ৰাতিপুৱা নিজৰ কৰ্তব্যস্থলীত যোৱাৰ সময় হ'ল | ৰিদীপে আহি পদুলিমুখ পালে |ওলাই আহি সি এবাৰ ৱাল খনৰ ফালে চকু ফুৰালে |( Assamese Storyboard )
এয়া কি ৱাল খনত কোনোবাই তাৰ পত্নী নিবিৰ নামটো লিখি থোৱাৰ লগতে নিবিৰ ধুনীয়া চকুযুৰি ও আকি থৈছে | ৰিদীপৰ মূৰে কাম নকৰা হ'ল | কাৰ কাম বাৰু এইটো |সি গৈ নিবিক শুধিৱ নেকি ! নাই নাই অফিচলৈ দেৰি হব| অফিচৰ পৰা আহি নিবিক শুধিব লাগিব| সি অফিচ গ'লগৈ |
কিন্তু আজি দেখোন ৰিদীপৰ অফিচত মন বহা নাই | বাৰে বাৰে তাৰ মনটো উৰি গৈছে ৱাল খনত আকি থোৱা তাৰ পত্নীৰ মৰমৰ চকুযুৰিলৈ | নিবি বহুত ধুনীয়া | হয়টো এতিয়াওঁ বহুত ডেকা ল'ৰা তাইৰ ৰূপ যৌৱনত বলিয়া | নাই সি আজি অফিচত মন বহাব পৰা নাই | কি কৰা যায় বাৰু ! শেষত সি অফিচ আধাতে সামৰি ঘৰলৈ গুছি আহিল | আহিয়ে বাহিৰৰ পৰা চিঞৰিলে,,,
- নিবি,নিবি
- অ কি হ'ল,আজি ইমান সোনকালে আহিলা যে,,,,,,
- আহিলো,মনটো ভাল লগা নাই |
- কিয় ?
- এনে দিয়া,,,,,
- না মোক কৱই লাগিৱ,কোৱা
- নিবি তুমি কাৰোবাৰ প্রেমত পৰিছা ?
নিবিৰ বকুখন কপি উঠিল |ৰিদীপে বাৰু এইবোৰ কি বলকিছে | সি পাগল হোৱা নাইটো |
- ৰিদীপ তুমি পাগল হ'লা নেকি ?
- অ মই পাগল হৈছো | আমাৰ ৱালত তোমাৰ চকু দুটাৰ ছবি কোনে আকিছে ?
- কি !
- তোমাৰ নাম কোনে লিখিছে ?
এইবোৰ কি হৈছে বাৰু ! ৰিদীপে নিবিৰ হাত খনত ধৰি একপ্রকাৰ তানি লৈ গ'ল |
- চোৱা,ৱাল খন ভালকে লক্ষ্য কৰা |
হয়টো তাইৰ সুন্দৰ চকুযুৰি কোনোবাই ৱাল খনত অংকন কৰিছে |
ৰিদীপে খংতে ৱাল খনৰ লগত মিলা ৰং এটা আনি সকলো মছি দিলে |
সিহতৰ মাজত বুজাবুজিৰ অভাৱ হ'ল ,সংসাৰত জুই জ্বলাৰ আৰম্ভ কৰিলে | ইমান ভাল সম্বন্ধ এটিত ঘূনে ধৰিলে |
কিন্তু আচৰিত একেটা কাম আজি তিনিদিন একেৰাহে হৈ আছে |সদায় ৰিদীপে মছি দিয়ে আকৌ ৰাতি চকুযুৰি অংকন কৰে |
- নিবি,তোমাক মই ডিভোৰ্চ দিম !
এনেকুৱা এটা কথা শুনাৰ লগে লগে নিবিৰ মূৰটো আছান্দ্রাই কৰিব ধৰিলে |
তাইটো একো ভুল কৰা নাই,তেতিয়া হ'লে ৰিদীপে কিয় এনেকুৱা সিদ্ধান্ত লৈছে |
- ৰিদীপ তুমি কথা এটা শুনাছোন,,,,
- হব ! একো নুশুনো মই,তুমি চৰিত্রহীনা,নষ্ট মহিলা তুমি |এনেকুৱা এজনী মহিলাক মোৰ পত্নী বুলি চিনাকী দিব ঘৃনা লাগে |
তাইৰ হৃদয় খন যে ভাঙি গ'ল |কোনে বাৰু তাইৰ সংসাৰ খনত জুই জ্বলালে !
তাই চিঞৰি চিঞৰি কান্দিব ধৰিলে |
- কান্দোন বন্ধ কৰা |তোমাৰ ঘৰিয়ালৰ চকুপানী আৰু মই নাচাওঁ |
ৰিদীপে আজি তাইৰ চকুপানী খিনিওঁ ঘৰিয়ালৰ চকুপানী বুলি কলে |
ৰিদীপে আজি ঘৰতে মদ খাই আছে | তাইৰ সহ্য নহল |
- ৰিদীপ তুমি মদ খাইছা,
- দেখা নাই নেকি ? নে অন্ধ হ'লা |
- কিন্তু মদ কিয় খাইছা তুমি ?
- তোমাৰ দেউতাৰৰ পইচাঁৰে খোৱা নাই,তুমি মনে মনে থাকা |
কিন্তু নাই ৰিদিপে মদ খাব নোৱাৰে | তাই ৰিদীপৰ হাতৰ পৰা গ্লাছ কাঢ়ি আনিব বিছাৰোতে ৰিদীপে তাইৰ গালত প্রচণ্ড এটা চৰ সোধাই দিলে |
- মোৰ ওপৰত তোৰ একো অধিকাৰ নাই মনত ৰাখিবি |
নিবি সকলোফালে কেৱল এন্ধাৰ দেখিলে |তাই গৈ কিবাকে বিচনা খনত পৰিলে |তাইৰ জীয়াই থকাৰ হেঁপাহ কন ও নোহোৱা হ'ল |কিছু সময় পাছত ৰিদীপ শুবলৈ আহিল |
- ঐ কালি তই ঘৰত গুছি যাবি |
ৰিদীপৰ আদেশ শুনি তাই কোনো প্রত্যুওৰ নিদিলে | কিন্তু তাই প্রমান কৰিব যে এইবোৰত তাইৰ একো ভুল নাই | সি তোপনি গ'ল | হয়টো মদৰ ৰাগীত তাৰ সোনকালে তোপনি আহিল | কিন্তু নিবিৰ আজি তোপনি অহা নাই | তাই জীৱনটোৰ কথাই ভাৱি থাকিল কি হৈ গ'ল জীৱনটো |তাই ঘড়ীটোলৈ চালে | সময় ৰাতিপুৱা তিনি বাজি গ'ল |তাই ৰিদীপে গম নোপোৱাকৈ বিছনাৰ পৰা উঠিলে | অকমান ঠাণ্ডা পৰিছে সেয়েহে গাত এৰি চাদৰ খন লৈ বাহিৰত ওলাই আহিল | ৰাতি পোহৰ হোৱাই নাই | কিন্তু আজি যেন তাইৰ মনত ভয় নাই | কাৰন আজি তাই সত্য উদঘাটন কৰিবই লাগিব|তাই লাহে লাহে পদুলি মুখলৈ খোজ দিলে | অতি সংযত ভাবে তাই আগবাঢ়িল |পদুলি মুখ পাই দেখিলে সিহতৰ ওৱাল খনত এজন মানুহে অংকন কৰি আছে | তাই লাহে লাহে মানুহজনৰ কাষ চাপিবলৈ চেষ্টা কৰিলে | কিন্তু মানুহজনৰ যেন কোনো ভ্রক্ষেপ নাই,সি মাত্র তাৰ কামত ব্যস্ত |আৰু মানুহজনে মাজে মাজে কাহি আছে | পিন্ধনত মলিয়ন কাপোৰ |আউলি বাউলি ধূলিৰে ভৰা দীঘল ছুলি |যেন এজন পাগল মানুহ |
- কোন আপুনি ?
নিবিৰ কথাত মানুহজনে কোনো গুৰুত্বই নিদিলে |
- আপুনি মোৰ সংসাৰ খনত কি কাৰনত জুই জ্বলাইছে ?
নাই মানুহ জনে কোনো উওৰ নকৰে |
ৰিদীপে সাৰ পাই নিবিক বিছনাত নেদেখি আচৰিত হ'ল | কত গ'ল তাই ! নে তাই আত্মাহত্যা কৰিলে | নাই নাই তাই আত্মাহত্যা নকৰে |তেতিয়া হ'লে কত গ'ল তাই ! হয় তাই সেই ওৱাল ছবি অকা প্রেমিকজনৰ লগত গুছি গ'ল |তাইক মই বিছাৰিব লাগিব |ৰিদীপে বিছনাৰ পৰা একেজাপে নামি বাহিৰত ওলাই আহিলে | সি পদুলি মুখলৈ খোজ দিলে |( Assamese Storyboard )
সি কি দেখিছে ! মানুহ এজনে ৱাল খনত ছবি আকি আছে আৰু নিবি পাছফালে থিয় হৈ আছে |
- ৰিদীপ , এইজন মানুহে মোৰ ছবি আকিছে |
- কোন মানুহ
- নাযানো,মোক কোনো গুৰুত্বই দিয়া নাই |
ৰিদীপে মানুহজনৰ কাষলৈ আহিলে ,,,,
- হেৰি, কোন আপুনি ?
কিন্তু নাই মানুহজনে ৰিদীপক ও কোনো গুৰুত্বই দিয়া নাই |
- কিয় আপুনি ৱালত সদায় মোৰ পত্নীৰ চকুযুৰি অংকন কৰে ? কিয়
নাই মানুহজন মাত্র ছবি অকাতে ব্যস্ত |ৰিদীপৰ বহুত খং উঠিলে | সি মানুহজনৰ চুলিত ধৰি ৱাল খনতে মূৰটো মাৰি দিলে | আৰু লগলগ মানুহজন বাগৰি পৰিল |মানুহজন ৰ কপালৰ পৰা তেজ ওলাই আহিল |
কিন্তু এয়া কি ! এয়া দেখোন আফজাল খুড়া |তাই লগে লগে আফজালৰ মূৰটো তাইৰ কোলাত তুলি ল'লে |ৰিদীপ আচৰিত | এই মানুহজনৰ লগত নিবিৰ সম্পৰ্ক কি !
- খুড়া ,আপুনি মোক ক্ষমা কৰিব | মই আপুনি বুলি জনা নাছিলো | আৰু মোৰ স্বামী ইমান বেয়া মানুহ নহয় | আচলতে এই কথাটো লৈহে আমাৰ সংসাৰত জুই জ্বলিছিল |
- মাজনী তই কুশলে আছ নে,,,,,
- আছো খুড়া মই ভালে আছো |
আফজালে নিবিৰ গালত আলফুলে হাত ফুৰাই দিলে |
ৰিদীপে কি ৰহস্য বুজি নাপালে |
- ৰিদীপ খুড়াক আমাৰ ঘৰলৈ লোৱা,তোমাক মই ঘৰতে সকলো কম |
নিবি আৰু ৰিদীপে আফজালক সিহতৰ ঘৰলৈ লৈ আনিলে |
- ৰিদীপ এতিয়া শুনা আফজাল খুড়া আৰু মোৰ প্রেম কাহিনী |
আচলতে মোৰ ঘৰ আছিল মাজুলিত | এখন সাধাৰন ঘৰ | আমাৰ ঘৰত অকল মা দেউতা আৰু মই আছিলো সদশ্য |এবাৰ ডাঙৰ বানপানী এটাই আমাৰ সকলোবোৰ শেষ কৰি পেলাইছিল |সেই বলিয়াবানত মোৰ মা আৰু দেউতা উটি গৈছিল | মই মা আৰু দেউতাক চিৰ দিনৰ বাবে হেৰুৱালো | মা-দেউতাক হেৰুৱাই মই মানসিক ভাৰসাম্য হেৰুৱাই পেলালো | তেনেকে মই এদিন আহি আহি গুৱাহাটী মহানগৰী পাইছিলো | মোৰ ৰূপ আৰু যৌৱন দেখি এদিনাখন কেইটা মান ডেকা ল'ৰাই মোৰ সতিত্ব হৰন কৰিৱ বিছাৰিছিল |কিন্তু সেই সময়তে আফজাল খুড়া সেই ঠাইত আহি উপস্থিত হৈছিল |আৰু ল'ৰা কেইটা পলাল | আৰু তেওঁ মোক তেওঁৰ ঘৰত লৈ আহিল |
- তোৰ ঘৰ
- মাজুলিত
- তোৰ নাম
- নিবি, নিবি চলিহা
- মই কিন্তু মুছলমান মানুহ | মোৰ হাতেৰে খাবি জানো ?
- খাম !
মই আফজাল খুড়াৰ ঘৰতে থাকিলো | তেওঁ বোলে আজিলৈ বিয়াই নাপাতিলে | এজনী ছোৱালীক ভালপাইছিল তেওঁ দুখীয়া কাৰনে সিহতৰ ঘৰৰ মানুহে খুড়াৰ তাত বিয়া নিদিলে | খুড়াৰ নিসংগ জীৱনৰ সংগী মই হ'লো | তেতিয়াৰ পৰা খুড়া আৰু মোৰ মাজত বাপ-বেতিৰ প্রেমৰ সম্পৰ্ক গঢ়ি উঠিল |
তেনেকেই খুড়াৰ ঘৰত থাকোতে তুমি মোক এদিন লগপাইছিলা |আৰু তুমি মোক বিয়াৰ প্রস্তাৱ দিছিলা |
- খুড়া মোক এজন মানুহে আজি বিয়াৰ প্রস্তাৱ দিছে,,,,
- অ ভাল কথা | কি কৰে ল'ৰা জনে
- ইঞ্জিনিয়াৰ |
- বাহ মজা,তাৰ নাম ?
- ৰিদীপ বৰুৱা, মাতি দিম নেকি আমাৰ ঘৰত?
- নাই নালাগে আই,তই মুছলমানৰ ঘৰত থকা গম পালে তোক বিয়া নাপাতিৱ |
তাৰ পাছত তোমাক মই কৈছিলো যে মোৰ কোনো নাছিল |
- ব'লা আজিয়ে তোমাক লৈ যাওঁ মোৰ ঘৰত |
- কিন্তু
- কোনো কিন্তু নাই,তুমি অকলশৰীয়া মই ও,গতিকে আমি এনেকে সংসাৰ আৰম্ভ কৰিম |
- আজি নহয় | কালি যাম |
- হৱ তোমাক মই মন্দিৰতে সেন্দুৰ পিন্ধাম |
মই ঘৰলৈ আহিলো | আৰু খুড়াৰ পৰা বিদায় ললো |
ভৰি দুখনত সাবতি,,
- খুড়া,তোমাৰ কাৰনে মই মানুহ হৈ জীয়াই থাকিব পাৰিলো | তুমি মোৰ পিতৃ | তোমাৰ মৰমত মই মা দেউতাৰ অভাব অনুভৱ নকৰিলো | কিন্তু তোমাক মই ভিক্ষা খুজিম |
- ক' মাজনী !
- তুমি মোৰ চকুযুৰিৰ ছবি এখন আকিবা ,মোক লাগিব |
খুড়াই ভাল ছবি আকিছিল |
আৰু মই তোমাৰ ওচৰত গুছি আহিলো |
ৰিদীপে মাত্র চকুপানী তুকিলে |
মই খুড়াক বিছাৰি বহুদিন ৰুমটোত গৈছিলো কিন্তু খুড়া আজিকালি তাত নাথাকে,,,,
- মাজনী তই অহাৰ পাছতে মই ৰুম সলনি কৰিলো | কাৰন তোৰ স্মৃতি বোৰে মোক খেদি ফুৰে | এতিয়া মোৰ জীৱনৰ অন্তিম সময় সেয়েহে তোৰ চকুযুৰি তহতৰ ওৱালতে আকি থব খুজিছিলো | মই কেতিয়াওঁ তোৰ ঘৰত আহিব বিচৰা নাছিলো | কাৰন মই মুছলমান ,যদি,,,,,
- নাই খুড়া, নিবি আৰু আপুনি মোক ভুল বুজিলে | মই মানুহক সদায় মানুহ হিচাপে গন্য কৰো | হিন্দু কি,মুছলমান কি,,,,আমাক কাতিলে ৰঙা তেজেই ওলাব | এইখন শংকৰ-আজানৰ দেশ খুড়া | আপুনি মই মিলিয়ে আমি অসমীয়া | আপুনি আজিৰ পৰা আমাৰ দেউতা | নিবি মোক ক্ষমা কৰিবা |
- কিন্তু কিয় ?
- মই তোমাক বহুত কষ্ট দিলো | আৰু খুড়া আপুনি আৰু ওৱালত নিবিৰ চকু আকিব নালাগে | কাৰন " ষ্টীক ন' বিলছ " সেইটো এটা অপৰাধ | গতিকে আপুনি আজিৰ পৰা আমাৰ ঘৰত নিবিৰ চকু আকি থাকিব |
- হৱ বোপাই,,,,
- অকল নিবিৰ চকু আকিলে নহব | মোৰো আকিব লাগিব |
আটায়ে হাঁহিলে |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
-
No comments:
Post a Comment