আই লক্ষ্মীৰ কৃপাত ঘৰলৈ আহিব সুখ সমৃদ্ধি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 24, 2021

আই লক্ষ্মীৰ কৃপাত ঘৰলৈ আহিব সুখ সমৃদ্ধি : Assamese Fact

Assamese Fact


কোনো এজন ব্যক্তি হয়তো এনে নাই যিয়ে ধনপ্ৰাপ্তিৰ ইচ্ছা নকৰে। সকলোৱে এইটোৱেই বিচাৰে যাতে তেওঁৰ ওচৰত ইমান ধন হওক ,তেওঁৰ মনৰ সকলো ইচ্ছা যাতে পূৰণ হব পাৰে( Assamese Fact )। অন্তত ইমান নহলেও যাতে জীৱনটো ভালদৰে যাপন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন হোৱাটো বিচাৰে। কিছুমান লোকে ধন ঘটিবলৈ ভাল পথ বাছি লয় আৰু বহুত কষ্ট কৰে। আৰু কিছুমানে বেয়া পথেৰে সোনকালে ধন ঘটিব বিচাৰে। এনে কিছুমান মানুহো আছে যাৰ হাতত বেছি দিনলৈ টকা নাথাকে। তেওঁলোকৰ এই অভ্যাসৰ অনুমান এইটো কথাৰ পৰা কৰিব পাৰি যে ৰাতিপুৱা তেওঁলোকৰ মনিবেগ পইচাৰে ভৰি থাকে আৰু আৰু সন্ধিয়ালৈ মাত্ৰ কেইটকামান হে পইচা থাকে। এনে ব্যক্তিয়ে প্ৰায়ে কোৱা শুনিবলৈ পাওঁ যে তেওঁলোকৰ হাতলৈ টকা আহে কিন্তু বেছি সময় নাথাকে।


শাস্ত্ৰৰ প্ৰসিদ্ধ বস্তুশাস্ত্ৰৰ মতে,যদি তলৰ এই বস্তুবোৰ আপোনাৰ মনিবেগত ৰাখে তেন্তে আপোনাৰ ধনৰ কোনো অভাৱ নহয়, আপোনাৰ মনিবেগ কেতিয়াও খালি নহয়।

সেই কেইটা বস্তু হল-

১/ "মা লক্ষ্মীৰ ফটো।" মা লক্ষ্মীয়ে ধন সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান কৰি দিয়ে। লক্ষ্মী মাৰ ফটো যদি আপোনাৰ মনিবেগত থাকে তেন্তে আপোনাৰ ধনৰ অভাৱ ক্ৰমান্নয়ে নোহোৱা হৈ পৰিব। কিন্তু মা লক্ষ্মীৰ বহি থকা মুদ্ৰাৰ ফটোহে আপোনাৰ মনিবেগত ৰাখিব।


২/ " আহত গছৰ পাত" আমাৰ হিন্দু ধৰ্মত আহত আৰু তুলসীৰ পাত দুয়োকে পূজনীয় মানি পূজা কৰা হয়। শাস্ত্ৰত এই দুটা বস্তুৰ বহুত মহত্ব আছে। দুয়োৰে সম্বন্ধত অনেক শাস্ত্ৰীয় উপায় আছে, যত ধন সম্বন্ধিত উপায়ো আছে। বস্তুশাস্ত্ৰত কোৱা হৈছে যে মনিবেগত সদায় আহতৰ পাত থব লাগে। এনে কৰিলে আৰ্থিক লাভ প্ৰাপ্তি কৰিব পাৰি। আহতৰ পাতক অভিমুদ্ৰিত কৰাৰ পাছত মনিবেগত পইচাৰ লগত থব লাগে । এনে কৰিলে সদায় আপোনাৰ মনিবেগ টকাৰে ভৰি থাকিব। প্ৰয়োজনৰ সময়ত আপুনি কেতিয়াও অসুবিধাৰ সন্মুখীন হব নালাগে।( Assamese Fact )

৩/ "ৰঙা ৰঙৰ কাগজ" ই এক মনোকামনা পূৰণ হোৱাৰ উপায় হয়। ই এক বিধি হয় , এই বিধিৰ বাবে আপোনাক মাত্ৰ এটুকুৰা ৰঙা কাগজৰ দৰকাৰ। এই কাগজত আপুনি নিজৰ ইচ্ছা লিখি কোমল ৰছীৰে বান্ধি দিয়ক আৰু তাৰ পাছত ইয়াক আপোনাৰ মনিবেগত থৈ দিয়ক। এনে কৰিলে নিশ্চয় আপোনাৰ ইচ্ছা পূৰণ হব।


৪/ " চাউল।" শাস্ত্ৰত ধন আৰু ধানক একে সমান বুলি কোৱা হৈছে। সেইবাবে মনিবেগত চাউল থোৱা মহত্বপূৰ্ণ। যদি আপুনি মনিবেগত অলপ চাউল থৈ দিয়ে তেন্তে আপোনাৰ অলাগতিয়াল খৰছ কম হব পাৰে।

৫/ " আইনাৰ টুকুৰা অথবা সৰু চুৰি।" জ্যোতিষ শাস্ত্ৰৰ মতে মনিবেগত সৰু এটুকুৰা আইনা অথবা চুৰি এখন থৈ দিব লাগে। এনে কৰিলেও ধন প্ৰাপ্তি হয়। ইয়াৰ উপৰিও আপুনি গৌৰী অথবা গুমতি চক্ৰও ৰাখিব পাৰে।

৬/ "ৰূপৰ পইচা" যদি আপোনাৰ হাতত ৰূপৰ পইচা আছে তেন্তে ইয়াক মনিবেগত থব পাৰে। এই উপায়তো কৰিলেও ধন লাভ হয়। সোন অথবা ৰূপৰ পইচা মনিবেগত ৰাখিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ধন বৰ্ষাই। কিন্তু মনত ৰাখিব সোন অথবা ৰূপৰ পইচা মনিবেগত থোৱাৰ আগত প্ৰথমে ঘৰৰ মন্দিৰত থকা ভগৱানৰ চৰণত যাতে থৈ লয়।

৭/ "ৰুদ্ৰাক্ষ" মনিবেগত ৰাখিলে ই দৰিদ্ৰতাক আঁতৰাই ধন বৃদ্ধিত সহায়ক হয়।


৮/" মা- দেউতা অথবা বয়োজ্যেষ্ঠ জনৰ পৰা আশীৰ্বাদ ৰূপে পোৱা টকা" এই টকাত হালধিৰে ফুট দি মনিবেগত থব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ ধনৰ বৃদ্ধি হব।

৯/ পইচা কেতিয়াও মনিবেগত মুকুতাই থব নালাগে।" উপৰৰ উপায় কেইটা অৱলম্বন নকৰিলেও মানুহে কেতিয়াও মনিবেগত পইচা মুকুতাই থব নালাগে। পইচা যদি নজপাকৈ ইফাল সিফাল হৈ থাকে তেতিয়া মা লক্ষ্মী আপোনাৰ ওপৰত খঙাল হৈ পৰে। যাৰ বাবে আপুনি আৰ্থিক অনাতনৰ সন্মুখীন হব লগাত পৰিব পাৰে।

( ( উৎস - ইণ্টাৰনেট ) )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )

Assamese Fact

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages