বিয়লি হৈ যোৱাৰ ঘটনাটোৰ কথা ভাবি কুনালে বাৰাণ্ডাত নীৰৱে বহি আছে, কিমান মানুহক মিছা কথা ক'ব, সঁচা কথাটো আৰু কোনেও লুকুৱাই ৰাখিব নোৱাৰে ( Assamese Storyboard ), গোঁসাই থাপনাৰ আগত চাকি জ্বলাই মনাই হাতত ধূনা বাতিটো লৈ বাৰাণ্ডালৈ ওলাই আহিল.., আন্ধাৰত বহি থকা দেউতাকক দেখি মনা আচৰিত হৈছিল.. দেউতা , আপোনাৰ গা বেয়া নেকি...! এইদৰে জোপোকা লাগি বহি আছে যে..,
: গা বেয়া নহয় অ' বোৱাৰী..., মনটোহে বেয়া লাগি আছে, বৰ কষ্টত ইহঁতক ডাঙৰ দীঘল কৰিছিলো , এনেকৈ যে মোক তাই লাজত পেলাব মই সপোনটো ভবা নাছিলো, মই বৰ কষ্ট পাইছোঁ অ' বোৱাৰী...,
: দেউতা , সুখ দুখৰ সমষ্টিয়ে জীৱন , ভন্টীয়ে একো ভুল কৰা নাই বুলি নকওঁ , কিন্তু এটা দিশৰপৰা চাবলৈ গলে ভন্টীয়ে একো ভুল কৰা নাই, মনৰ মানুহজনৰ লগতহে এগৰাকী নাৰী সুখী হ'ব পাৰে.., তাই ঋত্বিকক ভাল পাইছিল , বিয়াৰ কথা ওলোৱা শুনি তাই সম্ভৱ ভয় খাইছিল ঋত্বিকক হেৰুৱাবলগীয়া হয় বুলি সেয়ে বোধহয় এনে সিদ্ধান্ত ললে দেউতা ,
: তুমি ঠিকেই কৈছা.., বোপা নাই নেকি ঘৰত ,
: ৰক্তিম অলপ ওলাই গৈছে..., কাইলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ , বস্তু কেইটামান বজাৰ কৰিবলৈ পঠাইছোঁ , আপুনিও ওলাব দেউতা,
: চাওঁচোন..! ৰাতিপুৱাওক , যোৱাচোন আদা দি একাপ ৰঙা চাহ কৰি আনাগৈ,
: ভিতৰলৈ আহক দেউতা, মই চাহ কৰোগৈ...., >
মনা ভিতৰলৈ সোমাই গৈছিল, খিৰিকীৰ পৰ্দাবোৰ ভালকৈ মেলি প্ৰতিটো কোঠাৰ লাইটবোৰ জ্বলাই দিছিল, দুৱাৰখন জপাই কুনাল ভিতৰলৈ সোমাই আহি টিভিটো অন কৰি দীঘল হুমুনিয়াহ এটা এৰি চোফাটতে বহি দিছিল ..... বোৱাৰী , এই তোমালৈ ফোন কৰিছিল নেকি....? ক'ত বা আছে..! কি খাইছে...,
: দেউতা আপুনি সেইবোৰ মিছাকৈয়ে চিন্তা কৰিছে, তাইৰ লগত এতিয়া ঋত্বিক আছে....,
: হলেও তুমি ফোন এটা কৰি চোৱাচোন ,
: ঠিক আছে দেউতা... আপুনি চাহকাপ খাই লওকচোন , মই ফোন কৰিম ...... চাহকাপ দেউতাকক দি মনাই ফ্ৰীজৰ ওপৰৰ পৰা চাৰ্জাৰডাল এৰুৱাই নূপুৰলৈ ফোন লগালে, বহুবাৰ চেষ্টা কৰিও মনাই নূপুৰৰ লগত যোগাযোগ স্থাপন কৰিব নোৱাৰিলে , ....... দেউতা, নূপুৰৰ ফোনটো অফ হৈ আছে , অলপ পাছত মই আকৌ চেষ্টা কৰিম বাৰু...!
: তাই ফোনটো কিয় অফ কৰি থৈছে...! কিবা বিপদ হোৱা নাইটো....!
: দেউতা....! আপুনি অলপ বিচনাত শুই দিয়কগৈ , এইবোৰ কথা চিন্তা কৰি থাকিলে আপোনাৰ মনটোহে বেয়া লাগিব , তায়ে যেতিয়া আপোনাৰ আৰু ৰক্তিমৰ কথা চিন্তা নকৰিলে , গতিকে আপুনি চিন্তা কৰি কি লাভ...
: তোমাক মই কেনেকৈ বুজাম....! বৰ মৰমত ডাঙৰ কৰিছিলোঁ তাইক, সৰুৰে পৰাই একোৰে অভাৱ অনুভৱ কৰা নাই তাই , এতিয়া যদি অভাৱত দিন কটাব লগা হয় মই বাৰু বাপেকটো হৈ কেনেকৈ সহ্য কৰি থাকিম.... , কথাবোৰ কৈ থাকোঁতে কুনালৰ দুচকু সেমেকি গৈছিল , থোকাথুকি মাতেৰে মনাক কিবা এটা কৈ ৰেডিঅ'টো হাতত লৈ বেলকনিলৈ ওলাই গৈছিল , নিশাৰ আকাশখন এবাৰ প্ৰাণভৰি চালে..., ৰেডিঅ'ৰ চুইচটো অন কৰি দিয়াৰ লগে লগেই সুমধুৰ কণ্ঠত বিয়নামৰ কৰুণ সুৰ ভাঁহি আহিল
" হাতত পাণ বটা লৈ যোৱা ভিতৰলৈ
মৰমৰ দেউতাকে মাত এষাৰ দিয়াগৈ
পাৱে পৰি হৰি দেউতাৰ চৰণ ধৰি
দেউতা মই ওলালোঁ যাবৰ সময়তে
সেৱাহে জনালোঁ , আজি বিদায় পৰত
ক্ষমিব সকলো........."
গীতটো শুনাৰ লগে লগেই কুনালৰ চকুত জমা হৈ থকা চকুৰপানীবোৰ ধাৰাসাৰে নিগৰি আহিল , কুনাল আৰু ঠিৰেৰে থাকিব নোৱাৰিলে , ৰেডীঅ'টো বন্ধ কৰি কান্দত থকা গামোচাখনেৰে চকুৰপানীবোৰ মচি ললে....., বজাৰৰ পৰা আহি হাত মুখ ধুই টিভিৰ ওচৰত দেউতাকক নেদেখি ৰক্তিমে দেউতাকৰ বিচাৰ কৰিলে.... মনা দেউতা ঘৰত নাই নেকি....
: আছে, কিয় সুধিলা...!
: টিভিৰ ওচৰত নেদেখি সুধিলোঁ.....
: ভিতৰতে আছে , ভন্টীৰ কথাটো লৈ দেউতাই বৰ চিন্তা কৰিছে, তুমি দেউতাৰ লগত অলপ কথা পাতিবা ,
: দেউতাৰ লগতনো মই কি কথা পাতিম ,
: তুমিও যে আৰু....! এতিয়া কি কথা পাতিবা তাকো মই শিকাই দিব লাগিব নেকি...! খিলখিলাই হাঁহিলে মনাই....
: তুমি হাঁহিলা যে.....!
: নাহাঁহি কি কৰিম কোৱা....! বাৰু সেইবোৰ বাদ চাহ খাবা নেকি...!
: একাপ দিব পৰা, ৰঙা চাহ নাখাও কিন্তু....!
: হ'ব গাখীৰ চাহকে দিম , ৰাতি গেছ হৈছে বুলি নকবা আকৌ....!
: নকওঁ দিয়া , তুমি চাহকাপ দেউতাৰ ৰুমলৈকে লৈ আহিবা....
মনাৰ ফোনটো হঠাৎ বাজি উঠিল , স্ক্ৰীণত জিলিকি উঠিল এটা নতুন নাম্বাৰ , দুবাৰমান ফোনটো কাটি দিলে মনাই, বাৰে বাৰে ফোন কৰি থকা দেখি মনাই ফোনটো ৰিচিভ কৰিলে.... হেল্ল'...! হেল্ল'....,
: হেল্ল' বৌ... মই নূপুৰে কলো...!
: অ'..! নূপুৰ কোৱা..? এইটো কাৰ নাম্বাৰ..?
: এইটো মোৰ নাম্বাৰ নতুনকৈ উলিয়ালো , তোমালোকৰ ভালনে...! দেউতাই কিবা কৈছে নেকি..!
: সকলোৱে ভাল, তোমালোক কত আছা..? দেউতাই আজি বৰ দুখ কৰিছে নূপুৰ....!
: আমি শ্বিলঙলৈ আহিলোঁ বৌ..., জৰুৰী কথা এটা কবলৈহে ফোন কৰিলোঁ...
: কিবা সমস্যা হৈছে নেকি....!( Assamese Storyboard )
: নাই...নাই.... বৌ , একো সমস্যা হোৱা নাই, বেলেগ কথা এটাহে কব লগা আছে, ৰবা মই ফোনটো ঋত্বিকক দিছোঁ , সি ভালকৈ কব পাৰিব, .... নূপুৰে ফোনটো ঋত্বিকক দিলে , ঋত্বিকে পোনপটীয়াকৈ কথাবোৰ মনাক কলে........বৌ , সেইদিনা নীহাই আপোনাৰ হাতত দি থৈ অহা সকলো ফটো এডিত কৰা , গতিকে আপুনি দাদাক মিছাতে সন্দেহ নকৰিব , নীহাই দাদাৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল , নীহাই মিছাকৈয়ে গৰ্ভৱতী হোৱা বুলি এটা ডাক্তৰী ৰিপৰ্ট উলিয়াই থৈছে , আপুনি হয়টো কথাবোৰ বিশ্বাস নকৰিব , সেয়ে কাইলৈ নীহাই আপোনাৰ হাতত দি থৈ অহা ফটো এখন লৈ " কণিকা ফটোঘৰ"লৈ যাব তাত থকা লৰাজনক আৰু অলপ এডিত কৰি ফটো বিচাৰিব তেতিয়া আপুনি প্ৰমাণ পাই যাব, আৰু নীহাই যিজন ডাক্তৰৰ ওচৰলৈ গৈ ৰিপৰ্টটো আনিছিল সেইজন ডাক্তৰক মই চিনি পাওঁ , এইখিনি কামত ময়ে নীহাক সহায় কৰি দিছিলোঁ...., কাৰণ তেতিয়া মই নীহাৰ হাতৰ পুতলা আছিলোঁ , কিন্তু নূপুৰ মোৰ জীৱনলৈ অহাৰ পৰা মই সলনি হলোঁ বৌ..., দাদা আৰু আপোনাৰ সম্পৰ্কটো ভাগি যায় বুলি ভাবিয়েই কথাখিনি কলো..., পাৰিলে আপুনি মোক ক্ষমা কৰি দিব..., ... হেল্ল'... শুনিছেনে..!
: কোৱা ঋত্বিক শুনি আছোঁ...,
: আপুনি মোক বেয়া পাই নাথাকিব বৌ, দেউতা ঘৰত আছে নে..., দাদা কেতিয়া যাবগৈ..?
: বেয়া পোৱাৰ প্ৰশ্নই নুঠে..., ফাট মেলিব খোজা সম্পৰ্কটো তুমি পুনৰ জোৰা দিব বিচাৰিছা , এইখিনি সহায় কৰাৰ বাবে তোমাক ধন্যবাদ জনালোঁ ঋত্বিক..., দাদা আৰু দেউতাই কথা পাতি আছে , ৰক্তিমৰ আৰু বেছিদিন নাই , এতিয়া ৰাখো দিয়া ঋত্বিক মায়ে ফোন কৰি আছে , মই পাছত ফোন কৰিম তোমাক.., বুলি কৈ মনাই ফোনটো কাটি দিলে , বিচনাখনতে বহি তাই ভাবিবলৈ ধৰিলে , .... সৰুৰে পৰাই মাৰ মুখত শুনিছিলোঁ নাৰী মমতাময়ী , কিন্তু নীহা মমতাময়ী নে ভয়ঙ্কৰী....! এগৰাকী নাৰী হৈয়ো তাই কেনেকৈ আন এগৰাকী নাৰীৰ জীৱন ধ্বংস কৰাৰ কথা ভাবিব পাৰিলে..., সঁচাকৈয়ে মানুহক চিনি পোৱা ইমান সহজ নহয়..., মুখত মিঠা হাঁহি , পেটত হলাহল বিহ...! এইদৰে নীহাই কেনেকৈ চলাবগৈ এখন ঘৰ ? কেনেকৈ সকলোকে বান্ধি ৰাখিব মৰমৰ জৰীয়ে....? ...... কথাবোৰ ভাবি থাকোঁতেই মনাৰ টোপনি আহিল........ দেউতাকক ৰুমত বিচাৰি নাপাই ৰক্তিম বেলকনিলৈ ওলাই গল , দেউতাকে বাৰাণ্ডাতে বহি বৰ দুখ মনেৰে আকাশখনলৈ চাই আছিল...., দেউতা কি হল , এনেকৈ বহি আছে যে ..!
: কেতিয়াবা অকলশৰীয়াকৈ থাকিও ভাল লাগে ....,
: দেউতা মই কথা এটা ভাবিছোঁ...., মই যোৱাৰ আগতেই পাৰিলে ভন্টীক ঘৰলৈ আনি সামাজিক কামখিনি কৰি পেলালে কেনে হ'ব বাৰু....!
: বেয়া নহয় , কিন্তু এই মৃণালিনী বাধা হৈ থিয় দিব পাৰে , গতিকে কামটো অলপ ভাবি চিন্তি কৰিব লাগিব....,
: সেইটো অৱশ্যে হয় ...., মৃণালিনী আৰু নীহাই আমাৰ পৰিয়ালটো ধ্বংস কৰিবলৈ উঠি পৰি লাগি আছে......, প্ৰথমে এই মাক জীয়েকক এটা শিক্ষা দিব লাগিব , তাৰ পাছত ভন্টীৰ বিয়াৰ কথা চিন্তা কৰিম ,
: মৃণালিনীক শিক্ষা দিয়াটো ইমান সহজ নহয়, সুপৰিকল্পিত ভাৱে কামটো কৰিব লাগিব.., বিয়লি আমাৰ ঘৰলৈ আহিছিল , মহিলা সমিতিৰ সদষ্যা কেইগৰাকীমান লগত লৈ , মই ভালকৈ শিক্ষা দি পঠাইছোঁ ,
: ভালেই কৰিলে , যেনে কুকুৰ তেনে টাঙোন ,
: তই নূপুৰৰ লগত কথা পাতি চাবি , মই অকণমান বিচনাত বাগৰি দিওঁ...,
: ঠিক আছে দেউতা,
দেউতাকৰ পাছতেই ৰক্তিমো ভিতৰলৈ সোমাই আহিল.... মনা... মনা..... মোৰ চাহ কি হ'ল .....? উত্তৰ নাপায় ৰক্তিমে পাকঘৰত এপাক ভুমুকীয়াই চালে...., পাকঘৰত মনাক নেদেখি ৰক্তিম শোৱনী কোঠালৈ গল, বিচনাত মনা ঘোৰ টোপনিত , শিতানত বহি মনাৰ মূৰত হাত বুলাই লাহেকৈ ৰক্তিমে মাত লগালে.... মনা...! গা বেয়া লাগিছে নেকি...! কিয় এনেকৈ শুই আছা...? ৰক্তিমৰ মাত শুনি মনা শোৱাৰ পৰা উঠি গাৰুটোতে আউজি দীঘল নিশ্বাস এটা এৰিলে .... চাহ দিম বুলি কৈ শুই থাকিলা যে.... ৰক্তিমে কলে..
: চাহ কৰিবলৈ লওঁতেই নূপুৰে ফোন কৰিলে , তাইৰ লগত কথা পতাৰ পাছত ঋত্বিকে যিবোৰ কথা মোক কলে , শুনি মই আচৰিত হৈ গৈচিলোঁ , কথাবোৰ হয়টো তুমিও সহজতে বিশ্বাস কৰিব নোৱাৰীবা , এক ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হৈছে আমাৰ পৰিয়ালটো , নীহা আৰু মাক দুয়ো মিলি আমাৰ পৰিয়ালটো ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে , অৱশ্যে প্ৰমাণ নোপোৱালৈকে মই একো নকৰোঁ , কিন্তু যিদিনা সকলো প্ৰমাণ মোৰ হাতত পৰিব সেইদিনা ময়ো নীহাক ভাল শিক্ষা এটা দিম , এতিয়া এইবোৰ কথা তুমি দেউতাক নকবা , মোক দুদিনমান সময় দিয়া , সকলো সত্য মই পোহৰলৈ আনিম , সমাজসেৱীকা মৃণালিনী চলিহাক মই শিকাম সমাজসেৱা কি ,
: কিন্তু তুমি প্ৰমাণ ক'ত পাবা ,
: প্ৰমাণ ....! প্ৰমাণ মই গোটাম , তুমি মোক অলপ সহায় কৰিব লাগিব , কাইলৈ ৰাতিপুৱাই আৰম্ভ কৰিম আমাৰ অভিযান....
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( ক্ৰমশঃ )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment