ডাক্তৰ. কৃষ্ণামাধবীৰ অত্যাধুনিক নতুন চাৰিচকীয়া বাহন খনৰ তীব্ৰ গতি হঠাতে এটি প্ৰবল জোকাৰণি মাৰি প্ৰায় গাঁৱলীয়া পকী ৰস্তাটোৰ মাজতে ৰৈ গল( Assamese Storyboard )। ভাগ্য ভাল সৰু চহৰ খনৰ আওপকীয়া ৰস্তাটোৰে সেইসময়ত কোনো যান বাহন আহি থকা নাছিল। তেতিয়া ৰাতি ৯.০০ বাজিছে। চাৰিওফালে অন্ধকাৰ । নিশাৰ আকাশ, তৰাৰে ভৰপূৰ। ৰাস্তাটোৰ দুয়ো পাৰে ধাননি পথাৰ ,ৰাতিৰ মায়াময় পৰিবেশ..!! ডাক্তৰ মাধবীয়ে তৎপৰতাৰে গাড়ী খনৰ পৰা উলায়েই ৰাস্তাৰ মাজত থকা সৰু জীৱ টোলৈ মবাইলৰ টৰ্চৰ পোহৰ পেলালে......
এটি আঘাত প্ৰাপ্ত ডাঙৰ চুক ভেকুলী .....! হয়তো মটৰ চাইকেল খন তাৰ গাৰ ওপৰেৰে ... , নহয় , নহয় ,গাত সামান্য খুন্দিয়াই পাৰ হৈ গৈছে । চুক ভেকুলী টোৱে ধৰফৰাই আছে .....।আলফুলকৈ ডাক্তৰ মাধৱীয়ে চুকভেকুলী টোক দুহাতেৰে তুলি ললে আৰু খৰকৈ আহি নিজৰ গাড়ীৰ ড্ৰাইভিং চিতত বহিলহি । এইবাৰ মাধৱীয়ে তাইৰ মেডিকেল কিট বেগ....টোৰ পৰা এখন ষ্টিল ৰ প্লেট আৰু এটা ঔষধৰ বটল উলিয়াই আনিলে। মাধবীয়ে ভেকুলী টোলৈ চালে , ....ভেকুলী টোৰ যন্ত্ৰণাকাতৰ অবস্থা টো দেখি ডা' মাধবীয়ে আৰু সহিব নোৱাৰিলে। প্লেটখনত ভেকুলী টো শুৱাই এক সু নিৰ্দিষ্ট পৰিমাণৰ এনাস্থেচিয়াৰ টোপাল বাকি দিলে । ভেকুলী টো শান্ত হৈ পৰিল ।...ডা' মাধবীয়ে প্ৰায় তীব্ৰ গতিৰে দীঘলীয়া পকি ৰাস্তা টোৰে আগবাঢ়িল । প্ৰায় জঙঘল ময় পৰিবেশ ৰ মাজে মাজে ৰাতিৰ আন্ধাৰ ফালি ডা'মাধবী আগবাঢ়িল, নিজৰ বাসভৱন অভিমুখে ..।মাধবীৰ হৃদয় খন আহত হৈছে। আঘাতপ্ৰাপ্ত ভেকুলী টোৰ যন্ত্ৰণা বিলাকে যেন ডা' মাধবীৰ হদয় থকা সৰকা কৰি পেলাইছে ।মাধবীৰ হদয়ৰ কান্দোন গৰম লোতক
হৈ দুচকুৰে বাগৰিছে....কিন্তু কিয় ?কিয় আজি এটি ভেকুলীৰ কাৰণে ড: মাধবী এনে ধৰণে ভাঙি পৰিছে ..?
.কিয় ?...
ডা'কৃষ্ণা মাধবী ৰাজ্য খনৰে এগৰাকী খ্যাতনামা সু চিকিৎসক। এগৰাকী অভিজ্ঞ সু শৈল চিকিৎসক হিচাবে দেশে বিদেশে বহুত জটিল অষ্টোপচাৰত ভাগ লৈ সফলতাৰে সম্পন্ন কৰিছে। ক'তা তেওঁটো কাহানিও কন্দা নাই । কিন্তু হঠাতে আজি তেওঁ ৰ কি হ'ল ...!!!
ডা' মাধবীৰ দুচকুত ৰূপালী পৰ্দাৰ দৃশ্য ৰাজিৰ দৰে ভাহি উঠিছে সেই তাহানিৰ দিনবোৰ...!!/p>
আজিৰ পৰা প্ৰায় ১৫ বছৰৰ আগৰ তাইৰ কলেজীয়া জীৱনৰ স্মৃতি....!!! হয় আজিও সজীৱ হৈ আছে সেইদিনবোৰ .!!
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান অৰ্জন কৰি তাই
নিজৰ গাঁৱৰে উচ্চতৰ মাধ্যমিক ইংৰাজী বিদ্যালয় ৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিল। সকলোৱে নগৰৰ মহাবিদ্যালয়ত পঢ়িবলৈ যোৱাৰ কথা কৈছিল যদিও তাই নিজেই নিজৰ গাঁৱৰ ভিতৰতে পঢ়াৰ সিদ্ধান্ত 'লৈছিল। তাইৰ এই সিদ্ধান্তত গাৱৰ ৰাইজে আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে হিয়া উজাৰি আশীৰ্বাদ দিছিল। আনকি সেইবাৰ তাহাতৰ স্কুলত আন আন গাঁৱৰ আনকি নগৰৰ পৰাও কেইবাজনো ছাত্ৰ ছাত্ৰী য়ে নাম ভৰ্তি কৰিছিল । সকলোৰে মৰম আৰু আদৰৰ মাজত তাই নতুন উৎসাহ আৰু উদ্যমেৰে পঢ়া শুনা ৰ মাজতে নিজকে বিলীন কৰি দিছিল। যৌৱনৰ ঢ়ৌ খেলোৱা দিনবোৰে তাইক আমনি কৰিছিলহি। তাইৰ সমনীয়া ল'ৰা বোৰৰ নতুন নতুন প্ৰস্তাৱ আহিছিল তাইলৈ । যৌৱনৰ কি যে শিহৰণময় অনুভৱ ...!!গোটেই আকাশ খনকেই যেন তাই সাৱতি ল'ব..!! ।কিমান প্ৰেম ,কিমান ভাল পোৱা যে তাইৰ হৃদয়ত ঠাহ খাই আছে...? তাই চাৰিও ফালে কেৱল সুখ আৰু আনন্দেৰে পৰিপূৰ্ণ নানাৰঙী পখিলা বোৰ নীল আকাশত উৰি থকা দেখিছিল...!!!
যৌৱনৰ উশাহ বন্ধ হৈ যাব খোজা মাদকতাভৰা আনন্দৰ শিহৰণময় অনুভুতি বোৰকো তাই খুউব মৰমেৰে বুজাই বঢ়াই জীৱনৰ লক্ষ্যৰ দিশত বোৱাই নিছিল । তাই বাৰে বাৰে স্মৰণ কৰিছিল যে ,গাওখনে , স্কুলখনে , অঞ্চলটোৱে তাইৰ পৰা বহুত কিবা কিবি আশা কৰে ।সেয়ে এগৰাকী চিকিৎসক হৈ মানুহৰ সেৱা কৰাৰ লক্ষ্যলৈ মাধবী একান্ত মনেৰে পঢ়া শুনা ত নিজকে সপি দিছিল।/p>
যদিও তাইৰ কাৰণে প্ৰত্যেক টো বিষয়েই প্ৰিয় আছিল, তথাপিও জীৱবিজ্ঞান বিষয়টো তাই বেছি ভাল পাইছিল । কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা টো ঘটিছিল সেইদিনা... যিদিনা খন তাইৰ প্ৰথম জীৱ বিজ্ঞানৰ ৰ ব্যবহাৰিক কক্ষত( practrical lab) ত সোমাইছিল। আগদিনা খনেই সিহতে সুচনা পাইছিল , ব্যবহাৰিক শ্ৰেণী ৰ (Zoology Practrical Class.. ) আৰম্ভ হোৱাৰ বিষয়ে।গোটেই শ্ৰেণী ৰ ২৫ জনীয়া ছাত্ৰ ছাত্ৰীৰ ৰ দল টোৰেই কৌতুহল ৰ সীমা নাছিল ..!!
সকলোৱে সেইদিনা পুৱা ৮:৩০ বজাতেই কক্ষত আগত ভিৰ কৰিছিল। প্ৰায় থিক সময়তেই কৈলাশ চাৰ আহিছিল আৰু তেওঁৰ পিছে হাতত কেইখনমান এলুমিনিয়াম ৰ ডাঙৰ ট্ৰে লৈ গুন কাই সোমাই আহিছিল। ভেকেতা ভেকেত গোন্ধ এটা সকলোৰে নাকত লাগিছিলহি । কাৰোবাৰ কাৰোবাৰ বমি আহিব খুজিছিল ।গুন কাই য়ে সকলোৰে সন্মুখত এখন এখন ত্ৰে ত এটা এটা কৈ চুক ভেকুলী সজাই দিছিল। ভেকুলী টো শুৱাই থোৱা ট্ৰে খনৰ ভিতৰটোত মমৰ আৱৰণ এটা দিয়া আছিল। ভেকুলীটো ওলোটাই ভৰি হাতত চাৰি ফালে চাৰিটা আল পিন মাৰি শুৱাই থোৱা আছিল। আমনি দায়ক গোন্ধ টোৰ সৈতে তেনেকুৱা এখন ট্ৰে আগত লৈ কৈলাশ চাৰে কেনেকৈ অষ্টোপচাৰ কৰিব লাগে কথাবোৰ পৰিস্কাৰ কৈ বুজাই দিছিল । সেইদিনা কেছি ব্লেড আৰু অন্যান্য সজুলিৰে চাৰে ভেকুলী টো ফালি চিৰি শেষ কৰিছিল।
সেই আমনি দায়ক গোন্ধ টো যেএনাষ্ঠেথিয়া, এক চেতনা নাশক ঔষধ আছিল সেইয়াও মাধবীয়ে প্ৰথম বাৰ জানিছল। আৰু জানিছিল ,সেই কাৰণেই ভেকুলী বিলাকে জীয়াই জীয়াই কাটি ,ফালি চিৰি পেলাওতেও দুখ অনুভৱ কৰিব পৰা নাছিল।....
মাধবীৰ কাৰণে কৈলাশ চাৰ ৰ প্ৰায় ১ ১/২ ঘন্টাৰ শ্ৰেণীটো অতি যন্ত্ৰণাদায়ক আছিল। হৃদয় খন ধৰফৰাইছিল। সকলোৱে কৌতুহল আৰু আনন্দ ৰে অংশ গ্ৰহণ কৰিছিল। কিন্তু মাধবীয়ে মুৰ ঘুৰাইছে বুলি শ্ৰেণীত অংশ গ্ৰহণ কৰা নাছিল। দিনৰ বাকী বোৰ শ্ৰেণী নকৰাকৈয়ে মাধবী ঘৰলৈ ৰাওনা হৈছিল সেইদিনা। চাইকেল খন লৈ ঘৰলৈ অহা প্ৰায় ৪৫ মি. ৰাস্তা তাই মনে মনে কান্দি কান্দি আহিছিল ।তাইৰ চিকিৎসক হোৱাৰ সপোন ঘৃণাৰে ভৰি পৰিছিল ...!!! কেৱল এজন চিকিৎসক হ'বৰ কাৰণেই তাই ইমান নিৰপৰাধী ভেকুলীবোৰক হত্যা কৰিব নোৱাৰে ।দৰকাৰ হ'লে তাইৰ অন্তৰৰ এই সপোন টোকেই বাদ দি দিব । ৩ দিন তাই ঘৰতেই সোমাই থাকিল । বহুত ভাবিলে । চিন্তা কৰিলে।এই গাওঁ খনৰ কাৰণে তথা অঞ্চলটোৰ কাৰণে তাইৰ এগৰাকী চিকিৎসক হোৱাৰ কিমান প্ৰয়োজন আছে। তাই জানে ,তাই অন্তৰেৰে অনুভৱ কৰে ,যে তাই কেৱল নিজৰ কাৰণেই সপোন দেখা নাই ।সেই সপোন দেখিছে গাওৰ পিছ পৰা অঞ্চলৰ সাধাৰন সহজ সৰল মানুহ খিনিৰ দুখ দুৰ্দশা নিবাৰণৰ কাৰণে ।
মাধবীয়ে দেখিছে , গাঁৱত কিমান ডা'ৰৰ অভাৱ।কেনেকৈ চিকিৎসা এক পবিত্ৰ সেৱা বৃত্তি ৰ পৰা ক্ৰমাৎ ব্যৱসায়লৈ ৰূপান্তৰ হ'বলৈ আৰম্ভ কৰিছে ।এই সকলোবোৰ প্ৰত্যাহ্বান ৰ সন্মুখীন হৈ সোতৰ বিপৰীতে যাত্ৰা কৰাটো কিমান কঠিন হ'ব পাৰে সেই গোতেই কথাবোৰেই অন্তৰাত্মা ৰ পৰা ভাবিছে।
৩ দিনৰ চিন্তন মন্থনৰ শেষত মাধবীয়ে সিদ্ধান্ত ল'লে। । তাই গা পা ধুই গোসাই ঘৰত সোমাল ।ভগৱানৰ ওচৰত অন্তৰেৰে প্ৰাৰ্থনা জনালে। হৃদয়ৰ কথা বিলাক জনালে । প্ৰাণী বিজ্ঞানৰ ব্যবহাৰিক কক্ষৰ কথা বিলাকক মনত পেলালে ।( Assamese Storyboard )
তাইৰ হুক হুকাই কান্দি দিবৰ মন গ'ল । সমাজত এজন ডা' জন্ম দিবৰ কাৰণে যে তোমালোকে কেনেকৈ এটা এটা জীৱন পৰীক্ষাগাৰত নিৰবে নিমাতে শোধাই আহিছা । তোমালোকক মোৰ হৃদয়েৰে শত কৌতি প্ৰণাম জনাও । মোক আশীৰ্বাদ কৰা
ময়ো সকলোৰে কাৰণে সেৱাৰ কথা ভাবি এগৰাকী চিকিৎসক হোৱাৰ কথাই থিৰাং কৰিলোঁ।
জীৱনত যদি কেতিয়াবা মোৰ এই কথা বিলাক পাহৰি যাওঁ,মোৰ গাঁৱ খনক ,মোৰ গাৱৰ সহজ সৰল মানুহ খিনিক পাহৰি যাওঁ তোমালোকে মোক ক্ষমা নকৰিবা।মোক সদায় সথিক পথেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰা। ভেকুলী খিনিক মনেৰে কথা বিলাক কৈ গোটাই ঘৰৰ পৰা ওলাই আহোতে সন্ধিয়া লাগিছিল। কাষৰে কাৰোবাৰ কাৰোবাৰ ঘৰৰ পৰা বৰগীতৰ সুৰ ৰিণিকি ৰিণিকি তাইৰ কানত পৰিছিল....
নাৰায়ণ কাহে ভকতি কৰো তেৰা....
.....
ঈশ স্বৰূপে হৰি সবঘটে বৈঠহ
যৈচন গগন বিয়াপি ...
মাধবীয়ে সেইদিনা অনুভৱ কৰিছিল গুৰু জনাৰ বৰগীত টিয়েও ভেকুলী বিলাকৰ কথাই কৈছিল।
ইয়াৰ পিছত আৰু মাধবী থমকি ৰোৱা নাছিল।তাই মন লগাই পঢ়িছিল। খুউৱ ভালকৈ পঢ়িছিল। পৰীক্ষা গাৰত ভেকুলী,পইতাচোৰাৰ অষ্টোপচাৰো কৰিছিল। সদায যন্ত্ৰণা অনুভৱ কৰিছিল । কিন্তু মনতে জগতক সময়ত বহু ত কিবা কিবি ঘুৰাই দি প্ৰয়াচিত্ত কৰাৰ সংকল্প কৰিছিল।
এটা সময়ত মাধৱীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত ২ য় স্থান অৰ্জন কৰি গোতেই গাঁৱ তথা অঞ্চলটোলৈকে গৌৰৱ কঢ়িয়াই আনিছিল। গাঁৱৰ ৰাইজ আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে আশীৰ্বাদ দিছিল। সকলোৰে আশীৰ্বাদ আৰু নিজৰ একান্ত অধ্যয়ননেৰে চিকিৎসা বিজ্ঞানৰ কঠিন পৰীক্ষাটো সু নাম অৰ্জন কৰি অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ বাবে নাম ভৰ্তি হৈছিল ।
আজি ডা'কৃষ্ণা মাধবী এগৰাকী সু যোগ্য চিকিৎসক হিচাবে সকলোৰে অন্তৰ জয় কৰিছে । অন্তৰত জীপাল কৰি ৰাখিছে তাইৰ সপোনবোৰ ।সোতৰ বিপৰীতে ও সাহসেৰে সাতুৰিবলৈ শিকিছে । একুৰি সাত বছৰীয়া জীৱন টোত তাই বহুত আদৰ, সফলতা, আৰু মান সন্মান পাইছে কিন্তু আজিৰ তাইৰ পৰিপক্ক মনটোৱে ভাবে , সেইবোৰেই তাইৰ জীৱনৰ সকলো নহয়। জীৱন টোত যেন আৰু বহুত কিবা কৰিব লগা আছে ..!!
তাই তাইৰ হৃদয় খন এবাৰ মনৰে স্পৰ্শ কৰি চালে...!! ঠিকেই আছেনে তাইৰ হৃদয় খন । আগৰ দৰেই আছেনে তাই ? সেই সংবেদন শীলতা...!! সেই সহজ সৰল মনটো..!! সেই সকলোৰে প্ৰতি থকা আপোন আপোন ভাৱ ...!!...
ড' মাধবীৰ নাকত এনাসথেছিয়াৰ গোন্ধ টো লাগিলহি ।মাধবীয়ে যেন সম্বিত ঘুৰাই পালে । যোৱা প্ৰায় ডেৰ ঘন্টা সময় তাহানিৰ দিনবোৰ ৰ কথা মনত পেলাই পেলাই আহি থাকোতেই কেতিয়ানো তাই প্ৰায় ৭০ কি.মি. ৰাস্তা অতিক্ৰম কৰি গাৱৰ ঘৰ খন পালেহি গমেই নাপালে ।
ৰাস্তাৰ নঙলা মুখতে তাই গাড়ী খনৰ ক্ষন্তেক ৰখাই আলফুলে ভেকুলী টোৰ ফালে চালে । অন্তৰৰ মৰম বোৰ , শ্ৰদ্ধা ভক্তি বোৰ যেন
তাই ভেকুলী টোৰ মাজত ঢ়ালি দিব...!! ভেকুলী টো জীয়াই আছে । তাইৰ ডাক্তৰী জীৱনৰ অভিজ্ঞতাই কয় , ভেকুলী টো জীয়াই থাকিব ।তাই ভেকুলী টোক জীয়াই তুলিব । জীয়াই তুলিব হৃদয় ৰ সেই স্কুলৰ দিনৰ সংবেদনশীলতা বোৰ...!! সদায় জীয়াই ৰাখিব হৃদয় খন সজীব কৈ ...আনৰ সুখ দুখ অনুভৱ কৰিব পৰাকৈ ...!!
ডা' কৃষ্ণা মাধবীয়ে দীঘল কৈ উশাহ ল'লে । অন্তৰ খন তাইৰ পাতল পাতল লাগিল।...এক প্ৰসন্নতাই তাইৰ হৃদয় খন জোঁকাৰি গ'ল ।তাই ভেকুলী টোলৈ চালে । সি লাহে লাহে গাটো জোকাৰিছে ।অলপ মান তাৰ গাটো ভাল হৈ আহিছে । অকনমান টনটনীয়া দেখা গৈছে তাক ।অন্তৰ খনত কিবা আনন্দ আৰু যন্ত্ৰণা ৰ মিশ্ৰিত অনুভূতি ..!! ভেকুলী টোৱে তাইক বিজয়ী হোৱাৰ সংকেত দিছে...!!! এই বিজয় তাইৰ নিজা মনটোৰ ।
এই যান্ত্ৰিক জীৱনৰ মাজতো
নিজা মনটোক , সছা অন্তৰ খনক , সতঃ স্ফুৰ্ত, স্বাভাবিক সৰল সহজ অনুভুতি বোৰক হৃদয় খনত ধাৰণ কৰি লৈ যোৱাৰ যি সংগ্ৰাম সেই সংগ্ৰাম খনত তাইৰ বিজয়ৰ সংকেত দিছে ভেকুলী টোৱে ।
তাই কৃতজ্ঞ হ'ল ভেকুলীটোৰ প্ৰতি । অন্তৰেৰে তাই তাক প্ৰণাম জনালে । আৰু প্ৰণাম জনালে সেই নেদেখা জনক ...যি জন সৃষ্টিৰ কণে কণে বিদ্যমান,যাক সৰুৰে পৰাই ভগৱান হিচাবে তাই প্ৰাৰ্থনা কৰি আহিছে ।তাইৰ মনত পৰিল সেই তাহানিতে সন্ধিয়া গোটাই ঘৰত সোমোৱা সেই বিশেষ দিনটোৰ কথা । তাই প্ৰাৰ্থনা কৰিলে, তাইৰ অনাগত দিনবোৰো যেন এনেদৰে ই আগবঢ়াই লৈ যাব পাৰে । তাইৰ দুচকুত ভাহি উঠিছে তাইৰ সপোনটোৰ কথা ...!!
সমাজৰ মঙ্গলৰ অৰ্থে উৎসগিত কৰিম বুলি সংকল্প কৰা চিকিৎসালয় খনৰ কথা । য'ত প্ৰকৃতি ৰ নিৰিবিলি পৰিবেশত , স্নেহ আৰু আত্মিয়তাৰে আৰোগ্যতাৰ নিদান দিয়া হ'ব । ভাৰতীয় সংস্কৃতিৰ আধ্যাত্মিক সাধনা অাৰু সংগীত ৰ অনুপম সুৰত প্ৰাণ পায় উঠিব মানুহৰ অন্তৰাত্মাত নিহিত হৈ থকা শক্তি , সামৰ্থ্য আৰু নিজৰ প্ৰতি আৰু সেই অসীম অনন্ত পৰম শক্তিৰ প্ৰতি পৰম আস্থা আৰু অনুভূতি ..!!!ডা' কৃষ্ণা মাধবীৰ মন মস্তিষ্ক আৰু অন্তৰত বিজুলী গতিৰে কথা বিলাক তৰংগ ৰ দৰে প্ৰবাহিত হৈ গ'ল ।
ডা'মাধবীয়ে দীঘলীয়া পদুলিটোৰ নঙলা দাল খুলি গাড়ী খন ভিতৰলৈ সুমুৱাই নিলে। নঙলা দাল মাৰি তাই এইবাৰ আকৌ চালকৰ আসনত বহিলহি । গাড়ী ষ্টাৰ্ত দি তাই ঘৰলৈ ধীৰ গতিৰে ৰাওনা হ'ল । তাই মনতে অনুমান কৰিলে , মাক দেউতাক চাগৈ তাইলৈ বাট চাই আছে । মাকে হয়তো গাড়ীৰ হৰ্ণ শুনি ভিতৰৰ পৰা ওলাই আহিব আৰু ক'ব, "ইমান দেৰি কৰিলিনে ...? " তাই মনে ভাবি উত্তৰ এটা দিব । মাক হতে তাইক একো নকয় । জীৱন সংগ্ৰাম ৰ কঠিন পৰীক্ষাবোৰ ভালকৈ পাৰ হৈ যোৱা দেখিছে তাইক, তেওঁ লোকে। বিশ্বাস আছে তাইৰ ওপৰত । আজি সছাকৈয়ে তাইৰ পলম হৈছে।
তাই ভাবিছে, ভাত খাই থাকোতে হয়তো সদায় পতাৰ দৰেই তেওঁ লোকে তাইৰ বিবাহৰ কথা মনে মনে আলোচনা কৰিব । কথাবোৰ মনতে পাগুলী পাগুলী তাই ঘৰৰ বাৰাণ্ডা ত ভৰি দিলে । সছাকৈয়ে মাক ওলাই আহিল , আৰু সুধিলে ," ইমান দেৰি কৰিলিনে ?" ... মাকৰ অন্তৰ ৰ মৰমবোৰ যেন এই শব্দ তিনিটা তেই ভৰ কৰিলেহি । " হয় মা। আজি অলপ দেৰি হ'ল অ' ।" হাতত আলফুলে চুক ভেকুলী টোৰ ট্ৰে খন লৈ ডা' কৃষ্ণা মাধবী নিজৰ কোঠালৈ সোমাই গ'ল । ".......
ৰাতি ক্ৰমাৎ গভীৰ হৈ আহিছে । গাওঁ খন শান্ত আৰু নিজম হৈ পৰিছে । আম কঠাল আৰু বাহ গছ বোৰে যেন নিশাৰ নিহালি টানি জিৰণি লৈছে ।....
দুৰৈৰ সিখন গাঁৱৰ পৰা ভাওনাৰ, অ 'হৰি ... অ' জয় .. " হৰিধ্বনি আৰু খোল তাল আৰু দবা শংখৰ
শব্দ ৰিণিকি ৰিণিকি ভাহি আহিছে । হয় , ভাওনা আৰম্ভ হ'ব হে । সূত্ৰৰ প্ৰবেশৰ হৰিধ্বনি হৈছেহে ..।ডা'কৃষ্ণা মাধবীয়ে অনুমান কৰিলে ।
তাইৰ সন্মুখত ট্ৰে সহিত ভেকুলী টো । এই মাত্ৰ তাই তাক ঔষধেৰে পৰিচৰ্যা কৰি উঠিছেহে । " কৃষ্ণা...।ভাত খাই লহি দেই ।" মাকৰ মৰমীয়াল মাত সাৰিয়ে ডা'মাধবীৰ অন্তৰ খন কিবা এক অনাবিল আনন্দেৰে ভৰাই তুলিলে । তাইক যেন এটি সাৰ্থকতাৰ অনুভূতি য়ে হাত বাউল দি মাতিছে । যাত্ৰাৰ মাজেৰে আৰম্ভ কৰিছে তাই যাত্ৰা । এই যাত্ৰা সনাতন ...
এক সত্যৰ অনুভূতিৰ যাত্ৰা ...।।
কৃষ্ণা প্ৰিয়া ❤️
.... সমাপ্ত.....
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment