যাবলৈ নিদিব কিয়? তেতিয়াহে পইছা সৰকাব পাৰিব। দছৰুমত পইছাৰ কথা আছে। এতিয়াটো সি মাহঁতৰ একান্ত বাধ্য জোঁৱাই হ'বই লাগিব ( Assamese Storyboard )। নহ'লে জানো পইছা অহাৰ ৰাস্তাটো বন্ধ হৈ নপৰিব! কিমান আৰু তললৈ যাবা ৰক্তিম? মুক্তি দিয়া মোক এইবোৰৰ পৰা। মোক দেখুওৱাৰ দৰে মাহঁতক আৰু মিছাৰ পোহৰ নেদেখুৱাবা। তোমাৰ আচল স্বৰূপটোৰ কথা গম পালে মাহঁতৰ কি অৱস্থা হ'ব? মা-দেউতাহঁতে ভাবি আছে তুমি এজন মৰমিয়াল স্বামী এজন সুদক্ষ ইঞ্জিনীয়াৰ। কিন্তু মইহে জানো প্ৰকৃততে তুমি কোন?
এটা মস্ত মদাহী, দগাৱাজ আৰু ছোৱালীৰ জীৱনক লৈ জোৱা খেলা এটা জোৱাৰী। দেউতাই বিয়াৰ আগতে তোমাক কিয় লম্পট বুলি কৈছিল আজিহে বুজি পালোঁ মই। যদি মই তেতিয়াই দেউতাৰ কথা শুনিলোঁ হয়, আজি মোৰ এই অৱস্থা কেতিয়াও নহ'ল হয়, নগ'লো হয় মই তিলতিলকৈ মৃত্যুৰ মুখলৈ। দেউতাহঁতে ভাবিছে চাগৈ যে তুমি আজিকালি সলনি হ'লা, বেয়া অভ্যাসবোৰ বাদ দি মোৰ বাবে, ঘৰখনৰ বাবে, আমাৰ ভৱিষ্যতৰ বাবে তুমি সৎ পথলৈ আহিলা। এৰি আহিলা তোমাৰ লম্পট স্বৰূপটোক। কিন্তু নহয়, দেউতাহঁতে ভবা মতে যে একোৱেই নহয় সেইটো কেৱল মইহে জানো। তুমি সলনি হোৱা বুলি ভাবি মা-দেউতাহঁতে এতিয়া মোৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে, কিন্তু যেতিয়া তেওঁলোকে তোমালোকে মোক কৰা প্ৰৱঞ্চনা, অত্যাচাৰ তথা আচল কথাবোৰ গম পাব তেতিয়া তেওঁলোকৰ অৱস্থা কি হ'ব সেইটো একমাত্ৰ মইহে অনুমান কৰিব পাৰিছোঁ।
কথাবোৰ ভাবি ভাবি তাই মাকৰ কান্ধতে মূৰটো পেলাই দি চকুহাল মুদি দিলে। গাড়ীখনে গতিশীলতা লাভ কৰিলে আৰু মানসীয়ে লাভ কৰিলে এটা নতুন জীৱন তাৰে এটা উপনাম হ'ল "মুনু"। লাহে লাহে সন্ধিয়াৰ আকাশত জোনটোৱে ভুমুকি মাৰিলে, খেলিলে লুকাভাকু তৰাবোৰৰ সৈতে। সিহঁতো গৈ ঘৰ পালেগৈ। তাইলৈ বাট চাই চাই পদূলিমুখৰ দুবৰি কেইডালেও আশা এৰিছিল। কিন্তু সকলোৰে আশা পুনৰ উজ্জীৱিত কৰি মানসী আজি ঘৰমুৱা হ'ল। ঘৰলৈ ঘূৰি আহিল ঘৰৰ লখিমী।
: উঠা মুনু। ঘৰ পালোহি আমি।
সাৰপাই মানসীয়ে লাহেকৈ গাড়ীখনৰপৰা নামি মাকৰ সৈতে ভিতৰলৈ গ'ল। বাপেকেও ড্ৰাইভাৰজনক ভাড়াটো দি বেগকেইটা লৈ ভিতৰ সোমাল। মানসী ভিতৰলৈ গৈ পোনপ্ৰথমে নিজৰ ৰুমৰ বাথৰুমত সোমাই চাৱাৰটো অন কৰি দি নিজকে বিলীন কৰি দিলে পানীৰ স'তে। বৈ যাবলৈ দিলে "মাজনী"ৰ অস্তিত্বক, কাৰণ আজিৰ পৰা তাই "মুনু"।
: মুনু হ'ল আৰু দিয়া। বেছিকৈ গা ধুই নাথাকিবা এই সন্ধিয়াখন। নহ'লে জ্বৰ হ'ব। এনেই বেমাৰী দেহা।
মাকৰ মাত শুনি তাই চাৱাৰটো বন্ধ কৰি টাৱেলখন লৈ গাটো মুছিলে।
: মা মোক কাপোৰ এযোৰ দিয়াচোন। মানে মই লৰালৰিতে কাপোৰে নানিলো।( Assamese Storyboard )
: অ' দৰজাখন খোলা আকৌ। তেতিয়াহে দিব পাৰিম।
দৰজাখন খোলাৰ লগে লগে মাকে তাইলৈ পাতল হালধীয়া ৰঙৰ চুৰিদাৰযোৰ আগবঢ়াই দিলে। চুৰিদাৰযোৰ দেখিয়েই মাকৰ ঘৰত বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে মানসীৰ মনটো ভাল লাগি গ'ল। তাইৰ মুখত স্পষ্টকৈ বিৰিঙি উঠিল মাকৰ ঘৰলৈ অহাৰ আনন্দ। কিমান যে স্মৃতি জড়িত হৈ আছে তাইৰ এই কাপোৰযোৰৰ লগত তাইহে জানে। সম্পূৰ্ণ তিনিটা দিন ককায়েকক লাগি লাগি চতুৰ্থ দিনৰ দিনা গোটেই দিনটো দোকানে দোকানে ঘূৰি ঘূৰি অৱশেষত ককায়েকৰ পৰা এইযোৰ কাপোৰ সৰকাইছিল তাই। অতীতৰ সাৰুৱা স্মৃতিক ৰোমাণ্ঠিত কৰি তাই মুখত বিৰিঙালে এটি মৌবৰষা হাঁহি। কাপোৰযোৰ পিন্ধি তাই বাথৰুমৰপৰা ওলাই আহি দীঘলকৈ এটা উশাহ টানি বিছনাখনতে বাগৰ দিলে।
অলপ পিছতে মাকে কপাহ, কুহুমীয়া পানী, মলম, স্পে আদি লৈ আহি তাইক উঠালে।
: উঠা মুনু। ড্ৰেচিং কৰি লোৱা।
মাকৰ মাতত তাই চকুহাল মেলিলে। পোহৰে চাট মাৰি ধৰা মানসীৰ চকুহালৰ আগত ভাহি আহিল গাভৰু জীৱনত তাই কৰা ধেমালি, দুষ্টালি, হাঁহি-ফূৰ্তি আৰু বহু কিবাকিবি।
: দিয়া মা।
এইবুলি কৈ মাকৰ হাতৰপৰা বস্তুখিনি লৈ তাই লাহে লাহে বাওঁহাতেৰে সোহাঁতত বন্ধা বগা ৰঙৰ বেণ্ডেজবোৰ খুলিলে। তেজ ওলোৱা বন্ধ হৈছিল যদিও ছালখনত লাগি থকা ৰঙা তেজৰ ৰঙা ৰঙৰ কণিকাবোৰ তাই কপাহ অকণেৰে লাহে লাহে মুচি দিলে। স্পেটো উলিয়াই হাতখনত স্পে কৰি লাহে লাহে মলম অলপ লগাই আকৌ হাতখনত বগা ৰঙৰ কপাহী বেণ্ডেজ এখনেৰে বান্ধি দিলে।
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment