ধন অহা আৰু যোৱা প্ৰতীক, জেঠী দেখিলে কি এনে বস্তু অৰ্পন কৰিলে মা লক্ষ্মী দেৱী সন্তুষ্ট হয়?( Assamese Fact )
আমি সদায় ঘৰত জেঠী দেখো, যিটো এক সামান্য ঘটনা বুলি ধৰি লওঁ। জেঠীক আমি এটা সামান্য প্ৰাণী বুলিয়েটো ভাবি আহিছোঁ।
জীৱ জন্তু আৰু মানুহৰ মাজত সম্পৰ্ক আছে আমি সকলোৱে জানো। আজি আমি জেঠীৰ লগত আমাৰ সম্পৰ্ক কথা জানো আহক।
জেঠীৰ গতিবিধিয়ে আমাৰ জীৱনটো প্ৰভাৱ পেলাব পাৰে জানেনে বাৰু!!
জেঠীক বিভিন্ন সময়ত দেখা,জেঠী গাত পৰা ইত্যাদিয়ে আমাক শুভ অশুভ বিভিন্ন কথাৰ ইংগিত দিয়ে।
পৌৰাণিক শকুন শাস্ত্ৰ ত এই বিষয়ে উল্লেখ আছে। শাস্ত্ৰৰ মতে জেঠীক পুজনীয় প্ৰাণী হিচাপে মনা হয়। জেঠীক মা লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। জেঠী দৰ্শনৰ বিভিন্ন সময়ত কিছুমান কথা লক্ষ্য ৰাখিলে মা লক্ষ্মী দেৱী ৰ কৃপা প্ৰাপ্ত কৰিব পাৰো।
* যেনে সন্ধিয়া পূজা অৰ্চনাৰ সময়ত জেঠী দেখিলে শুভ হয়। সেই সময়ত আমি ভগবানৰ ওচৰত থকা চাউল সেন্দুৰ আদি জেঠী ক অৰ্পন কৰিব লাগে আৰু মনৰ যি ইচ্ছা আছে তাক মা লক্ষ্মীৰ ওচৰত সমৰ্পিত কৰিব লাগে। তেতিয়া মনোকামনা পূৰ্ণ হয়।
পূজা ঘৰত জেঠী দেখিলে গংগা জল অৰ্পন কৰিব লাগে আৰু বন্তি প্ৰজ্বলন কৰিলে মনোকামনা পূৰ্ণ হয়।
* দিপাৱলী দিনা ঘৰত চাফ - চিকুন কৰোতে জেঠী দেখিলে আৰু সেইদিনা মানুহৰ গাত জেঠী পৰিলে সুখ সমৃদ্ধিৰ আগমন হয় ঘৰখনত।
কিন্তু এইখিনিতে মন কৰিব লগা কথা হল যে চাফ চিকুণ কৰি থাকোতে কেনেবাকৈ যদি মৰা জেঠী ওলাই বা আপোনাৰ হাতেৰে যদি জেঠী মৰে তেতিয়া সেইটো এটা অশুভ সংকেত।
এনে হলে আপুনি অকণো পলম নকৰাকৈ জেঠীটোৰ সংস্কাৰ কৰি দিব। মাটিত গাঁত খান্দি পুতি দিব। তেতিয়া আপুনি হত্যাৰ পাপৰ পৰা মুক্ত হব। আৰু মা লক্ষ্মী ও সন্তুষ্ট হব।
* ধন অহা যোৱা সংকেত হিচাপেও জেঠীক মনা হয়।
#আহাৰ গ্ৰহণ কৰি থকা সময়ত যদি জেঠীৰ মাত শুনে তেতিয়া সেইটো শুভ সংকেত। আপোনাৰ জীৱনলৈ ধনৰ আগমন হব পাৰে , শুভ বাৰ্তা আহিব পাৰে। ( Assamese Fact )
# কিন্তু যদি আহাৰ গ্ৰহণ কৰি থাকোতে জেঠী ভৰিত উঠে সেইটো কোনো ধৰণৰ ৰোগৰ আগমনৰ সংকেত।
# মূৰত জেঠী পৰিলে ধন প্ৰাপ্তি হয়।
# এইখিনিতে মন কৰিব লগা যে জেঠীয়ে যদি পোক- পৰুৱা লৈ থাকোঁতে দেখে তেতিয়া কিন্তু ধনৰ আগমনৰ লগতে লোকচানো হোৱাৰ সম্ভাৱনা থাকে।
* আপুনি যদি জেঠীৰ সমাগম দেখে তেতিয়া আপোনাৰ জীৱনলৈ এনেকুৱা কিবা আহিব যাৰ আপুনি বহুত দিনৰ পৰা অপেক্ষাত আছে।
* সপোনত মৰা জেঠী দেখিলে জীৱনত কষ্ট অহাৰ সংকেত। আৰু এনে কিছু বিবাদ ত সোমোৱাৰ সংকেত যিবোৰৰ পৰা ওলোৱা টো অসম্ভৱ হৈ পৰে।
*আঠুত জেঠী পৰিলে শুভ হয়।*খোজ কাঢ়ি যাওঁতে যদি হাত আৰু মূৰত জেঠী পৰে তেতিয়া মান- সন্মান পোৱাৰ আশা থাকে।
# যদি কেনেবাকৈ দীঘল চুলিত জেঠী সোমাই আবদ্ধ হয়, সেইটো বেয়া খবৰ অহা সংকেত।
# মহিলাৰ সোঁ কান্ধত জেঠী পৰিলে আ- অলংকাৰ অহা সম্ভাৱনা থাকে
# মহিলাৰ বাওঁ কান্ধত জেঠী পৰিলে আয়ুস বাঢ়ে।
*কামত যাওঁতে দুটা জেঠীয়ে কাজিয়া কৰা দেখিলে, আপুনি যি কামত ওলাইছে সেই কামটোত বহুত কষ্ট কৰিলে হে কৃতকাৰ্য হব পাৰে।
গতিকে জেঠী ৰ সৈতে জৰিত এই সংকেত বিলাক আগতীয়াকৈ অনুমান কৰি সাৱধানতাৰে আগ বাঢ়িলে আপুনি সহজে জীৱনত সফলতাৰ পথত আগ বাঢ়ি যাব পাৰিব।
ধন্যবাদ।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment