বিচনাত পৰি ইকাটি সিকাটি কৰি থাকোতে চকুৰ পচাৰতে নিশাটো পাৰ হৈ গল..., ব্ৰক্ষ্ম পুৱাতে উঠি নূপুৰে মূৰ গা ধুই কামাখ্যা ধামলৈ ওলাল ( Assamese Storyboard ), ইফালে সিফাল কৰি নূপুৰে ঘৰখন ভালদৰে চালে , গোঁসাই ঘৰত সোমাই চাকি জ্বলাই থাপনাৰ আগত সেৱা জনালে , নতুন সপোন অযুত আশা লৈ নূপুৰে দেউতাকৰ চৰণত সেৱা জনালে , নূপুৰৰ তেনে ব্যৱহাৰত আচৰিত হৈছিল দেউতাক..... মাজনী তই এইবোৰ কি কৰিছ...
: দেউতা মই কলেজৰ বান্ধৱী ৰিতাৰ বিয়াৰ খবৰ কৰিবলৈ নগাওঁলৈ যাওঁ...., আৰ্শীবাদ কৰিব দেউতা বাটত যাতে একো অপায় অমংগল নহয়,
: এইবোৰ তই কি কৈছ মাজনী , যাত্ৰা কালত এইবোৰ কথা কব নাপায়,
: দাদাক মাত এষাৰ দিবলৈ নাপালোঁ , সি শুই আছে , তুমি দাদাক বুজাই দিবা ,
: হ'ব....,যা মাজনী, সোনকালে আহিবি , গৈ পায় ফোন কৰিবি , ঘৰখনত তহঁত দুটা নাথাকিলে বৰ চিন্তা হয় ,
দেউতাকৰ কথাবোৰ শুনি নূপুৰৰ হিয়া ভাগি পৰিছিল , কোনৰকম নূপুৰে চকুলো বাধা দি ৰাখিছিল, দেউতাকৰ কাষৰ পৰা নূপুৰ আতঁৰহৈ গল , পাকঘৰত সোমাই মনাক চাহ একাপ বিচাৰিলে ..... বৌ , মই ৰেডী হলো নগাঁও যাবলৈ , চাহ একাপ দিয়া,
: তুমি অকলে যাবা নেকি...!
: মনিশা আৰু মই যাম বৌ..., কিয় সুধিলা ?
: ৰক্তিমে সুধিলে মইটো উত্তৰ দিব লাগিব...
: বৌ ..., ভালকৈ থাকিবা তুমি.., বুলি মনাৰ ভৰিত স্পৰ্শ কৰি সেৱা কৰিলে,
: নূপুৰ কি কৰিছা এইবোৰ ..? নাপায় নহয় এনেকুৱা কৰিব , ভালকৈ যাবা , ৰাস্তাত কিবা অসুবিধা হলে দাদালৈ ফোন কৰিবা,
: হ'ব বৌ ..., আহিছোঁ এতিয়া ,
: ঠিক আছে নূপুৰ, গৈ পায়ে ফোন কৰিবা, /p>
জোৰকৰি নূপুৰে চকুপানীবোৰ ধৰি ৰাখিলে..., পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ গেটখন খুলি নূপুৰ ওলাই গৈছিল, বাধা দি ৰখা চকুৰপানীবোৰ ধাৰাসাৰে নিগৰী আহিছিল, তেনেতে ঋত্বিকে ফোন কৰিলে, থোকাঠুকি মাতেৰে নূপুৰে ঋত্বিকক ওলাই আহিবলৈ কলে.... মই কলেজ তিনিআলিটোতে ৰৈ আছোঁ , তুমি সোনকালে আহাঁ....! ঋত্বিক আহি পাই মানে নূপুৰে দোকান এখনৰ আঁৰ লৈ মেখেলা চাদৰযোৰ পিন্ধি , তিতা চুলিকোচা মেলি দিলে , মেখেলাৰ কোঁচ কেইটা ঠিক কৰি লওঁতেই ঋত্বিকে হঠাৎ গাড়ীখন ৰখাই দিলে , মিঠা হাঁহি এটা মাৰি ঋত্বিকে নূপুৰক পুৱাৰ সম্ভাষণ জনালে, গুড মৰ্ণিং নূপুৰ ,
: মৰ্ণিং ....., দুৱাৰখন খুলি লাহেকৈ নূপুৰ গাড়ীত বহিলে , ঋত্বিকে নূপুৰৰ মূৰত হাত বুলাই দিলে, ঋত্বিকৰ হাতৰ মৰমি স্পৰ্শত নূপুৰে হুকহুকাই কান্দিবলৈ ধৰিলে , নূপুৰৰ চকুৱে নিগৰি অহা তপত চকুলো ঋত্বিকৰ হাতত পৰিল, নূপুৰৰ দুচকুৰে নিগৰি অহা চকুলোৱে যেন ঋত্বিকৰ মনৰ সকলো মলীনতা ধুই নিলে...... নূপুৰ তুমি কান্দিছা কিয়....!
: তোমাৰ কাৰণে মই , দেউতা - দাদা - বৌ সকলোকে এৰি থৈ আহিছোঁ , তোমাৰ অবিহনে মই আধৰুৱা ঋত্বিক , তোমাক হেৰুৱাব লগীয়া হয় বুলিয়ে সকলোকে মিছা মাতি চিৰদিনৰ বাবে মই তোমাৰ কাষলৈ গুচি আহিলোঁ , আজিৰ পৰা তুমিয়ে মোৰ সকলো , তুমিয়ে মোৰ ভগৱান , তুমিয়ে মোৰ আপোনজন ........ বুলি কৈ নূপুৰে ঋত্বিকক সাৱটি ধৰিলে , নূপুৰৰ কথাখিনি শুনাৰ পিছত ঋত্বিকৰ অন্তৰতো নূপুৰলৈ মৰম জাগিল , হঠাৎ যেন ঋত্বিকৰ চকু মেল খালে , ঋত্বিকেও নূপুৰক বুকুৰ মাজত সাৱটি ললে ...... তুমি মোক সঁচাকৈয়ে বৰ ভাল পোৱা ন.... নূপুৰ.....!
: এতিয়াও বিশ্বাস হোৱাই নাই নেকি...!
: আজি মই বুজিব পাৰিছোঁ নূপুৰ , সঁচা প্ৰেমৰ কেতিয়াও মৃত্যু হব নোৱাৰে, হাজাৰ বাধা আহিলেও সঁচা প্ৰেমক কোনেও বাধা দি ৰাখিব নোৱাৰে , মোৰ বাবেই তুমি আজি মৰমৰ মানুহবোৰক ত্যাগ কৰি আহিছা , তোমাৰ এই ত্যাগ অথলে নাযায় নূপুৰ...., নাৰী হৃদয়ৰ ব্যথা আজি মই উপলব্ধি কৰিছোঁ , তোমাক মই সদায় সুখত ৰাখিবলৈ যত্ন কৰিম নূপুৰ, কিন্ত এটা কথা , তুমি ভবাৰ দৰে মই তোমাক ধনৰ সুখ দিব নোৱাৰিবও পাৰো , কিন্তু তোমাৰ মনত মই কেতিয়াও দুখ নিদিওঁ....
: ধনেই সৰ্বস্ব নহয় ঋত্বিক...., মৰম ভালপোৱা আৰু বিশ্বাস থাকিলে প্ৰচুৰ ধন নাথাকিলেও সুখী হব পাৰিম , মই তোমাক কথা দিলোঁ, ময়ো তোমাক সদায় সুখত ৰাখিবলৈ যত্ন কৰিম ...... নূপুৰৰ কপালত এটি মিঠা চুমা আঁকি দিলে ঋত্বিকে ,.... বলা এতিয়া নহলে বহুত দেৰি হৈ যাব, ঋত্বিকে নূপুৰৰ চকুপানীখিনি লাহেকৈ মচি দিলে আৰু লাহে লাহে গুৱাহাটী অভিমুখে যাত্ৰা কৰিলে , পুৱাৰ চেঁচা বতাহজাকে দুয়োৰে মন শিহৰিত কৰিলে, পূৱৰ আকাশত ৰাঙলী বেলি লাহে লাহে উঠি আহিছিল , বাহিৰৰ বতাহজাকে নূপুৰৰ চুলিবোৰ কোবাইছিল , বাৰে বাৰে আউল বাউল চুলিবোৰ ঠিক কৰি লৈছিল , ঋত্বিকে লক্ষ্য কৰিলে নূপুৰৰ দুচকুত এক ৰঙীন সপোন , বহু সপোন , বহু আশা ঋত্বিকে শেষ কৰি দিছে কেৱল টকাৰ বাবে , কিন্তু নূপুৰক শেষ কৰাৰ সি ভাবিছিল যদিও মাজে মাজে নূপুৰলৈ মৰম উপচি উঠে , জীৱনত ঋত্বিক প্ৰথম প্ৰেমত পৰিছে , আগদিনালৈকে শেষ কৰিম বুলি ভাবি থকা ঋত্বিকৰ অন্তৰত এতিয়া এটা প্ৰেমৰ বীজ ৰোপণ হৈছে, সেয়ে ঋত্বিকে সেই প্ৰেমক পূৰ্ণতা দিব বিচাৰিছে , কথাবোৰ ভাবি ভাবি গৈ থাকোঁতে নীহাই ফোন কৰিলে, ...... ঋত্বিক নীহা বাই ফোন কৰিছে ,
: ৰিচিভ নকৰিবা ফোনটো , বাজি থাকক দিয়া , গাড়ীখন ৰখাই দিলে ঋত্বিকে, নূপুৰৰ হাতৰ পৰা ফোনটো লৈ চিমখন খুলি পেলাই দিলে ,
: চিমখন কিয় পেলাই দিলা....
: সেইবোৰ বহুত কথা নূপুৰ...., আজি এই শুভ দিনত সেইবোৰ কথাৰ পাতনি নেমেলো, কথাবোৰ শুনিলে হয়টো তুমি মোক ঘৃণা কৰিবা ,
: কিয় ঋত্বিক....., এনেকুৱা কি কথা আছে , যিবোৰ কথা শুনিলে তোমালৈ মোৰ ঘৃণা উপজিব ...!
: প্লীজ....! নূপুৰ তুমি মোক জোৰ নকৰিবা...! মই এদিন সকলো কথা তোমাক কম , এতিয়া এটা কথা জানি থোৱা , আজিৰ পৰা তোমাক কোনেও একো কৰিব নোৱাৰে , ছাঁটোৰ দৰে মই সদায় তোমাৰ লগত থাকিম , ( Assamese Storyboard )
: তাৰমানে নীহা বাই মোক লৈ কিবা গেম খেলিছিল নেকি ....! নূপুৰে প্ৰশ্নবোধক দৃষ্টিৰে চাইছিল ঋত্বিকলৈ.....<
: তুমি ঠিকেই অনুমান কৰিচা নূপুৰ..., এইবাৰ মই নীহাক সফল হবলৈ নিদিও , মাক জীয়েক দুয়ো মিলি তোমালোকৰ ঘৰখন শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছে,
: ঋত্বিক....! তুমি ইমান দিনে এইবোৰ কথা মোক কিয় কোৱা নাছিলা ...?
: তেতিয়া মই টকাৰ মোহত অন্ধ হৈ আছিলোঁ, ভাল বেয়া একো বুজি পোৱা নাছিলোঁ , আজি তুমি মোক বুজাই দিলা সঁচা ভালপোৱাৰ প্ৰকৃত অৰ্থ...., তোমাক কাষত পাই সচাঁকৈ মই বহুত সুখী..., যিমান পাৰোঁ সিমান কষ্ট কৰিম, পৰিশ্ৰম কৰিম , তথাপিও বিপথে পৰিচালিত নহওঁ, ..........কথা পাতি গৈ থাকোতে কেতিয়া যে নগাঁও পালেগৈ গমেই নাপালে, নূপুৰে গাড়ীখন ৰখাবলৈ কোৱাত হোটেল ইন্দ্ৰলোকৰ সমুখত গাড়ীখন ৰখাই দিলে, দুয়োটা গাড়ীৰ পৰা নামি গৈ চাহ একাপ খালে আৰু অলপ ইফালে সিফালে খোজ কাঢ়ি আকৌ গাড়ীত বহিল , ক্ৰমে ক্ৰমে গাড়ীখন আগবাঢ়ি যাব ধৰিলে, নূপুৰে বেগৰ পৰা ফোনটো উলিয়াই সময়তো চালে ন বাজি ত্ৰিশ মিনিট পাৰ হৈছে, এঘাৰ মান বজাত নিশ্চয় কামাখ্যা পাব , কামাখ্যা মাৰ আশীষ শিৰত লৈ দুয়ো যুগ্মজীৱনৰ পাতনি মেলিব , ....... ঋত্বিক কথাটো মই ঘৰত জনাই দিওঁ নেকি...!
: কোনটো কথা..?
: আমি যে মন্দিৰত বিয়া হবলৈ গৈ আছোঁ সেইটো কথা ,
: এতিয়া নালাগে দিয়া , কামটো হোৱাৰ পাছত ময়ে দেউতালৈ ফোন কৰিম ,
ঋত্বিকৰ ফোনটো কিয় অফ হৈ গল , নে কামবোৰ ভবা মতে কৰিব পৰা নাই , কৰবাত নিশ্চয় কিবা কেনা লাগিছে, নূপুৰক ফোন কৰিলে তাই দেখুন সকলো গম পাই যাব , বৰ চিন্তাত পেলাইছে ঋত্বিকে , মুন্নাৰ ফোন নম্বৰ মোৰ হাতত নাই , কি কৰো বাৰু ! ..... মুখৰ ভিতৰতে কথাবোৰ ভোৰভোৰাই আছিল নীহাই , হাতত নিউজ পেপাৰ খন লৈ মৃণালিনী ওলাই আহিল বাৰাণ্ডালৈ.... কি ভোৰভোৰাই আছ মাজনী....
: মা... আজি মোৰ খেলখনৰ ফাইনেল ৰাউণ্ড , খেলখন কিমান আগবাঢ়িছে একো খবৰ পোৱা নাই, বৰ চিন্তা হৈছে...
: কি খেলৰ কথা কৈছ , মই ঠিক বুজা নাই...!
: মা তুমিও যে আৰু....! ঋত্বিকৰ লগত নূপুৰ আজি গুৱাহাটীলৈ গৈছে , ঋত্বিকে কোৱা মতে খেলখন আজি শেষ হব , কিন্তু এতিয়া লৈকে খেলখনৰ একো আপডেট পোৱা নাই...
: অ'....! ইমান ভাল খবৰটো তই মোক কিয় দিয়া নাছিলি...., তোৰ খেলখন শেষ হল বুলি , মোৰ খেলখনৰ কথা তই পাহৰি নাযাবি মাজনী....!
: মা ..., ঋত্বিকৰ ফোন অফ হৈ আছে , সেয়ে চিন্তা হৈছে...,
: ঋত্বিক ইমান মূৰ্খ নহয় , তই যদি তাক বাৰে বাৰে ফোন কৰি থাক নূপুৰৰ সন্দেহ নহব জানো...! সেয়ে চাগৈ ফোনটো অফ কৰি থৈছে...
: তুমি ঠিকেই ভাবিচা , মই সেই কথাটো ভবাই নাছিলোঁ.....
: নিউজটো চাই থাকিবি..., এইবিলাক খবৰ নিউজট সোনকালে আহে... মাক জীয়েক দুয়ো টিভিৰ ওচৰত বহি অপেক্ষা কৰিবলৈ ধৰিলে , লাহে লাহে পশ্চিমৰ হেঙুলীয়া বেলি ডুব গৈছিল, চৰাই চিৰিকটিবোৰ নিজ নিজ সজালৈ ঢাপলি মেলিছিল, লুইতৰ বুকুত ৰান্ধনী বেলিৰ পোহৰে যেন এখন ৰঙা চাদৰ মেলি দিছিল...., এখোজ দুখোজ কৰি দুয়ো মন্দিৰৰ পৰা তললৈ নামি আহিল , নূপুৰৰ কপালত জিলিকি উঠিল পুৱাৰ ৰঙা সূৰুজ..... , তোমাৰ ফোনটো দিয়চোন নূপুৰ , দেউতালৈ ফোন এটা কৰোঁ..
: দেউতালৈ ফোন কৰিব নালাগে ঋত্বিক ,বৌকে কথাটো কওঁ...., বৌয়ে বাকীবোৰ চম্ভালি লব , দেউতাই মিছাতে হুলস্থুল লগাই দিব...
: ঠিক আছে... বৌলৈ ফোনটো লগাই ফোনটো মোক দিয়া... নূপুৰে মনালৈ ফোনটো লগাই ঋত্বিকক দিলে.
: ৰিং হৈ আছে... লোৱা...
: হেল্ল নূপুৰ.... মনাৰ মাতটো শুনি ঋত্বিক থমকি ৰৈছিল... নূপুৰ.....! হেল্ল....!
: বৌ .... মই ঋত্বিকে কৈছোঁ..., নূপুৰ আৰু মই আজি কামাখ্যা মন্দিৰত বিয়া হলো...., আৰ্শীবাদ কৰিব আমাৰ যুগ্মজীৱন যেন সুখৰ হয়...., কথাটো শুনি মনাৰ বৰ আচৰিত লাগিছিল, নূপুৰটো নগাঁওলৈ বুলিহে ওলাই গৈছিল, তাৰমানে তাই মানে মোৰ চৰণ চুই বিদায় লৈ গৈছিল..., কথাটো কেনেকৈ দেউতাক জনাওঁ, যিটো কামলৈ ভয় কৰি আছিলোঁ সেইটোৱেই হল, হে ভগৱান...! নূপুৰক একো বিপদত নেপেলাবা..., এখোজ দুখোজ কৰি মনা ৰক্তিমৰ ওচৰলৈ গল, টিভিৰ ওচৰত বহি ৰক্তিম আৰু দেউতাকে নিউজ চাই আছিল, কওঁ নকওঁকৈ মনাই কথাটো কলে.., দেউতা বৰ ডাঙৰ কথা এটা হল...
: বোৱাৰী...! মাজনীৰ কিবা....?
: নহয় দেউতা , নূপুৰৰ একো হোৱা নাই , তাই আজি ঋত্বিকৰ সৈতে কামাখ্যা মন্দিৰত বিয়া হল, অলপ আগতে ঋত্বিকে মোলৈ ফোন কৰি জনাইছে...,
: এই সকলোবোৰৰ মূল তুমিয়ে মনা... , তাইক তুমি বৰ বেচিকৈ লাই দিলা , কি পালা আজি...? মই এতিয়া লৰাটোক কি বুলি কম... , তুমি আহিব নালাগে মোৰ ভন্টী পলাই গল..., মোৰ সকলো মান সন্মান শেষ কৰি দিলা তুমি.... ৰক্তিমে মনালিছাক খঙেৰে কলে .....,
: ৰাতিপুৱা তাই মোক ভৰি চুই সেৱা কৰোতেই সন্দেহ এটা হৈছিল.....
: যদি সন্দেহ হৈছিলেই তাইক যাবলৈ দিলে কিয় দেউতা ...?
: ভাবিছিলোঁ ঘৰৰ পৰা অকলে প্ৰথমবাৰ ওলাই গৈছে সেয়ে হয়টো আৰ্শীবাদ লৈছে...., এনেকৈ যে তাই বুকুত কোঠাৰ মাৰিব মই সপোনটো ভবা নাচিলোঁ অ' বোপাই....,
: এতিয়া পিছে কি কৰিব...?
: কি কৰিবি আৰু ..., তাইটো একো বেয়া কাম কৰা নাই...., আৰ্শীবাদ দিয়াৰ বাহিৰে অভিশাপটো দিব নোৱাৰোঁ, মোৰ মনত তই যেনেকুৱা তায়ো তেনেকুৱাই,
: কিন্তু দেউতা ....?
: কোনো কিন্তু নাই , ভাল দিনবাৰ এটা চাই তাইক এদিন ঘৰলৈ আনিব লাগিব, ধুমধামকৈ আয়োজন কৰিম তাইৰ বিয়া...... কথাবোৰ কৈ থাকোঁতে দেউতাকৰ দুচকুৰে টোপ টোপ কৈ চকুলো নিগৰি আহিল....
( ক্ৰমশঃ )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment