আমাৰ মনৰ অধিকতম সুখৰ কাৰণ হৈছে আমাৰ সম্পৰ্ক। আৰু মনৰ অধিকতম দুখৰ কাৰণো হৈছে আমাৰ এই সম্পৰ্কই। সম্পৰ্কই আমাৰ নিসংগতা দূৰ কৰি দিয়ে( Assamese Fact )। আৰু কেতিয়াবা সেই সম্পৰ্কই আমাক বহুত অকলশৰীয়া কৰি দিয়ে। আমাৰ সম্পৰ্কবোৰেই আমাৰ মুখত হাঁহি বিৰিঙাই তোলে আৰু সুখ লৈ আনে। কেতিয়াবা সেই সম্পৰ্কই আমাৰ চকুত চকুলো লৈ আনে।
এনে কিয় হয়? সম্পূৰ্ণ নিষ্ঠাৰে সম্পৰ্ক এটা পালন কৰাৰ পাছতো আমি সেই সম্পৰ্কটোত দুখ পাওঁ। আমি যাক নিজৰ আপোন বুলি ভাবো, তেওঁৱেই কিয় আমাক সকলোতকৈ পৰ কৰি তোলে? কিয় এনে হয় যিয়ে আমাক বেছি দুখ দিয়ে তেওঁৰ বাবেই আমাৰ বেছি চিন্তা হয় ? আমি কিয় সেইজন ব্যক্তিৰ পিছতেই মৰি থাকোঁ? আমি যাক বেছি সন্মান কৰোঁ কিয় তেওঁ আমাক অলপো সন্মান নিদিয়ে? অধিকতম ব্যক্তিৰ সমষ্যা ,চিন্তা তেওঁলোকৰ সম্পৰ্কৰ লগত জড়িত। মনত ৰাখিব, আপোনাক কোনো এটা সম্পৰ্ক যিমানেই মৰমৰ নহওক কিয়,কোনো এজন ব্যক্তি আপোনাৰ যিমানেই ভাল নালাগক কিয় , কিন্তু যদি আপুনি সেই সম্পৰ্কটোত এই ৫ ট ভুল কৰে তেন্তে সেই সম্পৰ্কটোত আপুনি দুখৰ বাহিৰে আৰু একো নাপায়।
১/ কেতিয়াও কোনো সম্পৰ্কৰ বাবে কাৰো ওচৰত ভিক্ষা কৰিব নালাগে , তেওঁৰ ওচৰত কান্দিব নালাগে যে তেওঁ আপোনাৰ লগত থাকিব লাগে, আপোনাক এৰি যাব নালাগে। যেতিয়া আপুনি এনেদৰে সম্পৰ্কটোৰ বাবে ভিক্ষা খোজা পৰিস্থিতিলৈ আহে তেতিয়া আপুনি তেওঁৰ দৃষ্টিৰ বাদেও নিজৰ দৃষ্টিত তল পৰি যায়। যদি আপুনি তেওঁক সম্পৰ্কটোত থাকিবলৈ তেওঁক জোৰ কৰিছে, ভিক্ষা কৰিছে তেন্তে তাৰ অৰ্থ হল যে তেওঁ আপোনাৰ লগত থাকিব নোখোজে। যদি তেওঁ সচাই আপোনাৰ লগত থাকিব বিচাৰিলে হয় তেন্তে আপুনি ইমান কষ্ট পাব লগা, অধীৰ হবলগা নহলহেঁতেন। যিয়ে আপোনাক এৰি যাব বিচাৰে বা এৰি যাব খুজিছে তেন্তে তেনে ব্যক্তিৰ পিছত কেতিয়াও নাযাব। কিয়নো সেইটো সম্পৰ্কত আপোনাৰ কেতিয়াও কোনো মূল্য নাথাকিব। আপুনি সদায় দুখেই পাব ।
২/ কেতিয়াও কাৰো আগত আপোনাৰ লগত কথা পাতিবলৈ ভিক্ষা নকৰিব। কেতিয়াও তেওঁৰ লগত কাজিয়া নকৰিব আপোনাৰ লগত কথা পাতিবলৈ। কেতিয়াও তেওঁক জোৰ নকৰিব আপোনাক সময় দিবলৈ। যিয়ে আপোনাক সঁচা প্ৰেম কৰিব তেওঁক আপুনি সময় বিচাৰিব নালাগে, কথা পাতিবলৈ জোৰ কৰিব লগা নহয়। যদি তেওঁ আপোনাক সচাই ভাল পায় তেন্তে তেওঁৰ গোটেই সময় আপোনাক দি দিব। তেওঁ নিজেই আপোনাৰ লগত কথা নপটাকৈ থাকিব নোৱাৰিব। যদি আপুনি মৰি মৰি কাৰোবাৰ লগত কথা পাতিবলৈ তেওঁৰ সময় বিচাৰিব লগা হয় তেন্তে তাৰ অৰ্থ এয়ে যে তেওঁ নিজৰ সময় আপোনাৰ লগত কটাবলৈ কোনো ইচ্ছা নাই। এনে সম্পৰ্কৰ পিছত দৌৰি, এনে ব্যক্তিৰ পিছত দৌৰি আপুনি মাথোঁ দুখ লাভ কৰিব, চকুপানীৰ বাহিৰে আৰু একো নাপাব।( Assamese Fact )
৩/ প্ৰেমৰ বাবে, আপোনাৰ বাবে চিন্তা কৰিবলৈ, যত্ন লবলৈ আপোনাৰ ওপৰত ধ্যান দিবলৈ কেতিয়াও কাৰো ওচৰত ভিক্ষা নকৰিব। এইবোৰ বস্তু কেতিয়াও খুজিব লগা নহয় । হয়তো এইবোৰ বস্তু আপোনাআপুনি পোৱা যায় নতুবা পোৱা নাযায়। যিয়ে আপোনাক সচাই প্ৰেম কৰিব তেওঁ নিজেই আপোনাক মৰম কৰিব , আপোনাৰ চিন্তা কৰিব, সন্মান দিব আৰু আপোনাৰ ধ্যান ৰাখিব। যদি আপুনি এইবোৰ বস্তু খুজিব লগা হৈছে তেন্তে তাৰ অৰ্থ হৈছে তেওঁৰ মনত আপোনাৰ প্ৰতি তেনে কোনো ভাৱনা নাই যাৰ বাবে আপুনি অধীৰ হৈ আছে। সম্পৰ্ক যিমানেই মৰম লগা নহওক কিয় কেতিয়াও প্ৰেমৰ বাবে ভিক্ষা নকৰিব
৪/ যদি কোনো এজন ব্যক্তিৰ জীৱনত আপুনি সকলোতকৈ পিছত আছে, যদি আপোনাতকৈ আগত তেওঁ বাকীবোৰ বস্তুত বেছি প্ৰাধান্য দিয়ে তেন্তে আপুনি তেওঁক আপোনাৰ জীৱনত তেওঁক কেতিয়াও আগত নাৰাখিব। তেওঁৰ ওচৰত যদি আপোনাৰ বাবে সময় নাই তেন্তে আপুনি তেওঁৰ বাবে তেওঁ যেতিয়াই বিচাৰে তেতিয়াই উপস্থিত নহব। যদি তেওঁ আপোনাৰ চিন্তা নকৰে তেন্তে আপুনি তেওঁৰ বাবে মৰি নাথাকিব। চিন্তা তেওঁৰ কৰিব যিয়ে আপোনাৰ মূল্য বুজি পায়। গুৰুত্ব তেওঁক দিয়ক যিয়ে আপোনাক গুৰুত্ব দিয়ে। যিয়ে আপোনাক আগত ৰাখে তেওঁক আপুনি আগত ৰাখক।
৫/ জীৱনত কেতিয়াও কোনো ব্যক্তিৰ পিছত নপৰিব। যদি আপুনি কাৰোবাৰ পিছত দৌৰিছে তেন্তে তাৰ অৰ্থ যে তেওঁ আপোনাৰ পৰা বহুত দূৰলৈ পলাইছে। যদি তেওঁ আপোনাৰ ওচৰত থাকিল হয় তেন্তে আপুনি কেতিয়াও তেওঁৰ পিছত দৌৰিব লগা নহলহেঁতেন। যদি আপুনি তেওঁৰ পিছত পৰিব লগা হৈছে তেন্তে তেওঁ আপোনাৰ প্ৰতি নহয় আপোনাৰ পৰা আঁতৰি গৈছে। এনে ব্যক্তিৰ পিছত দৌৰি আপুনি কেৱল দুখৰ সন্মুখীন হব। প্ৰেম ভালপোৱা নিজৰ ঠাইত আছে কিন্তু যত আপোনাৰ আত্মাই কান্দে, যত আপোনাৰ সন্মানৰ কথা আহি পৰে তেন্তে আপুনি প্ৰথমে নিজক চম্ভালি লওক। যি সম্পৰ্কই আপোনাক দুখ দিছে, সন্মান কাঢ়ি নিছে , আপোনাৰ কোনো গুৰুত্ব নাই সেই সম্পৰ্কৰ পৰা আপুনি দুখোজ পিছুৱাই আহক। আপুনি তেওঁৰ বাবে ইমান অধীৰ হৈ নাথাকিব, ইমান মৰি নাথাকিব কিয়নো এনে কৰিলে আপুনি কেৱল দুখ পাব।আপুনি এবাৰ এইটো চাওক যে সেইজন ব্যক্তিয়ে আপোনাৰ সম্পৰ্কটোৰ বাবে কিবা কৰিছে নে নাই কৰা নে সকলো কেৱল আপুনিয়েই কৰিব লগা হৈছে। যদি তেওঁ সচাই আপোনাক ভাল পাই, আপোনাৰ চিন্তা কৰে তেন্তে তেওঁ নিজেই আপোনাৰ প্ৰতি আগবাঢ়ি আহিব। যদি তেওঁৰ জীৱনত আপোনাৰ কোনো মূল্য নাই তেন্তে আপুনি তেওঁৰ পৰা আঁতৰি অকলশৰে থকাই ভাল।
এইটো নহয় যে আমি সম্পৰ্ক গঢ়িব নালাগে। হয় সম্পৰ্ক গঢ়িব লাগে কিন্তু তেনে ব্যক্তিৰ লগত নহয় যিয়ে আপোনাৰ মূল্য বুজি নাপায়। তেওঁলোকৰ লগত সম্পৰ্ক নগঢ়িব যিয়ে কেৱল আপোনাক দুখ দিয়ে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment