ইতিমধ্যে নদীখনত বোৱাৰীজনীৰ সন্ধান অব্যাহত আছে | নদীৰ বাঢ়নী পানীয়ে তাইক কিমান দূৰ উটুৱাই নিছে সেয়া উদ্ধাৰ কৰাৰ পাছত হে গম পোৱা যাৱ ( Assamese Storyboard ) | এন.ডি.আৰ.এফৰ এটা দ'লে তাইৰ উদ্ধাৰৰ বাবে দিনৰাতি লাগি আছে |
দলংৰ ওপৰত গাৱ খনৰ মানুহৰে ভৰি পৰিছে |
তেনেতে চিঞৰ বাখৰ লাগিল | " ঐ পাইছে ,সৌ নদীৰ বান্ধৰ কাষতে তাইৰ মৃতদেহ উপঙী আছে "
অৱশেষত তাইৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল |
সোনাৰী গাওঁ খনৰ বোৱাৰী অৰুনাই আত্মাহত্যা কৰিলে | কিন্তু কিয় ?
গাৱঁ খনৰ ভিতৰত চহকী ব্যক্তি বেংক মেনেজাৰ নিৰ্বান চলিহাৰ পত্নী অৰুনা | এখন আভিজাত্য ঘৰৰ বোৱাৰী তাই | ঘৰৰ সন্মতিত এদিন নিৰ্বানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল তাই | সিহতৰ সংসাৰ খনত আহিছিল " কাজল " নামৰ এজনী মৰম লগা ছোৱালী | কাজলক লৈ নিৰ্বান আৰু অৰুনাৰ এখন সুখৰ সংসাৰ | লাহে লাহে কাজল ডাঙৰ হ'ল |স্কুলত দিলে তাইক |
কৰ্ত্তব্যৰ পৰা আহি সদায় নিৰ্বানে কাজলক পঢ়াই | তাইৰ লগত উমলে | কিন্তু তেনেতে নিৰ্বানৰ ট্রেন্সফাৰৰ নিৰ্দেশ আহিল | নিৰ্বানে ডিব্রুগড়লৈ বুলি ট্রেন্সফাৰ হ'ল | সি ভাৱিলে যিহেতু কাজলক ইয়াতে স্কুলত দিয়া গ'ল গতিকে সি আৰু অৰুনা হতক ডিব্রুগড় লৈ নাযায় | সিহত ইয়াতে থাকিব সি মাহৰ মূৰত এদিন ঘৰত আহিব |
কালি ৰাতিপুৱাঁই সি ডিব্রুগড় যাব | লগত সি পলক লৈ ঘৰত আহিল |
- অৰুনা , অকমান ওলাই আহাছোন |
নিৰ্বানৰ মাতত অৰুনা বাহিৰত ওলাই আহিছিল | নিৰ্বানৰ লগত এজন ল'ৰাক দেখিছিল তাই |
- অৰুনা এয়া পল |আমাৰ কাজলৰ স্কুলৰ শিক্ষক | কালিৰ পৰা সন্ধিয়া সন্ধিয়া পলে আমাৰ কাজলক টিউচন কৰিব |
অৰুনাই নিৰ্বানৰ কথা খিনি সমৰ্থন কৰিলে |
- দাদা তেতিয়া হ'লে মই আজি আহো হে |
- উম থিক আছে | কিন্তু তুমি কালিৰ পৰা আহিবা ,আৰু পইচাঁ পাতিৰ সমশ্যা হ'লে নবৌক কবা |
- উম থিক আছে |
বুলি কৈ পল গ'ল গৈ |
- তাইক এতিয়া টিউচন নিদিয়া হ'লেওঁ হ'ল হেতেন |
অৰুনাই নিৰ্বান ক কৈছিল |
- হব দিয়া একো নাই | দুখীয়া ঘৰৰ ল'ৰা | গতিকে দুটা পইচাঁ সি উপাৰ্জন কৰক |
অৰুনাই আৰু নিৰ্বানৰ কথাত প্রতিবাদ নকৰিলে | ৰাতি ৰন্ধা বঢ়া কৰি খাই সিহত শুলে |
নিৰ্বান যাৱলৈ ওলাল | সি দেখিছিল অৰুনাই কান্দিছিল |
- ধেত,কিয় কান্দিছা ?
- তুমি খোৱা লোৱা সময় মতে কৰিবা |
- হব কৰিম | আৰু তুমি চিন্তা নকৰিবা মই আহি থাকিম নহয় |
কথাখিনি কৈ সি গাড়ী ষ্টাৰ্ট দিলে |
- অৰুনা, কাজলক অকমান মন কান দিবা |
কথাখিনি কৈ নিৰ্বান গ'লগৈ |
আজি অৰুনাৰ মনটো উৰুঙা উৰুঙা লাগিল | যেন নিৰ্বান তাইৰ পৰা বহুত দূৰত গুছি গ'ল |এতিয়া তাই কাজলক লৈ থাকিব লাগিব এই মস্ত ঘৰখনত |
সন্ধিয়া সময়ত বাহিৰত কলিং বেলটো বজাত তাই দৰ্জাখন খুলি বাহিৰত ওলাই আহিল |
- নবৌ , মই হে পল |
- অ পল তুমি ? আহা আহা ভিতৰত আহা |
পল ভিতৰত সোমাই আহিল |
তাই কাজলক পঢ়া টেবুলত বহাই দিলে | আৰু পলে পঢ়োৱা আৰম্ভ কৰিলে | অৰুনা পলৰ চাহৰ জোগাৰ কৰিব পাকঘৰত ব্যস্ত হ'ল |
এনেকে প্রতি সন্ধিয়া পলে কাজলক টিউচন কৰিবলৈ আহে |
আজিওঁ পলে কাজলক টিউচন কৰিব আহিল | আৰু সি কাজলক পঢ়োৱাত ব্যস্ত |
কিন্তু কি হ'ল জানো | নিৰ্বান যোৱাৰ পাছত তাইৰ মনটো একেবাৰে ভাল নালাগে | নিৰ্বানে ব্যস্ততাৰ বাবে এটা ফোন ও নকৰে | টকা - পইচাঁ ই জানো সকলো | মানুহৰ মনত মানসিক অশান্তি হোৱাৰ নিচিনা কষ্ট একো নাই |
পলে অৰুনাক লক্ষ্য কৰিছিল | মানুহজনীৰ মুখত হাঁহি - স্ফুৰ্ত্তি নাই | যেন কিবা গোপন বিষাদত মগ্ন তাই | ইতিমধ্যে পল আৰু অৰুনা কিছু সহজ হৈছিল|
- নবৌ আপোনাক কথা এটা সোধো বেয়া পাব নেকি ?
পলৰ কথাত তাইৰ চকুৰ পতা বহল হৈছিল | তথাপি তাই সহজ ভাৱে সুধিছিল | কি কথা সুধিবা সোধা |
- মই লক্ষ্য কৰিছো ,আপুনি প্রতিটো মহূৰ্ত্ততে মন মাৰি থাকে কিয় ?
তাই আচৰিত হৈছিল | তাৰমানে পলে তাইক গোপনে গোপনে লক্ষ্য কৰি থাকে |
- নাই এনে |
তাই সহজ ভাৱে তাক উত্তৰ দিছিল |
- নাই নবৌ আপুনি কথা নুলাকাৱ | মই বুজি পাইছো আপোনাৰ হৃদয়ত যেন বহুত দুখ সোমাই আছে |
তাইৰ এইবাৰ খং উঠিল | কি দৰকাৰ,কি প্রয়োজন সি তাইক ইমান লক্ষ্য কৰিব |
- শুনা পল ,তোমাৰ দায়িত্ব হ'ল আমাৰ মাজনীক টিউচন কৰা | গতিকে মোৰ ব্যক্তিগত কথাত তুমি হস্তক্ষেপ কৰাটো নিবিচাৰো |
তাইৰ কথাখিনিয়ে পলৰ হৃদয়ত আঘাত কৰিছিল | কি প্রয়োজন আছিল তাৰ ইমান লক্ষ্য কৰিব | সেইদিনা সি টিউচন শেষ কৰি ঘৰলৈ গ'ল |
আজি দুদিন হ'ল পল টিউচনত অহা নাই | কিয় অহা নাই সি ! তাৰ অনুপস্থিতিত তাইৰ মনটো বেছি ৰিঙা ৰিঙা লাগিল |
উম সেইদিনা তাই কৰা ব্যৱহাৰৰ কাৰনে চাগে সি অহী নাই | কিয় ক'লে তাই তাক তেনেকে | আচলতে সি তাইৰ মনটো বুজিছিল | সি চাগে তাইক বেয়া পাইছে | নাই যেনেকে নহওঁক তাই কালি তাৰ লগ কৰিব |
পিছদিনা ৰাতিপুৱাঁই তাই কাজলৰ স্কুলত গ'ল | তাইক স্কুল ৰ শ্রেণীকোঠাত থৈ তাই স্কুলৰ অফিচ ৰুমত গ'ল | কিন্তু অফিচ ৰুমত সি নাছিলে |
- এক্সকিউজ মি
তাই স্কুল খনৰ অন্য এজন শিক্ষকক কৈছিল |
- হয় কওঁকচোন |
- মানে পল স্কুল ত অহা নাই নেকি ?
- অ পল দুদিন মান স্কুল ত অহা নাই | শুনিছো তাৰ হেনো বেমাৰ |
তাই খৱৰটো শুনি পলৰ ঘৰৰ পৰিচয় লৈ পলক বিচাৰি ঘৰত ওলাল | ঘৰত সোমাই পলৰ মাকক লগপালে | আৰু তাইৰ পৰিচয় দিয়াৰ লগে লগে মাকে তাইক পলৰ কোঠাত লৈ গ'ল | পলে বিচনাখনত শুই আছিল | পলে অৰুনাক তেনে দেখি আচৰিত হৈছিল |
- নবৌ আপুনি ?
- কিয় , আচৰিত হ'লা যে ?
- নহয় মানে আপুনি আমাৰ নিচিনা এখন ঘৰত !
- হব বেছি কথা নকবা | বেমাৰ কেনে পালা ?
- অকমান ভালপাইছো |
- এয়া লোৱা ২০০০ টকা বেমাৰত খৰছ কৰিবা |
- কিন্তু মইটো যোৱা মাহৰ পইচাঁ লৈছো |
- হব এয়া তোমাৰ টিউচন ফিছ নহয়,এয়া মোৰ ফালৰ পৰা বেমাৰৰ কাৰনে দিছো | আৰু এইটো মোৰ ফোন নং প্রয়োজন হ'লে ফোন কৰিবা |
কথাখিনি কৈ অৰুনা গ'লগৈ | প্রবালৰ যে আজি লোভ বাঢ়িল | তাৰমানে অভাৱী জীৱনটোত কিছু সহায় হব | তাৰমনটো আনন্দত নাছি উঠিল | ( Assamese Storyboard )
সি পিছদিনাই আকৌ টিউচনত আহিলে | সি কাজলক পঢ়াই আছিল |
- পল
- অ নবৌ কওঁক |
- আচলতে সেইদিনা তোমাক তেনেকে কৈ মই বেছি দুখী অনুভৱ কৰিছো | কিন্তু মই আজি সুখী তুমি যে মোৰ মনটোক বুজিছা | আজিলৈ মোৰ এই মনটো কোনেওঁ বুজি নাপালে জানা |
সি আচৰিত হৈছিল অৰুনাৰ আচৰনত | বুজিছিল সি তাইৰ মনৰ সংবাদ |
লাহে লাহে সিহতৰ মাজত ঘনিষ্ঠতা বাঢ়িল | ইজনে সিজনৰ লগত দিনৰ দিনটো মোবাইলতে কথা পাতি সময় কতাই | অৰুনাই আজি কালি নিৰ্বানৰ অভাৱ অনুভৱ কৰিব পাহৰি গ'ল | যেন এতিয়া হে তাইৰ আপোন মানুহ তাইৰ ওচৰ চাপিছে |
সিহতৰ সম্পৰ্ক এতিয়া প্রেমলৈ ৰূপান্তৰিত হ'ল | একমিনিট নহ'লে তাই যে পাগল হৈ যায় |কিমান যে কথা সিহতৰ ফোনত |
আজি সন্ধিয়া মোমায়েক আহি কাজলক লৈ গ'ল | কিন্তু তাৰ কিছু সময় পাছতে পল টিউচনত আহিল | সি সিহতৰ ঘৰত সোমোৱাৰ লগে লগে বাহিৰত দবাপিতা বৰষুণ |
- পল আজি কাজল নাই | মোমায়েকৰ ঘৰত গ'ল |
সি যে মনে মনে ভালে পালে | সি তাইক দেখাই এনে যাৱলৈ লোৱা অভিনয় কৰিলে |
- মই তেন্তে আহো |
তাই লগে লগে তাৰ হাত খনত জোৰকৈ ধৰিলে |
- ক'ত যোৱা ? এনেকুৱা এটা মধুৰ সন্ধিয়া আকৌ জানো কেতিয়াবা পাবা ?
তাইৰ ইংগিত পাই তাৰ মনটো নাছি উঠিছিল | সেই সন্ধিয়া নামি আহিছিল তাইৰ জীৱনৰ ডাঙৰ ভুল,ডাঙৰ অপৰাধ | সেই সন্ধিয়াই তাই পলক সকলো সপি দিছিল | আৰু এজন কামাতুৰৰ দৰে উপভোগ কৰিছিলে পলে | সেই সন্ধিয়া বলিয়া যৌৱনৰ বাত পাগলৰ দৰে হৈছিল তাই | পাহৰি গৈছিল তাই যে নিৰ্বান চলিহাৰ পত্নী | এখন আভিজাত্য ঘৰৰ বোৱাৰী |
পিছদিনা তাইৰ মনটোৱে আকৌ বিচাৰিছিল তাক | তাই তাক ফোন কৰিছিল |
- পল কত আছা তুমি ?
- মই অকমান ওলাই আহিছো |
- তুমি মোৰ ওচৰত নাহা নেকি ?
- যাম অকমান দেৰি হব |
সি ফোনটো কাতিছিল | এতিয়া পলৰ পকেটত পইচাঁৰ অভাৱ নাই | কাৰন তাৰ প্রতটো অভাৱৰ দায়িত্ব এতিয়া অৰুনাই লয় |
তাক তাৰ লগৰ ল'ৰা কেইটা মানে লগ পালে |
- হাৰে পল কি খৱৰ তোৰ ?
- ভাল ভাল তহতৰ ?
লগৰীয়া বোৰৰ লগত সি বহুদিনৰ মূৰত লগ হ'ল | আৰু সিহতে প্রস্তাৱ দিলে পাৰ্টিৰ | আৰু কথামতে কাম | সিহতে গোটেইবোৰ লগ হৈ পাৰ্টি কৰিলে | পল গোলাপী নিচাত মাতাল হ'ল |
আৰু পলৰ মোবাইলটো লগৰ এজনে খোচৰিলে | লগে লগে সিহতে অৰুনাৰ উলংগ দেহৰ ভিডিঅ' এটা পাই গ'ল |
হয় কালি সন্ধিয়া সি অৰুনাক ব্লেক মেইলিং কৰাৰ উদ্দেশ্যৰে তাই গম নোপোৱাকৈ সি তাৰ মোবাইলৰে ভিডিঅ' কৰি থৈছিল | আৰু তাৰ লগৰীয়া বোৰে তাৰ নিচাৰ সুযোগতে ভিডিঅ'টো সিহতৰ মোবাইলে মোবাইলে লৈ ল'লে | সি কিন্তু এইবোৰ একো ধৰিব নোৱাৰিলে |
পিছদিনা খন তাই কাজলক স্কুলত থৈ ঘৰলে উভতি আহোতে সিহতৰ চ'কত ডেকা ল'ৰাবোৰে আড্ডা মাৰি আছিলে | সিহতে তাইক দেখাৰ লগে লগে জোকাৱ ল'লে |
- ঐ আহিছে আহিছে তামাম বে | আমাক এবাৰ সুযোগ দিলে ভাল হয় |
কথা খিনি শুনি তাইৰ খং উঠিল | যি কেইটা ল'ৰাই তাইক দেখিলে আগতে মূৰ টুলি কথা কোৱা নাছিল | সেই ল'ৰাই আজি তাইক জোকাইছে কিয় ! পলে কিবা ক'লে নেকি ! নাই নাই সি কিয় কব | সি তাইক ভালপায় | তেনেহ'লে কিয় এনে ব্যৱহাৰ |
তাইৰ কাষেৰে অহা কলেজৰ ছোৱালী কেইটাই তাইক দেখি মুখত দুপাট্রাৰে ধাকি হাঁহিৱ ধৰিলে |
তাই আচৰিত | কি হ'ল আজি | নে তাইৰ মুখত কিবা ,,,নাই তাই গৈ গ্লাছত নিজক চাৱ |
তেনেতে তাইৰ ফোনটো বাজি উঠিল |
হাৰে নিৰ্বানে আজি এই সময়ত ফোন কৰিছে যে | কিবা অঘটন হ'ল নেকি ! তাই তাই ভয় ভয় কৈ ফোনটো ৰিচিভ কৰিলে |
- হেল্ল'
- অৰুনা তোমাক বহুত ধন্যবাদ |
তাই আচৰিত হ'ল , কি হ'ল মানুহবোৰৰ আজি |
- কিহৰ ধন্যবাদ ?
- মোক বিশ্বাস ঘাটকতা কৰা,মোৰ সন্মান হানি কৰাৰ বাবে |
কি কৈছে নিৰ্বানে |
- মানে ?
- আজিৰ পৰা তুমি মোৰ পত্নী নহয় | তোমাৰ হোৱাটচ্ আপত মই কিবা এটা দিছো চোৱা | তুমি যে ইমান চৰিত্রহীন মই জনা নাছিলো |
সি ফোনটো কাতি দিলে | চৰিত্রহীন ! তাৰমানে নিৰ্বানে কিবা গম পালে নেকি ?তাইৰ হৃদস্পন্দন বাঢ়িল |
তাই তাইৰ হোৱাটচ্ আপ খুলিলে | আৰু নিৰ্বানৰ নাম্বাৰটো চোৱাৰ লগে লগে তাইৰ মূৰটো আছান্দ্রাই কৰিব ধৰিলে |
কি দেখিছে তাই এইবোৰ | তাইৰ উলংগ দেহ,,,,,তাৰমানে ! নাই নাই তাই আৰু জীয়াই নাথাকে,পলে তাইক ইমান ডাঙৰ বিশ্বাস ঘাটকতা কৰিব বুলি ভৱা নাছিলে | তাই তাইৰ ভুল বুজি পালে |
তাই দৌৰিছে দিচাং নৈৰ ঘাটলৈ | পাছলৈ ঘূৰি চোৱা নাই তাই | পাহৰি গ'ল কাজলৰ কথা | দলং পাই তাই জীৱনৰ কথা চিন্তা নকৰি জাপ দিলে | মৃত্যুৰে ধাকিলে লজ্জা | মৃত্যু হ'ল এজনী বোৱাৰীৰ |
কিছুমান নভৱা চিন্তাকৈ বিচৰা সুখে মানুহক মৃত্যু মুখলৈ ঠেলি দিয়ে |
অৰুনাৰ মৃত্যুই তাকে বুজালে ,তাইৰ কাৰনে এজনী সন্তান মাতৃ হীনা হ'ল ,এজন মানুহৰ সন্মান হানি হ'ল |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese Storyboard ) কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment