উচুপি উচুপি এনিশাই নাৰ্চ এগৰাকীক সুধিলে -- মিচেছ ভৈৰৱীৰ আত্মীয় কোনো লোক আহিছিল নেকি ? ( Assamese Storyboard )
: নাই অহা আন কোনো আপোনাৰ বাহিৰে ।
তেনেকুৱাতে ডক্তৰ আহি ভৈৰৱীৰ পালচ পৰীক্ষা কৰিলে । ডক্তৰে সকলো পৰীক্ষা কৰি এনিশাৰ ফালে চাই কৈ উঠিল -- " তেখেতৰ ইন্টাৰনেল ব্লিডিং বেছি হোৱাত প্ৰেচাৰ ল' হৈ গ'ল ...চেষ্টা কৰিও এখেতক বচাব নোৱাৰিলো ।আপুনি আত্মীয় নেকি তেখেতৰ ? ফৰ্মেলিতিজ খিনি কমপ্লিট কৰি বডি লৈ যাব পাৰিব ।"
ভৈৰৱীৰ বিষয়ে তাই একো নাজানে ..তেনেস্থলত কৰিব কি ..কিবা এটা ভাবি এনিশা সমৰ থকা আই চি ইউ ৰ সমুখলৈ আহিল । উমাকান্ত আৰু সমৰহঁতক এদমিট কৰোৱা সেই লৰাজন বহি আছিল ।এনিশাৰ কোলাত সদ্যযাত এটি শিশুক দেখি আচৰিত হ'ল দুয়ো ।
: এনিশা বাইদেউ ! কেচুৱাটো ? -- ল'ৰাজনে সুধি পেলালে ।
: বৰ ডাঙৰ কথা হ'ল অনুজ ,ভৈৰৱী আৰু নাই ..কেচুৱাটো তাইৰে ।ভৈৰৱীৰ ঘৰৰ বিষয়ে কিবা জানা নেকি ? নাৰ্চে কোৱা মতে কোনো অহা নাই ভৈৰৱীক চাবলৈ । খবৰ এটা দিব লাগিছিল । বডিটোতো লৈ যাব লাগিব ইয়াৰ পৰা ।
: বাইদেউ , ভৈৰৱীৰ কোনো নাই ..এবছৰৰ আগে আগে দেউতাক ঢুকাল,মাকতো তাই সৰু থাকোতেই মৰিল ।
অনুজৰ কথাত এনিশা চিন্তিত হৈ পৰিল । সমৰকে চাব নে ..ভৈৰৱীৰ মৃতদেহৰ কথা ভাবিব । কি কৰে তাই এতিয়া ! ইতিমধ্যে সমৰৰ খবৰ লবলৈ অফিচৰ অান দুজনমান লোক পাইছেহি ।
এনিশাই অনুজলৈ চাই অনুনয়ৰ সুৰত কৈ উঠিল -- " প্লিজ মোক অলপ হেল্প কৰা!
: কওক বাইদেউ
কিবা এটা মনত পৰাৰ দৰে এনিশাই পাৰ্চটো খুলি কিবা এটা বিচাৰিবলৈ ধৰিলে । বিচৰা বস্তুতো হাত লগাত ভগৱানক ধন্যবাদ দিলে তাই ।: ৰক্ষা এ টি এম কাৰ্ডখন লগত আছিল ..নহ'লে ঘৰৰ পৰা ইমান লৰা-লৰিকৈ ওলাই,আহিলো পইচাৰ কথা ভাবিবলৈকে নহ'ল। অনুজ , ভৈৰৱীৰ মৃতদেহ মই লৈ যাম ..তুমি সমৰক চাব পাৰিবানে ? ভৈৰৱীৰ শেষকৃত্য কৰি মই আহি যাম ।"
: চিন্তা নকৰিব বাইদেউ ,,মই আছো । ( Assamese Storyboard )
: অশেষ ধন্যবাদ তোমাক। মই ডক্তৰৰ ওচৰৰ পৰা আহোঁ । এনিশাই কেচুৱাটি লৈয়ে ডক্তৰৰ ওচৰলৈ গ'ল । ডক্তৰে শিশুটিৰ কাৰনে প্ৰয়োজনীয় সামগ্ৰী অলপ লিখি দিলে । ডক্তৰৰ ৰূমৰ পৰা ওলাই আহোঁতেই ল'ৰা এটাই বিলখন দি থৈ গ'ল । বিলখন লৈ তাই এটি এম বিচাৰি বাহিৰলৈ গ'ল , হাতত অলপ টকা দৰকাৰ হ'ব তাইক ।
সকলো ফৰ্মেলিতিজ সম্পূৰ্ণ হোৱাত ভৈৰৱীৰ মৃতদেহ এম্বুলেঞ্চত উঠোৱা হ'ল ।কেচুৱাটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰী খিনি কিনি এনিশাই উমাকান্তৰ সৈতে গাড়ীত বহিলহি ।এনেকুৱা এটা পৰিস্থতিৰ সন্মুখীন হ'ব লাগিব বুলি ভবা নাছিল এনিশাই । কণমানিটোৰ ভাগ্যখন ! ওপজা দিনত আনন্দ।কৰিবলৈ আজি কোনোৱেই নাই কাষত । ভাবিলে এনিশাই ।
ঘৰৰ পদুলিত গাড়ী ৰখাই এনিশা সোমাই আহিল ,আগতিয়াকৈ সকলোখিনি নিৰ্মলাক জনাই থৈছিল এনিশাই ,সেয়হে কাম অলপ আগবঢ়াই থৈছিল শাহুৱেক নিৰ্মলাই । মৃতদেহ নমাই অনা হ'ল চোতাললৈ । আগৰে পৰা সাজু কৰি ৰখা ঢাৰিখনত শুৱাই দিয়া হ'ল ভৈৰৱীৰ মৃতদেহ । ওচৰ চুবুৰীয়াে উপস্থিত হৈছিলহি তেতিয়াই । এনিশাই আলমাৰী খুলি একেবাৰে গাত নিদিয়া নতুন মেখেলা চাদৰ এযোৰ উলিয়াই আনিলে । কেইগৰাকী মান মহিলাৰ সহযোগত এনিশাই ভৈৰৱীক মাহ হালধিৰে গা ধুৱাই নতুন কাপোৰসাজ পিন্ধাই দিলে । শিৰত দিঘলীয়াকৈ সেন্দুৰৰ ৰেখা টানি দিলে ..কপালত জোনৰ দৰে উজ্বলাই দিলে সেন্দুৰৰ ৰঙা ৰঙ ।সেন্দুৰৰ সাফৰটো মাৰিবলৈ লওঁতেই কাৰোবাৰ হাত লাগি তেমাটো উফৰি পৰিল এনিশাৰ হাতৰ পৰা ।
লগে লগেই এনিশাৰ শিৰতো জিলিকি উঠিল সেন্দুৰৰ ৰঙা ৰঙ । ভৈৰৱীয়ে যেন কৈ উঠিল --" তোমাৰ সেন্দুৰ তোমাক উভতাই দিলো এনিশা ।"গাটো জিকাৰ খাই উঠিল এনিশাৰ । ভৈৰৱীৰ মুখলৈ চালে তাই -- প্ৰশান্তিত শুই আছে ভৈৰৱী ..মনত যেন মান অভিমান খঙ একো নাই । এনিশাৰ মনে কৈ উঠিল -- তোমাৰ লগত মোৰ হয়তো এনেকৈ শেষ মুহূৰ্ত্বত লগ পাবলগীয়া আছিল ..বিদায় ভৈৰৱী .." মৃতদেহক সেৱা জনাই উঠি আহে এনিশা ।
গাড়ীত তুলি লৈ যোৱা হ'ল ভৈৰৱীক শ্মশানলৈ ।মুখাগ্নি কৰিবলৈ উমাকান্তই নিজেই আগবাঢ়ি আহিল ।
আকস্মিক ঘটনাটোৱে ঘৰৰ সকলোকে বাকৰুদ্ধ কৰি পেলালে । ভয়ানক নিৰ্জ্জনতা নামি আহিল ঘৰখনলৈ ...
আগলৈ ...
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment