে লৈ যাওঁ বুলি ভাবিছোঁ।
: হয় নেকি দেউতা? কিন্তু হস্পিতালৰ বিলটো আপুনি কিয় দিলে? মোক ফোন এটা কৰা হয় মই গ'লোৱেই হেঁতেন নহয়। আৰু মই ঘৰৰ পৰা ওলাইছোৱেই গাড়ী ভাৰা কৰিব নালাগে মোৰ গাড়ীতে লৈ যাম।
: একো নহয় দিয়া ৰক্তিম। বিলটো তুমি দিয়া বা মইয়ে দিওঁ তাতে কি হ'ল? তুমিও জানো আজিৰ পৰা মোৰেই ল'ৰা নহয়?........................................
:
:আৰু গাড়ীখন আহি ৰৈ আছে মানে ৰক্তিম। তুমি নহ'লে আজি আহিব নালাগে দিয়া। আমাৰ ঘৰত দুদিনমান থকাৰ পিছত তুমি আহি লৈ যাবাহি। বিয়াৰ পিছতটো তাই এবাৰো অহাই নাই গতিকে এতিয়া দুদিনমান থাকক দিয়া। এনেও কালিৰ পৰা তোমাৰো বহুত কষ্ট হৈছে গতিকে আজি অলপ ৰেষ্ট লোৱা।
: হ'ব দিয়ক দেউতা, আপোনালোকে যি ভাল দেখে।
: ঠিক আছে দিয়া আৰু এটা কথা।
: কওঁক দেউতা?
: এইক ডিচাৰ্জ দিয়াৰ কথাটো তোমাৰ মা-দেউতাক ক'বা তেওঁলোকে শুনি ভাল পাব।
: নিশ্চয় দেউতা।
: অ' হ'ব দিয়া, ৰাখিছোঁ তেন্তে হা।
: ঠিক আছে দেউতা।
ফোনটো পকেটত ভৰাই তেওঁ পুনৰ মানসীহঁতৰ কাষলৈ আহিল।
: হেৰি, কি ক'লে জোঁৱায়ে?
: হেৰা আমি সাধি-সাধি এনেকুৱা এটা ল'ৰা জোঁৱাই হিচাপে পাইছোঁ দেই। আমাৰ মুনুৰ কপালখন সচাঁকৈয়ে বৰ ভাল। তুমি জানানে জোঁৱাই ইয়ালৈ আহিবলৈ ওলাই আহিছিল, মইহে আজি আহিব নালাগে বুলি ক'লো। আৰু হস্পিতালৰ বিলটো মই দিয়া বুলি শুনি মোক "কিয় দিব লাগে" বুলি কৈ বেয়াই পালে। /p>
: হয় নেকি? আমিহে ইমান গুণী ল'ৰা এটাক কেনেকৈ যে ইমান ভুল বুজিলোঁ নহয়! ছিঃ! ভাবিলেই যছ এতিয়া নিজৰ ওপৰতে খং উঠে।
: হয় দিয়া। আমাৰ মুনুৰ পছন্দ কিন্তু মানিলোঁ দেই!
: উমম্
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment