দুপৰীয়া সময়, ৰ'দজাক অলপ প্ৰখৰ হৈছে । নদীৰ পাৰত লঠঙা হৈ থকা পলাশ কেইজোপা ৰাঙলী হৈ পৰিছে । দূৰ দূৰণিৰ পৰা বতাহত ভাঁহি আহিছে । ৰাজীৱৰ কাষতে বহি আছে ভৈৰৱ । ডাক্তৰৰ লগত কথা পাতি আহি তৰাও বিচনাখনতে বহি দিলে । ( Assamese Storyboard )
: মা , ডাক্তৰে কি ক'লে....?
: ৰিপৰ্ট সকলো ঠিকেই আছে । অত্যাধিক চিন্তা কৰাৰ বাবেই এনে হোৱা বুলি কৈছে ।
: ইমানকৈ চিন্তা কৰিবলৈ ৰাজীৱৰনো কি সমস্যা হৈছে মা...?
: সেইবোৰ বহুত কথা ভৈৰৱ । ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা ৰাজীৱ সোনকালে সুস্থ হৈ উঠক ।
: ময়ো তাকেই বিচাৰিছোঁ মা....। ই এনেকৈ বিচনাত পৰি থাকিলে মই জানো শান্তিত থাকিব পাৰিম ।
: উম....! ৰাজীৱ শুই থাকোঁতেই তুমি কিবা এটা খাই আহাগৈ ভৈৰৱ ।
: মই অলপ পাছত খাম মা , আপুনি কিবা খালে জানো....!
: ঘৰতে ভাত এটেপা খাই আহিছোঁ । এতিয়া একো খাবলৈ মন যোৱা নাই । তুমিয়েই কিবা এটা খাই আহাকৈ ...। বেগটো খুঁচৰি এশ টকীয়া নোট এখন উলিয়াই ভৈৰৱৰ হাতত গুজি দিলে ।
: মা , মোৰ লগত পইচা আছে । এইটো থৈ দিয়ক । ভোক লাগিলে মই গৈ খামগৈ ।
: এইটো ৰাখি থোৱাচোন বাৰু...! জোৰকৈ ভৈৰৱৰ চোলাৰ জেপত এশ টকীয়া নোটখন সুমুৱাই দিলে ।
: মা....
: ন'ললে মই কিন্তু বহুত বেয়া পাম ভৈৰৱ ।
তৰাৰ কথা পেলাব নোৱাৰি এশ টকীয়া নোটখন পকেটত ভালকৈ ভৰাই ললে ভৈৰৱে । .....তুমি আছা যেতিয়া মই অকণমান বাহিৰৰ পৰা আহোঁ ।
: ঠিক আছে মা । কামকেইটা হ'লে আপুনি ঘৰলৈকে যাবগৈ । ৰাজীৱৰ লগত মই থাকিম ।
: ঘৰত চিন্তা নকৰিব জানো ভৈৰৱ...! দেউতা আহিব নহয় , দেউতা থাকিব । তুমি আৰু মই যামগৈ ।
: মই মালৈ ফোন কৰি জনাই দিম ।
: কিন্তু...! কলেজৰ কাপোৰ কেইটা সলাই অহা হ'লে ভাল আছিল নেকি...?
: একো নাই মা...! আপুনি চিন্তা কৰিব নালাগে ।
: ঠিক আছে । মই গৈ আহোঁ । সকলো কাগজ পত্ৰ ইয়াৰ গাৰুটোৰ তলতে আছে । নাৰ্চে বিচাৰিলে দি দিবা ।
কথাষাৰ কৈয়ে তৰা ওলাই গ'ল । ভৈৰৱেও ম'বাইলটো উলিয়াই গে'ম খেলাত ব্যস্ত হৈ পৰিল । ম'বালটোৰ লগত ব্যস্ত হৈ থাকোঁতেই সময়বোৰ যে কেনেকৈ পাৰ হৈ গ'ল ভৈৰৱে গমকে নাপালে । হঠাৎ ৰাজীৱৰ মাতষাৰ শুনি ম'বাইলটো বিচনাতে থৈ ৰাজীৱক লাহেকৈ বিচনাখনত বহুৱাই দিলে ।
: ভৈৰৱ দা , মা ক'ত গ'ল....?
: কিবা কামত মা ওলাই গৈছে । কিয়...? কিবা খাবা নেকি...?
: একো নাখাওঁ । অকণমান বাহিৰলৈ যাম বুলি ভাবিছিলোঁ ...!
: মই আছোঁ নহয় । ব'লা...! খোজকাঢ়ি যাব পাৰিবা নে নোৱাৰা...?
: পাৰিম .... বুলি লাহেকৈ কৈ বিচনাৰ পৰা ভৰিদুখন নমাই ঠিয় হ'বলৈ লওঁতেই ৰাজীৱৰ হাত এখন বাউসীত তুলি ললে ভৈৰৱে । ..... ভয় কৰিব নালাগে , হাতখনে মোক ভালকৈ ধৰি লোৱা । লাহেকৈ কলে ভৈৰৱে । এখোজ দোঁখোজ কৰি খোজ কঢ়াই ৰাজীৱক গেটৰ ওচৰলৈ লৈ গল ভৈৰৱে ।
: ভৈৰৱ দা , অকণমান ইয়াতে বহো নেকি...! তাত মেডিচিনৰ গোন্ধ পাই পাই অশান্তি লাগি গৈছেগৈ ।
: আহাঁ তেন্তে....!
শাৰী শাৰীকৈ পাৰি থোৱা চকী এখনত ৰাজীৱক লাহেকৈ বহুৱাই দিলে ভৈৰৱে ।
: ভৈৰৱ দা , মোৰ বাবে তোমাৰ কষ্ট হৈছে ন...!
: একো কষ্ট হোৱা নাই । সেইবোৰ কথা মনলৈ নানিবা । মিচিকিয়া হাঁহি এটা মাৰি কলে ভৈৰৱে ।
: তুমি কিবা খালা নে নাই....?
: খালোঁ । তুমি শুই থাকোঁতেই মা আৰু মই খাই আহিলোঁ । তোমাৰ কিবা খাবলৈ মন গৈছে নেকি....?
: একো খাবলৈ মন যোৱা নাই ....! মুখখন কিবা তিতা তিতা লাগি আছে ।
: জ্বৰ উঠি আছে যে , সেয়ে এনেকুৱা হৈছে । ব'লা ভিতৰলৈ যাওঁ । ইয়াত বৰ মহ ওলাইছে...।
লাহে লাহে পশ্চিমৰ আকাশত ৰাঙলী বেলি মাৰ গৈছিল । অস্তমিত সূৰুজৰ ৰাঙলী কিৰণ খিৰিকীৰে আহি ৰাজীৱৰ বিচনাত পৰিছিল । .....ভৈৰৱ দা , প্ৰসাৱ কৰিব লাগিছে । একেবাৰে আজৰি হৈ বিচনাত উঠোঁ নেকি....!
: ব'লা , একেবাৰে আজৰি হৈ লোৱা । ধৰি ধৰিয়েই ৰাজীৱক প্ৰসাৱগাৰটোৰ ওচৰলৈ লৈ গ'ল ভৈৰৱে । .... তুমি বাহিৰতে ৰোৱা ভৈৰৱ দা । মই পাৰিম
: ঠিক আছে । দুৱাৰ বন্ধ নকৰিবা ।
দুৱাৰখন বন্ধ নকৰাকৈয়ে প্ৰসাৱ কৰি বাহিৰলৈ ওলাই আহিল ৰাজীৱ । বিচনাখনত বহুৱাই ভৰি দুখন ভালকৈ কম্বল খনেৰে ঢাকি দিলে ভৈৰৱে । ভৈৰৱৰ মৰম আৰু দায়িত্ববোধ দেখি ভৈৰৱৰ প্ৰতি ৰাজীৱৰ অন্তৰত দুগুণে মৰম ভৰি পৰিল ।
: ভৈৰৱ দা কথা এটা কওঁ...?
: এটা কিয় হাজাৰটা কোৱা । মই শুনিবলৈ প্ৰস্তুত
: তুমি সচাঁকৈ বৰ মহান ভৈৰৱ দা । তোমাৰ এই মহানতা তোমাৰ সুন্দৰ মনটোৰ মাজেৰেই প্ৰকাশ পাইছে ।
: অলপ বেছি হ'ল নেকি...!
: মই যিটো অনুভৱ কৰিছোঁ , সেইটোহে কৈছোঁ ভৈৰৱ দা । মই নিজকে বৰ লাকী বুলি ভাবিছোঁ ।
: কিয়.....?
: তোমাৰ দৰে এজন মৰমিয়াল মানুহ পাইছোঁ । যি জন মানুহ বিপদৰ সময়ত মোৰ কাষত ছাঁটোৰ দৰে আছে । তুমি মোৰ বাবে সকলো ভৈৰৱ দা । ( Assamese Storyboard )
ৰাজীৱৰ কথা শুনি ৰাজীৱক লাহেকৈ সাৱটি ললে ভৈৰৱে । ....অ' কলিজা !
: ঘৰলৈ ফোন কৰিলা নে....!
: নাই কৰা । কৰিম পাছত..
: পাছত নহয়, এতিয়াই কৰা । মাৰ চিন্তা হ'ব নহলে ...
: ঠিক আছে । তুমি বহি থাকা , মই মাৰ লগত কথা পাতি আহোঁ ।। হাতত ফোনটো লৈ ভৈৰৱ ৰাজীৱৰ কাষৰ পৰা আতঁৰহৈ আহিল ।
মানুহ কেনেকৈ ইমান আপোন হ'ব পাৰে ....! কেনেকৈ আনৰ দুখত ইমান দুখী হ'ব পাৰে....? ভৈৰৱ দাৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই , তথাপিও ভৈৰৱ দাই কেনেকৈ মোক ইমান আপোন কৰি ল'ব পাৰিলে .....! যীশু দাৰ লগতটো মোৰ তেজৰ সম্পৰ্ক আছে । তথাপিও দাদাই মোক কিয় মৰম নকৰে....! দাদাই মোক নিজৰ বুলি নাভাবে নেকি...? যীশু দা আৰু ভৈৰৱ দাৰ মাজত দেখোঁন আকাশ পাতাল পাৰ্থক্য । কথাবোৰ ভাবি ভাবি উচুপি উঠিল ৰাজীৱ । গাৰুটোৰ কাষতে থকা গামোচাখনেৰে চকুৰপানীখিনি মোহাৰি চকুদুটা অকণমান জপাই দিলে । হাতত ব্ৰেড এটা লৈ তৰা সোমাই আহি ৰাজীৱৰ কাষতে বহি লাহেকৈ মাত লগালে ......সোণ , টোপনি ধৰিছে যদি ভালকৈ শুই দিয়া ।
: টোপনি ধৰা নাই । এনেই চকু দুটা জপাই থৈছোঁ ।
: ভৈৰৱ গ'লগৈ নেকি....?
: নাই যোৱা মা । ফোনত কথা পাতি আছে ।
: অ'....! তুমি কিবা এটা খাই লোৱানি সোণ । দেউতা আহি আছে । মই ঘৰলৈ যামগৈ ।
: চাহ আছে যদি একাপ দিয়াচোন.....! ৰঙা চাহ একাপ খাবলৈ বৰ মন গৈছে ।
: আছে সোণ । ব্ৰেডৰ সৈতে খাই লোৱা । মই বস্তুবোৰ লৈ যাম । ৰাতিপুৱা দুয়োটালৈকে কিবা এটা বনাই লৈ আহিম ।
বিচনাৰ কাষতে থকা সৰু টেবুলখনৰ পৰা ফ্লাক্সটো আনি কাপটোত চাহ একাপ বাকি ব্ৰেড তিনিপিছৰ সৈতে ৰাজীৱৰ হাতত দিলে । ....সোনকালে খাই লোৱা সোণ । আন্ধাৰ হ'ল । বেছি দেৰি হ'লে গাড়ীৰ বাবে অসুবিধা হ'ব ।
ৰাজীৱৰ সৈতে তৰাই কথা পাতি থাকোঁতেই ভৈৰৱ সোমাই আহিল ।
: মা, আপুনি নাযায় নেকি....? প্ৰশ্ন কৰিলে ভৈৰৱে
: যাম ...! যাম...! ভৈৰৱ । বস্তুবোৰ সামৰি লৈছোঁ । সোণৰ চাহ খাই হ'লেই মই যামগৈ ।
: আপুনি বস্তুবোৰ সামৰি লওঁক । মই থৈ আহিমগৈ...
: নালাগে ভৈৰৱ । তুমি ইয়াৰ কাষতে থাকা...। সোণ কাপটো দিয়া । ৰাজীৱৰ হাতৰ পৰা কাপটো লৈ ৱাছৰোমৰ ওচৰত থকা বেচিনটোত ধুই আনি টেবুলখনত কাপটো উবুৰিয়াই থৈ বেগটো হাতত লৈ কোবাকুবিকৈ তৰা ওলাই গ'ল । টেবুলত থকা সৰু ধূপৰ পেকেটটোৰ পৰা ধূপ এডাল উলিয়াই জ্বলাই লৈ খিৰিকীৰ চৌকাঠটোত গুজি দি বিচনাখনত উঠি অকণমান কাটি হ'বলৈ লওঁতেই হাতত বেগ এটা লৈ অৰ্জুন সোমাই আহিল । ....ভৈৰৱ , তুমি নগলা নেকি...?
: ৰাতিটো মই ইয়াৰ লগতে থাকিম দেউতা । মাক ফোন কৰি কৈ দিলোঁ ।
: অ' হয়নেকি...? কিন্তু ইয়াত থাকিলে তোমাৰ কষ্ট হ'ব নহয়...!
: একো নহয় দেউতা । ৰাজীৱৰ কাষতে শুই থাকিম ।
: হ'ব তেন্তে ...! কিবা খালা নে নাই দিনত...?
: খালোঁ দেউতা ।
: ৰুটি কেইখনমান বনাই আনিছোঁ । বাহিৰত হোটেল এখনতে বহি গৰম কিবা এটা লৈ খাই দিবা ব'লা ।
: ৰাজীৱলৈ খিচিৰি বনাই আনিছোঁ ।
: ভৈৰৱ দা , তুমি খাই লোৱাগৈ যোৱা । লাহেকৈ কলে ৰাজীৱে ।
বেগটোৰ পৰা ৰুটিৰ টিফিনটো উলিয়াই ভৈৰৱ আৰু অৰ্জুন গেটৰ বাহিৰলৈ ওলাই গ'ল । গেটৰ সন্মুখত থকা সৰু হোটেল এখনৰ পৰা গৰম গৰম ঘুগুনী দুবাটি আৰু অমলেট এটা লৈ টিফিনটো খুলি ভৈৰৱলৈ শুকান ৰুটি চাৰিখন আগবঢ়াই দিলে অৰ্জুনে । ....ভৈৰৱ , তুমি খাই বৈ লাহে লাহে আহিবা । ই অকলে আছে নহয় , মই গৈ থাকোঁ । তুমি বিল দিব নালাগে । মই দি দিলোঁ ।
: হ'ব দেউতা ।
কথাষাৰ কৈ অৰ্জুন হোটেলৰ পৰা ওলাই আহিল । ভৈৰৱেও আমন জীমনকৈ ৰুটিকেইখন খাই হোটেলখনৰ গাতে লাগি থকা দোকান খনৰ পৰা চিগাৰেট এটা লৈ দীঘলকৈ দুহোপামান মাৰি ধোঁৱা উৰুৱাই উৰুৱাই এখোজ দোঁখোজ কৈ হস্পিতালৰ চৌহদলৈ সোমাই আহিল । চিগাৰেটৰ টুকুৰাটো ৰাস্তাতে পেলাই ভৰিৰে মোহাৰি দীঘল চিৰিটোৱে এখোজ এখোজকৈ ওপৰলৈ উঠি গল ভৈৰৱ । ৰাজীৱৰ কাষলৈ যোৱাৰ আগতেই বেচিনত মুখখন ভালকৈ ধুই ৰুমালখনেৰে মুখখন মোহাৰি বিচনাত উঠিল ভৈৰৱ ।
: আহিলা ভৈৰৱ দা । এতিয়া তুমি অকণমান শুই লোৱা ।
: উম.., অকণমান শুম বুলি ভাবিছিলোঁৱেই...!
ৰাজীৱৰ কাষতে লাহেকৈ শুই দিলে ভৈৰৱ । শিতানত থকা খিৰিকীৰে সোমাই আহিছিল ফিৰফিৰিয়া বতাহ । সুশিতল বতাহজাকে যেন ভৈৰৱৰ দুচকুলৈ নমাই আনিছিল টোপনিৰ বান.... ।
ক্ৰমশঃ....
( Assamese Storyboard )
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment