নিহাৰ: মই তোমাক সেইবাবে কৈ আছিলোঁ যে নিজৰ খঙটোৰ ওপৰত অলপ ধ্যান ৰাখিবা। বাৰু এতিয়াও সময় আছে( Assamese Storyboard )। ব'লা আমি গৈ ৰিয়া বৌক বিচাৰো আৰু তেওঁক মান্তি কৰাবলৈ চেষ্টা কৰোঁ। তেওঁ সহজতে মান্তি নহয় কিন্তু তেওঁৰ মনটো বহুত কোমল। নিশ্চয় তোমাক ক্ষমা কৰিব।
ৰিংকু: পাপাই তাইক কাকো বিচাৰি যাবলৈ দিয়া নাই। মই কি অধিকাৰেৰে তাইৰ সন্মুখলৈ যাম? তাইৰ লগত চকু মিলাবলৈও যোগ্য নহয় মই। আৰু এইবোৰ তো তোৰেই ভুল হয় । কি দৰকাৰ আছিল স্বাতিক আমাৰ বিয়া কি পৰিস্থিতিত হৈছিল কবলৈ ? আৰু মই যে তাইক সেই সময়ত স্বীকাৰ নকৰিলোঁ সেইটো কোৱাৰ কি প্ৰয়োজন আছিল?"
এইবাৰ নিহাৰ আচৰিত হল," এক মিনিট তোমাক কোনে কলে যে মই স্বাতিক এইবোৰ কথা কৈছোঁ? মইতো তাইৰ লগত কিমান দিনৰ পৰা কথায়েই পতা নাই।
ৰিংকু: কি? কি কৈছা তুমি? তাইয়েই কৈছিল যে তোমাৰ পৰা এই সকলোবোৰ কথা গম পালে।
নিহাৰ: সেইবাবেই কওঁ যে খঙত কোনো সিদ্ধান্ত লব নালাগে। যদি এইবাৰো তুমি কাৰোবাৰ লগত কথা পাতিলা হয় তেন্তে সকলো সমস্যা সমাধান হৈ গলহেঁতেন। এতিয়া পৰিস্থিতি ইমান বেয়া হলহেঁতেন।
ৰিংকু: 'তেন্তে তাই এইবোৰ কেনেকৈ গম পালে?' হঠাৎ তাৰ কিবা এটা মনত পৰিল।
" ৰবা ৰবা, সেইদিনা ৰিয়াই কৈছিল যে ৰেষ্টুৰেণ্টত মই তাইক ৰবলৈ কোৱাত মোৰ পিছফালে স্বাতি ৰৈ থকাৰ বাবে তাই নাথাকিলে। হয়তো সেই সময়ত তাই মই তোমাক কৈ থাকোতে সকলো শুনিলে। কিন্তু মইতো তোমাক এইটোও কৈছিলোঁ যে মোৰ সকলো ভুলধাৰনা দূৰ হৈছে আৰু মই ৰিয়াক মোৰ প্ৰেম প্ৰস্তাৱ দিম।'
নিহাৰেও কিবা ভাবি কলে," হয়তো তাই সম্পূৰ্ণ কথাটো নুশুনিলে।"
ৰিংকু: হব পাৰে, ব'লা।
নিহাৰ: কলৈ?
ৰিংকু: স্বাতিৰ ঘৰলৈ।
নিহাৰ: কিন্তু কিয়?
ৰিংকু: তাই মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাত কৰিলে, মোৰ গোটেই পৃথিৱী ধংশ কৰি দিলে তাইক এনেকৈ কিদৰে এৰি দিওঁ?
নিহাৰ: ঠিক আছে যাম বাৰু, কিন্তু প্ৰথমে নিজৰ অৱস্থাটো ঠিক কৰি লোৱা।
ইফালে উৰ্মিয়ে বেদান্তক লৈ বাগিছালৈ আহিল। বেদান্তই তাইৰ হাতত ধৰি কলে," উৰ্মি মই তোমাক কিবা কব বিচাৰো।"
উৰ্মি: অ কোৱা।
বেদান্ত: তুমি মোক ভুল নুবুজিবা।মই তোমাক বহুত ভাল পাওঁ। মই তোমাক আৰু ৰিয়াই দিয়া প্ৰতিটো কথা পালন কৰিম। কিন্তু যেতিয়ালৈকে ৰিয়া আমাৰ জীৱনলৈ উভতি নাহে মই তেতিয়ালৈকে তোমাক বিয়া কৰাই জীৱনত আগবাঢ়িব নোৱাৰো। প্লিজ তুমি মোক বুজা আৰু মোৰ লগ দিয়া।
উৰ্মিয়ে মিচিকিয়াই কলে," তুমি তোমাৰ উৰ্মিক মাত্ৰ ইমানহে বুজি পালা? তুমি কেনেকৈ ভাবিলা যে ৰিয়াৰ অবিহনে মই তোমাৰ লগত বিয়াত বহিম? তোমাৰ লগত বিবাহিত জীৱনটোৰ সপোন মই ৰিয়াৰ কোলাত মূৰ থৈয়ে তো দেখিছিলোঁ। তেন্তে তাই অবিহনে জীৱনত কেনেকৈ আগবাঢ়িব পাৰিম? মইও তাইক নিজৰ ডাঙৰ বা বুলি মানিছোঁ। তাই যেতিয়া অকলে ইমানবোৰ ভুগিছে তেন্তে মই কেনেকৈ আগবাঢ়ি যাওঁ? মই আগতেই ঠিক কৰিছিলোঁ যে আমাৰ বিয়া যেতিয়াই হব আমাৰ প্ৰতিটো ৰীতি নীতিৰ লগত ৰিংকুদা আৰু ৰিয়াৰো হব। আমি চাৰিওতাই একেদিনাই ,একেটা মণ্ডপত বিয়াত বহিম। প্ৰথমে ৰিংকু দা আৰু ৰিয়াৰ তাৰ পাছত তোমাৰ মোৰ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি নিশ্চয় ৰিয়াক বিচাৰি পাম। আৰু আমাৰ এই সপোন পূৰণ হব। ঠিক আছে প্ৰথমে নিজক চম্ভালি লোৱা।"
বেদান্তই তাইৰ ফালে গৰ্ব কৰি চালে," মই তোমাক লৈ বহুত গৰ্ব কৰোঁ। বাৰু এইটো কোৱাচোন আমি এই জুপিক কেনেকৈ লগ পাম? এই ৰাজুক যেতিয়ালৈকে এটা শিক্ষা নিদিওঁ মই শান্তি নাপাম।"
উৰ্মিয়ে নেহাক ফোন কৰি জুপিক এঠাইলৈ লৈ আহিব কলে। তাৰ পাছত তাই বেদান্তৰ লগত ওলাই আহিল। জুপি ৰাজুৰ লগত থাকে যদিও তাইৰ অন্তৰখন বহুত কোমল। যেতিয়া উৰ্মি আৰু নেহাই তাইক সকলো কথা কলে তাইৰ বহুত বেয়া লাগিল। আৰু তাই ৰাজুৰ বিৰুদ্ধে থিয় হবলৈ সাজু হল। কিছুসময় পাছত বিতু, বিক্ৰম, নেহা, উৰ্মি জুপি আৰু বেদান্ত ৰাজুৰ ঘৰৰ সন্মুখত আছিল।
সেইসময়ত নিহাৰৰ লগত ৰিংকুও তালৈ আহিল। বেদান্ত আৰু তাৰ গ্রুপটো দেখি সিহঁত অবাক হল,"তোমালোকে ইয়াত কি কৰিছা ?" ৰিংকুয়ে কলে।
উৰ্মিয়েও সিহঁতক দেখি আচৰিত হল," দাদা প্ৰথমে আপুনি কওক ইয়াত কি কৰি আছে?"
ৰিংকু: মোক স্বাতিয়ে সেই ফটোবোৰ দিছিল সেইবাবে তাইৰ লগত কথা পাতিবলৈ আহিছোঁ।
তাৰ মাতত স্বাতিৰ প্ৰতি খং আছিল।
উৰ্মি: স্বাতিও ইয়াতেই থাকে নেকি? কিন্তু এইটো ৰাজুৰ ঘৰ হয় যাৰ বিষয়ে মই আপোনাক কৈছিলোঁ।
তেতিয়া নিহাৰে কলে," ৰাজু স্বাতিৰ সম্পৰ্কীয় ভাইটি হয়। তাৰমানে ইহঁত ভায়েক বায়েক দুয়োটাই মিলি খেলখন খেলিলে।"
ৰিংকু: কিন্তু ইহঁত দুয়োটাই এইবোৰ কিয় কৰিলে?
নিহাৰ: এইয়াটো সিহঁত দুয়োটাই এতিয়া কব পাৰিব।
সকলো এইবাৰ ঘৰৰ ভিতৰলৈ গল। হুলস্থুল হোৱাত স্বাতিৰ মাক দেউতাকো তললৈ নামি আহিল," নিহাৰ তুমি কেতিয়া আহিলা আৰু এওঁলোক কোন হয়?"( Assamese Storyboard )
নিহাৰ: খুড়া ,এওঁলোক মোৰ বন্ধু হয়। স্বাতি আৰু ৰাজু কত আছে? সিহঁতৰ লগত আমাৰ অলপ কথা আছিল।
স্বাতিৰ মাকে দুয়োকে মাত লগোৱাত সিহঁত দুয়োটা তললৈ আহিল। ৰাজুয়ে বেদান্তক দেখি পলাব খুজিলে। কিন্তু বেদান্তই দৌৰি তাক ধৰি ৰাখিলে," কৈছিলো নহয় প্ৰমাণ পালেই আকৌ তোক লগ পাম বুলি " তাৰ পাছত জুপিৰফালে দেখুৱাই কলে,"এইয়া তোৰ প্ৰমাণ।"
জুপি সন্মুখলৈ আহিল আৰু ৰাজুক চৰ এটা মাৰি কলে," তুমি ইমান তল পৰা মানুহ বুলি মই ভবা নাছিলো। মইতো ভাবিছিলো তুমি ৰিয়াৰ লগত অলপ ধেমালি কৰিবা বুলি। সেইবাবে মই তোমাক সহায় কৰিছিলোঁ নতুবা মই কেতিয়াও তোমাৰ লগ নিদিলোঁ হয়। এতিয়া মোৰ নিজৰ ওপৰতেই লাজ লাগিছে যে মই তোমাৰ লগত বন্ধুত্ব কৰিলোঁ।"
বেদান্ত: ৰিয়াই শপত দি থৈছে নতুবা মই তোৰ হাড় মূৰ ভাঙি ইয়াতেই পুতি থলোহেঁতেন"
ৰিংকু আগবাঢ়ি আহিল আৰু তাৰ ক'লাৰত ধৰি কলে," তোৰ সাহস কেনেকৈ হল মোৰ পত্নীক হাত লগাবলৈ?"
এইবাৰ ৰাজুয়ে ভয় খালে," ছাৰ, মই গম পোৱা নাছিলোঁ তাই আপোনাৰ পত্নী হয় বুলি। মোক তো স্বাতি বায়ে কৈছিল যে আপোনাৰ পৰিয়ালৰ মানুহে ৰিয়াৰ লগত আপোনাৰ বিয়া কৰাব বিচাৰে কিন্তু স্বাতিয়ে আপোনাৰ লগত বিয়া হব বিচাৰিছিল।"
ইফালে নিহাৰ স্বাতিৰ সন্মুখলৈ আহিল," মই তোমাক কেতিয়া কলো ৰিয়া আৰু ৰিংকুৰ বিয়াৰ কথা?"
স্বাতিয়ে ইফালে সিফালে চাব ধৰিলে," মানে মানে" তেতিয়াই স্বাতিৰ মাক দেউতাকে চিঞৰিব ধৰিলে," ইয়াত আচলতে হৈছে কি? কোনোবাই কব নে ? নে নিজৰ মাজতেই সকলো কৰি থাকিবা?"
তেতিয়া উৰ্মিয়ে কলে," খুড়া খুড়ী, মই কৈছোঁ শুনক।" তাৰ পাছত তাই সকলো কথা তেওঁলোকক কলে। নিহাৰেও কৈ দিলে যে কিদৰে স্বাতিয়ে ৰিংকুক ৰিয়াৰ বিৰুদ্ধে মিছা কথা কৈ সিহঁত দুইটাক বেলেগ কৰি দিলে।
এইবাৰ স্বাতিৰ দেউতাকে ৰাজু আৰু তাইৰফালে খঙেৰে চালে আৰু ৰাজুয়ে ভয়ে ভয়ে কলে," খুড়া মই একো কৰা নাই। মোক তো স্বাতি বায়ে ইহঁত দুয়োটাৰ মাজত ভুলবুজাবুজি কৰিবলৈ কৈছিল যাতে ৰিংকু ৰিয়াৰ পৰা আঁতৰি যায় আৰু স্বাতি ৰিংকুৰ কাষ চাপিব পাৰে।"
স্বাতিয়ে চিঞৰিলে," কি ভুল কৰিলোঁ মই? সেই সামান্য ছোৱাকিজনীক মই কেনেকৈ ৰিংকুক জয় কৰিবলৈ দিম? মই ৰিংকুৰ লগত বিয়া হব খুজিছিলোঁ কিন্তু তাই আমাৰ মাজত আহিল।"
তেতিয়া নিহাৰে কলে," মাজত তাই নহয় তুমি আহিলা। ৰিংকু আৰু ৰিয়াইটো পুতলা খেলাৰ বয়সৰ পৰাই ইজনে আনজনক ভাল পায়। তেন্তে ৰিংকুয়ে কেনেকৈ তোমাক বিয়া কৰাব?"
ৰিংকুয়ে স্বাতিৰ ফাঁলে ঘৃণাৰ দৃষ্টিৰে চালে," স্বাতি মই আগতেই কৈ দিছিলোঁ যে তোমাক তো বাদেই মোৰ কোনো ছোৱালীৰ ওপৰতেই ইচ্ছা নাই। তাৰ পাছতো তোমাৰ এই পাগলামী, এইবোৰ তোমাৰ ভুল। আৰু এই ভুলৰ শাস্তি পালে মোৰ ৰিয়াই। তুমিতো বন্ধু কোৱাৰো যোগ্য নহয়।"
স্বাতিৰ মাকে তাইক চৰ মাৰি কলে," এইবোৰ কৰিবলৈ তোমাৰ অলপো লাজ নালাগিল? আমাৰ সকলোৰে মৰম চেনেহৰ তুমি এইয়াই লাভ উঠালা। নিজৰ লগতে ভাইটোকো ভুল ৰাস্তাত ঠেলি দিলা।"
স্বাতিৰ দেউতাকে চিঞৰিলে," নিজৰ নহলেও অন্তত আমাৰ সন্মানৰ কথা এবাৰ ভাবিব লাগিছিল। তোমাৰ বাবে আমি এতিয়া কলিতা দাৰ লগত চকু মিলাবও নোৱাৰিম। এতিয়া তোমাৰ এটাই শাস্তি মোৰ বন্ধু ধ্ৰুৱ বৰুৱাই আমাৰ কোম্পানী তোক তেওঁৰ লগত জইন কৰিবলৈ তোমাৰ লগত তেওঁৰ লৰাৰ বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছে আৰু সেইয়া মই মানি লম।"
তেতিয়া স্বাতিয়ে কলে," নোৱাৰো দেউতা মই তেওঁৰ লৰাৰ লগত বিয়া হবলৈ।"
স্বাতিৰ দেউতাকে কলে," এতিয়া তুমি সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ হেৰুৱাই পেলালা। এতিয়া যি কৰিব লগা আছে সেয়া মই কৰিম। তুমি বিয়াৰ বাবে প্ৰস্তুতি চলোৱা। মই তোমাৰ কোনো কথাই নুশুনো আৰু তুমি ইয়াৰেই যোগ্য। এইয়াই তোমাৰ শাস্তি।"
তেতিয়া তালৈ পুলিচ আহিল,"ৰাজু বৰা কোন হয়? তেওঁৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট আছে আমাৰ হাতত। মিছেছ ৰিয়া কলিতাৰ গাত হাত দিয়াৰ গোচৰত।"
সকলোৱে ইটোৱে সিটোৰ মুখলৈ চোৱাত জুপিয়ে কলে," গোচৰ মই দিছোঁ কিয়নো যদি আজি তাক শাস্তি দিয়া নহয় তেন্তে সি আৰু বহুত ছোৱালীৰ জীৱন ধংশ কৰি দিব। ছাৰ, এইয়া লওক ৰাজু লৈ যাওক ইয়াক। ইয়াৰ বিৰুদ্ধে মোৰ বাদেও কলেজৰ আৰু বহুত ছোৱালীয়ে সাক্ষী দিবলৈ সাজু আছে ই কৰা অশান্তিবোৰৰ বিষয়ে।"
ৰাজুয়ে তাৰ খুড়াকৰ ফালে চোৱাত তেওঁ চকু ঘূৰাই দিলে। স্বাতিৰ ফালে চোৱাত তাই একো কৰিব নোৱাৰি অসমৰ্থতা দেখুৱাই । বেদান্তই চিঞৰিলে," ছাৰ, লৈ যাওক ইয়াক ইয়াৰ পৰা।"
তাৰ পাছত সকলো নিজৰ নিজৰ ঘৰলৈ গুচি গল। বিতুৱে যোৱাৰ আগতে ৰিংকুৰ ওচৰলৈ আহি কলে," দাদা,ৰিয়া বহুত ভাল ছোৱালী হয়। এইটো সঁচা যে মই তাইক পছন্দ কৰিছিলো। কিন্তু তাই মোক স্পষ্টভাৱে কৈ দিলে যে তাই আপোনাৰ পত্নী হয়। বিশ্বাস কৰক তেতিয়াৰ পৰা আমাৰ মাজত কেৱল বন্ধত্বৰ সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কটোও পবিত্ৰ। দাদা আপুনি কলেজত সকলোকে ৰিয়াৰ বিষয়ে সুধিব পাৰে। সকলোৱে এটাই কব যে তাইৰ অন্তৰ খন বহুত ভাল। তাইৰ গাত কতো দুখ নাপায়।" সিও ওলাই গুচি গল।
এইবোৰৰ মাজতে উৰ্মিয়ে অনুভৱ কৰিলে যে বেদান্ত ৰিংকুৰ পৰা পলাব বিচাৰিছে। তাই বেদান্তক বুজাবলৈ চেষ্টা কৰাত সি কলে," প্লিজ উৰ্মি, এই বিষয়ত একো কথা নকবা। মই ডাঙৰ দাদাক যিবোৰ মান সন্মান দিব লাগে সেই সকলোবোৰ দিলোঁ আজিলৈকে। কিন্তু এতিয়া মই মোৰ বাৰ সৰু ভাইটি হোৱাৰ দায়িত্ব পালন কৰিম। এতিয়া মোক মোৰ বাৰ বাবে যাব দিয়া।" উৰ্মি মৌন হৈ পৰিল।
ৰিংকুয়ে পিছফালে ৰৈ এই সকলোবোৰ শুনি আছিল। তাৰ দুচকু বৈ অহাত নিহাৰে তাক বুজালে," তাক অলপ সময় দিয়া, অলপ সময় লাগিব এই আঘাতৰ পৰা বচাবলৈ। আগৰ পৰাই সি তাইক নিজৰ বা বুলি ভাবিছিল। আৰু এতিয়া সি এইটো ও গম পাইছে যে তাই সঁচাকৈয়ে তাৰ নিজৰ বায়েক হয়। দুখ বেছি হোৱাটো স্বাভাবিক। তাক অলপ চম্ভালিবলৈ দিয়া। তুমি তোমাৰ দায়িত্ব পালন কৰা আৰু প্লিজ নিজৰ খঙটো শেষ কৰা।"
ৰিংকুয়ে মোৰ জোকাৰিলে। এতিয়া নিহাৰে ৰিংকুক কলে," এতিয়া মোকো যাবলৈ দিয়া। কাৰণ পাৰ্টি তো কেঞ্চেল হল আৰু মই বহুত কষ্টত চুটি পাইছিলোঁ আজি গতিকে সময় পালে আকৌ আহিম।" সি ও ওলাই গল।
ৰিংকুয়েও নিজৰ ৰুমৰ ফালে গুচি গল আৰু ৰিয়াৰ ফটোখনৰ ওচৰত বহি তাইক চাবলৈ ধৰিলে।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment