সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( দশম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 28, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( দশম খণ্ড ) : Assamese Storyboard

Assamese Storyboard

 

হঠাৎ চিপচিপিয়া বৰষুণ এজাক নামি আহিল । তিনি আলিটোৰ পৰা কিছু দূৰত থকা দোকান এখনৰ সন্মুখতে বাইকখন ৰখাই দিলে ভৈৰৱে ( Assamese Storyboard )। বাইকৰ পৰা নামি দোকানৰ আগফালে থকা সৰু চালিখনৰ তললৈ দুয়োটা সোমাই গ'ল । ক্ৰমাৎ যেন প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিলে । প্ৰচণ্ড মেঘৰ গর্জন , বতাহৰ হু- হোৱনী চকু চাট মাৰি ধৰা বিজুলীৰ চমক । মেঘৰ গর্জন শুনি ভয়ত ভৈৰৱৰ বুকুৰ মাজত সোমাল ৰাজীৱ । ভৈৰৱেও দুবাহুৰ মাজত সাৱটি ললে ৰাজীৱক । ভয়ত ৰাজীৱৰ উশাহবোৰ ঘন হবলৈ ধৰিলে । 

: ভৈৰৱ দা, মোৰ বৰ ভয় লাগিছে । ইমান মেঘে গাজিছে । বতাহজাকো বৰ ডাঙৰকৈ আহিছে । ...কপা কপা মাতেৰে ৰাজীৱে কলে ।


: কিয় ভয় কৰিছা , মই আছোঁ নহয়....! 


: বতাহ মাৰিলে মোৰ বহুত ভয় লাগে । কিয় মই নিজেই নাজানোঁ...! 


: বতাহৰ কাম বতাহে কৰিব আৰু আমাৰ কাম আমি কৰিম । আমিটো কাৰো অনিষ্ট কৰা নাই । আমাৰ একো নহয় , তুমি চিন্তা নকৰিবা ।


: মোৰ কিবা হয় বুলি ভয় কৰা নাই । তোমাৰ কিবা হয় বুলিহে মোৰ ভয় লাগিছে । মই মৰিলেও মা দেউতাক চাবলৈ দাদা আছে । তোমাৰটো কোনো নাই....


: তুমি কি ক'ব বিচাৰিছা....? তুমি যদি হেৰাই যোৱা মই কাক লৈ জীয়াই থাকিম....? বহুত ভাল পাই পেলালোঁ তোমাক.... । 


: ভৈৰৱ দা , বৰষুণ এৰালৈ বহুত ৰাতি হ'ব দেখোঁন । মালৈ ফোন এটা কৰি কৈ দিয়া । মায়ে চিন্তা কৰি থাকিব নহলে...


: ফোন কৰিব নালাগে । ৰাজীৱ...! তোমাক কথা এটা কৈ থওঁ..., আমাৰ মা অলপ কাঢ়া , কথাবোৰ বৰ খুচি বিন্ধি কয় , কিন্তু মানুহৰ প্ৰতি মৰমো আছে । গতিকে মায়ে তোমাক কিবা ক'লেও তুমি বেয়া নাপাবা দেই ...! 


: তোমাক ভাল পাওঁ যেতিয়া মায়ে টানকৈ কলেও সকলো সহ্য কৰিম ভৈৰৱ দা । সঁচা কথা এটা কওঁ....? 


: কোৱা....


: ভালপোৱা মানুহজন কাষত থাকিলে বহুত সাহস পোৱা যায় ভৈৰৱ দা। 


: সেইটো একদম সঁচা কথা । বতাহ বৰষুণ অলপ পাতল হৈছে  , লাহে লাহে গৈ থাকোঁ ব'লা । 


: একেবাৰে বৰষুণজাক এৰি লওঁক নেকি...? 


: বৰষুণজাক এৰালৈ বহুত দেৰি হৈ যাব ৰাজীৱ । ঘৰত গৈ গৰম পানী এগিলাচ খাই দিবা । 


: ঠিক আছে গৈ থাকোঁ ব'লা । 


           চালিখনৰ তলৰ পৰা ওলাই আহি ৰুমাল খনেৰে বাইকৰ চিটটো মোহাৰি দিলে ভৈৰৱে । বৰষুণ পৰি পিচল হৈ থকা ৰাস্তাটোত লাহে লাহে আগবঢ়াই নিলে ভৈৰৱে । গেটখন খুলি বাইকখন বাৰাণ্ডাতে ৰখাই দুৱাৰত টুকুৰিয়ালে ভৈৰৱে । ..... মাৰ খঙত জ্বলি পকি আছে । ভিতৰত সোমাই আহি কাপোৰ কেইটা সলাই লোৱা বাবা । দুৱাৰখন খুলি লাহেকৈ কলে ভৈৰৱৰ দেউতাকে । 


: দেউতা , এওঁ ৰাজীৱ । মোৰ ভাইটি...


: আহাঁ ৰাজীৱ । ভিতৰলৈ আহাঁ । তিতিলা নেকি...? 


: অলপ তিতিলোঁ আৰু...


: বাবা , ৰাজীৱক তোমাৰ ৰূমলৈকে লৈ যোৱা । মই গৰম পানী দুগিলাচ আনোগৈ । 


: ঠিক আছে দেউতা ।  কথাষাৰ কৈ ভৈৰৱৰ ৰূমটোলৈ সোমাই গ'ল ৰাজীৱ । আলনাৰ পৰা গামোচা এখন আনি ৰাজীৱক দিলে ভৈৰৱে । ৰাজীৱে তিতা মূৰটো ভালকৈ মোহাৰি তিতা কাপোৰকেইটা খুলি চকীখনত থৈ দিলে । আলনাডাল খুচৰি খুচৰি হাফ পেন্ট এটা আৰু পাতল হালধীয়া স্পৰ্টিং এটা পিন্ধিবলৈ দিলে ভৈৰৱে । .....এইকেইটা পিন্ধি লোৱা ৰাজীৱ । ঢিলা হ'বও পাৰে দেই পেন্টটো....! 


: একো নাই দিয়া । ৰাতিহে , এনেকৈয়ে চলি যাব । তুমিও মূৰটো মোহাৰি লোৱা ভৈৰৱ দা । দিয়া , মই মোহাৰি দিওঁ ।  ভৈৰৱৰ চুটি চুটি চুলিবোৰ লাহে লাহে মোহাৰি দিলে ৰাজীৱে । চাৰ্ট পেন্ট দুটা খুলি গেঞ্জিটো খুলি দিলে ভৈৰৱে । ভৈৰৱৰ নোমাল বুকুখন দেখি ৰাজীৱ একেঠিৰে ৰৈ থাকিব নোৱাৰিলে । নোমাল বুকুখনত মূৰ গুজি উচুপি উঠিল ৰাজীৱ । ....ভৈৰৱ দা , তোমাৰ এই নোমাল বহল বুকুখনত মূৰ থৈ এপলক জিৰাবলৈ পালে সকলো যিকোনো নাৰীয়েই তোমাৰ প্ৰতি আকৃষ্ট হ'ব । 


: তুমি আকৃষ্ট হোৱা নাই নেকি...? 


: হৈছোঁ বাবেই কৈছোঁ । জীয়াই থকাৰ দিনকেইটা তোমাৰ মৰমত বিলীন হৈ থাকিব বিচাৰোঁ । 


       দুয়োটাই কথা পাতি থাকোঁতেই হাতত গৰম পানীৰ গিলাচ দুটা লৈ উৰ্বশী ওলাই আহিল । .....ক'ত গৈছিলা ? আজি তোমাৰ বাৰ্থডে , শইকীয়া খুড়াই তোমাক বহুত বেয়া পাইছে । অলংকৃতাকো লগত লৈ আহিছিল । তোমাৰ লগত চিনাকী কৰাই দিবলৈ । 


: মই ৰাজীৱক আনিবলৈ গৈছিলোঁ মা ...। 


: তুমি কাক আনিবলৈ গৈছা সেইটো ডাঙৰ কথা নহয়...! ক'ৰবাত ওলাই গলে যে ঘৰত কৈ যাব লাগে সেইটো কিয় পাহৰি থাকিলা । বহুত লাজ পাইছোঁ আজি মই ....।  তুমিয়ে কোৱাচোন ভাইটি ...! তুমি এতিয়া আমাৰ ঘৰলৈ আহিছা , তুমিটো মাক ঘৰত কৈ থৈ আহিছা ।  


: হয় মা , মই ভৈৰৱ দাক কৈছিলোঁ আপোনালৈ ফোন কৰিবলৈ ।  লাহেকৈ কলে ৰাজীৱে 


: পানী গিলাচ খাই লোৱা বাবা। মই ভাত ৰেডী কৰোগৈ ।  ৰাজীৱলৈ এবাৰ কেৰাহীকৈ চাই ৰূমটোৰ পৰা ওলাই আহিল উৰ্বশী । 


: মই অহাৰ বাবে মায়ে বৰ এটা ভাল পোৱা নাই নেকি ভৈৰৱ দা....?


: মা , তেনেকুৱাই । 


: তোমাৰ দেউতা কিন্তু বৰ সহজ সৰল আৰু মৰমিয়াল । মই অলপ সময় কথা পাতিয়ে উমান পালোঁ । 


: হয়নেকি....! মই মৰমিয়াল নহয় নেকি....? 


: তুমি মৰমিয়াল , যদিওঁ অলপ খঙাল । সেয়ে কেতিয়াবা তোমালৈ বৰ ভয় লাগে । 


      .... বাবা, ভাত উলিয়ালে খাই লোৱাহি.... পাকঘৰৰ পৰাই চিঞৰিলে দেউতাকে । দেউতাকৰ চিঞৰ শুনি ৰূমৰ পৰা ওলাই আহি ডাইনিঙত বহিল ৰাজীৱ আৰু ভৈৰৱ । টেবুলখনৰ এটা মূৰে ভৈৰৱ আৰু তাৰ কাষতে ৰাজীৱ । মাছ- মাংস সকলোবোৰ হতকেছত ভৰাই ভৰাই টেবুললৈ উলিয়াই আনিলে উৰ্বশীয়ে । দেউতাকে কাঁহৰ কাঁহী কেইখনৰ সোঁ মাজতে পোলাওঁ অলপ অলপ বাঢ়ি দিলে । হতকেছটো খুলি মাংস অলপ ৰাজীৱৰ কাঁহীখনত দি দিলে ভৈৰৱে । উৰ্বশীয়ে ইটো সিটো বস্তু সামৰি থাকোঁতেই লৰালৰিকৈ মাংস আঞ্জাকনৰ সৈতে ভাতকেইটামান সানি ৰাজীৱক এগৰাহ খুৱাই দিলে ভৈৰৱে । ৰাজীৱৰ প্ৰতি থকা ভৈৰৱৰ মৰম আৰু আন্তৰিকতা দেখি ৰাজীৱৰ দুচকুৰে সুখৰ দুটোপাল চকুলো নিগৰি আহিব খুজিছিল কিন্তু বৰ কষ্ট কৰি ধৰি ৰাখিলে ৰাজীৱে । ( Assamese Storyboard )


: মা, তুমিও আহাঁ আকৌ । 


: গৈছোঁ....! তোমালোকে খাই থাকাচোন ...! 


: ৰাজীৱ , কিবা দিম নেকি তোমাক...? প্ৰশ্ন কৰিলে দেউতাকে 


: মোক একো নালাগে দেউতা । আপুনি খাওঁক । 


      চাদৰৰ আচলটোতে হাতখন মোহাৰি ফ্ৰীজৰ পৰা মিঠাই দুটা উলিয়াই আনি দিলে উৰ্বশীয়ে । ....এতিয়াহে তোমাৰ লগত কথা পাতিম দেই....! বুলি কৈ ৰাজীৱৰ কাষৰ চকী খনতে বহি ললে উৰ্বশী । ...তোমাৰ নামেই ৰাজীৱ নহয় জানো....! 


: হয় মা ।


:  ইয়াৰ মুখত কেতিয়াবা তোমাৰ নামটো শুনি থাকোঁ । মেজৰ কিহত তোমাৰ....? 


: মই এইবাৰ H.S. 2nd year । 


: অ'....! ঘৰত কোন কোন আছে তোমাৰ...? 


: মা , দেউতা , দাদা আৰু মই । 


: দাদাই পঢ়ি আছে নে...! কিবা চাকৰি...? 


: দাদায়ো পঢ়ি আছে । বি.এ. 1st year । 


: আমাৰ ভৈৰৱৰ লগত কেনেকৈ চিনাকী হ'লা....? 


: মা.....! মোৰ ভাইটি নাই , সেয়ে ৰাজীৱক ভাইটি পাতি লৈছোঁ ।  ৰাজীৱে উত্তৰ দিয়াৰ আগতেই মাত লগালে ভৈৰৱে । 

: হয় মা । ভৈৰৱ দাই মোক ভাইটি পাতি লৈছে । 


: তোমালোকৰ খাই হ'ল যদি হাত ধোঁৱা ৰাজীৱ । দেউতাৰ খাওঁতে অলপ দেৰি হয় । 


: একো নহয় মা আপোনালোকে খাই লওঁক । 


       ভাত খাই হোৱাৰ পাছতেই ভাতৰ কাঁহিতে হাতখন ধুই ভিতৰত সোমাল উৰ্বশী । ভৈৰৱৰ দেউতাকে বাচনবোৰ সামৰিবলৈ লোৱা দেখি থাপ মাৰি ধৰিলে ৰাজীৱে । .....দেউতা , আপুনি হাত ধোৱকচোন...! এইবোৰ মই কৰিম 


: তুমি কিয় কৰিবা আকৌ....? তুমি আমাৰ ঘৰৰ আলহী । 


: আলহী নহয় দেউতা । ভৈৰৱ দাৰ ভায়েক যেতিয়া মই এইখন ঘৰৰে সদস্য । দিনটো আপোনালোকে কাম কৰি আছে । ভাগৰ লাগিছে চাগৈ , আপুনি আৰাম কৰকগৈ । ভৈৰৱ দা আছে মোৰ লগত । 


: আজি এইবোৰ একো কৰিব নালাগে । পাছত কৰিবা ৰাজীৱ । 


: তাৰমানে আপুনি মোক নিজৰ ল'ৰা বুলি ভাবিব পৰা নাই নহয় জানো দেউতা....? 


          ৰাজীৱৰ কথা শুনি হাতখন ধুই পাকঘৰৰ পৰা ওলাই গ'ল ভৈৰৱৰ দেউতাক । এটা - এটাকৈ বাচনবোৰ সামৰি বেচিনতে বাচন কেইটা ধুই হাতখন গামোচা এখনত মোহাৰি । পানী বটল এটা হাতত লৈ ৰাজীৱ ভৈৰৱৰ ৰূমটোলৈ সোমাই গ'ল । বিচনাখনত ধুনীয়াকৈ পাৰি থোৱা ভেলভেটৰ বেডচিট খন আঁতৰাই কপাহী বিচনা চাদৰ এখন পাৰি দিলে ভৈৰৱে । আঁঠুৱাখন লগাই গাৰু দুটা দুফালে দি  দুৱাৰখন বন্ধ কৰি  লাইতটো অফ কৰি দিলে ভৈৰৱে । ম'বাইলৰ টৰ্চটো জ্বলাই এবাৰ ৰাজীৱক চালে ভৈৰৱে । ভৈৰৱৰ দুচকুত কামনাৰ জলন্ত শিখা । নিমিষতে যেন চাৰখাৰ কৰি দিব ৰাজীৱক । লাজ লাজকৈ এবাৰ ভৈৰৱলৈ চালে ৰাজীৱে । ....টৰ্চটো অফ কৰি দিয়া প্লীজ...! 


: কিয়....? মোলৈ লাজ কৰিছা নেকি....? 


: ধেৎ.....! কি যে কথাবোৰ কোৱা তুমি....?


: আজি তোমাৰ মোৰ প্ৰথম নিশা । কেনেকুৱা লাগিছে তোমাৰ...? 


: বহুত ভাল লাগিছে । যাক মই ভাষাৰে কৈ শেষ কৰিব নোৱাৰিম ভৈৰৱ দা । মোক লৈ তুমি কিমান সুখী সেইটো মই নাজানো । কিন্তু তোমাক পাই মই বহুত সুখী ভৈৰৱ দা । 


: ময়ো বহুত সুখী ৰাজীৱ । 


: ভৈৰৱ দা , সময়ৰ লগে লগে তুমি সলনি হৈ নোযোৱাটো...! 


: মই ইমান ফালটু ল'ৰা নহয় ৰাজীৱ । মই কেতিয়াও সলনি নহওঁ । তুমি মোৰ, আৰু সদায় মোৰ হৈয়ে থাকিবা । এতিয়া শুই থাকা । ৰাতিপুৱা সাৰ নাপাবা নহলে ।


       কথাষাৰ কৈ লাহেকৈ ৰাজীৱৰ কাষ চাপি গল ভৈৰৱ । ৰাজীৱক বুকুৰ মাজলৈ আঁজুৰি আনিলে ভৈৰৱে । ৰাজীৱৰ কোমল ওঁঠ জুৰিত লাহেকৈ কামুৰি দিলে ভৈৰৱে ।


: ....উসঃ! ভৈৰৱ দা ।  চিৎকাৰ কৰি উঠিলে ৰাজীৱে ।


: কি হ'ল ....? জিকাৰ মাৰি দিলা যে...?


: একো নাই । 


: বেয়া পাইছা নেকি...? তুমি যদি বেয়া পাইছা , মই একো নকৰোঁ ।


: বেয়া পোৱা নাই ভৈৰৱ দা । মোৰ আজি বহুত দুখ লাগিছে , 


: কিয়...? দুখ লাগিবলৈ কি হ'ল আকৌ


: মোৰ নিজৰ দাদাই আজিলৈকে ইমান মৰম কৰা নাই । ভাতটো দূৰৰে কথা বাৰ্থডেত কেক এপিছো খুৱাই পোৱা নাই । আৰু আজি তুমি....? ভাত গৰাহ খোৱাই দিওঁতে মোৰ চকুপানী ওলাই আহিছিল জানা...! তুমি বেয়া পোৱা বুলি ভাবিয়েই কোনোৰকম চকুৰপানীখিনি ধৰি ৰাখিলোঁ ।  কথাষাৰ কৈ হুক হুকাই কান্দিলে । ৰাজীৱৰ কথাবোৰ শুনি ভৈৰৱৰো বৰ দুখ লাগিল । 


: মই আছোঁ নহয়....! অলপ সাহসী হ'বলৈ শিকা । চাওঁ....! চকুৰপানীবোৰ মোহাৰি লোৱা ।  ৰাজীৱৰ দুচকুৰে নিগৰি অহা চকুলোখিনি দুহাতেৰে মোহাৰি দি কপালত মিঠা চুমা এটা আঁকি দিলে ভৈৰৱে । ভৈৰৱৰ দুবাহুৰ মাজত সোমাই নিজকে যেন ভৈৰৱৰ হাতত এৰি দিলে ৰাজীৱে । ভৈৰৱেও এটা এটাকৈ ৰাজীৱৰ গাৰ কাপোৰবোৰ খুলি শিতানত পেলাই দিলে । ভৈৰৱৰ হাতৰ পৰশত ৰাজীৱৰ দেহৰ শিৰাই শিৰাই যেন যৌৱনৰ এখন নৈ কুলু কুলু সুৰুৰে বৈ যাব ধৰিলে হৃদয়ৰ পৰা হৃদয়লৈ .......



       ক্ৰমশঃ......

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages