নুমাই যোৱা জোনাক বোৰ আৰু কেতিয়াওঁ উজ্বলি নুঠে | কাৰন সেই জোনাক হেৰাল | আন্ধাৰৰ মাজত স্বপ্ন দেখাটো বৰ কষ্ট | ( Assamese Storyboard )
চুইটি মোৰ বুকুৰ মাজত সোমাই আছিল | ঠাণ্ডাবহুত পৰিছে | মই তাইক জোৰকৈ বুকুত হেচি ৰাখিছিলো | মাতৃত্বৰ অভাৱ যেন তাই কেতিয়াওঁ অনুভৱ নকৰে | কেতিয়াওঁ যেন তাইৰ মাকৰ মৃত্যু কাৰন তাই নাযানে | এইখন সমাজত এতিয়া ভাল বুলি কৱলৈ একোৱে নাই |বিশ্বাস নামৰ শব্দটো লুপ্ত এতিয়া |
আন্ধাৰৰ মাজত ভেন্টেলিচনৰে অহা সামন্য জোনাকৰ পোহৰত চুইটিৰ মুখলৈ চাইছিলো | এখন নিস্পাপ মুখ | নাযানে দুখৰ ছায়া কি ! নুবুজে সুখৰ অনুভুতি ,,,,,,,
মন গ'লে চিঞৰি চিঞৰি কান্দি আমনি কৰে " পাপা পাপা মাক আনি দিয়া না "
মুখৰ শব্দ হেৰাই যায় মোৰ | কৰ পৰা আনি দিম মই চুইটিৰ মাকক | ক'ত পাম !
বৰ কষ্ট অনুভৱ কৰিছো | ওলাই অহা কান্দোনটি ওলাৱ দিৱ নোৱাৰো কাৰন তাই সাৰ পাব |
বুকুখন হেচি ধৰো | বৰ কষ্ট হয় | বৰ কষ্ট !
যেতিয়া মই চকুলোৰ মালা গাথোঁ তাই আহি মোৰ বুকুৰ মাজত সোমাব |
" পাপা তুমি কিয় কান্দিছা ! তুমি সৰু ল'ৰা নেকি কিবা ! মই জানো তুমি কিয় কান্দিছা ! তোমাৰ মালৈ মনত পৰিছে ন ? "
তাইক সাৱতি হুকহুকাই কান্দো ! .......
তাইলৈ লক্ষ্য কৰিছিলো | তাই ধুনীয়াকৈ শুই আছে | তাইৰ কাষৰ পৰা সাৱধানে উঠিলো | কম্বল খন তাইৰ গাৰ ওপৰত দিলো |
কোঠাটোৰ লাইট জ্বলাই দিলো ,,,,,,,,,,
পাহিৰ ফটোখন বৰধুনীয়াকৈ জিলিকি আছিল | ফটোখন ওৱালৰ পৰা নমাই আনিলো |
- পাহি ! কুশলে আছা নে তুমি ? তোমাৰ হাঁহিটি কত হেৰাই থাকিল অ | তুমি অবিহনে বিচনাখন খালি খালি হৈ আছে |
ক'ত হেৰাই গ'লা তুমি ! গোটেই পৃথিৱীখন বিচাৰি চলাথ কৰিলে তোমাক মই বিচাৰি নাপাওঁ | পাহি চুইটি আৰু মই বৰ কষ্টত আছো | তাই তোমাক বিচাৰি থাকে ! মই কিন্তু উত্তৰে বিচাৰি নাপাওঁ যানা !
চুইটি নাথাকিলে মই ও,,,,,,,,,,,,,,, ! !
মোৰ চকুপানী দুটোপাল পাহিৰ ফটোখনত পৰিছিল |
এনে লাগিছিল যেন তাইৰ সেই প্রতিচ্ছৱিৰ দুনয়ন চকুপানীৰ জিলিকি উঠিছিল |
পাহিৰ ফটোখন বুকুত সাৱতি ধৰিলো | চকিদুটা মুদি দিলো,,,,,,,,,,,,
পাহি দুখীয়া ঘৰৰ কাৰনে আমাৰ ঘৰখনে আমাৰ সম্পৰ্ক মানি লোৱা নাছিলে | বহুত চেষ্টা কৰিছিলো মা-দেউতাক বুজাৱ কিন্তু নুবুজিলে | কাৰন সিহত দম্ভ অহংকাৰত মগ্ন আছিল |
সেয়েহে পাহিক লৈ মই গুছি আহিছিলো | আৰু সম্পৰ্ক শেষ কৰিছিলো নিজৰ ঘৰৰ লগত |
-- নয়ন তুমি যদি,,,,,,,
-- কি পাহি
-- তুমি যদি কেতিয়াবা সলনি হৈ যোৱা ! মোক যদি ইয়াতে এৰি !
-- পাহি,মোৰ মৰম কৃত্রিম নহয় | তোমাক এই সঁচা অন্তৰ খনৰে ভালপাইছিলো সেয়েহে নিজৰ কৰি লৈছো | বিশ্বাস নেহেৰুৱা মাত্র মনোৱল ৰাখা |
তাই মোৰ বকুত হাত খন ৰাখি কৈছিল |
-- নয়ম , তোমাৰ ওপৰত মোৰ বিশ্বাস অসীম |
তানি আনিছিলো তাইক বুকুৰ মাজত |
এনেকৈয়ে আমি পাতনি মেলিছিলো আমাৰ সংসাৰ খনৰ | এদিনৰ কথা ,,,,, ,
পাহি পাকঘৰত ব্যস্ত | তাইক আমনি কৰি খুৱ ভাল লাগে ! পাছফালৰ পৰা সাৱতি ধৰিছিলো তাইক,,,,,,,,
-- এৰি দিয়া না,,,,
-- নিদিওঁ,,,
-- দিবা নে,,,,
-- নিদিওঁ বুলি কৈছো নে !
তাই মোক হাতখনৰে ঠেলি ওলাই গৈছিল মোৰ বন্ধনৰ পৰা |
অভিমান জাগিছিল মোৰ ! যেন আকাশৰ পৰা এতিয়াই বৰষুণ নামি আহিব তেনে হৈছিল মোৰ মুখৰ আকৃতি | আতৰি আহিছিলো তাইৰ কাষৰ পৰা |
পিছে পিছে আহিছিল তাই |
-- কিয় খং কৰিছা তুমি !
মই একো উত্তৰ দিয়া নাছিলো | তাইৰ মুখলৈ ও চোৱা নাছিলো |
-- মাতিবা নে মোক !
একো কোৱা নাছিলো |
-- মাতিবা নে কোৱা !
-- নামাতো চিধা উত্তৰ |
-- বাহ ! খং চোৱা ,মই ভাত বনাই আছিলো তুমি নো কিয় দুষ্টামি কৰিৱ গৈছিলা !
মই মুখেৰে নামাতিলো ,,,,,,,
পাহিয়ে মোক জোৰকৈ সাৱতি ধৰিছিল | তাই মোৰ কান্ধখনত মূৰটো থৈছিল |
-- মাতা না এবাৰ,,,,,,
-- মই ,,,,,,
-- কি মই ,,,,,
-- মই মৰি গ'লে ভালপাৱা,,,,,,,
তাই মোৰ মুখখনত জোৰকৈ হেচি ধৰিছিল | বাকি শব্দ কেইটা মোৰ মুখৰ পৰা নোলাল |
মই তাইৰ মুখলৈ চাইছিলো ! পাহৰৰ পৰা নামি পানীৰ দৰে নিগৰি নিগৰি বৈ আহিছিল তাইৰ চকুপানী |
তাই মোৰ ভৰিদুখনত সাৱতি কৈছিল,,,,,
-- এনে কথা আৰু কেতিয়াওঁ নকৱা | তুমি যানা আমাৰ দেউতাৰ মৃত্যুৰ পাছত মায়ে আমাক কেনেকৈ ডাঙৰ কৰিছিল | আৰু তোমাৰ কিবা হ'লে মোৰ কি হৱ ? তাতে মই প্রেগনেন্ট |
-- কি ! তাৰমানে আমাৰ,,,,,,,
-- অ নয়ন !
মই মৰমত তাইক আলফুলে সাৱতি লৈছিলো | এনেকৈ পাৰ হৈছিল আমাৰ দিনবোৰ | এদিনাখন আমাৰ জীৱনত চুইটি আহিল | ঘৰখনত তিনিটা প্রানী হ'লো |
আনন্দৰে ভৰা এখন ঘৰ | হাঁহি ফুৰ্ত্তিৰ এখন ঘৰ,,,,,,,,,,
চাওঁতে চাওঁতে আমাৰ চুইটিৰ দুবছৰ হ'ল | তেনেতে আমাৰ ঘৰত নামি আহিল অভিশাপ | এটা অভিশপ্ত দিন |
অইন দিনাৰ দৰে মই কামত ওলাই গৈছিলো | কিন্তু সেইদিনা মই অফিচৰ কামত বেলেগ এঠাইত যাৱ ল'গা হ'ল,,,,,,,
- হেল্ল'
- পাহি কি কৰিছা,,,,
- চুইটিৰ লগত কথা পাতি আছো |
- মোৰ আজি ঘূৰি যাওঁতে ৰাতি হৱ তোমাক জনাই থলো |
- সোনকালে অহাৰ চেষ্টা কৰিবা |
- নিশ্চয় |
সেয়াই আমাৰ মাজত শেষ কথা | সেয়াই শেষ বাৰৰ বাবে মোৰ পাহিৰ মাতটি কানত পৰিল | নিজৰ দায়িত্ব শেষ কৰি ঘৰলৈ উভতি আহিছিলো | তেতিয়া ৰাতি ১১.৩০ মান বাজিছিল |
পদুলিমুখৰ পৰা দেখিছিলো আমাৰ ঘৰত মানুহৰে ভৰি আছিল | মোৰ অণ্ঠ কন্ঠ শুকাই গৈছিল | কি হ'ল,,,,,,,
লাহে লাহে পদুলি মুখৰ পৰা ঘৰলৈ খোজ দিলো | মানুহবোৰ লক্ষ্য কৰিছিলো সকলোৱে মাত্র মোৰ ফালে চাইছিল | আৰু কোনোবাই চকুপানী তুকিছিল |
মোৰ বহুত ভয় লাগিছিল | কি অঘটনৰ মুখামুখি হৱ গৈ আছো বাৰু মই |
মোৰ চকুই মাত্র মোৰ পাহিক বিচাৰিছিল | কিন্তু তাই নাই দেখোন |( Assamese Storyboard )
এয়া কি ! মানুহৰ জুমৰ মাজত পাহি এখন ধাৰিত শুই আছে | উকাকাপোৰৰে ঢকা তাইৰ শৰীৰ |
তাইৰ কাষত বহি পৰিছিলো | মুখখন লক্ষ্য কৰিছিলো | আজি তাইৰ শিৰৰ সিন্দুৰকন বৰ ধুনীয়াকৈ জিলিকি আছে ! কপা কপা হাতেৰে তাইৰ মুখখন হাতেৰে চুই আছিলো |
-- পাহি !!!
মোৰ চিঞৰত আকাশ - বতাহ কপি উঠিছিল | মাত্র চৌদিশে পাহি ! পাহি ! পাহি প্রতিধ্বনি হৈছিল |
শ্মশানত দাউ দাউকৈ জ্বলি ছাই হৈছিল পাহিৰ ধুনীয়া শৰীৰ | মোৰ কোচত থকা চুইটিয়ে মাত্র পাহিৰ সমাধিৰ জুই কুৰা তাইৰ কোমল হাতেৰে ধৰিৱ যায় | যেন তাই মাকৰ সমাধিৰ ৰঙা জুই কুৰা তাইৰ হাতৰ মুঠিত আৱদ্ধ কৰি ৰাখিৱ |
চুইটি মাতৃহীনা হ'ল | মাতৃৰ মৰমৰ বঞ্চিত হোৱা কনমানিবোৰৰ দুখ কোনে বুজিৱ |
মোৰ পাহিক কোনোবা নৰপিশাচে মই ঘৰত নথকা সুযোগ লৈ ধৰ্ষণ কৰি হত্যা কৰিলে | তাক ও চুইটিৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্যা কৰিলে | মাতৃহীনা কৰিলে মোৰ চুইটিক | পত্নীহীনা কৰিলে মোক | হে ভগৱান এয়া কি বিচাৰ তোমাৰ !
চুইটিৰ বাবে মই জীয়াই থাকিব লগা হ'ল | এই কনমানি ছোৱালীজনীক এৰি মই কেনেকে দায়িত্ব পালন কৰো |
উপায়বিহীন হৈ নিজৰ ঘৰখনলৈ উভতি আহিলো | ভাবিলো চুইটিৰ দায়িত্ব ঘৰখনতে দিওঁ |
কিন্তু মই পাহিক লৈ যোৱাৰ কিছুদিন পিছতে হেনো মোৰ মা-দেউতাৰ মৃত্যু হৈছে |
ঘৰত এতিয়া ভাইটি থাকে ! তাৰ সন্মুখত চুইটিক লৈ থিয় হৈছিলো ,,,,,,,,
- দাদা নবৌ,,,,,,,,
মই একো কৱ পৰা নাছিলো !
- তই নামাতা কিয় দাদা,,,,,
- তোৰ নবৌয়েৰা নাই অ ভাইটি |
- কি !
তেনেতে ভাইটিৰ পত্নী সোমাই আহিল কোঠাত |
- এখেত !
ভাইটিয়ে তাৰ পত্নীক কৈছিল ,,,,,,,
- মোৰ দাদা,,,,,,
- অ ! কিন্তু আপোনাকটো মা-দেউতাই ত্যাজ্যপুত্র কৰিছে আপুনি সম্পত্তি বিচাৰি আহিলেওঁ,,,,,,,,
- প্রনিতা !
ভাইটিয়ে তাৰ পত্নীক ধমকিৰ সুৰত কৈছিল |
- নাই ভাইটি তেওঁক নকবি | মই ত্যাজ্যপুত্র |এজনী দুখীয়া অকলসৰীয়া ছোৱালী মই বিয়া পতাবাবে মই ত্যাজ্যপুত্র | সম্পত্তি মোক নালাগে অ ভাইটি | সম্পত্তিৰে নো মই কি কৰিম ! আহিছো দে,,,,,,,,,
- দাদা ঐ দাদা শুনছোন দাদা,,,,,,
মই গুছি আহিছিলো চুইটিক বুকুত সাৱতি | বাতত কোনোবা মহিলা দেখিলে তাই মা মা বুলি হাতদুখন মেলি যায় |
বৰ কষ্টকৰ এই জীৱন | শেষ উপায় বাইদেউৰ ওচৰত যাওঁ,,,,,,,
বাইদেউৰ ঘৰপাইছিলো | কিন্তু মোৰ সোমাৱ ভয় লাগিছিল কাৰন এটা সময়ত তাইক মই খুৱ ভয় কৰিছিলো | তথাপি যাৱটো লাগিৱ | বাইদেউ হতৰ পদুলিৰ গেটখন খোলাৰ লগে লগে বাইদেউৰ লগত মুখামুখি হ'লো,, ,,
- তই !
- অ বাইদেউ,,,,,,,
- কোচত এইজনী !
- মোৰ দুৰ্ভগীয়া ছোৱালীজনী |
- দুৰ্ভগীয়া মানে,,,,,,
- মাতৃহীনা |
- তাৰমানে ,,,,,
- পাহি মোক এৰি গ'ল অ বাইদেউ |
- এতিয়া তই,,,,,
- যদি পাৰ চুইটিক অকমান ডাঙৰ কৰিবি নেকি ! সম্পূৰ্ণ খৰছ মই দিম মাত্র,,,,,,
- অসম্ভৱ মোৰ ল'ৰা-ছোৱালী চাম নে তোৰ ছোৱালী চাম !
মোৰ মনটো হাহাকাৰ কৰি উঠিছিল | তাৰমানে মোৰ চুইটিক ,,,,,,,,,
- তই এটা কাম কৰ ! তাইক কোনোবা এখন আশ্রমত থ' আৰু তই নতুনকৈ সংসাৰ,,,,,,
মই খংত জ্বলি গৈছিলো |
- হৱ ! তই মোক পৰামৰ্শ দিৱ নালাগে ! আহো দে ,,,,,,,,,,
- নয়ন ! ঐ নয়ন শুনছোন !
এই মানুহৰ তেজৰ সম্পৰ্ক ! এই বৰ্তমান ভাই-ভনীৰ সম্পৰ্ক | বুজিপাইছিলো সমাজখন কিমান স্বাৰ্থপৰ হ'ল |
তাৰপাছত মই আইএজনী ৰাখি তাইক ডাঙৰ কৰা সিদ্ধান্ত ললো |
তেনেকে আহি আহি আজি তাই তিনিবছৰত ভৰি দিলে |
মই মাত্র পাহিৰ ফটোখন সাৱতি কান্দিলো |
- মা মা
চুইটি টোপনিৰ পৰা চিঞৰি উঠিছিল |
মই পাহিৰ ফটোখন থৈ তাইৰ কাষত গৈছিলো | আৰু মৰমৰে তাইক সাৱতি ধৰিছিলো |
- কি হ'ল চুইটি !
- পাপা মাৰ ওচৰত ব'লা না,,,,,,
কি কম মই এতিয়া তাইক |
- চুইটি মা নাই নহয় |
তাই খুৱ জোৰে কান্দিছিল !
- ব'লা না মাক যে থৈ আহিছিলা তাত যাম |
মোৰ হৃদয়খনে কান্দি উঠিছিল |
- চুইটি এটা ৰাতি হৈছে নহয় !
- একো নহয় পাপা মায়ে মোক মাতিছে ব'লা না,,,,,,,,
বুজিলো পাহিয়ে তাইক সপোনত দেখা দিছে |
এজাক বতাহৰ কোৱত কোনোবাই যেন মোৰ কানৰ কাষত কৈ গ'ল ,,,,,,,,,,
- নয়ন ,চুইটিক এবাৰ মোৰ সমাধিলৈ লৈ আহা ! তোমাক এবাৰ চাওঁ,,,,,,,
যাম মই এতিয়াই চুইটিক লৈ যাম | চুইটিক কোচত তুলি লৈ দৰ্জাৰ খিলি খুলি বাহিৰলৈ আহিলো |
বহুত ঠাণ্ডা তাতে কিছু কুৱলি | মই এৰি চাদৰ খনৰে চুইটিক ধাকি ধৰিলো | আৰু আগবাঢ়িলো,,,,,,,,
তাই মোৰ ডিঙিটোত খামোছি ধৰিছিল |
কিছু সময় পাছত আমি পাহিৰ সমাধিক্ষেত্র পালো | এজাক চেচাঁ বতাহে দুয়োকে চুই থৈ গ'ল,,,,,,,,,
পাহিৰ সমাধিৰ ফালে দুয়ো চাই থাকিলো |
- মা তুমি আহিছা !
চুইটি মা কৈছে !
-মা ক'ত চুইটি !
- সৌৱা পাপা মায়ে মোৰ ফাল চাই কান্দি আছে !
মোৰো চকুত পৰিল পাহিৰ দৰে ঠিক আকৃতি এটা ! ! ! আমাৰ ফালে চাই কান্দি আছিল |
- নয়ন , তাইক অন্যায়ৰ বিৰুদ্ধে যুজিৱ শিকাবা | দেখিছা নহয় মোক সেই নৰপিশাচ হতে ! যোৱা তোমালোকক এবাৰ চালো | তাইক লৈ যোৱা |
- কিন্তু পাহি ,,,,,,
- যোৱা নয়ন যোৱা আকৌ কেতিয়াবা আহিবা,,,,,,,
বতাহত ভাহি আহিছিল | তাইৰ শব্দবোৰ | চুইটিক কোচত লৈ বিষাদ মনৰে ঘৰলৈ উভতিলো |
তাই ও মৌন হৈ আছিল চাগে বুজি পাইছিল কিবা |
- পাপা মৃত্যু মানে আৰু উভতি আহিৱ নোৱাৰে ন !
চুইটিৰ কথাত মই উচপ খাই উঠিলো আৰু তাইক বুকুত হেচি ধৰিলো | কাৰন মই এতিয়া শব্দহীন |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
No comments:
Post a Comment