এনেদৰেও গঢ়ি উঠে আন্তৰিক মৰম ভালপোৱা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 29, 2021

এনেদৰেও গঢ়ি উঠে আন্তৰিক মৰম ভালপোৱা : Assamese Storyboard

Assamese Storyboard

আমাৰ ঘৰত পাঁচটা ছাগলী আছিল। ভন্টিয়ে প্ৰত্যেককে একোটা নিদিৰ্ষ্ট নামেৰে মাতিছিল। ভন্টিয়ে ক'লা ছাগলীটোৰ নাম ৰাখিছিল 'মুনমুন'( Assamese Storyboard )। ভন্টিৰ লগত তাৰ সম্পৰ্ক আছিল অভিন্ন। মুনমুন বুলি মাতিলে য'তে নাথাকক সি দৌৰি আহে। আনকি কেতিয়াবা সি ভন্টিৰ পিছে পিছে গৈ স্কুল পাইগৈ। কেম্প্ৰাছতে দিনতো চৰি স্কুলৰ ছুটিৰ পিছত ভন্টিৰ সৈতে ঘৰলৈ ঘূৰি আহে।


আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ। আমাৰ পৃথিৱীখনত হাঁহকেইটা-ছাগলীকেইটাৰ এক সুকীয়া মৰ্যাদা আছিল।

Assamese Storyboard
হাঁহকেইটা বা ছাগলীকেইটা যিকোনো সংঘাতৰ সম্বল তথা শেষ আশ্ৰয় আছিল। কেতিয়াবা বিপদত তৰিবলৈকে মায়ে হাঁহ-ছাগলীকেইটা পুহিছিল। এদিন দুঃসময় আহিছিল। ক'লা ছাগলীটোকে আদি কৰি আন দুটা ছাগলী সোমবৰীয়া হাটত বিক্ৰীবলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হ'ল।  ছাগলীকেইটা বজাৰলৈ উলিয়াই নিয়াৰ সময়ত ভন্টিয়ে ৰাউচি জুৰি কান্দিছিল। মায়ে তাইক বুজাইছিল- 'আইজনী অ', ডাঙৰজনী গাভিনী, এই কেইদিনতে পোৱালি দিব, আকৌ 'মুনমুন' আহিব।( Assamese Storyboard )'


সোমবৰীয়া হাটলৈ আমৰ ঘৰৰ পৰা প্ৰায় সাত কি.মি.ৰ। ছাগলীকেইটাৰ ডিঙিত ৰচী লগাই খুড়া আগে আগে, পাছে পাছে দেউতা আৰু মই। ছাগলী কেইটাই বাটত যিমানে চিঞৰিছিল সিমানে মোৰ বুকুখন আতংকত কেঁকাই উঠিছিল। মই মানি ল'ব পৰা নাছিলো যে আৰু অলপ সময়ৰ পিছতেই 'মুনমুন' আমাৰ হৈ নাথাকে। ভন্টিৰ আদৰ-যত্নত ছাগলীকেইটা নিপোটল হৈ আছিল। গ্ৰাহকৰ দৃষ্টি সোনকালেই ছাগলীকেইটাৰ ওপৰত পৰিছিল। দেউতাৰ হাতত পইচাখিনি গুজি দি বেপাৰী দুটাই ছাগলীকেইটা টানি লৈ গৈছিল। অচিনাকী বেপাৰীকেইটাৰ হাতত পৰাৰ লগে লগে ছাগলীকেইটাই টেঁটুফালি চিঞৰিছিল। চকুৰে নেদেখা হোৱালৈকে মুনমুনে মোলৈ চাই চিঞৰি গৈছিল।


ছাগলীকেইটা মোৰ কাষত থকালৈকে মই ধৈৰ্যৰ আকাশ চুই আছিলো। কিন্তু সিহঁতৰ আকষ্মিক অনুপস্থিতিত বিবেক আৰু হৃদয়ত একেলগে অনুভৱ কৰিছিলো- আজিৰ পৰা এই ধৰাত মুনমুন অবিহনেই জীৱন কটাব লাগিব। লোকাৰণ্য বজাৰখনৰ মাজত মোৰ চকুপানীবোৰ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিলো। কিন্তু ওলাই অহা চকুপানী লুকুৱাই ৰখা টান। দেউতাই মোৰ মূৰত হাত ফুৰাই দিছিল।


মুনমুন নোহোৱা হৈ যোৱাৰ বহুদিন পিছলৈকে কোনেও নেদেখাকৈ ছাগলী ঘৰটোৰ কাষত ভন্টিক উচুপি থকা দেখিছিলোঁ। বুকুৰ ভিতৰত জ্বলি থকা একুৰা জুইত ময়ো জ্বলিছিলোঁ, কোনেও নেদেখাকৈ, কোনেও নজনাকৈ।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages