নিশাটোৰ ভিতৰতে খবৰটো বিয়পি পৰিল চৌদিশে..., খবৰটো শুনি মৃণালিনীৰ অন্তৰত শুই থকা প্ৰতিশোধৰ ধৈত্যটো যেন আকৌ সাৰ পাই উঠিল...( Assamese Storyboard ), কুনাল দুৱৰাক সমাজৰ চকুত হেয় কৰিবলৈ এটা সুযোগ পালে...., আদৰ্শৰ কথা কৈ থকা কুনালৰ জীয়েকে আদৰ্শ ভঙ্গ কৰিলে, দেউতাকৰ চকুত ধূলি দি ঘৰ এৰি পলায়ন কৰিলে.... হা:..., হা:..., প্ৰাণখুলি হাঁহিলে মৃণালিনীয়ে..., মাক ইমান আনন্দত থকা দেখা পাই নীহা অলপ আচৰিত হৈছিল...., সেয়ে হাঁহিৰ অৰ্থ বিচাৰি নীহা মাকৰ কাষ চাপি গৈছিল...., তোমাক বৰ স্ফূৰ্তিত থকা যেন লাগিছে যে মা..! কিবা ভাল খবৰ আছে নেকি...?
: ভাল খবৰ বুলিয়ে কব পাৰি , তোৰ খেলখনৰ পুতলাটো ঘৰ এৰি পলাই গৈছে...., আদৰ্শক লৈ গৌৰৱ কৰি থকা কুনাল দুৱৰাৰ আদৰ্শ আজি ধূলিছাত হৈ গল, আনন্দ কৰ মাজনী, আনন্দ কৰ.....!
: বন্ধ কৰা....! বন্ধ কৰা..., তোমাৰ এই আনন্দৰ উৎসৱ..., মই বৰ চিন্তাত আঁচো মা...! ঋত্বিকৰ ফোনটো অফ হৈ আছে, খেলখনৰ আৰম্ভণি ঠিকেই আছিল , আৰু সামৰণিত যদি এটা ভাল ৰিজাল্ট নাপাওঁ , তেন্তে মোৰ সকলো চেষ্টা, পৰিকল্পনা অথলে যাব....,
: নূপুৰ ঘৰ এৰি পলাই যোৱাৰ কথাটো ইমান সৰু কথা নহয়, সমাজৰ চকুত দুৱৰাক হেয় কৰিবলৈ এইটো মোৰ বাবে সোণালী সুযোগ, মই আজি মহিলা সমিতিৰ সদস্য কেইগৰাকীমান লগত লৈ আবেলি দুৱৰাৰ ঘৰলৈ যাম..., সমাজসেৱিকা হিচাপে মোৰ এটা দায়িত্ব আছে...,
: সেইটো অৱশ্যে হয়...! কিন্তু.....?
: কোনো কিন্তু নাই...., অন্ততঃ দুৱৰাৰ বিচাদগ্ৰস্থ মুখখন চাই আহিলে মই অলপ শান্তি পাম....,
: ঠিক আছে , পাৰিলে ময়ো ঋত্বিকৰ লগত যোগাযোগ কৰিব লাগিব , কিন্তু তাৰ ফোনটো অফ হৈ আছে সেয়ে বৰ সমস্যা হৈছে....
: তোৰ লগত নূপুৰৰ নাম্বাৰ নাই জানো...! তাইৰ লগত যোগাযোগ কৰি চা...
: অ'.....! সেই কথাটো বাৰু মই কিয় পাহৰি গৈছিলোঁ, thank you মা...! বিপদৰ সময়ত মোক সজ উপদেশ দিয়াৰ বাবে....,
: মাক যে....! সেয়ে সন্তানৰ বিপদত সজ বুদ্ধিৰ উদয় হয়.,
নীহা মাকৰ কাষৰ পৰা আতঁৰহৈ গৈ নূপুৰলৈ ফোন লগালে...., হেল্ল..! হেল্ল..! নূপুৰ..! কি খবৰ...,
: হেল্ল...! নীহা বা..., মোৰ ভালেই বৰ্তমান, তোমাৰ কোৱা...? বা তোমাক কথা এটা কবলৈকে আছে...
: কি কথা নূপুৰ..? কিবা সমস্যা হৈছে নেকি....?
: সমস্যা নহয় বা, ভাল খবৰ এটাহে আছে...., ঋত্বিক আৰু মই কামাখ্যা ধামত বিয়া হলোঁ কালি...., এতিয়া গুৱাহাটীতে আছোঁ.. মনৰ আনন্দতে নূপুৰে সকলো কথা নীহাক কৈ দিলে...
: কি কোৱা.....! ইমান ভাল খবৰটো মোক কিয় দিয়া নাছিলা...! ঋত্বিকৰ ফোনটো অফ হৈ আছে যে....,
: ঋত্বিকে চিমখন খুলি থৈছে...,
: কিয়...?
: লগৰবোৰে ফোন কৰি আমনি কৰি থাকে যে..., সেয়ে...,
: তুমি ঋত্বিকক ফোনটো অলপ দিব পাৰিবা নেকি...!
: সি শুই আছে , মই তোমালৈ ফোন কৰিবলৈ কম বাৰু...!
: গুৱাহাটী কত আচা এতিয়া...?
: চান্দমাৰী কলনীত , হোটেলতে আছোঁ ,
: হয়নেকি....! ঠিক আছে দিয়া, ঋত্বিকক মোলৈ ফোন কৰিবলৈ কবলৈ নাপাহৰিবা....
ঋত্বিকে শোৱাৰ পৰা উঠিয়ে নূপুৰক গালি পাৰিবলৈ ধৰিলে..... কাৰ লগত ইমান হাঁহি মাতি কথা পাতিলা...
: নীহা বাই ফোন কৰিছিল, আমাৰ বিয়াৰ কথাটো বাক কৈ দিলোঁ...,
: ক'ত কেনেকৈ আছোঁ একেবাৰে কৈ নিদিলা কিয়..?
: বায়ে ক'ত আছোঁ সুধিছিল , মই চান্দমাৰীতে আঁচো বুলি কৈ দিলোঁ...
: ৱাহ....! নূপুৰ তুমি এতিয়াও নীহাক চিনি নাপালা, সোনকালে কাপোৰ কেইটা বেগত ভৰোৱা , তুমি নীহাক যিমান বিশ্বাসত কথা কেইটা কলা , সেই বিশ্বাসৰ মূল্য তাই কেতিয়াও নাৰাখে, এতিয়া নীহাই নতুনকৈ ষড়যন্ত্ৰ কৰিব আৰু অতি কম সময়তে আমাক দোষী সাব্যস্ত কৰিব , তুমি কিয় পাহৰি গলা , মৃণালিনী মানে নীহাৰ মাক এগৰাকী সমাজসেৱিকা, তেওঁ বৰ হাত দীঘল মানুহ,
: ঋত্বিক তুমি মিছাকৈয়ে নীহা বাক সন্দেহ কৰিছা,
: তুমি কথাবোৰ হয়টো ভালকৈ নাজানা , নীহাই তোমাক শেষ কৰিবৰ বাবে মোক দুই লাখ টকাৰ উপহাৰ দিছিল,
: তুমি এইবোৰ কি কৈছাঁ ঋত্বিক...., কথাবোৰ বিশ্বাসেই কৰিব পৰা নাই...,
: তুমি বিশ্বাস নকৰিলেও যিটো সত্য সেইটোহে মই কৈছোঁ.....,
: তেন্তে নীহাই বৌৰ হাতত দিয়া ফটোখিনি মিছাও হব পাৰে..,
: হব পাৰে নহয়, সেইখিনি সম্পূৰ্ণ ৰূপে এডিত কৰা ফটো হয়...., মোৰ হাতত তাৰ প্ৰমাণ আছে, দাদা বৌৰ মাজত সন্দেহৰ বীজ ৰোপন কৰি সম্পৰ্কটো শেষ কৰি দিয়াই নীহাৰ প্ৰধান আৰু একমাত্ৰ উদ্দেশ্য, জাত্যাভিমান দেখুৱাই ৰক্তিমে নীহাক যি প্ৰতাৰণা কৰিছিল, সেই প্ৰতাৰণাৰ প্ৰতিশোধ লবৰ বাবেই নীহাই এই ষড়যন্ত্ৰ ৰচনা কৰিছে......., ( Assamese Storyboard )
: ঋত্বিক মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰে, যি নীহা দাদাৰ লগত ছাঁটোৰ দৰে লাগি আছিল, সেইজনী নীহাই কেনেকৈ দাদাক ধ্বংস কৰাৰ কথা চিন্তা কৰিব পাৰে....!
: সমাজত এনে কিছুমান মানুহ আছে যি সাপ হৈ খুতে আৰু বেজ হৈ জাৰে, নীহা তেনেকুৱাই তোমাৰ লগত মোক চিনাকি কৰাই দি , তোমাক মাৰিবলৈ মোক বুদ্ধি দিছিল, কিন্তু তোমাক মই শেষ কৰিব নোৱাৰিলোঁ , হৃদয়ৰ কোনোবাখিনিত যেন তোমালৈ মোৰ মৰম জাগিল , এতিয়া আমি ইয়াৰ পৰা বেলেগ কৰাবলৈ যাব লাগিব, যিহেতু তুমি নীহাক সকলো কৈ দিলা,
: তোমাক যে মই কি বুলি ধন্যবাদ দিম বুজিয়ে পোৱা নাই..., ধন্যবাদ দিবলৈ মোৰ ভাষা নাইকিয়া হৈ গৈছে ঋত্বিক...
: ধন্যবাদ পাছত দিলেও হব, দাদা বৌৰ সম্পৰ্কটো কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কিবা উপায় চিন্তা কৰা নূপুৰ....., নহলে সকলো শেষ হৈ যাব, আৰু শুনা তুমি ফোনটো কিছুদিন বন্ধ কৰি ৰাখিবা,
: ঠিক আছে ঋত্বিক , ফ্ৰেচ হৈ লোৱা, বেলি লহিয়াবৰে হল.....
সন্ধিয়া লগাৰ আগতেই ঋত্বিক আৰু নূপুৰে বয় বস্তু লৈ হোটেলৰ পৰা ওলাই গল শ্বিলঙলৈ বুলি..., পশ্চিমৰ আকাশত ৰাঙলী বেলিৰ হেঙুলীয়া কিৰণ..., মোহনীয় সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কুনাল দুৱৰা আগফালে ফুলনী খনতে বহি আছিল, গেটখন খুলি মৃণালিনী আৰু চাৰি গৰাকীমান মহিলা সোমাই আহিল, ....... নমস্কাৰ , মি: দুৱৰা...., ইতিকিং সূচক হাঁহি এটা মাৰি মৃণালিনীয়ে কলে..
: নমস্কাৰ চলিহানী... , আপোনালোক বহকচোন..., কুনালে সকলোকে বহিবলৈ দি নিজেও আৰামী চকীখনতে বহিল, ....... নিশ্চয় কিবা সকামত আহিছে আপোনালোক...?
: হয় , আপুনি ঠিকেই অনুমান কৰিছে, শুনিবলৈ পাইছোঁ কালি নূপুৰ ঘৰ এৰি কৰবালৈ গুচি গৈছে, গতিকে সমাজসেৱিকা হিচাপে আমাৰ এটা দায়িত্ব আছে..., এইটো টো বৰ সাধাৰণ কথা নহয় দুৱৰা..., একো কাৰণ নোহোৱাকৈ নূপুৰে কিয় ঘৰ এৰি গল....?
: নূপুৰে ঘৰ এৰি যোৱা নাই, তাই ঋত্বিকৰ লগত কামাখ্যাত বিয়া হবলৈ গৈছে , ময়ে তাইক পঠাই দিছোঁ......, নিজৰ সন্মান ৰক্ষা কৰিব বাবেই বৰ সুন্দৰকৈ মিছা মাতিলে দুৱৰাই...,
: সেইবোৰ বাৰু আমি বুজি পাইছোঁ , কিন্তু বাহিৰত বৰ বেয়াকৈ ওলাইছে কথাবোৰ, ইমান এজন আদৰ্শ ব্যক্তিৰ ছোৱালী হৈ নূপুৰে এই কামটো কৰিব নালাগিছিল , আপোনাৰ মান সন্মান সকলো শেষ কৰি পেলালে তাই , আপুনি নহলে এটা কাম কৰক , এই বিষয়টো মহিলা সমিতিক গতাই দিয়ক , আমি ঋত্বিকক বিচাৰি উলিয়াম , প্ৰয়োজন হলে প্ৰশাসনৰ সহায় লম ...
: ধন্যবাদ , মিছ চলিহা , আৰু কিবা কবলগীয়া আছে নেকি আপোনাৰ , নাই যদি আপোনালোক যাব পাৰে ...., অবাবত মোৰ সময়খিনি নষ্ট নকৰিব ............, প্লীজ...., হাতজোৰ কৰি ওলাই যাবলৈ অনুৰোধ কৰিলে কুনালে....,
: যাম.., কিন্তু মনত ৰাখিব মি: দুৱৰা , আজিৰ এই অপমানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম , মোৰেই ভুল ! বিপদৰ সময়ত সকলোৱে গা এৰা দিয়ে , কিন্তু মই সেইটো কৰিব নোৱাৰিলোঁ বাবেই আজি যোগ্য সন্মান পালো..., আহিছোঁ , চলিহানীক অপমান কৰি আপুনি ভাল কাম নকৰিলে....... খঙৰ ভমকত খৰখেদাকৈ ওলাই গৈছিল মৃণালিনী, তাইৰ অন্তৰত জ্বলি থকা প্ৰতিশোধৰ জুইকুৰা যেন দপদপকৈ জ্বলি উঠিল,
ঘৰ সোমায়ে নীহাৰ লগত কথাবোৰ আলোচনা কৰিলে , ........ নীহা তই মই ভবাৰ দৰে খেলখন ইমান সহজ হৈ থকা নাই, ঋত্বিকে তোক বৰ বেয়াকৈ ঠগিলে , তই এতিয়া কিবা উপায়েৰে শেষ কৰি দে , ধ্বংস কৰি পেলা নূপুৰৰ সকলো সপোন , যি ঋত্বিকে নূপুৰক শেষ কৰিম বুলি কৈছিল সেই ঋত্বিকেই নূপুৰক শিৰত সেন্দুৰ পিন্ধাই অৰ্দ্ধাঙ্গিনী কৰি ললে ,
: খবৰটো ময়ো পালো মা..! নূপুৰলৈ ফোন কৰিছিলোঁ , তাই মোক সকলো কলে , এতিয়া দুয়ো গুৱাহাটীতে আছে ,
: তেন্তে তই ঘৰত সোমাই কি কৰি আছ...? কালুলৈ ফোন কৰি ঋত্বিক আৰু নূপুৰৰ ফটো পঠাই দে whatsapp ত , তাৰ বাহিৰে আমাক আৰু কোনেও সহায় কৰিব নোৱাৰে , গুৱাহাটীৰ অলিয়ে গলিয়ে বিচাৰি উলিয়াব ঋত্বিকক , ঋত্বিকক শেষ কৰিব পাৰিলে খেলখনৰ মজাই বেলেগ হব , বেচেৰী নূপুৰ বগা সাঁজ পিন্ধি আকৌ ঘৰলৈ উভতি আহিব.... হা:......., হা:... মন প্ৰাণ খুলি হাঁহিলে দুয়োৱে , বহু সময় বন্ধ কোঠালিটোৰ ভিতৰত প্ৰতিধ্বনিত হৈ আছিল সেই বিকৃত হাঁহি....
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
( ক্ৰমশঃ )
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment