প্ৰকৃত সত্য কি ? এক বিশ্লেষণ : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

প্ৰকৃত সত্য কি ? এক বিশ্লেষণ : Assamese Article

Assamese Article

আমি ইতিহাসত পঢ়িছিলো বীৰ পুৰুক যুদ্ধত হৰুৱাই বন্দী কৰি যেতিয়া আলেকজেণ্ডাৰে  সুধিছিল --'তোমাক কেনে ব্যৱহাৰ কৰা হব' তেতিয়া পুৰুৱে কৈছিল --'ৰজাৰ দৰে'।( Assamese Article )


কিন্তু এই কথাৰ সত্যতা কিমান ?

পুৰু প্ৰকৃততে হাৰিছিলনে  ?


আলেকজেণ্ডাৰ আৰু পুৰুৰ বিষয়ে গ্ৰীক ঐতিহাসিক সকলৰ উপৰিও চীন দেশৰ , ভাৰতৰ আৰু  ইৰানৰ ঐতিহাসিক সকলেও লিখিছে। গ্ৰীকৰ যি  ঐতিহাসিকে আলেকজেণ্ডাৰক মহান আৰু শ্ৰেষ্ঠ যোদ্ধা বুলি কৈছে সেইদৰে  বাকী সকল ঐতিহাসিকে কোৱা নাই। 


ভাৰতীয় সকলে আৰু ইৰাণী সকলে  আলেকজেণ্ডাৰক সিকণ্ডৰ নাম দিছিল আৰু আজিও ভাৰতৰ লোকে কয় -- 'জো জীতা ৱহী সিকণ্ডৰ' । আলেকজেণ্ডাৰৰ নামৰ লগত দা গ্ৰেট শব্দৰ ব্যৱহাৰ হয় । অৰ্থাৎ আলেকজেণ্ডাৰ মহান আছিল।  কিয়নো পশ্চিমৰ ঐতিহাসিকে কৈছিল আলেকজেণ্ডাৰে পূবৰ বৰ্ব্বৰ মানুহ বিলাকক যুদ্ধত পৰাস্ত কৰি সভ্য কৰিছিল। 


প্ৰকৃততে আলেকজেণ্ডাৰ এক মহান বিজেতা আছিল নে বাৰু ?


আলেকজেণ্ডাৰে দেউতাকৰ মৃত্যুৰ পাছত মাহীমাকৰ পুতেকক হত্যা কৰি মেসেডনিয়াৰ সিংহাসনত বহিছিল।  আলেকজেণ্ডাৰ কেতিয়াও মহান নাছিল। গ্ৰীক যোদ্ধা আলেকজেণ্ডাৰ এজন  অতি নিষ্ঠুৰ ,  অত্যাচাৰী আৰু  অতিৰিক্ত মদ পান কৰা মানুহ আছিল। 


আলেকজেণ্ডাৰে কাকো উদাৰতা দেখুৱা নাছিল।  আনকি নিজৰ সহযোগী সকলকো সৰু সৰু কথাৰ বাবে বহুত কষ্ট দি মাৰিছিল। এই ক্ষেত্ৰত তেওঁৰ সহযোগী যোদ্ধা বসূস , ক্লীটোস আৰু পৰ্মীনিয়নৰ নাম উল্লেখ কৰিব পাৰি। 


প্ৰসিদ্ধ গ্ৰীক ঐতিহাসিক এৰ্ৰিয়ানে (Arrian) লিখিছে --যেতিয়া বৈক্ট্ৰিয়াৰ ৰজা বসূসক বন্দী কৰি আনিছিল আলেকজেণ্ডাৰে প্ৰথমে তেওঁক চাবুক দি মৰে তাৰ পাচত নাক কান্দে কাটি দিয়ে । এয়েই নহয় তাৰ পিছত তেওঁক হত্যা কৰে । ইয়াৰ উপৰিও আলেকজেণ্ডাৰে নিজৰ গুৰু 

অৰস্তুৰ ভতিজাক কলাস্থনীজকো শাস্তি দি মাৰে। এবাৰ অতি সৰু কথা এটাত নিজৰ প্ৰিয় বন্ধু ক্লীটোসক মৰি দিয়ে । নিজৰ দেউতাকৰ বন্ধু পাৰ্মীনিয়ন,  যাৰ কোলাত উঠিয়েই ডাঙৰ হৈছিল তেওঁকো হত্যা কৰালে। 


আলেকজেণ্ডাৰৰ সেনা যি ঠাইলৈকে গৈছিল বাটত নগৰ বিলাক জ্বলাই গৈছিল। সুন্দৰী মহিলাক অপহৰণ আৰু শিশুক জাঠিৰ আগত বান্ধি ঘুৰাই ফুৰিছিল। 


ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁৰ বিখ্যাত কিতাপ  The Glimpses of World History ত লিখিছে -- আলেকজেণ্ডাৰ অভিমানী, উদণ্ড,  অত্যন্ত নিষ্ঠুৰ আৰু হিংসুক আছিল। তেওঁ নিজকে ঈশ্বৰৰ সমান বুলি  ভাবিছিল। খঙতে তেওঁ তেওঁৰ নিজৰ বন্ধু আৰু আপোন পৰিয়ালৰ হত্যা কৰি ডাঙৰ নগৰ বিলাক নিবাসীৰে সৈতে সম্পূৰ্ণ ধ্বংস কৰি দিছিল।  


এতিয়া প্ৰশ্ন হয় --


১) এই নিষ্ঠুৰ আলেকজেণ্ডাৰে সম্ৰাট পুৰুক যুদ্ধত হৰুৱাই বাছি থাকিবলৈ দিব নে ?

২) তেওঁ যদি বিশ্ব বিজয়ৰ বাবেই আহিছিল তেন্তে পুৰুৰ ৰাজ্য নিজৰ ৰাজ্যৰ অধীনত কিয় নকৰিলে ?

৩) পুৰুৰ ৰাজ্য জয় যদি কৰিছিলে তেন্তে মগধলৈকে কিয় আগ নাবাঢ়িলে  ?

৪)এনে এজন নিষ্ঠুৰ প্ৰকৃতিৰ আৰু হত্যাকাৰী  লোকক মহান অৰ্থাৎ দা গ্ৰেইট নাম দিয়াটো যুক্তি সংগত হৈছেনে ?


গ্ৰীক ঐতিহাসিক  মেগেস্থনীছে  আলেকজেণ্ডাৰ

হাৰি যোৱাতো মানি লব নোৱাৰি পুৰু হাৰিছে বুলি  লিখিলে। স্ট্ৰেবো, শ্বানবেককে ধৰি আন কিছুমান গ্ৰীক ঐতিহাসিকৰ মতে মেগেস্থনীছে তেওঁৰ 'ইণ্ডিকাত' ভাৰতৰ বিষয়ে বহুত মিছা কথা লিখিছে।


 স্কটলেণ্ডৰ University of St. Andrews ৰ প্ৰফেছাৰ  অলী আনসাৰীৰ মতে --প্ৰাচীন ইৰাণী অকেমেনিড সাম্ৰাজ্যৰ   ৰাজধানী পৰ্সেপোলিসত থকা  ধ্বংসাৱশেষ  চাবলৈ অহা পৰ্য্যটক সকলক তিনিটা কথা কোৱা--


১) এয়া মহান ডেৰিয়ছে সজাইছিল। 

২) ইয়াক তেওঁৰ পুত্ৰ জেৰক্সস এ আৰু  ডাঙৰ কৰিলে ।

৩) কিন্তু ইয়াক আলেকজেণ্ডাৰে ধ্বংস কৰি পেলালে ।


ইৰাণৰ ঐতিহাসিকৰ মতে আলেকজেণ্ডাৰে ইৰাণৰ প্ৰাচীন ধৰ্মৰ লোক পাৰ্সী সকলৰ উপাসনা স্থান বিলাক সম্পূৰ্ণ ধ্বংস কৰি দিছিল। 


এই ধ্বংস কাৰী জন কেনেকৈ মহান হব পাৰে ?( Assamese Article )

ভাৰতৰ সীমাত উপস্থিত হওঁতে সৰু সৰু পাহাৰীয়া ৰাজ্যৰ ৰজা  বিলাকে তেওঁক ভালদৰেই প্ৰতিৰোধ কৰিছিল। মস্সাগা অৰ্থাৎ মৎসৰাজৰ ৰাজ্যত মহিলালৈকে সকলো আলেকজেণ্ডাৰৰ বিৰুদ্ধে ঠিয় দিয়াত মৎস্যৰাজৰ লগত সন্ধি কৰাৰ নাটক কৰি ৰাতিৰ অন্ধকাৰত মনে মনে আক্ৰমণ কৰি মহিলা ল'ৰা, ছোৱালী সকলোকে তৰোৱালেৰে কাটি পেলালে। 


প্ৰকৃত সত্য কি ?


পুৰুৰ নাম গ্ৰীক ঐতিহাসিক সকলে  'পোৰস' বুলি লিখিছে। নিৰপেক্ষ গ্ৰীক ঐতিহাসিক,  দাৰ্শনিক প্লুটাৰ্কে লিখিছিল-- আলেকজেণ্ডাৰে সম্ৰাট পুৰুৰ ২০,০০০ সেনাৰ সমূখত ঠিয় হব পৰা নাছিল। আগত বিশ্বৰ মহানতম্ ৰাজধানী মগধৰ মহান সম্ৰাট ধনানন্দৰ ৩,৫০,০০০ সেনা তেওঁক স্বাগতম কৰিবলৈ ৰৈ আছিল  য'ত- ৮০,০০০ অশ্বাৰোহী, ৮০,০০০ যুদ্ধৰ ৰথ আৰু ৭০,০০০ গজ সেনা অৰ্থাৎ হাতী উঠা সেনা আছিল। পুৰুৰ  সৈনিক বিলাকে শত্ৰুক মূৰ্গীৰ ডিঙি কটাদি কাটিছিল।


আলেকজেণ্ডাৰে জীৱনৰ শেষ যুদ্ধ ৰজা পুৰুৰ লগত কৰিছিল। ৰজা পুৰুৰ সাম্ৰাজ্য ঝেলাম নদীৰ পৰা চেনাব নদী পৰ্য্যন্ত।  ঐতিহাসিকৰ মতে আলেকজেণ্ডাৰক ঝেলাম নদী পাৰ হবলৈ দিয়াটো পুৰুৰ ভূল হৈছিল কিন্তু নদী পাৰ হওঁতেই নদীত বান আহিছিল । 


গান্ধাৰ তক্ষশীলাৰ ৰজা অম্ভী আৰু ৰজা পুৰুৰ মাজত শত্ৰুতা আছিল। সেয়ে আলেকজেণ্ডাৰক অম্ভীয়ে স্বাগতম্ জনাইছিল। 


যুদ্ধৰ প্ৰথম দিনা আলেকজেণ্ডাৰৰ সৈন্য বহিনীয়ে ভয়ঙ্কৰ যুদ্ধৰ সন্মূখীন হব লগা হৈছিল। তথাপিও আলেকজেণ্ডাৰে নিজৰ বিশ্বাসৰ আৰু সুদক্ষ সৈন্য গোটটোৰ লৈ পুৰুৰ হস্তীআৰোহী সৈন্যৰ মাজত  সোমাই গৈছিল। তেতিয়া পুৰুৰ ভাই অমৰে তৰোৱালেৰে আলেকজেণ্ডাৰৰ ঘোঁৰা আহত কৰাত তেওঁ মাটিত পৰি গ'ল । সেইসময়ত ৰজা পুৰুও সেইঠাইত উপস্থিত হৈ তৰোৱাল ডাঙি লৈ ৰৈ গ'ল। ৰজা পুৰুৱে ভয় কৰি ৰৈ যোৱা নাছিল মাত্ৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰিহে ৰৈ গৈছিল। কিয়নো আলেকজেণ্ডাৰ সেই সময়ত অসহায় আছিল। নিজৰ একমাত্ৰ অঙ্গ ৰক্ষকৰ লগত আলেকজেণ্ডাৰ কথমপি পলাবলৈ  সক্ষম হয় যদিও বাটত বেবীলোনত তেওঁৰ মৃত্যু হয় ।

#গৌৰৱোজ্জ্বল_ভাৰত  

জুলা শৰ্মা 

নতুন দিল্লী

Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Article )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages