"দূৰ দিগন্তৰ শুকুলা মেঘে আজি মোক
আহি কাণে কাণে ক'লে,
সমীৰণৰ শিহৰণ ভাহি যাবা নেকি
স্বপ্নাতুৰ আলোকৰ দেশখনলৈ।।"
ডাঃ বৰুৱাই মানসীয়ে অকলে থকা কোঠাটোৰ নিস্তব্ধতা ভাঙি দুৱাৰখন খুলি ভিতৰলৈ সোমাই আহিল।( Assamese Storyboard )
: মানসী, গাটো এতিয়া কেনে পাইছা?
"ভাল লাগিল হয় এই শব্দকেইটাৰে গঠিত বাক্যটো শুনি যদি এই বাক্যটো মোৰ কোনোবা আপোন এজনে সুধিলে হয়। ভাল লাগিল হয় মোৰ মনটো আৰু কিছু পৰিমাণে দেহটো। কিন্তু মোৰ ভাল লাগিলেই জানো পৃথিৱীখন চলিব? নে মোৰ ভাল লাগিলে সকলোৰে সকলোবোৰ অভাৱ পূৰণ হৈ যাব? কাৰো একো নহয়। সকলো একেই থাকিব। একেই থাকিব পৃথিৱী, মানৱ কিম্বা মানৱৰূপী দানৱ।
এটা নিৰুত্তৰ প্ৰশ্নৰ সন্মুখত থিয় হৈ আছোঁ মই। উত্তৰ দিবলৈ অসক্ষম মই। অসক্ষম মোৰ জিভা, মোৰ মুখ। বৰ্তমানৰ ভাষাত "unactive" মই আৰু মোৰ দেহ আৰু মাত। যন্ত্ৰণাৰ অন্তিম সীমাত দিগন্ত প্ৰহৰী মই। চলনাৰ দাখনৰ প্ৰথম ঘাপতে শৰ্য্যাসাৰী মই। আৰু ঘাপটোৰ নাম হ'ল "প্ৰেম"।"
: মানসী?
কিয় মোক সকলোৱে ভাৱনাৰ নৈখনৰ পৰা তুলি আনে? কিয় মোক অলপ সময় ভালদৰে সাঁতুৰিবলৈ নিদিয়ে? কল্পনাৰ ভাৱনাৰ প্ৰশান্ত মহাসাগৰৰ আজি মই এজনী নিৰন্তৰহীন সাঁতুৰী হ'ব বিচাৰো। সাগৰখন মোৰ বাবে এতিয়া বহুত সৰু। সেইবাবে এতিয়া দুখৰ সাগৰ পাৰ হৈ মহাসাগৰ পালোঁ। মহাসাগৰৰ লৱণযুক্ত পানীত ময়ো লৱণীয় হ'ব খোজো। অসীম সীমান্তৰ অদূৰ ভৱিষ্যতৰ নাৱিক হ'ব বিচাৰো। কল্পনাতেই হওঁক কিবা এটাতো হ'ব খোজো।
: ভালেই খুৰা।
"ভাল" কোন ভাল? মই নে মানুহবোৰ? মিছাৰ আন্ধাৰত কথাটো সচাঁ প্ৰমাণ কৰিবলৈ মুখত হাঁহিৰ আবিৰ সানিছোঁ। সানিম আৰু সানিম আবিৰ সুখী হোৱাৰ আবিৰ। আৰু এদিন চিৰদিনৰ যুগ যুগান্তৰলৈ বিলীন হৈ যাম এই আবিৰৰ মিছা প্ৰলেপত।
: ঠিকে আছে তেন্তে। হাতখন এতিয়া কেনেকুৱা? মানে বিষটো অলপ কমিছেনে?
নালাগে দূৰ হ'ব এই বিষ মোৰ পৰা। থাকক মোৰ লগতে মোৰ লগৰী হৈ। উপভোগ কৰক মোৰ জীৱন নাট। যৱনিকা পেলাই এদিন মোকো লৈ যাওঁক তাৰ স'তে।
: কমিছে, তথাপিও অলপ আছেই।
: একো নহয় । চিন্তা নকৰিবা। অলপ বিষ হ'বই লাহে লাহে সকলো ঠিক হৈ যাব। ভাগ্য ভাল তোমাৰ নাৰ্ভত বেছি নাকাটিলে।
সকলো ঠিক হৈ যাব। কিন্তু মোৰ জীৱনটো কেতিয়া ঠিক হ'ব? হয়তো কেতিয়াও নহয়। সীমাহীন দুখৰ মাজত নাই সুখ অহাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰমাণু। "ভাগ্য ভাল" আৰু মোৰ যদি এইখন ভাগ্য ভাল হয় তেন্তে মই অলপ স্বাৰ্থপৰ হৈ ভগৱানক ক'ম যাতে এনেকুৱা ভাগ্য কাৰোৰে নহওঁক।
: মানসী...............!
: কিবা ক'ব খুড়া?
: চোৱা মানসী মই তোমাক সদায় মোৰ নিজৰ ছোৱালী বুলি ভাবি আহিছোঁ বা এতিয়াও ভাবো।
: মই জানো খুড়া।
: ভাল কথা। কিন্তু তুমি এইটো ভাল কাম নকৰিলা মানসী।
অহ বুজিলো খুড়াই মোক বুজনিৰ অমৃত দিবলৈ আহিছে। তেওঁ মাক-দেউতাৰ দৰে ভাবিছে বা গম পাইছে চাগে মই আত্মহত্যা কৰিবলৈ চেষ্টা কৰাৰ মিছা অপবাদটোৰ কথা। কিন্তু মই এতিয়া কাক কওঁ? কোনে মোক বিশ্বাস কৰিব যে মই এই ঘৃণনীয় কাম নাই কৰা।( Assamese Storyboard )
: চোৱা মানসী। সমস্যা সকলোৰে জীৱনলৈ আহে বা সকলোৰে জীৱনত থাকে। সেইবুলি সকলোৱে জানো নিজৰ জীৱন শেষ কৰি দিছে। অ' অৱশ্যে কিছুমান এনে মানুহ আছে যিয়ে এনেকুৱা কামবিলাক কৰে। কিন্তু মৃত্যুয়েই জানো সমস্যাৰ সমাধান। সমস্যাৰ পৰা পলালেই সমস্যাৰ সমাধান নহয়। তোমাৰ জীৱনত যি সমস্যা আছে সেইয়া তুমি ৰক্তিম বা তোমাৰ পৰিয়ালৰ লগত আলোচনা কৰা। প্ৰতিটো সমস্যাৰে সমাধান আছে মানসী। তোমাৰ সমস্যাটোৰো নিশ্চয় কিবা নহয় কিবা সমাধান আছেই সেইটোক বিচাৰি উলিওৱা আৰু সমস্যাটো সমাধান কৰা।
:
: Practical হোৱা মানসী। আজিৰ যুগত বেছি ভাল বা বেছি চিধা-চিধা হৈ লাভ নাই, বদমাছবোৰে আসৈ পায়। তুমি সাহসী লগতে শিক্ষিতা ছোৱালী। এনেকৈ দুৰ্বল হ'লে কেনেকৈ হ'ব, সবলীবোৰে সাহস পাব।
: মোৰ যিখিনি ক'ব লগা আছিল নিজৰ ছোৱালী বুলি ভাবি ক'লো তোমাক। বাকী তোমাৰ কথা। সমস্যাবোৰ আঁতৰ অৰি পেলোওৱা জীৱনৰ পৰা দেখিবা জীবনটো সুন্দৰ হৈ পৰিছে। আৰু এটা কথা মানসী আজিৰ পৰা আৰু দ্বিতীয় বাৰ এনেকুৱা ধৰণৰ কাম নকৰিবা। বহুত পুণ্যৰ বলতহে হেনো মানৱৰূপে জনম পায়, গতিকে এই পুণ্য অথলে যাব নিদিবা। তুমি শোৱা এতিয়া মই আহিছোঁ।
গ'লগৈ খুড়া। ভূল বুজি গ'ল মোক। অলপ আগতে মা আৰু দেউতাই ভূল আৰু এতিয়া খুড়াই আৰু অলপ পিছত গোটেই সমাজখনে মোক ভূল বুজিব।
আকৌ কোঠাটোলৈ নিস্তব্ধতা ভৰাই লাহেকৈ দুৱাৰ খন খুলি ওলাই গ'ল ডাঃ বৰুৱা।
: অশেষ ধন্যবাদ জনাইছো আপোনাক বৰুৱা। দৰজাখনৰ সমুখতে ৰৈ থকা মানসীৰ বাপেকে ডাঃ বৰুৱাক ক'লে।
: মোক বাৰু ধন্যবাদ জনাব নালাগে বৰা। আপুনি মাত্ৰ এতিয়া আপোনাৰ ছোৱালীৰ খেয়াল ৰাখক।
: নিশ্চয়।
: আপোনালোক যাব, মই যাওঁ।
: ভাল বাৰু।
ডাঃ বৰুৱা যোৱাৰ পিছত মানসীৰ বাপেক ৰুমলৈ সোমাই আহিল। মাক ইমানসময়ে বাথৰুমতে আছে।
: দেউতা?
: কোৱা মুনু?
বাপেকে তাইৰ দুখৰ চন্দ্ৰ, সূৰ্য বহি থকা কপালখনত হাত ফূৰাই ক'লে।
"নিলীম নিলীম আজি আকাশৰ তৰা
মৃদু-মৃদু হেপাঁহৰ বতাহ।
ছতিয়নাৰ সুবাসে সুবাসিত
ভগ্ন হৃদয়ৰ নিমাত ব্যথা।।"
✍️✍️....................আগলৈ...........................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment