কাহিলী পুৱাতে সাৰ পালে ৰাজীৱে । চকুদুটা মোহাৰি বিচনাৰ পৰা উঠিবলৈ লওঁতেই ৰাজীৱ আচৰিত হৈ গ'ল , ভৈৰৱৰ বহল বুকুখনত মূৰ থৈ শুই আছে ৰাজীৱ । লাহেকৈ ভৈৰৱৰ হাতখন গাৰ পৰা আঁতৰাই তাৰ কপালত মৰমৰ চুমা এটা আঁকি দি মাত লগালে । ( Assamese Storyboard )
: ভৈৰৱ দা , উঠা...! ৰাতিপুৱালে... ৰাজীৱৰ মৰম লগা মাতষাৰ শুনি হাঁহি এটা মাৰি ৰাজীৱলৈ এবাৰ চালে ভৈৰৱে ।
: কিয় ইমান সোনকালে উঠিলা....?
: পাহৰিলা নেকি...! মোক থবলৈ যাব লাগিব নহয়....!
: নাই পাহৰা । কিন্তু....?
: ৰৈ গ'লা কিয় ভৈৰৱ দা .....?
: নিজৰ মনটোকে মই বুজাব পৰা নাই অ' ৰাজীৱ....! নিশাটোৰ ভিতৰতে তুমি যেন মোক বহু কথাই শিকাই গ'লা...। কামনা বাসনা চৰিতার্থ কৰা মানেই ভালপোৱা নুবুজাই । সঁচা ভালপোৱাই মৰমহে বিচাৰে ।
: ভৈৰৱ দা । মই কি বিচাৰোঁ জানা....? তুমি মোৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰিলেও মই বেয়া নাপাওঁ । কিন্তু মোৰ কাষত থাকি তোমাৰ বুকুৰ মাজত মোক সাৱতি ধৰি থাকিলেও মই বহুত সুখ অনুভৱ কৰোঁ ।
: সেইয়াই হৈছে ভালপোৱা । চাওঁ ....! মোৰ কাষলৈ আহাচোন...! আকৌ এনেকৈ কেতিয়া লগ পাম একো ঠিক নাই । হেঁপাহ পলুৱাই মোৰ বুকুত তোমাক সাৱতি ল'ব বিচাৰিছোঁ । ভৈৰৱৰ কথাষাৰ শুনি লাহেকৈ কাষ চাপি আহিল ৰাজীৱ । ভৈৰৱৰ বুকুত মূৰটো থৈ শুই পৰিল ৰাজীৱ । ভৈৰৱে ৰাজীৱক দুহাতেৰে সাৱতি তাৰ গোটেই দেহাটোত মৰমেৰে হাত বুলাই দিলে । ৰাজীৱেও ভৈৰৱৰ চুটি চুটি চুলিখিনি লাহে লাহে অলপ টানি দিলে ।
: ভৈৰৱ দা । তোমাৰ সতে কটোৱা এই মধুৰ নিশাটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব ।
: অ'...! তোমাক কথা এটা কবলৈ পাহৰিছিলোঁৱেই....! আজি প্ৰাণদ্বীপ আৰু গৌৰৱৰ সম্পৰ্কটো আজি বোলে এবছৰীয়া হ'ল । সেয়ে সিহঁতে আজি সৰুকৈ তাৰ ৰূমতে পাৰ্টি এটাৰ আয়োজন কৰিছে । তোমাকো মোৰ লগত লৈ যাবলৈ কৈছে ।
: মই যাব নোৱাৰিম ভৈৰৱ দা । কালিও কলেজলৈ যোৱা নাই । আজি কলেজ খতি নকৰোঁ নেকি....!
: দুদিন কলেজ খতি কৰিলে একো লোকচান নহয় তোমাৰ । কিবা বুজি নাপালে মোক সুধিবা , মই বুজাই দিম ।
: ক্লাছ নকৰিলে যদি N.C. / D.C. লাগি যায় । তেতিয়া কি হ'ব....?
: তুমি কথাবোৰ বহুত দূৰলৈকে চিন্তা কৰা । সেইকাৰণে মোৰ খং উঠে । মানুহে সদায় বৰ্তমানক লৈ সুখী হবলৈ যত্ন কৰিব লাগিব । ভৱিষ্যতৰ কথা চিন্তা কৰি মিছাতেই সময় বৰবাদ নকৰিবা ৰাজীৱ । উঠা....! মাক এইবোৰ কথা ন'কবা...।
: হ'ব ভৈৰৱ দা । >
গেঞ্জিতো গাত সুমুৱাই ভৈৰৱ বিচনাৰ পৰা নামি বাহিৰলৈ ওলাই আহিল । ৰাজীৱেও বিচনাখন জাৰি জোকাৰি বেডচিটখন পাৰি আইনাখনত নিজৰ মুখখন এবাৰ চালে ৰাজীৱে । তাৰ ওঁঠজুৰি যেন অলপ ওখহি আছে , বুকুতো স্পষ্টকৈ জিলিকি আছে নখৰ আঁচোৰ । "আপোন" এই শব্দটো সঁচাই বৰ আচৰিত , যাক আপোন বুলি ভবা যায় তেওঁৰ বাবে সকলো দুখ-কষ্ট নীৰৱে সহ্য কৰিব পাৰি । এইয়া আচলতে ত্যাগ ....! নে আন কিবা....? আইনাখনত নিজকে চাই থাকোঁতেই মুখত ব্ৰাছডাল লৈ ভৈৰৱ সোমাই আহিল ।
..... কি চাই আছা আইনাখনত....?
: তোমাৰ মৰমৰ আঁচোৰবোৰ কেনেকৈ মোৰ শৰীৰত জিলিকি আছে তাকে চাইছোঁ ।
: তোমাৰ কষ্ট হৈছে ন....! Sorry.....! তোমাক নিচেই কাষত পাই মই সকলো পাহৰি গৈছিলোঁ ।
: কিয় sorry কৈছা ভৈৰৱ দা ....? তোমাৰ সুখৰ বাবে মই এইকণ কষ্ট সহ্য কৰিব পাৰিম ।
: ঠিক আছে তেন্তে । স্পৰ্টিংটো পিন্ধি লোৱা । মায়ে এইবোৰ দেখিলে মোক সন্দেহ কৰিব ।
স্পৰ্টিংটো পিন্ধি ভৈৰৱৰ লগতে বাহিৰলৈ ওলাই আহিল ৰাজীৱ । মুখহাত ধুই ফ্ৰেচ হৈ কাপোৰকেইটা পিন্ধোতেই ৰঙা চাহ দুকাপ আনি দিলেহি ভৈৰৱৰ দেউতাকে ।
: ....চাহ লোৱা বাবা । ৰাজীৱ , কাপোৰ পিন্ধিলাই যে...! যোৱাগৈ নেকি....?
: হয় দেউতা । কলেজলৈ যাব লাগিব যে ।
: একো এটা নোখোৱাকৈ যাবা নে....! তুমি চাহ খোৱা । মই লুচিকেইখনমান কৰোগৈ ।
: একো কৰিব নালাগে দেউতা । আকৌ আহিম নহয় , তেতিয়া খাম ।
খৰখেদাকৈ ৰঙা চাহকাপ খাই চুলিকেইডাল ঠিক কৰি দেউতাকৰ ভৰিত ধৰি সেৱা কৰিলে ৰাজীৱে । ....দেউতা , আৰ্শীবাদ কৰিব । মনৰ আশাবোৰ যেন পূৰণ হয়....
: আৰ্শীবাদ কৰিছোঁ বোপাই । তোমাৰ মনৰ আশাবোৰ যেন অতি সোনকালে পূৰণ হয় । ৰাজীৱৰ মূৰত হাত বুলাই কলে ভৈৰৱৰ দেউতাকে । দেউতাকৰ পৰা বিদায় লৈ উৰ্বশীক মাত লগাবলৈ যাওঁতেই হাতত কিবা এটা লৈ ওলাই আহিল । ....যাবলৈ ওলালাই নেকি...?
: হয় মা ।
: আকৌ আহিবা দেই....! ভালকৈ কথা এটা পাতিবলৈও নাপালোঁ ।
: নিশ্চয় আহিম মা । মোৰ মন গ'লেই ভৈৰৱ দাৰ লগত গুচি আহিম । আপোনালোকো আমাৰ ঘৰলৈ যাব । ভৈৰৱ দা মাক এদিন আমাৰ ঘৰলৈ লৈ যাবা । মা , গৈ থাকোঁ ।
: এইটো লৈ যোৱা ।
: এইবোৰ কিয় দিব লাগে নো মা....!
: বৰ ডাঙৰ উপহাৰ একো দিয়া নাই । স্পৰ্টিং এটা দিছোঁ পিন্ধিবা ।
উৰ্বশীক ধন্যবাদ দি সেৱা এটা জনাই ৰাজীৱ ভৈৰৱৰ ঘৰৰ পৰা ওলাই আহিল । ভৈৰৱেও বাইকখন উলিয়াই ৰাজীৱক পদূলিত নমাই থৈ আহিলেগৈ । লৰালৰিকৈ গাটো ধুই খৰখেদাকৈ ভাত কেইটা খাই বাইকখন লৈ ভৈৰৱ কলেজলৈ বুলি ওলাই গ'ল । তিনি আলিটো পাই ৰাজীৱলৈ ফোনটো লগাওঁ বুলি ভাবি পেন্টৰ পকেটৰ পৰা ম'বাইলটো উলিয়াবলৈ লওঁতেই ৰাজীৱ আহি ভৈৰৱৰ কাষত থিয় দিলেহি । ...ভৈৰৱ দা , কেতিয়াবাই পালাহি নেকি...?( Assamese Storyboard )
: নাই । এইমাত্ৰ আহি পাইছোঁ । তোমালৈ ফোনটো লগাম বুলি ভাবোতেই তুমি পালাহি ।
: হয়নেকি....!
: বহা...! কথা পাছতো পাতিব পাৰিম । বাইকখনত লাহেকৈ বহি ভৈৰৱক সাৱতি ললে ৰাজীৱে । ... কি গিফ্ট দিলে ভাল হব বাৰু....!
: ফুলৰ থোপা , প্ৰাকৃতিক দৃশ্য , ৰাধা-কৃষ্ণ এইবোৰ দিব পাৰি ।
: ফুলৰ থোপা আৰু ডাঙৰ কাপ দুটাকে উপহাৰ দিম । বেয়া হ'ব নেকি....?
: ভাল হ'ব ।
: তেন্তে বস্তু কেইটা কিনি ভালকৈ পেকিং কৰি তাৰ ৰূমলৈকে গৈ থাকোঁ ।
বাইকখন ৰাস্তাৰ কাষতে ৰখাই গিফ্টৰ দোকানখনৰ পৰা ডাঙৰ কফি কাপ দুটা আৰু সজীৱ ৰঙা গোলাপ ফুলৰ থোপা দুটা কিনি ললে ভৈৰৱে । দোকানখনৰ পৰা ওলাই আহি প্ৰাণদ্বীপলৈ ফোন লগালে ভৈৰৱে ।
: হেল্ল'...! প্ৰাণ , তোৰ addressটো মেচেজ কৰি দেচোন । আমি যাবলৈ ওলাইছোঁ ।
: বাইকত আহিছ যদি ঠাকুৰবাৰী পাৰ হৈ বাওঁহাতে ঘূৰি অলপ দূৰ আহি চাৰি আলি এটা পাবি । আকৌ সোঁহাতে ঘূৰি দুটা পদূলি পাৰ হ'লেই মোৰ ৰূমটো পাই যাবি ।
: ok , এঘন্টাৰ ভিতৰত পাই আছোগৈ ।
: বেছি স্পীডত নাহিবি ৰাস্তা বহুত বেয়া ।
: ঠিক আছে । বাই.... ফোনটো কাটি দিলে ভৈৰৱে । ফোনটো পকেটত ভৰাই বাইকখন ষ্টাৰ্ট তীব্ৰ বেগেৰে ধোঁৱা উৰুৱাই বাইকখন আগুৱাই নিলে ভৈৰৱে । প্ৰাণে বৰ্ণনা দিয়াৰ ধৰণেই চাৰি আলিটোৰ পৰা সোঁহাতে ঘূৰি দুটা পদূলি পাৰ হৈ ওখ গেট দিয়া ঘৰটোৰ সন্মুখত বাইকখন ৰখাই হৰ্ণ বজালে ভৈৰৱে । কোনো ওলাই নহা দেখি প্ৰাণদ্বীপলৈ ফোন লগালে ভৈৰৱে
: গেটখন বন্ধ কৰি থৈছ যে....! আমি গেটৰ সন্মুখতে ৰৈ আছোঁ ।
: গৈ আছোঁ ৰহ....! মালিক নাই আজি , সেয়ে তলাটো খোলাই হোৱা নাই ।
: সোনকালে আহ...!
হাতত চাবিপাত লৈ বাহিৰলৈ ওলাই আহি গেটখন খুলি দিলে প্ৰাণে । ....আহাঁ ৰাজীৱ । বাইকখন বাৰাণ্ডালৈকে ভৰাই দে ভৈৰৱ । ইয়াত বহুত ৰ'দ পৰে ।
বাইকখন বাৰাণ্ডাতে ৰখাই জোতাজোৰ বাহিৰতে খুলি ৰূমটোলৈ সোমাই গ'ল ভৈৰৱ । বিচনাখনতে ৰাজীৱ আৰু ভৈৰৱক বহিবলৈ দি ঠাণ্ডা পানীৰ বটল এটা ভৈৰৱহঁতলৈ আগবঢ়াই দিলে প্ৰাণে ।
: গৌৰৱ ক'ত প্ৰাণ...?
: সি গা ধুবলৈ সোমাইছে ।
: অ'...!
: তহঁত বহ , মই চাহ কৰোগৈ ।
: চাহ নাখাওঁ প্ৰাণদ্বীপ দা । বৰ গৰম উঠিছে ।
: অলপ ঠাণ্ডা হৈ লোৱা । গৌৰৱে গা ধুই আহক , একেলগে চাহ খাম । ৰাজীৱ , ভৈৰৱক পাই তুমি সুখীনে...?
: বহুত সুখী মই । লাজকুৰীয়া হাঁহি এটা মাৰি কলে ৰাজীৱে ।
: ভৈৰৱ দেখাত যদিও খঙাল , সি কিন্তু বৰ মৰমিয়াল ৰাজীৱ । মই জানো সি তোমাক বহুত সুখত ৰাখিব ।
: অলপ বেছি হ'ল নেকি প্ৰাণ....?
তিনিওটাই কথা পাতি থাকোঁতেই বগা টাৱেল এখনেৰে মূৰটো মোহাৰি মোহাৰি গৌৰৱ সোমাই আহিল ।
..... প্ৰাণ , টাৱেলখন মেলি দিয়াগৈচোন ! মই একেবাৰে কাপোৰ কেইটা পিন্ধিহে কথা পাতিম দেই । কথাষাৰ কৈ আলনাৰ পৰা কাপোৰ কেইটা লৈ সৰু কীটছেন ৰূমটোলৈ সোমাই গৈ কাপোৰ কেইটা পিন্ধি একেবাৰে চাহ চাৰিকাপ কৰি ওলাই আহিল গৌৰৱ ।
: ৰাজীৱ, চাহ লোৱা । ভৈৰৱ চাহ খোৱা । প্ৰাণ ....! চাহ খাই লোৱাহি ।
ট্রেখনৰ পৰা লাহেকৈ চাহৰ কাপটো হাতত তুলি ললে ভৈৰৱে । ....ৰাজীৱ , গিফ্টটো দিয়া আকৌ ....! পাহৰিলা নেকি....?
: প্ৰাণ দাৰ সৈতে একেলগে দিম । হাতত নিউজ পেপাৰ এখন লৈ প্ৰাণদ্বীপ ভিতৰলৈ সোমাই আহিল । ৰাজীৱেও বেগটোৰ পৰা কাপ দুটা আৰু ফুলৰ থোপা দুটা উলিয়াই প্ৰাণ আৰু গৌৰৱৰ হাতত তুলি দিলে । .... Happy Anniversary
: Thank you so Much......! কেক কটাই নাই তোমালোকে গিফ্ট দিলাই ।
: কেকটো লৈ আহাগৈ প্ৰাণ...! চাহৰ লগতে খাই দিওঁ ।
: ঠিক আছে । ৰ'বা.....
প্ৰাণে লৰালৰিকৈ পাকঘৰৰ পৰা কেকটো আনি পঢ়া টেবুলখনতে সজাই কেকটো কাটি ইটোৱে সিটোৰ মুখত কেক এপিচ গুজি দিলে । প্ৰাণে ডাঙৰ ডাঙৰকৈ কেক দুপিচ কাটি ৰাজীৱ আৰু ভৈৰৱক খাবলৈ দিলে ।
ক্ৰমশঃ....
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment