এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ১৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ১৮ ) : Assamese Storyboard

Assamese Storyboard

 

মিছেছ কাবেৰী হয়টো আপুনি ভালকৈ নাজানে এজন আৰক্ষী বিষয়াৰ দায়িত্ব আৰু কৰ্তব্য কি ! হয়টো আপুনি পাহৰি গৈছে যে মিষ্টাৰ ভাগৱতী এজন আৰক্ষী বিষয়া।( Assamese Storyboard )
খাৰঘৰীয়া ই কাবেৰী ক উদ্দেশ্য কৰি কৈছিল ।
- শুনক মিষ্টাৰ খাৰঘৰীয়া মই এজন পুলিচ অফিচাৰ ৰ দায়িত্ব আৰু কৰ্তব্য ৰ কথা আপোনাত কৈ ভালকৈ বুজি পাওঁ ।
কাবেৰী ৰ কথা শুনি খাৰঘৰীয়া ই এটা তাৎছিল্লৰ হাহি মাৰিছিল ।
- আপুনি নাজানে কাবেৰী । আপুনি নাজানো বুলি স্বীকাৰ কৰক । শুনক ভাগৱতী এজন সৎ , সাহসী  আৰক্ষী বিষয়া । তেখেত এজন দক্ষ আৰক্ষী কাৰনে বিভাগে তেখেতক ইমান ডাঙৰ কেছ চম্ভালিবলৈ পঠাই দিছে । তেনে আৰক্ষী বিষয়া এজনে ভুক্তভোগীৰ ডায়েৰী জ্বলাই দিব ! 
- কিন্তু সেই প্ৰমান আমাৰ হাতত আছে মিষ্টাৰ খাৰঘৰীয়া ।
- প্ৰমান ?
- হয় , ভাগৱতীয়ে ডায়েৰী জ্বলোৱা প্ৰমান আমাৰ হাতত আছে । ন্যায়াধীশ মহাশয়ে আদেশ কৰিলে মই সেই প্ৰমান দেখাৱ বিচাৰোঁ ।
- আপোনাৰ অনুৰোধ মঞ্জুৰ কৰা হ'ল ।
ন্যায়াধীশ ৰ আদেশ পায় কাবেৰী য়ে সেইদিনা ৰাতি থানাৰ ভিতৰত ডায়েৰী জ্বলোৱা ৰ বিশেষ ভিডিঅ' টি দেখালে । যি ভিডিঅ' ত ভাগৱতী আৰু অংকুৰণ দত্তৰ মুখ দুখন স্পষ্ট হৈ জিলিকি আছিল ।আৰু সেই সম‌য়ত উক্ত ভিডিঅ' টো কৰিছিল বৰ্মন আৰু আহমেদে ।

- অৰ্ডাৰ , অৰ্ডাৰ ,অৰ্ডাৰ । মিষ্টাৰ ভাগৱতী য়ে ডায়েৰী জ্বলোৱা টো সত্য । আৰু ইমান ৰ পাছত ও যদি হে ভাগৱতীয়ে কব বিচাৰে যে তেখেতে ডায়েৰী জ্বলোৱা নাই তেতিয়া হ'লে ক'ৰ্টৰ অহা দিনটোত তেখেতে আমাক ডায়েৰী খন জমা দিব লাগিব । পলাশ আৰু ৰাধিকা হত্যাৰ বিচাৰ আজি ইমানতে অন্ত পৰিল ।

                 ক'ৰ্টৰ ভিতৰৰ পৰা সকলো ওলাই আহিল । আৰক্ষীয়ে নিয়ৰ আৰু অংকুৰণ ক লৈ গ'ল । ৰূপালী দত্ত ই অধিবক্তা খাৰঘৰীয়া ৰ গাড়ীত গ'ল । 

- কাবেৰী সুন্দৰ আপোনাৰ যুক্তি ।
বৰুৱাই কাবেৰী ক কৈছিল ।
- ধন্যবাদ ছাৰ ।
- বুজিছে কাবেৰী এই যুদ্ধত আমাৰ জয় নিশ্চিত । ইতিমধ্যে অপৰাধী লাহে লাহে ধৰা পৰাৰ দিশত ।
- ছাৰ নিশ্চয় । ইতিমধ্যে আমাৰ হাতত বহুত প্ৰমান মজুত হ'ল ।

             তেনেতে বৰুৱা ক দেখি নিউজ চেনেল ৰ সাংবাদিক বোৰ আগুৱাই আহিল ।

- হয়, ইতিমধ্যে আমি আজি উপস্থিত আছোঁ উচ্চতম ন্যায়ালয় ত । যত আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটীৰ দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড পলাশ আৰু কাবেৰী হত্যাৰ বিচাৰ প্ৰক্ৰিয়া । কিন্তু এই মূহুৰ্তত আমাৰ সৈতে আছে সৌ সিদিনা ঘোচ লোৱাৰ অপৰাধত ট্ৰান্সফাৰ দিয়া উক্ত থানাৰ প্ৰাক্তন পুলিচ অফিচাৰ অনিৰূদ্ধ বৰুৱা । ছাৰ সৌ সিদিনা আপোনাৰ ওপৰত অভিযোগ উঠিছিল যে হত্যাকাৰী চিনাক্ত কৰাৰ বাবদ আপুনি ভূক্তভোগীৰ পিতৃৰ পৰা টকা বিচাৰিছিল । যাৰ কাৰণে আপোনাক ডিপাৰ্টমেন্টে ট্ৰান্সফাৰ দিলে । কিন্তু আজি উক্ত ব্যক্তি জনে ক'ৰ্টৰ মজিয়াত কথাৰ সুৰ সলনি কৰি কলে আচলতে তেওঁ ক এই কথা কবলৈ বাধ্য কৰোৱা হৈছিল এই সংক্ৰান্তত আপুনি কি ক'ব ছাৰ ?
- পোন প্ৰথমে মই আপোনালোক মিডিয়া বন্ধুক ধন্যবাদ জনাৱ বিচাৰিছোঁ এই কাৰনে যে আপোনালোকে মানুহৰ বদনাম কৰিব ৰ দিনা ও বিনা দ্বিধাই নিউজ কৰে । আকৌ বদনাম টো মিছা বদনাম বুলি প্ৰমান হোৱা ৰ পাছত ও লাজ ,ভয় নকৰি নি:সংকোচে আগুৱাই আহে ।( Assamese Storyboard )

              বৰুৱা ৰ কথাষাৰ সাংবাদিক বন্ধু ভালকৈ বুজি পাইছিল সেয়েহে তলমূৰ কৰিছিল । বৰুৱাই আকৌ কবলৈ লৈছিল ।

- প্ৰথমতে আপোনালোকক এষাৰ কথা কৈ লও । যিহেতু আপোনালোক গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গতিকে আপোনালোকে এই গনতন্ত্ৰৰ মানমৰ্যদা অটুত ৰাখি আগুৱাই যোৱাটো আপোনালোকৰ কৰ্তব্য । যদি এজন মানুহে এটা ডাঙৰ কুকুৰ দেখি চিঞৰে মোৰ ঘৰত এটা বাঘ আহিছে তাত ও আপোনালোকে সত্য অসত্য বিচাৰ নকৰি চিঞৰা আৰম্ভ কৰে " আজি অমুক গাওঁ ৰ অমুক ৰ ঘৰত এটা প্ৰকাণ্ড বাঘে থিতাপি লয় " এয়া ভুল । আপোনালোকে সম্পূৰ্ণ সত্য কথা জানি বুজি হে নিউজ কৰিবলৈ আগবাঢ়িব লাগে । কাৰন ৰাইজে আপোনালোকক বিশ্বাস কৰে । ঠিক তেনেকৈ আপোনালোকে সেইদিনা মোৰ কথাটোৰ সত্যতা বিচাৰ নকৰি নিউজ বনাই দিলে । আৰু লগে লগে ডিপাৰ্টমেন্টৈ মোক ট্ৰান্সফাৰ দিলে । অসমৰ ৰাইজে এজন ঘোচ খোৱা আৰক্ষীক মা,ভনীক ধৰি গালি পাৰিলে ।
- আচলতে ছাৰ আমি আপোনাক সুধিছিলো যে,,,,,
- হয় মই বুজিছো আপোনালোকে মোক কি সুধিছে । কিন্তু এই খিনি কথা আপোনালোকক কোৱাটো মোৰ কৰ্তব্য আছিল কাৰনে মই কলো । আপোনালোকে জানে নীলৰ পানীত গা ধুই আহি শিয়ালটো যেতিয়া দেখিবলৈ নীলা হৈছিল তেতিয়া তাক জাতি ভাই চিনি পোৱা নাছিল । তাক অন্য কিবা বেলেগ জীৱ বুলি সিহঁতে ভয় খাইছিল ।‌তাৰ সুযোগ লৈ নীলা শিয়ালে জাতি ভাইক শাসন কৰিছিল । কিন্তু যিদিনা ধৰা পৰিছিল । তাক সেইদিনা তাক ভয় কৰা জাতি ভাই মৰিয়াই মেৰিয়াই  চিৰদিনৰ কাৰনে বিদায় দিছিল । গতিকে এচাম মানুহ ৰূপী নীলা শিয়ালে অজলা জাতি ভাইক পাই মুৰ্খ সজাইছিল । কিন্তু যিদিনা ধৰা পৰিল সেই দিনা সিহঁতৰ ও জীৱ কম্পমান । এতিয়া আপোনালোকে লাহে বাকি খেল খন চাই থাকক ।

               কথা খিনি কৈ বৰুৱা আৰু কাবেৰী গুছি গ'ল । আৰু সাংবাদিক সকলে বৰুৱা ৰ কথা ৰ শৈলীক তবধ মানিলে । 

                 ভাগৱতী ৰ মহা চিন্তা হ'ল । কি কৰা যাৱ এতিয়া । ইতিমধ্যে ন্যায়াধীশে আদেশ দিছে ক"ৰ্টৰ আহিব লগীয়া দিনটোত ৰাধিকা ৰ ডায়েৰী খন ভাগৱতীয়ে ক'ৰ্টত দাখিল কৰিব লাগিব । কিন্তু ডায়েৰী খন পায় কত এতিয়া । ভাগৱতী আৰু অংকুৰণে ডায়েৰী খন জ্বলোৱা টো সচা । নে অংকুৰণ ক অকলে ফচাই দিব ! কিন্তু ভিডিঅ' ত দুটাই উঠিছিল ! মহা বিপদত পৰিলে ভাগৱতী । হয়টো এইবাৰ ভাগৱতীৰ চাকৰি শেষ । তেনেতে ভাগৱতী ৰ ওচৰত বৰ্মন আহিলে ।

- ছাৰ !
- নাই নাই বৰ্মন তোমালোকে মোক শেষ কৰি পেলালা । তোমালোকে মোৰ দৰে মানুহ জনক চিনি নাপালা ।
- ছাৰ আপুনি এইবোৰ কি কৈ আছে ?
- কি লাগিব তোমালোকক হা ? মই কিমান ষ্টাফক সহায় কৰোঁ তোমালোকে নাজানা । মোৰ ও ভুল হৈছে । এই কেইদিন তোমালোকক ভালকৈ মাত এষাৰ ও দিব পৰা নাই ।  আচলতে কি জানা ব্যস্ততা ই মোক এনেকুৱা কৰি পেলাইছে । জানা বৰ্মন মই অলপ বেলেগ ধৰনৰ পুলিচ । কেছ আহিলে মই পেলাই নথও মোৰ কাম সদায় স্পীড । এইবোৰ বাদ দিয়া বৰ্মন আজি আমি এটা খানা খাম । এয়া লোৱা পাচ হাজাৰ টকা বজাৰ কৰি আনা ।
- ছাৰ 
- আৰু শুনা ড্ৰিংকচ কৰা নে ?
- ছাৰ,,,,
- ভয় কৰিব নালাগে সচা কথা কৈ দিয়া ।
- মাজে মাজে কৰোঁ ছাৰ ।
- বঢ়িয়া , বজাৰ কৰি ৰৈ যোৱা পইচাৰে মদৰ বটল  লৈ আহিবা যোৱা ।
- ঠিক আছে ছাৰ ।

               বৰ্মন যোৱাৰ পাছত ভাগৱতী য়ে নিজে নিজে হাহি কলে " এই গেম চেঞ্জাৰ ভাগৱতী ক কোনেও চিনি পোৱা নাই । বৰুৱা আৰু কাবেৰী আজি যিখন কলেজ ৰ প্ৰফেচৰ মই সেই খন কলেজৰ দহ বছৰ আগতে প্ৰিঞ্চিপাল আছিলোঁ " ।

             আজি থানাত যেন আনন্দৰ লহৰ । ভাগৱতীয়ে দিয়া পাৰ্টিত সকলোৱে পাহৰি গল নিজকে । আজি থানাৰ পাৰ্টিৰ বিশেষ অতিথি ৰূপালী দত্ত আৰু খাৰঘৰীয়া । ভাগৱতীয়ে বৰ্মনক  নিজৰ ওচৰলৈ মাতিলে । ইতিমধ্যে বৰ্মন সুৰাৰ ৰাগীত মাতাল ।

- বৰ্মন কেনে ?
- মজা ছাৰ , আপুনি সচাকৈ  বৰ ডাঙৰ হৃদয়ৰ মানুহ ।
- বুজিলা নে !
- ছাৰ আপোনাৰ কাৰনে মই দেহ ত্যাগ কৰিবলৈ সাজু ।
ভাগৱতীয়ে এটা দুষ্ট হাহি মাৰিছিল ।
- হ'ব হ'ব বৰ্মন দেহ ত্যাগ কৰিব নালাগে । মাত্ৰ ক'ৰ্টত আপুনি কব সেইখন ডায়েৰী নাছিলে সেই খন ভাগৱতী ছাৰৰ ব্যক্তিগত কিবা বহী আছিলে ।
- কম ছাৰ । মুঠৰ ওপৰত ভাগৱতী ছাৰ জিন্দাবাদ ।

             কথা খিনি কৈ কৈ মাতাল বৰ্মন ওলাই গ'ল । ভাগৱতীয়ে কোঠাটোৰ খিৰিকি খন বন্ধ কৰি দিলে । কোঠাটোৰ ভিতৰত ভাগৱতী , ৰূপালী দত্ত আৰু খাৰঘৰীয়া ।

- মই এতিয়া কি কৰিম খাৰঘৰীয়া ?
- আপুনি কিয় চিন্তা কৰিছে ভাগৱতী ! আমি ক'ৰ্টত ডায়েৰী জমা কৰিম । ৰাধিকা ৰ ডায়েৰী ।
- কিন্তু এয়া কেনেকৈ সম্ভৱ খাৰঘৰীয়া ?
- সম্ভৱ ! আমি এতিয়া এখন নতুন ডায়েৰী লিখিম । ৰাধিকা ৰ ডায়েৰী ।
- কিন্তু কেনেকৈ !
- মিছেছ দত্ত ই এই ক্ষেত্ৰত মোক সহায় কৰিব লাগিব । কিছুমান কথা কব লাগিব ৰাধিকা ৰ দৈনন্দিন জীৱনত ঘটা ।পাৰিব ?
- পাৰিম খাৰঘৰীয়া । 
ৰূপালী দত্ত ই কৈছিল ।
- বঢ়িয়া , আপুনি মুক্ত ভাগৱতী ।
- ওৱাহ ! সেই কাৰনে আপোনাৰ দৰে অধিবক্তা এজন মই বিচাৰি লৈছোঁ ।
- এতিয়াৰ পৰা কাম আৰম্ভ !

                      ক্ৰমশঃ © ৰাগ ৰঞ্জন

( চুটিকৈ হ'লে ও সদায় দিব চেষ্টা কৰিছোঁ , আপোনালোকৰ পঢ়াৰ আগ্ৰহ দেখি । এই খেনিতে কথা এষাৰ কও " এই উপন্যাস খনৰ জড়িয়তে মই কোনো অধিবক্তা , সাংবাদিক , পুলিচ প্ৰশাসন , শিক্ষকক বাস্তৱ জীৱন ত তেওঁ লোকৰ বৃত্তিক নিকৃষ্ট সজাৱ বিচৰা নাই । কাহিনীয়ে দাবী কৰা ধৰনে মই লিখি গৈছো " যদি এই কাহিনী ৰ দ্বাৰা কাৰোবাৰ মানসিকতা ক আঘাট কৰিছোঁ তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী । )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages