ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 29, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ৮ ) : Assamese Storyboard

Assamese Storyboard

 

তিদীপে টেবুলখন চাফা কৰি ফাইলবোৰ অলপ জাৰি জোকাৰি চিজিল লগাই থলে..., 

: তিদীপ তুমি কামবোৰ বৰ পৰিপাটিকৈ কৰা সেয়ে তোমাক বৰ মৰম লাগে 

( Assamese Storyboard )


: মেডাম, কি যে কথাবোৰ কয় আপুনি...., 

: মেডিকেল ৰিপৰ্ট দুটা আহিল নেকি...

: নাই অহা মেডাম...

: বহুত দেৰি কৰিছে , তুমি গৈ ৰিপৰ্টটো লৈ আহিবা , 

: হব মেডাম, 

: ৰত্নাকৰক মাতি দিয়াচোন , তেওঁৰ লগত কথা এটা আছে....

: ঠিক আছে মেডাম , 

         মাধুৰীয়ে মোবাইলটো পিটিকি পিটিকি চকীখনতে বহি আছিল , মুখত হাঁহি এটা লৈ ৰত্নাকৰ সোমাই আহিল , 

: মোক মাতিছিল নেকি মেডাম...., 

: ৰত্নাকৰ ছোৱালীজনীৰ মাক দেখুন থানালৈ নাহিলেই , আমিয়েই এপাক গৈ আহোঁ নেকি....!

: আপুনি যি ভাল দেখে ...   কিৰিং কিৰিং কৰি লেনফোনটো বাজি উঠিল ,

: হেল্ল" মিছ মাধুৰী..., মই মি: পল্লভ লোচন শৰ্মাই কৈছোঁ......, মধুপুৰ থানাৰ DSP গগন তায়ে সুন্দৰপুৰ থানালৈ transfer হৈছে , আজি জইন কৰিব...., 

: Thank you মি: শৰ্মা...., আৰু এটা কথা মি: শৰ্মা মিতালিৰ কেচটোৰ মই investigation কৰি আছোঁ , হয়টো আপোনাৰ সহায়ৰ প্ৰয়োজন হব , যথা সময়ত মই আপোনাক ফোন কৰিম...

: What....? এইবোৰ আপুনি কি কৈছে...! মিতালি নিৰুদ্দেশ হৈছিল , বহু চেষ্টা কৰিও আমি একো শুংসূত্রই উলিয়াবই নোৱাৰিলো..., 

: মিতালি বাৰু নিৰুদ্দেশ হৈছিল , কনিষ্টবলজনৰ কি হৈছিল...

: দুয়ো ক'ৰবালৈ পলাই গৈছিল...

: আপোনাৰ হাতত তাৰ কিবা প্ৰমাণ আছে নেকি...?

: নাই ...., নাই... , প্ৰমাণ আকৌ মোৰ হাতত কৰপৰা থাকিব....., 

: মি: শৰ্মা , মিতালি আৰু কনিষ্টবলজন নিৰুদ্দেশ হোৱা নাছিল , তেওঁলোকক হত্যা কৰা হৈছিল, 

: আপুনি কিন্তু বৰ ৰসাল দেই .., 

: ঠিকেই কৈছে মই বৰ ৰসাল , interesting কথাটো কি জানে...! বৰ্তমান মই থকা কোৱাটাৰটোৰ বগৰী জোপাৰ তলত দুটা নৰকংকাল উদ্ধাৰ হৈছে , লগতে এটা মোবাইল আৰু এখন মেমৰী কাৰ্ড , কাৰ্ডখন অৱশ্যে ভালেই আছে , মই ডাতাখিনি চালোঁ , আৰু অতি সোনকালে দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিম... বৰ্তমান মৃণাল আৰু ৰাজু সুন্দৰপুৰ থানাৰ ল'কাপত , হেল্ল".....! হেল্ল"........!

         কথাবোৰ শুনি মি: শৰ্মাৰ মুখৰ মাত বন্ধ হৈ গৈছিল , একো উত্তৰ নিদি ফোনটো কাটি দিছিল শৰ্মাই , ৰত্নাকৰ মিতালিৰ কেচটো হয়টো অতি সোনকালে সমাপ্ত হ'ব , পল্লভ লোচন শৰ্মাই ফোন কৰিছিল , কথাবোৰ শুনি তেওঁ আচৰিত হৈছে , ভিতৰি ভিতৰি অলপ ভয়ো খাইছে , বৰ্তমান তেওঁ মধুপুৰ থানাত কৰ্মৰত , নিজ মুখেৰে কৈছে গতিকে তেওঁক আটক কৰিবলৈ বৰ অসুবিধা নহব , মই এই বিষয়ে তথ্যসহ DGP ছাৰক জনাব লাগিব ,

: মেডাম বাৰ বাজীবৰ হল কিন্তু Dsp ছাৰ দেখুন আহি নাপালেই ,

: ময়ো তাকেই ভাবিছোঁ , দহ বজাতে পোৱাৰ কথা , একো অঘটন হোৱা নাইটো......, মই এটা কথা বুজি পোৱা খাৰঘৰীয়া ছাৰ চুটিত থকাৰ সময়তে গগন তায়েক কিয় মধুপুৰৰ পৰা ইয়ালৈ transfer দিছে , ...... কিবা যেন ষড়যন্ত্ৰৰ গোন্ধ পাইছে মাধুৰীয়ে...

( Assamese Storyboard )

,

: পল্লভ লোচন মানুহজন বৰ ভাল নহয় , বহু মন্ত্ৰী বিধায়কৰ লগত তেওঁৰ হাত আছে , তাতে আকৌ আমাৰ খাৰঘৰীয়া ছাৰ বৰ চিধা মানুহ , আপুনি মিতালিৰ কেচটো খুচৰা গম পাই ওপৰত কিবা মেনেজ কৰি এই কামটো কৰিছে , 

: কিন্তু দহদিনৰ পাছত খাৰঘৰীয়াৰ চুটি শেষ হব , খাৰঘৰীয়াক কলৈ পঠাব..? বৰ খেলিমেলি লাগিছে কথাবোৰ , মই এই খাকী পোচাকযোৰক শ্ৰদ্ধা কৰো , এই পোচাকযোৰ পিন্ধি যদি কোনোবাই ৰাজনীতি কৰে মই কেতিয়াও সহ্য নকৰোঁ , প্ৰয়োজন হলে মই চাকৰি ৰিজাইন ( ইষ্টফা ) দিম , তথাপিও পোচাকযোৰত চেকা লাগিবলৈ নিদিওঁ...../div>

     .....বাইদেউ ভিতৰলৈ সোমাব পাৰিম নে....? মুৰ দাঙি চালে মাধুৰীয়ে , ......অ' আপুনি , আহক আহক , মই আপোনাৰ কথাই ভাবি আছিলোঁ..., আপুনি বহকচোন.... ৰত্নাকৰ আপুনি অলপ বাহিৰলৈ যাওকচোন...., 

: ঠিক আছে মেডাম....., ৰত্নাকৰ ওলাই গৈছিল বাহিৰলৈ , 

: আপোনাৰ ছোৱালীজনীৰ নাম কি আছিল ...

: শেৱালি.., শেৱালি বৰুৱা...,

: মৃণাল আৰু ৰাজুৱে তাইক যে প্ৰেমৰ প্ৰস্তাৱ দিছিল , আপুনি কেনেকৈ জানিছিল 

: তাই এদিন নিজেই মোক কৈছিল , 

: আচ্ছা...., সেইদিনা তাই ঘৰত আছিল নে ঘৰৰ বাহিৰত আছিল ,

: কম্পিউটাৰৰ ক্লাছলৈ গৈছিল , তাৰ পাছত চুবুৰীত হোৱাদুৱা লাগিল..., ৰাজহুৱা পুখুৰীত এটা মৃতদেহ ওলাইছে , তেতিয়ালৈকে শেৱালি ঘৰলৈ উভতি নহা দেখি বৰ চিন্তা হৈছিল , যদিও ভয় লগা নাছিল , কেতিয়াবা গাড়ী মটৰ নাপালে খোজ কাঢ়িয়ে ঘৰলৈ আহে , তেতিয়া অলপ পলম হয় , সাঁজ লাগি ভগালৈকে ঘুৰি নহা দেখি মৃতদেহটো শেৱালিৰ বুলি সন্দেহ হৈছিল , .......বুলি কৈ মানুহগৰাকী উচুপি উঠিল , 

: আপুনি কন্দা কটাখন নকৰিবচোন , ৰত্নাকৰ চাওঁ পানী এগিলাচ লৈ আহকচোন..., 

       ৰত্নাকৰে পানীগিলাচ আনি শেৱালিৰ মাকক দিলে , ......লওঁক...! পানী অলপ খাই দিয়কচোন......

: আপুনি চিন্তা নকৰিব , অপৰাধীয়ে উচিত শাস্তি পাবই লাগিব..., আপুনি এতিয়া যাওঁক , 

        উধাতু খাই সোমাই আহিল শইকীয়া , মেডাম  বৰ ডাঙৰ কথা এটা হল , আমাৰ ঘৰৰ সন্মুখত বৰ ভয়ংকৰ দুৰ্ঘটনা এটা হল থানাৰ ফালে আহি থকা গাড়ী এখন শিমলু গছ এজোপাত খুন্দা মাৰি পথাৰত বাগৰি পৰিল , গাড়ীৰ ভিতৰত থকা মানুহজনে বৰ বেচিকৈ দুখ পাইছে , মূৰত অলপ আঘাত পাইছে যেন ভাৱ হৈছে ....

: What....? 

: হয় মেডাম , আপুনি এবাৰ চাই আহকচোন , 

: sure......, ৰত্নাকৰ গাড়ীখন উলিয়াবলৈ কওঁক , শইকীয়া আপুনিও আমাৰ লগতে যাব পাৰিব ,

       ঘটনাস্থলী পাই মাধুৰী আচৰিত হৈছিল , গাড়ীখনত সোমাই থকা মানুহজনক ভালকৈ চালে মাধুৰীয়ে..., DSP গগন তায়ে.....! শইকীয়া এম্বুলেঞ্চ এখন যোগাৰ কৰি মানুহজনক মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰক...., নহলে থানাৰ জিপখনতে তেওঁক লৈ যাওঁক , conditionটো বৰ ভাল দেখা নাই , এম্বুলেঞ্চলৈ অপেক্ষা নকৰি জিপখনতেই গগন তায়েক মেডিকেললৈ লৈ গল , কিন্ত মেডিকেল পোৱাৰ কিছু আগতেই গগন তায়ে শেষ নিশ্বাস ত্যাগ কৰিছিল.....মেডাম মানুহজন....!

: ৰৈ গল যে শইকীয়া...! মানুহজনৰ কি হল...?

: মেডাম তেখেতৰ মৃত্যু হৈছে....!

: শইকীয়া কি হৈছে এইবোৰ জইন কৰা দিন ধৰি আজিলৈকে শান্তিত থাকিব পৰা নাই...!

: আপুনি চিন্তা নকৰিব, সকলো ঠিক হৈ যাব , 

: শইকীয়া , মই মিতালি আৰু শেৱালিৰ ৰিপৰ্ট দুটা লৈ লওঁ , আপুনি ইয়াতে অলপ বহক....

     ক্ৰমশঃ.......

( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages