এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 31, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ২০ ) : Assamese Storyboard

Assamese Storyboard

 

ৰাতিপুৱা কাবেৰী য়ে শুৱাৰ পৰা উঠিয়ে গা ধুই আজৰি হয় লয় । কিন্তু আজি কাবেৰী অলপ বেছি দৌৰা দৌৰি কৰিছে ( Assamese Storyboard )।‌ কাৰন আজি ৰাধিকা আৰু পলাশ হত্যাৰ গোচৰৰ ক'ৰ্টত দ্বিতীয় দিন । আজি ক'ৰ্টত পুলিচ অফিচাৰ ভাগৱতীয়ে দাখিল কৰিব লাগিব ৰাধিকাৰ ডায়েৰী খন যিখন ডায়েৰী ভাগৱতীয়ে অংকুৰণ ৰ লগ হৈ জ্বলাই পেলাইছিল । কিন্তু কাবেৰী য়ে খাৰঘৰীয়া ৰ কথা খুব ভালকৈ জানেই । কাৰন খাৰঘৰীয়া এনে এজন অধিবক্তা যিকোনো মূহুৰ্তত কথা সলনি কৰি পেলাই । কিন্তু এইবাৰ কাবেৰী ৰ বিশ্বাস ক'ৰ্টৰ মজিয়াত খাৰঘৰীয়া ই কাবেৰী ক লেং মাৰিব নোৱাৰে । যিমান কৰিব লাগে সিমান খিনি কষ্ট কাবেৰী য়ে কৰিব সাজু । কিন্তু লোভত মৰিব ভাগৱতী নামৰ এই পুলিচ অফিচাৰ জনে । নিশ্চয় কাৰোবাৰ পৰা পইচা লৈ ভাগৱতীয়ে ৰাধিকা ৰ ডায়েৰী খন জ্বলাই দিছিল । আকৌ নিয়ৰৰ পৰা এক লাখ টকা লৈ নিয়ৰক নিৰপৰাধী প্ৰমান কৰিব বিচাৰিছিল ।‌তাৰ পাছত আকৌ নিয়ৰক থানা লৈ আনি লক আপত কিয় ভৰালে সেই কথা হ'লে কাবেৰী য়ে নুবুজিলে । কাবেৰী য়ে নিজৰ কোঠাত থকা গনেশ দেৱতা ৰ ফটো খনত সদায় জ্বলোৱা ৰ দৰে বন্তি এগছি, ধূপ  জ্বলাই প্ৰাৰ্থনা কৰিলে ।


                     " জয় গনেশা জয় গনেশা

                                        জয় গনেশা দেবা

                         মাতা আকি পাৰ্বতী

                                      পিতা মহাদেবা "


ৰাতিপুৱা গা ধুই পবিত্ৰ হৈ যেতিয়া ভগবানৰ ওচৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰা হয় মনটো বৰ পবিত্ৰ লাগে । নামি আহে অনাবিল প্ৰশান্তি । কাবেৰী ও সদায় ৰ দৰে মনটো শুদ্ধ কৰি নিজৰ যুদ্ধ খনলৈ ওলাল । কাবেৰী য়ে দেউতাকৰ অনুপস্থিতি ত অইনৰ ঘৰত কাম কৰা মাকৰ তত্বাৱধানত যথেষ্ট কষ্ট পঢ়ি গুৱাহাটী উচ্চতম ন্যায়ালয় ৰ এজনী দক্ষ অধিবক্তা হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে । কেইদিন মান যে তাই বৰ কষ্ট কৰিব লগা হৈছিল । টিউচন কৰি নিজৰ পঢ়া খৰছ , গুৱাহাটী ৰ ৰুমৰ ভাড়া ,তাইৰ খোৱা ,ঘৰ খনৰ খৰছ ইত্যাদি সকলো তাই মূৰ পাতি ল'ব লগা হৈছিল । কিন্তু এতিয়া কাবেৰী ৰ চিন্তা নাই । এতিয়া কাবেৰী য়ে মাকক সুন্দৰকৈ ৰখাৰ লগতে গুৱাহাটী ত ভায়েকক ও পঢ়াই আছে । আজি তাই নিজৰ পইচা ৰে এখন বিলাসী গাড়ী কিনিছে । যিখন তাই নিজে চলাই । অইন দিনাৰ দৰে আজি ও তাই গাড়ী চলাই ক'ৰ্টলৈ বুলি আহি আছিল । ব্যস্ত মহানগৰী ৰ ব্যস্ততা ৰাস্তাত কিছু লাহে লাহে আহিব লগা হৈছিল । কাৰন এই খিনি সময়ত সকলো মানুহ একেলগে ওলাই আহে । অফিচ ,কাছাৰী , স্কুল ,কলেজ , ব্যৱসায় । আহি থাকোঁতে হঠাৎ কাবেৰী চকুত পৰিল এটা দৃশ্য । তাই দৃশ্যটো দেখি আৰু ৰৈ থাকিব নোৱাৰিলে ।অকনমান আগত পাৰ্কিং ত গাড়ী খন ৰখাই নামি আহিলে । আচলতে কাবেৰী য়ে দেখা দৃশ্যটো হ'ল ফুটপাথত এজনী প্ৰায় সাত ,আঠ বছৰীয়া ছোৱালী নগ্ন হৈ থিয় হৈ আছিল । ওচৰত এজনী মহিলাক ও তাই প্ৰত্যক্ষ কৰিছিল । কাবেৰী য়ে চিধাই সিহঁতৰ ওচৰলৈ আহিল । আহিয়ে মানুহ জনীক প্ৰশ্ন কৰিলে ।


- বাইদেউ এইজনী আপোনাৰ কোন হয় ?

- আপুনি কাৰ কথা কৈছে ?

ফুটপাথত থকা মহিলা জনীয়ে কাবেৰী ক প্ৰশ্ন কৰিছিল ।

- আপোনাৰ ওচৰত থকা এই ছোৱালী জনী ?

- কোন হ'ব বাইদেউ ! আমাৰ জানো চিনাকী থাকে । তাইক মই ফুটপাথতে লগ পোৱা ।

তাৰমানে মানুহ জনী ছোৱালী ৰ মাক নহয় ।

- মাইনা কি নাম তোমাৰ ?

- মোৰ নাম মই নাজানো নহয় । কিন্তু ইয়াত বহুতে ছোৱালী বুলিয়ে মাতে ।

- তোমাৰ মা দেউতা ?

- নাজানো , আজিলৈ লগ পোৱা নাই ।

- কিন্তু তুমি এটা কাম কৰিছা ?

ছোৱালী জনীয়ে বৰ কৌতুহল ৰে সুধিলে ।

- কি বাইদেউ ?

- তুমি কাপোৰ কিয় পিন্ধা নাই ? নাপায় নহয় ডাঙৰ ছোৱালী এজনীয়ে উলংগ হৈ থাকিব ।

- আচলতে বাইদেউ !

কথা খিনি কব খুজিও তাই ৰৈ গৈছিল ।

- কি কোৱা ভয় কৰিব নালাগে ।

- মই ফুটপাথৰ সৌ গছ জোপা ৰ গুৰিতে থাকোঁ‌ । কালি ৰাতি মই টোপনি গৈ থাকোঁতে এজাক ডাঙৰ বৰষুণ আহিছিল ।‌ মই টোপনিৰ কাৰনে একো গম পোৱা নাছিলোঁ । মোৰ পিন্ধা কাপোৰ ৰ লগতে গোটেই কাপোৰ বোৰ তিতি গৈছিল । তিতা তিতা কাপোৰ পিন্ধি পিন্ধি মোৰ জ্বৰ উঠিছে । সেয়া চাওক এতিয়া শুকাবলৈ দিছোঁ ।


               ছোৱালী জনীয়ে দেখাই দিয়াৰ ফালে চাই কাবেৰী য়ে বুজিছিল এৰা ছোৱালী জনীৰ কাপোৰ বোৰ তিতিছিল সচা । তেতিয়া কাবেৰীয়ে ওচৰত থকা মহিলা জনীক প্ৰশ্ন কৰিলে ।


- বাইদেউ আপুনি য়ে ছোৱালী জনীক কিবা এখন কাপোৰ দিব পাৰিলে হৈ ?

- মই কাপোৰ কৰ পৰা দিম বাইদেউ ! মই থাকো শুক্ৰেশ্বৰ মন্দিৰত । এইফালে মই বটল বিচাৰি আহি দেখিলোঁ যে তাই উলংগ হৈ আছে ।‌ মই তাইক একো সহায় কৰিব নোৱাৰি তাইৰ ওচৰত নিৰপত্তা ৰক্ষী হিচাপে ৰৈ আছোঁ ।


              কাবেৰী ৰ মানুহ জনীলৈ সন্মান জাগিলে । সচাই এয়া এজনী ভাল নাৰীৰ কৰ্তব্য । শিক্ষা নাথাকিব পাৰে ,হ'ব পাৰে ফুটপাথৰ বাসিন্দা । কিন্তু সচাই আছে এটা ভাল বিবেক । শুদ্ধ চিন্তা কৰিব পৰা বিবেক । কাবেৰী য়ে ছোৱালী জনীক লৈ এখন কাপোৰ ৰ দোকানত সোমাল আৰু তাইৰ পচন্দ অনুযায়ী দুজোৰ ধুনীয়া কাপোৰ কিনি দিলে । কাপোৰ পায় তাই বহুত সুখী ।‌ তাইৰ মুখেৰে ওলাই আহিছিল এক মিঠা হাহি ।‌ কাবেৰী য়ে ছোৱালী জনীৰ পৰা বিদায় লৈ আকৌ গাড়ীত বহিলে ।


               হয়টো কোনোবা মূহুৰ্তত এই ছোৱালী জনী ও হ'ল হৈ কোনোবা নৰপিশাচ ৰ কামনাৰ বলী । মানুহ জনীৰ ছোৱালী জনীৰ প্ৰতি দায়িত্ব দেখি কাবেৰী ৰ শ্ৰদ্ধা উপজিল । আজি তেজপুৰ ত হোৱা এজনী চাৰি বছৰীয়া ছোৱালী ৰ ধৰ্ষণ কাণ্ড ই বেছি সজাগ কৰিছিল কাবেৰী ক ।‌ সচাকৈ নাৰী জাতিৰ নিৰাপত্তা নাই । সৌ সিদিনা যোৰহাট চহৰৰ সমীপত দুজন ৰিক্সাৱালাই এজনী মহিলাক ধৰ্ষণ কৰি উলংগ কৰি ৰাজপথতে পেলাই থৈ যায় । কিন্তু এইবোৰ ৰ ইমান সাহস কেনেকৈ হ'ল ! এটাই কাৰন ধৰ্ষণকাৰী চিনাক্ত হোৱা ৰ পাছতে যদি ইহঁতক ফাঁচী দিয়া হয় , তেন্তে অসমত আৰু কাহানিও ধৰ্ষণ কাণ্ড নহয় । সিহঁত ইমানে নিকৃষ্ট মানুহ যে সিহঁতৰ হাতৰ পৰা দুইবছৰীয়া , চাৰিবছৰীয়া ভগবানে বাস কৰা শিশু ও বাছি যাব নোৱাৰে । এইবোৰ ভাৱিলে কাবেৰী ৰ গাত এক ভয়ৰ সিহৰণ জাগে ।


              অত্যাচাৰী অসুৰে যেতিয়া ভগবানৰ সৰানপন্ন হয় তেতিয়া কেনে লাগে বাৰু ! আজি ৰূপালী দত্ত আৰু ভাগৱতীয়ে শুক্ৰেশ্বৰ দেৱালয়ত আঠু কাঢ়ি প্ৰনাম জনাই ক'ৰ্টলৈ আহিছে ।‌ কিন্তু ভগবানৰ আদালত খন সম্পূৰ্ণ পৃথক । এইখন আদালতৰ পৰা দোষী নিৰ্দোষী প্ৰমাণ হোৱাৰ কোনো যুক্তিয়ে নাই ।( Assamese Storyboard )


            ইতিমধ্যে এজন এজনকৈ ক'ৰ্টত সকলো আহি উপস্থিত হৈছে । তেনেতে অধিবক্তা খাৰঘৰীয়া কাবেৰী ৰ ওচৰলৈ আহিছিল । 


- গোড মৰ্ণিং কাবেৰী ।

- সুপ্ৰভাত ।

-  খৱৰ কেনেকুৱা ?

- বঢ়িয়া ।

- কাবেৰী মোক কথা এটা কওকচোন ! আপুনি ভাগৱতীৰ ওপৰত এনেই মিছা বদনাম এটা কিয় জাপি দিলে ?

- কি মিছা বদনাম ?

- এই যে ডায়েৰী খন জ্বলোৱা কথাটো !

- সেইটো একেবাৰে সচা কথা ।

- নহয় , আচলতে আপোনালোকে ভাগৱতী ৰ কৰ্ম দক্ষতা ক ভয় খাই তেনে মিছা বদনাম এটা জাপি দিব বিচাৰিছে । যাতে ডিপাৰ্টমেন্টে ভাগৱতীক চাচপেন্সন কৰে ।

- আপোনাৰ দৃষ্টিত চাগে আপুনি য়ে শুদ্ধ । আহিছোঁ ক'ৰ্টৰ ভিতৰত লগপাম । শুভেচ্ছা থাকিল ।


              কথা খিনি কৈ কাবেৰী গুছি গ'ল ।‌ খাৰঘৰীয়া ই কাবেৰী ৰ ফালে চাই নিজকে নিজে কৰে ।


- মিছ কাবেৰী চুতীয়া । আপোনালৈ মোৰ দুখ লাগিছে । আপুনি প্ৰথম প্ৰচেষ্টা তে বিফল । আপোনাৰ পাশুপাত অস্ত্ৰ ই ভাগৱতীৰ মঙহলৈ সোমায় যোৱা দূৰৰ কথা ছাল বিন্ধিৱ নোৱাৰিলে । কাৰন ভাগৱতীৰ লগত আছে শ্ৰেষ্ঠ গুৰু দ্ৰোণাচাৰ্য । ওৰফে অংকুৰ ভাগৱতী ।


                   আজি ক'ৰ্টৰ ভিতৰত ভাগৱতী , খাৰঘৰীয়া , ৰূপালী দত্তৰ বহুত স্ফুৰ্তি । কাৰন ভাগৱতী ৰ বিৰুদ্ধে যি কথা উত্থাপন হৈছিল সেই কথা আজি মিছা প্ৰমান হ'ব । ইতিমধ্যে ন্যায়াধীশ ৰ নিৰ্দেশ ত ক'ৰ্টৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হল । কাঠগঢ়াত বিচৰা হল অফিচাৰ ভাগৱতী ক । ভাগৱতী কাঠগঢ়াত উঠিলে ।


- আপোনাৰ আজি এটা বিশেষ দিন । আপুনি সেইদিনা কৈছিলে যে আপুনি ৰাধিকা ৰ ডায়েৰী খন জ্বলাই দিয়া নাছিলে । কিন্তু আমি এই ক'ৰ্টৰ মজিয়াত প্ৰমান দিছিলোঁ ৰে আপুনি অংকুৰণ বৰাৰ লগত লগলাগি ৰাধিকা ৰ ডায়েৰী খন জ্বলাই দিছিল । সেই প্ৰমান কনিষ্টবল বৰ্মন দাৰ হাতত আছিলে । কিন্তু তাৰ পাছত ও আপুনি ৰাধিকা ৰ ডায়েৰী খন জ্বলোৱা নাই বুলি দাবী কৰিছিল । সেইদিনা আপোনাক ন্যয়াধীশ মহাশয়ে ক'ৰ্টৰ মজিয়াত ডায়েৰী খন জমা কৰিবলৈ আদেশ দিছিলে । গতিকে আপুনি এতিয়া ডায়েৰী খন দেখুওৱা ক ।

- মিছা বদনাম মানুহ ক দিব পাৰি । কিন্তু সেইদিনা মই ডায়েৰী জ্বলোৱা নাছিলোঁ বুলি ক'ৰ্টত ভাষ্য দিছোঁ । 

- হয় আমি মানি লৈছোঁ আপুনি ডায়েৰী জ্বলোৱা নাই । কিন্তু এতিয়া আপুনি ডায়েৰী খন জমা কৰক । 

ভাগৱতীয়ে এটা হাহি মাৰি এখন ডায়েৰী উলিয়াই দিছিল । কাবেৰী ন্যায়াধীশ ৰ আদেশ মতে ডায়েৰী খনৰ পৃষ্ঠাবোৰ লুতিয়াই চাই দেখিছিল হয়টো এইখনে ৰাধিকা ৰ ডায়েৰী ।


- ন্যায়াধীশ মহাশয় দেখিছে এই ক'ৰ্টৰ মজিয়াত মোক কেনেদৰে দোষী সজাবলৈ চেষ্টা কৰিছিল ।

ভাগৱতীয়ে কৈছিল ।লগে লগে খাৰঘৰীয়া উঠি আহিছিল ।

- এয়া দেখিলে ! এজন দক্ষ আৰক্ষী বিষয়াক কেনেকৈ দোষী সজাবলৈ চেষ্টা কৰিছিল । এয়া এক চক্ৰান্ত । আমি ৰাধিকা ৰ ডায়েৰী খন খুব সযতনে ৰাখিছিলো । কাৰন ইয়াতে আছে পলাশ আৰু ৰাধিকা ৰ হত্যাকাৰী ক ধৰা পেলোৱা সম্পূৰ্ণ ক্লু ।


                 কাবেৰী কিছূ সময় ৰ কাৰনে মৌন হৈ ৰল । কি কৰিব !  ভাগৱতীয়ে দেখোন ৰাধিকা ৰ ডায়েৰী জমা কৰি পেলালে । লগে লগে কাবেৰী ৰ মনত এটা বুদ্ধি খেলালে । অংকুৰণ ক কাঠগঢ়াত উঠোৱাৰ ন্যায়াধীশ ৰ পৰা অনুমতি বিচাৰিলে কাবেৰী য়ে । কাবেৰী ৰ অনুমতি ন্যায়াধীশ মহাশয়ে গ্ৰাহ্য কৰিলে । অংকুৰণ বৰাক শপত বাক্য পাঠ কৰাই কাবেৰী য়ে প্ৰশ্ন কৰিলে ।


- মিষ্টাৰ অংকুৰণ বৰা সেইদিনা আপুনি অফিচাৰ ভাগৱতীৰ লগ হৈ ডায়েৰী খন জ্বলোৱা টো সচা নে ?

লগে লগে খাৰঘৰীয়াই চিঞৰি উঠিল ।

- I object my lord . এয়া কেনেকুৱা বিচাৰ ! ইতিমধ্যে ভাগৱতীয়ে ডায়েৰী জমা কৰিলে । তাৰ পাছটো আকৌ কাবেৰী য়ে অংকুৰণ  বৰাক জেৰা কৰা ৰ মই কোনো যুক্তি বিচাৰি নাপালোঁ ।

- আপোনালোকে ডায়ৰী খন জমা দিলে । ক'ৰ্টত প্ৰমান হল যে আমি ভাগৱতীৰ বিৰুদ্ধে মিছা অভিযোগ কৰিছোঁ । এতিয়া মই অংকুৰণ বৰাক মোৰ সুধিব লগীয়া খিনি সুধিছো তাত আপুনি ইমান ভয় খাইছে কিয় ?

- শুনক আপোনালোকে যিকোনো প্ৰকাৰে ভাগৱতী ক দোষী সজাৱলৈ চেষ্টা কৰি আছে । কিন্তু নোৱাৰিব ।


                   কাবেৰী আৰু খাৰঘৰীয়া ৰ যুক্তি তৰ্ক শুনি ন্যায়াধীশ ৰ অৰ্ডাৰ কাবেৰী ক । অংকুৰণ বৰাক জেৰা কৰিবলৈ ।


- আপুনি সচা কথা কওক বৰা ।

- হয় আপোনালোকে ঠিকে কৈছে সেইদিনা অফিচাৰ ভাগৱতী য়ে মোৰ সন্মুখত ৰাধিকা ৰ ডায়েৰী খন জ্বলাইছিল ।

- মিছা কথা ।

ভাগৱতীয়ে চিঞৰি দিলে ।

- এয়া সম্পূৰ্ণ ষড়যন্ত্ৰ । এয়া মিছা কথা । হঠাৎ সকলোকে আচৰিত কৰি বৰুৱা ই থিয় হৈ কৈছিল । 


- এয়া সঁচা কথা আপুনি ৰাধিকা ৰ ডায়েৰী জ্বলাইছে । কিন্তু ৰাধিকা ৰ ডায়েৰী খন মোৰ ওচৰত আছে ।


                 কোনেও একো বুজি নাপালে বৰুৱা ই কি কৰে ! ৰাধিকা ৰ ডায়েৰী খন ভাগৱতীয়ে জ্বলোৱা টো সচা । কিন্তু ৰাধিকা ৰ ডায়েৰী খন বৰ্তমান বৰুৱাৰ হাতত !!!

 

(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


( আপোনালোকলৈ মোৰ এই উপন্যাস খনৰ এটা বিশেষ প্ৰশ্ন । উক্ত প্ৰশ্ন ৰ উত্তৰ দিয়া তিনিজন বিজয়ী ক মোৰ এই উপন্যাস খন শেষ হোৱাৰ পাছত দিয়া হ'ব এটা এটাকৈ সৰু উপহাৰ । 


* আচলতে পলাশৰ হত্যাকাৰী কোন ?


ক) ৰাধিকা ৰ মাক           খ) নিয়ৰ কাকতি

গ) ভাড়াঘৰৰ মালিকৰ ভনীয়েক মল্লিকা 

ঘ) অংকুৰণ বৰা

ঙ) অন্য কোনোবা । )

                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages