ধন,টকা,পইচা বিছাৰে যদি ঝাৰুৰ প্ৰয়োগ ভুলটো এনেদৰে নকৰিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 25, 2021

ধন,টকা,পইচা বিছাৰে যদি ঝাৰুৰ প্ৰয়োগ ভুলটো এনেদৰে নকৰিব : Assamese Fact

 

Assamese Fact

আজি আমি আপোনালোকক ঝৰু সম্পৰ্কীয় কিছুমান বিশেষ প্ৰয়োজনীয়  নীতি নিয়মৰ বিষয়ে অবগত কৰিম , যিখিনি নিয়ম মানি চলিলে আমি জীৱনত সুখ , শান্তি, সমৃদ্ধি আৰু মা লক্ষ্মী দেবীৰ কৃপা লাভ কৰিব পাৰিম ।( Assamese Fact )

         ঝাৰু আমাৰ সকলোৰে ঘৰত  আছেই, কিন্তু ঝাৰু ব্যৱহাৰৰ ক্ষেত্ৰত  কিছুমান লবলগীয়া সাবধানতা লোৱা দৰকাৰ   যিখিনি লৈ আমি মা লক্ষ্মী দেবীৰ কৃপা পাব পাৰোঁ 

কিন্তু সেই বোৰৰ অবহেলা  কৰিলে  মা লক্ষ্মী দেবী অসন্তুষ্ট হৈ আমাক ত্যাগ কৰিব পাৰে, যাক আমি ঘৰুৱা ভাষাত " লক্ষ্মী চৰা" বুলিও কওঁ..


      যেনে, আমি কেতিয়া ঝাৰু ঘৰলৈ আনিব লাগে, কোন দিনা আনিব লাগে, কোন ঠাইত থব লাগে, কেনেকৈ ঝাৰু দিব লাগে ইত্যাদি কথা বিলাক  জনাবলৈকে আমি  ইয়াত প্ৰয়াস কৰিম ।

     সকলোৱেই  সুখ শান্তি আৰু সমৃদ্ধিৰে জীৱন কটাব‌লৈ বিচাৰে ।এইয়া আহৰণ কৰা বহুত কঠিন নহয় ।এক সুখ সমৃদ্ধিময়  জীৱনৰ ৰচনাত  ঝাৰুৱেও বিশেষ ভূমিকা পালন কৰিব পাৰে।ৰোগ নিৰাময়ৰ দেবী মা শিতলা দেৱীয়ে এখন হাতত  ঝাৰু লৈ থকা আমি দেখা পাওঁ , ই ঝাৰুৰ মহত্বকেই প্ৰতিপন্ন কৰে ।

    ঝাৰুৰ সৈতে সম্পৰ্কীত কেইটামান অতি দৰকাৰী নিয়ম হৈছে ...


১) সূৰ্যাস্তৰ পিছত  ঝাৰু মাৰিব নাপায় , ধন সম্পত্তিৰ  ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

২) ঘৰৰ কোনো সদস্য ঘৰৰপৰা বাহিৰলৈ ওলায় যোৱাৰ লগে লগে ঝাৰু দিলে যাত্ৰা অসুভ হোৱাৰ সম্ভাৱনা থাকে।


৩) ব্যবহাৰৰ অনুপযোগী ঝাৰু বেছি দিনলৈ ঘৰত ৰাখিব নাপায় । অমাবশ্যো দিনা  বিসৰ্জন দি দিব লাগে ।নতুন  ঝৰু কিনি আনিলে শনিবাৰৰ প্ৰথম  ব্যৱহাৰ কৰিব লাগে।

৪) খোৱা বস্তুৰ ঝুথা ঝাৰুৰে সাৰিব নাপায়। এনে কৰিলে মা লক্ষ্মী দেবীৰ অপমান হয়। সেয়ে প্ৰথমতে পানীৰে মজিয়া খন মচি তাৰ পাছত হে সাৰিব লাগে ।

৫) কোনোবাই ঝাৰু দি থাকোতে তাৰ ওপৰেদি পাৰ হৈ যাব নাপায় ।

৬) ঝাৰু কেতিয়াও ভৰিৰ তলত ৰাখিব নাপায় ।এনে কৰিলে পতি পত্নীৰ মাজত কাজিয়া হয় ।

৭) ধন ঘৰত গোপনে ৰখাৰ দৰে ঝাৰু ঘৰলৈ অহা বাহিৰা মানুহৰ চকুৰ পৰা আতৰাই ৰাখিব লাগে।( Assamese Fact )

৮)মা লক্ষ্মী দেবী ঝাৰুতেই নিবাস কৰে । সেয়ে ঝৰুত ভৰি লগাব নাপায় ।


৯) ঝাৰু মৰাৰ পাছত চাফা কৰি ৰাখিব লাগে ।ঝাৰু কেতিয়াও পোন কৰি ৰাখিব নাপায় ।এনে কৰিলে ঘৰত কন্দল লাগে ।

১০) খোৱা বস্তুৰ ওচৰত ঝাৰু ৰাখিব নাপায়।এনে কৰিলে ৰোগৰ জীৱাণু আমাৰ দেহলৈ সংক্ৰমিত হ'ব পাৰে।

১১) নতুন ঘৰত প্ৰবেশ কৰোতে সদায় নতুন ঝাৰু লৈ হে সোমাব লাগে । এনে কৰিলে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন হয়।

১২)বাহি  খোৱা বস্তু, ভঙা চিঙা অদৰকাৰী বস্তু ঘৰত নাৰাখি অমাবস্যাৰ দিনা বা  শনিবাৰৰ দিনা ঘৰৰ পৰা  বিসৰ্জন  দিব লাগে। নহ'বা নাকাৰাত্মক শক্তি ৰ প্ৰভাবত ঘৰলৈ বিপত্তি আহিব পাৰে ।

১৩)ভঙা ঝাৰুৰে ঝাৰু দিব নাপায় ।এনে কৰিলে ঝৰুৰ সৰু সৰু টুকুৰা বিলাক পৰি ঠাই টুকুৰা অপৰিষ্কাৰ হৈ পৰিব পাৰে । অপৰিষ্কাৰৰ মাজত মা লক্ষ্মী দেবীৰ বসতি নহয় ।

১৪) মংগল বাৰ, শনিবাৰ  অমাবস্যাৰ দিনা ঝৰু প্ৰথম ব্যবহাৰৰ কাৰণে আৰম্ভণি কৰিলে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন হয়।

১৫) ঘৰৰ বাহিৰত যেনেকৈ তেনেকৈ ঝাৰু কেতিয়াও ৰাখিব নাপায়। এনে কৰিলে ঘৰৰ পৰা সম্পত্তি চুৰি হোৱাৰ সম্ভাৱনা থাকে।


১৬) কেৱলমাত্ৰ চাফাই কাৰ্য্যত হে ঝাৰুৰ ব্যবহাৰ কৰিব লাগে ,আন কামত নহয় ।পশু পক্ষীক কেতিয়াও ঝাৰুৰে আঘাত কৰিব নাপায় । বিশেষকৈ গো ধনক ঝাৰুৰে আঘাত কৰিলে মা লক্ষ্মী দেবীয়ে সেই  ঘৰ ত্যাগ কৰি আঁতৰি যায়।

ঝাৰুৰ সৈতে সম্পৰ্কীত এই গুৰুত্বপূৰ্ণ নিয়ম সমুহ যি সকল লোকে বিশ্বাস আৰু শ্ৰদ্ধাৰে দৈনন্দিন জীৱনত  পালন কৰে , তেওঁ লোকৰ জীৱনলৈ আৰ্থিক সম্পন্নতা, সুখ , শান্তি আৰু আনন্দৰ আগমণ হয়। মা লক্ষ্মী দেবী তেওঁৰ প্ৰতি সুপ্ৰসন্ন হয় আৰু তেওঁক সদায় কৃপা প্ৰদান কৰে ।

( সংগ্ৰহ )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages