ৰাতিপুৱা দহ মান বজাত ৰিমঝিমৰ ফোনটো বাজি উঠিল। ফোনটো হাতত তুলি লৈ দেখে যে তাইৰ কলেজীয়া দিনৰ বান্ধৱী ৰীমাৰ ফোন।( Assamese Storyboard ) ৰিচিভ কৰিলে হেল্ল কলিজাজনী কেনেকুৱা তোৰ ভালনে? বিয়াৰ পিছৰ পৰা খবৰ- খাতিয়ে নাই কি হল মেডাম ইমান ব্যস্ত নে ধেমেলীয়া সুৰত ৰীমাই কলে।
উওৰত ৰিমঝিমে কলে নহয় অ বিয়া হৈ অহা দুসপ্তাহ হৈছেহে। নতুন ঘৰ তাতে, এওঁলোকৰ মিটিৰ -কুটুম ও বহুত ,সকলোবোৰৰ মাজত ব্যস্ত হৈ থাকোঁতে সময়ে নোপোৱা হৈছো অ। মালৈ অলপ সময় উলিয়াই কথা পতা হয় বাকী বেলেগৰ লগত কথা পাতিবলৈ সময়ে হোৱা নাই। ভয়ো লাগে অলপ নতুন পৰিৱেশ নতুন মানুহ সহজ হবলৈ অলপ সময় লাগিব।ভালপাই বিয়া হলেও মানুহজনৰ লগতে সম্পূৰ্ণৰূপে সহজকৈ থাকিব পাৰি এতিয়াটো মোৰ বাবে তেওঁ ও নতুন।
ৰীমাই কলে মই বুজিছু তোৰ কথা সকলো দায়িত্ব ধুনীয়াকৈ পালন কৰিবি সকলোকে মৰম সন্মান কৰিবি ,তোকো মৰম কৰিব তেওঁলোকে।ভগৱানে তোৰ মংগল কৰক।
ওম ৰীমা, মই সকলোবোৰ ভালকৈ কৰিম মিলাই ৰাখিম ঘৰখন।
আচ্ছা এনেই এইকেইদিনত শাহু আই আৰু তোৰ স্বামীক কেনেকুৱা পাইছ?
মই ভবাতকৈ তেওঁলোক বেছিয়ে ভাল বাৰু এতিয়ালৈকে বাকী লাহে লাহে গম পাম। হব দে ৰীমা মই তোক পিছত ফোন কৰিম বাহিৰত আলহী আহিছে মই মাত লগাই আহো।
হব দে ৰাখিছো।
এনেদৰে নতুন ঘৰখনত ৰিমঝিমৰ আজি এমাহ সম্পূৰ্ণ হল। সকলো ঠিকেই আছে স্বামী দিপে তাইক বহুত মৰম সন্মান কৰে । মৰমতে ৰিম বুলি মাতে। এদিন দিপে তাইক কলে শুনাচোন ৰিম আমাৰ বিয়া হোৱা এমাহ হল তুমি মোক এতিয়াও আপুনি বুলি কোৱা তুমি ক'বা মই কি ইমান বুঢ়া নেকি?ধেমেলীয়া সুৰত দিপে কৈ উঠিল ।ৰিমে লাজকুৰীয়া হাঁহি এটা মাৰি কলে হব বাৰু মই তুমি কবলৈ চেষ্টা কৰিম।
চেষ্টা নহয় দেই ৰিম কোৱা এতিয়াই কৈ চোৱা হাঁহি কলে।
তোমাক মই আগতেই লগ পাব লাগিছিল প্ৰপজ কৰি দিলো হয় ভালপাই বিয়া পাতিলো হয় তেতিয়াটো তুমিয়ে কলা হয় মোক কত যে লুকাই আছিলা মোৰ ৰিমঝিম বৰষুণ জনী এতিয়া ঘৰৰ পৰা চাই বিয়া পতাৰ কাৰণে আপুনি মানে? তপা আংকুল বনাই দিছা মোক ৰিম মৰমতে জোকাই দিছে ।
ৰিমেও নহহাকৈ থাকিব নোৱাৰিল সহজভাবে কৈ উঠিল বিবাহৰ পিছতো প্ৰেম হয় হব দিয়া মই তুমিয়ে কম।আৰু শুনা মই তোমাক বহুত ভাল পাওঁ সুখে দুখে তোমাৰ লগত থাকিম।কথাবোৰ শুনি দীপে ৰিমক সাবটি ললে আৰু কলে তোমাক পাই মই বহুত সুখী মোৰ ৰিমজনী।এনেদৰেই বুজাবুজিৰ মাজত চলিল দুয়োৰে জীৱন।
কিন্তু এটা কথাক লৈ ৰিমৰ বহুত ভয় লাগি থাকে তাই সাধাৰণ খাদ্য সামগ্ৰী বোৰ ৰন্ধাৰ বাহিৰে বাকী একো বনাব নাজানে।
এদিন পাকঘৰত শাহুৱেকৰ সৈতে কাম কৰি থাকোতে ৰিমে ভয়ে ভয়ে কলে মা আপোনাক এটা কথা কব লগা আছিল।
কোৱা ৰিম .......
ভয়ে ভয়ে কন্দনামোৱা হৈ কবলৈ লয় কিন্তু লাগি ধৰে ভয়ত। কি হল মাজনী কোৱা আকৌ ইমান অসহজ কিয় অনুভৱ কৰিছা।মই তোমাৰ শাহু মা নহয় নিজৰ মা বুলি ভাবা মোক ভয় কিয় কৰিছা মোৰলৈ।
শাহুৰ কথা শুনি ৰিমে সাহস পালে কবলৈ ধৰিলে মা মই ভালদৰে সকলোবোৰ ৰন্ধা-বঢ়া কৰিব নাজানোঁ। সপ্তম শ্ৰেণীৰ পৰাই ঘৰৰ পৰা আঁতৰত হোষ্টেলত থাকি পঢ়া-শুনা কৰিলো। স্নাতকোত্তৰ শেষ কৰি ঘৰত বেছিদিন থাকিব নাপালোয়ে দেখোন বিয়া হৈ গল।মোক চাব যাওতেও আপোনালোকে এইবোৰ নুসুধিল সেইহে কোৱা নহল।মোক খং নকৰিব মা।( Assamese Storyboard )
কি কৈছা তুমি এইবোৰ ঘৰত মাৰাই একো নিশিকালে মানে তোমাক।ৰিমে ভয়তে ৰঙা চিঙা পৰিল।
হাঁহি এটা মাৰি শাহুৱেকে কলে ধেই এইজনী ইমান ভয় মই ধেমালি কৰিছোঁ মাজনী।কিনো ডাঙৰ কথা মই আছো নহয় মইও মা মই শিকাই দিম তুমি শিকিলে হল ভয় খাব লগীয়া একো নাই।
আৰু শুনা মাজনী এই ওৰণি খন মোৰ ওচৰত নালাগে লব তুমি মোৰ ছোৱালীহে হয়।
তোমাৰ আগলৈ পঢ়াৰ নাইবা কিবা চাকৰি কৰাৰ ইচ্ছা থাকিলে কৰিব পাৰা মাজনী।আমাৰ আপত্তি নাই।বিবাহ মানে অকল সন্তান জন্ম দিয়া সেইটো নহয়।
মইও এজনী নাৰী এটা সময়ত সংসাৰৰ মায়া মোহত সোমাই নিজৰ সকলোবোৰ সপোন ত্যাগ কৰিছিলোঁ মই।দীপৰ দেউতাকৰ মৃত্যুৰ পিছত সংসাৰৰ সকলো দায়িত্ব মোৰ ওপৰত আহিছিল।শাহুআইৰ অত্যাচাৰবোৰ আছিলে।তোমাক এনেকুৱা নকৰো মাজনী।
হাঁহি এটা মাৰি শাহুৱেকে কলে ধেই এইজনী ইমান ভয় মই ধেমালি কৰিছোঁ মাজনী।কিনো ডাঙৰ কথা মই আছো নহয় মইও মা মই শিকাই দিম তুমি শিকিলে হল ভয় খাব লগীয়া একো নাই।
আৰু শুনা মাজনী এই ওৰণি খন মোৰ ওচৰত নালাগে লব তুমি মোৰ ছোৱালীহে হয়।
তোমাৰ আগলৈ পঢ়াৰ নাইবা কিবা চাকৰি কৰাৰ ইচ্ছা থাকিলে কৰিব পাৰা মাজনী।আমাৰ আপত্তি নাই।বিবাহ মানে অকল সন্তান জন্ম দিয়া সেইটো নহয়।
মইও এজনী নাৰী এটা সময়ত সংসাৰৰ মায়া মোহত সোমাই নিজৰ সকলোবোৰ সপোন ত্যাগ কৰিছিলোঁ মই।দীপৰ দেউতাকৰ মৃত্যুৰ পিছত সংসাৰৰ সকলো দায়িত্ব মোৰ ওপৰত আহিছিল।শাহুআইৰ অত্যাচাৰবোৰ আছিলে।তোমাক এনেকুৱা নকৰো মাজনী।
শাহুৰ কথা শুনি ৰিমে আনন্দতে চকুলো টুকি তেওঁক সাবটি ধৰিল।মা মই আপোনাক কেতিয়াও দুখ নিদিওঁ বহুত মৰম দিম আপোনাক মোৰ প্ৰতি থকা আপোনাৰ এই বিশ্বাস কেতিয়াও ভংগ হব নিদিওঁ।মোৰ সৌভাগ্য মা দিপৰ দৰে এজন স্বামী আৰু আপোনাৰ দৰে এগৰাকী মা পাইছো।নিশ্চয় এয়া মোৰ কোনো সু- কৰ্মৰ ফল।
হব এতিয়া আহা মাজনী ভাত খাও আমি।হাঁহি ধেমালিৰে এনেদৰেই সুখী পৰিয়ালটো চলি থাকিল।
পিছদিনা ৰিমৰ মাকে ফোন কৰোতে এই সকলোবোৰ কথা তাই মাকক কলে।মাকে কলে হয় মাজনী দেউতাৰ আৰু মই তোৰ বিয়া দিনাই গম পাইছিলো তেওঁলোক বহুত ভাল মানুহ।তোক কোৱাই নাই তোৰ বিদায় সময়ত তোক বোৱাৰী কৰি নিব আহিছে তেওঁ কিন্তু তোক কন্দা দেখি তেওঁও কান্দি পেলাইছিল।
ফোনটো থৈ ৰিমে ভাবিলে মই বহুত সুখী।বিয়াৰ আগতে ভয় কৰি এনেই কিছুমান ভুল ধাৰণা লৈ আছিলো।
প্ৰেম বিবাহ নহলেও মানুহৰ সুখৰ সংসাৰ হয়।বিছনাতে পৰি থকা দিপৰ ছাৰ্টটো সাবটি লাজলাজকৈ ৰোমান্টিক পৃথিবীত ডুব গল।
বি:দ্ৰ- সচাকৈ এনেকুৱা মিলা প্ৰীতি থাকিলে এখন ঘৰ শান্তি- সমৃদ্ধিৰে ভৰি পৰিব।
ছোৱালী বোৱাৰীৰ মাজত বিভেদ নকৰা মানুহ খুব কম আমাৰ সমাজত সেয়েহে কেতিয়াবা পৰিয়ালৰ মাজত বিভাজন আহে।
নাৰীয়ে নাৰীক বুজি পোৱাটো দৰকাৰ মাথো সকলোবোৰ ভালকৈয়ে চলি যাব।
জাহ্নবী কেওঁট।
(উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা জাহ্নবী কেওঁট ডাঙৰীয়াণীক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment