সেই বৃদ্ধ মহিলা জনীক পাহৰাটো অসম্ভব (ভৌতিক ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 30, 2021

সেই বৃদ্ধ মহিলা জনীক পাহৰাটো অসম্ভব (ভৌতিক ) : Assamese Storyboard

Assamese Storyboard

অনিতা ফুকন। যি এগৰাকী অধিবক্তা। আৰু অনিতাৰ স্বামী আই.টি. কোম্পানিকে মেনেজাৰ। অনিতাহঁত কৰ্ম সুত্ৰে অসমৰ বাহিৰত থাকিছিল। অনিতা ২৭বছৰীয়া আছিল আৰু তাই ৭মহীয়া গৰ্ভৱতী আছিল।( Assamese Storyboard )

অনিতা গৰ্ভৱতী আছিল বাবে তাই নিজৰ কৰ্মৰপৰা চুটিত আছিল। সেইদিনা যেতিয়া অনিতাৰ স্বামী জয়ন্ত অফিচৰপৰা আহিল তেতিয়া অনিতাহঁতে ওচৰৰে পাৰ্ক এখনলৈ যাবলৈ ওলাল। নিশা ৮বাজিছিল। অনিতাহঁতে নিজৰ গাড়ীলৈ পাৰ্কলৈ গল যাতে পাৰ্কৰ পৰা ওভতি আহোঁতে অনিতাহঁৰ একো সমস্যা নহয়। 


অনিতাহঁত পাৰ্কলৈ গৈ দেখা পালে যে, বহু লোকে পাৰ্কত খোজ কাঢ়ি ঘূৰি ফুৰিছে। অনিতাহঁতে পাৰ্কত আধা ঘন্টা খোজ কঢ়াৰ পাছত, যেতিয়া অনিতা ভাগৰি গল তেতিয়া ঘৰলৈ ওভতি অহাৰ নিৰ্ণয় কৰিলে। অনিতাৰ স্বামী গাড়ীত বহিল আৰু যেতিয়া অনিতাই গাড়ীত বহিবলৈ গাড়ীৰ দৰ্জা খন খুলিবলৈ লওঁতে, এজনী বয়সীয়াল মহিলাই অনিতাৰ কাপোৰত ধৰি টানিবলৈ ধৰিলে। অনিতাই এয়া এক সাধাৰণ কথা বুলি সেই বয়সীয়াল মহিলা গৰাকীক পইচা নিদি গাড়ীত বহিল। অনিতাহঁতৰ গাড়ীখন আগুৱাই আহিল, যেতিয়া অনিতাহঁতৰ গাড়ীখন ট্ৰেফিক পইন্টত আহি ৰখিল, তেতিয়া পুনৰ অনিতাই সেই বয়সীয়াল মহিলা গৰাকীক দেখা পালে।( Assamese Storyboard )


তেতিয়াও অনিতাই এই কথাত বেছি গুৰুত্ব নিদি ঘৰ আহি পালেহি। পাচদিনা নিশা যেতিয়া অনিতাৰ স্বামী জয়ন্তই নিজৰ অফিচৰ কামৰ বাবে চহৰৰ বাহিৰলৈ গৈছিল, তেতিয়া অনিতা ঘৰত অকলে আছিল। নিশা যেতিয়া ২মান বজাত অনিতাৰ চকু খুল খাইছিল আৰু তেতিয়া অনিতাই যি দেখা পালে, সেয়া দেখি অনিতাৰ গা শিয়ঁৰি উঠিল আৰু অনিতাই নিজৰ চকুত বিশ্বাস কৰিব পৰা নাছিল। অনিতাই দেখা পালে যে, সেই বয়সীয়াল মহিলাগৰাকী অনিতাৰ বিচনাৰ এটা কোণত বহি আছিল আৰু অনিতালৈ চাই কৈছিল যে, আহা মোৰ ওচৰলে আহা। অনিতাই এবাৰ ভাৱিলে, তাই সপোন দেখা পাইছে বুলি। কিন্তু যেতিয়া অনিতাই পুনৰ চকু বন্ধ কৰি খুলিলে, তেতিয়াও সেই বয়সীয়াল মহিলা গৰাকী তাতে বহি আছিল। 


অনিতাৰ হৃদয়ৰ ধপ ধপনি বাঢ়ি গল। আৰু অনিতাই ভাবিলে যে, মোৰ সন্তানটিক যাতে একো অনিষ্ট নকৰে। তাই তাকে ভাবি ঘৰৰ দুৱাৰৰ ফালে দৌৰ মাৰি গল। আৰু ঘৰৰ বাহিৰলৈ ওলাই গৈ ওচৰ চুবুৰীয়াৰ দুৱাৰত মাত দিলেগৈ। অনিতা বৰ বেয়াকৈ ভয় খায় আছিল, কিন্তু তাই ওচৰ চুবুৰীয়াক একো নকলে। কাৰণ সেই বিষয়ে কলে যাতে ওচৰ চুবুৰীয়াই নাভাৱে অনিতা বলীয়া হল বুলি। কিছু সময়ৰ পাছতে অনিতাই জয়ন্তলে ফোন কৰিলে আৰু পাচদিনা পুৱাই জয়ন্ত আহি পালেহি। জয়ন্ত আহিলত নিশা ঘটা সকলো ঘটনা অনিতাই জয়ন্তক কলে।


যেতিয়া এই কথা অনিতাই নিজৰ মাকক কলে, তেতিয়া লৰালৰিকৈ অনিতাৰ মাক অনিতাৰ ঘৰলৈ গল আৰু অনিতাৰ ঘৰত সৰুকে পূজা এভাগ ৰাখিলে যাতে সেই বয়সীয়াল মহিলা গৰাকীৰ প্ৰেতাত্মা পুনৰ অনিতাক অশান্তি নকৰে। সেই পূজা ভাগৰ পাছত, অনিতাই পুনৰ সেই বয়সীয়াল মহিলা গৰাকীক কেতিয়াও দেখা নাপালে। এনেদৰে অনিতাই মাকে কৰোৱা পূজা ভাগৰ বাবে, অনিতা আৰু তাইৰ সন্তানটো সুৰক্ষিত হল।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

No comments:

Post a Comment

Advertisement

Pages