উৰ্মিয়ে ডায়েৰীখন লৈ বেদান্তৰ ৰুমলৈ আহিল। দুয়োয়ে এতিয়া ডায়েৰী লুটিয়াবলৈ আৰম্ভ কৰিলে। প্ৰথম পৃষ্ঠাত বহুত ধুনীয়াকৈ 'মোৰ বিয়া' বুলি লিখি আকৌ কাটি 'আধৰুৱা বিয়া' বুলি লিখা আছিল।( Assamese Storyboard )
দ্বিতীয় পৃষ্ঠা,
'আজি মোৰ হাতত মেহেন্দি লাগিছে। সকলোৱে কৈছে মোৰ মেহেন্দিৰ ৰংটো খুব গাঢ় । দেউতা বহুত সুখী। আৰু মই... অ মইও সুখী। মইতো ইচ্ছা কৰিও মোৰ মনৰ কথা তেওঁক কব নোৱাৰিলো। তেওঁৰ চাগে মোৰ কথা মনত আছে বা নাই? তেন্তে মই কেনেকৈ মোৰ এই একপক্ষীয় প্ৰেমৰ কথা কওঁ? দেউতাও এই সম্পৰ্কটো লৈ বহুত সুখী গতিকে মইও এই সম্পৰ্কটো সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিম। তেওঁৰ কথা মনলৈ নানো।'
ইমানখিনি পঢ়ি উৰ্মিয়ে বেদান্তক কলে," হয়তো ৰিয়াই কাৰোবাক প্ৰেম কৰিছিল।"
বেদান্ত: অ কথাবোৰটো এনেকুৱা যেনেই লাগিছে কিন্তু তাই মোক এই বিষয়ে একো কোৱা নাই। ঠিক আছে আগলৈ পঢ়া।
দ্বিতীয়দিনা ,
' আজি মোৰ বিয়া, দেউতা বহুত সুখী। আজি গুৱাহাটীৰ পৰা মা, দেউতা আৰু বেদান্তও আহিব। মইও বহুত সুখী। আচলতে মা আহিব যে সেইবাবে। মোৰ মা ঢুকুৱাৰ পাছত মাৰ পৰাইটো মই মৰম পালো। দেউতাই কৈ আছিল হয়তো ৰিংকুও আহিব । বুজি পোৱা নাই মই কি কম।'
পিছৰ পৃষ্ঠা,
'মইতো বুজি পোৱা নাই যে ভাগ্যই মোৰ লগত এইয়া কি ধেমালি কৰিলে। মোৰ বিয়া হল যদিও কাৰ লগত.....। মইতো এতিয়ালৈকে একো ভালকৈ বুজিয়েই পোৱা নাছিলো যে মোৰ লগত আচলতে কি হৈ গল। তাৰোপৰিও এইটো কথাই মোক জোকাৰি পেলালে যে তেওঁ এই বিয়াক মানি নলয়। তেওঁতো মোৰ মুখখন চাবলৈও মানা কৰি দিলে।'
পিছৰ পৃষ্ঠা,
আজি মোৰ বিয়াৰ ১৫দিন পাৰ হল। মোৰ গাত মাহ হালধিও লাগিল, মেহেন্দিও লাগিল আৰু মোৰ বিয়াও হৈ গল। কিন্তু হালধি আৰু মেহেন্দি বেলেগৰ নামৰ লাগিল। বিয়া ঠিক হৈছিল বেলেগৰ লগত কিন্তু মই কইনা হলো বেলেগৰ। কিন্তু তথাপিও আজি মই আধৰুৱা কাৰণ মোৰ স্বামীয়ে এই বিয়া নামানে। মোৰ বিয়া আধৰুৱা নহয় নে? আৰু দেউতা, তেওঁ মোক অকলে এৰি মাৰ ওচৰলৈ গুচি গল।'
ডায়েৰীত লিখা প্ৰতিটো শব্দতেই এক দুখ লুকাই আছিল যি এই দুয়োয়ে অনুভৱ কৰিব পাৰিছিল।
পিছৰ পৃষ্ঠা,
'আজি মোৰ নতুন ঘৰখনত প্ৰথমটো পোৱা আছিল। এই পোৱাটোতেই মোৰ জীৱনত অপেক্ষাৰ আন্ধাৰ ভৰি পৰিল। ৰিংকুয়ে আমাৰ বিয়াত প্ৰশ্নবোধক এডাল লগাই পুনৰ দিল্লীলৈ যাব ওলাইছে।
পিছৰ পৃষ্ঠা,
'আজি মোৰ নতুন ঘৰখনত প্ৰথমটো পোৱা আছিল। এই পোৱাটোতেই মোৰ জীৱনত অপেক্ষাৰ আন্ধাৰ ভৰি পৰিল। ৰিংকুয়ে আমাৰ বিয়াত প্ৰশ্নবোধক এডাল লগাই পুনৰ দিল্লীলৈ যাব ওলাইছে। মা দেউতাই মোৰ সুখবোৰ নাইকীয়া হোৱাৰ বাবে নিজকেই দোষী মানিব ললে।
মইতো একো বুজি পোৱা নাই মই কি কৰিম? যিবোৰ মানুহে মোৰ জীৱনত সুখ আনি দিব বিচাৰিলে , মই তেওঁলোকৰেই দুখৰ কাৰণ হৈ পৰিলো। মই এইতো অনুতাপ লৈ থাকিব নোৱাৰো। নাই, মই এওঁলোকক এনেদৰে দুখত দেখিব নোৱাৰো।
সেইবাবে মই সিদ্ধান্ত ললো যে মই এওঁলোকৰ সন্মুখত কেতিয়াও নিজৰ সমস্যাবোৰ ব্যক্ত নকৰো। মই ৰিংকুৰ সিদ্ধান্তক শুদ্ধ বুলি মানি তেওঁক মোৰ পৰা মুক্ত কৰি দিলোঁ। মা দেউতাকো মান্তি কৰালো যে মোৰ তেওঁৰ প্ৰতি কোনো আপত্তি নাই। তেওঁ যেতিয়া এই বিয়া মানি নলয় তেন্তে তেওঁক জোৰ কৰি এই সম্পৰ্কত ধৰি ৰখাৰ কি প্ৰয়োজন। সম্পৰ্ক সদায় মনৰ পৰা গঢ়া হয়।'
পিছৰ পৃষ্ঠা,
'ঘৰৰ মানুহকটো বুজাই ললোঁ কিন্তু নিজৰ মনটোক কেনেকৈ বুজাও? আপুনিতো মোক আধৰুৱা কৰি থৈ গুচি গল। আচলতে মোৰ ভুল কি আছিল? মইটো সদায় মোৰ জীৱনসংগী ৰূপে আপোনাকেই কল্পনা কৰিছিলো। কিন্তু আপোনাক দ্বিতীয়বাৰ লগেই নাপালো যে মই আপোনাক কিবা কব পাৰিম। তাৰ পাছত মোৰ বাবে এটা বিয়াৰ প্ৰস্তাৱ আহিল যিটোৰ কাৰণে মোৰ দেউতা বহুত সুখী হল। তেওঁৰ সুখ দেখি মই একো কব নোৱাৰিলো তেওঁৰ সুখতেই মোৰ সুখ মানি ললো।
কিন্তু মোৰ ভাগ্যই মোক আপোনাৰ লগত জোৰা লগাই দিলে। মইতো এতিয়া কিবা বুজিবলৈ চেষ্টা কৰি আছিলো আৰু দেউতাই মোক এৰি থৈ গুচি গল । যদি মা, দেউতা আৰু বেদান্ত নাথাকিল হয় তেন্তে মইতো নিজক চম্ভালিব নোৱাৰিলো হয়।'
পিছৰ পৃষ্ঠা,
এই মাত্ৰ মই নিজকে চম্ভালিব পৰিছিলোঁহে আৰু আপুনি মোক ভাঙি পেলালে। আপুনি আমাৰ বিয়াত অস্বীকাৰ কৰিলে। মোৰ ভুল কি সেইটোও নকলে আৰু শাস্তি শুনাই দিলে যে আপুনি মোক আপোনাৰ ওচৰে পাজৰেও চাব নোখোজে। আপুনি মোৰ অন্তৰত বহুত আঘাত দিলে।
কিন্তু আপুনি চিন্তা নকৰিব , মই নাকান্দো। কিয়নো মই কান্দিলে হয়তো আপোনাৰ বেয়া নালাগিব পাৰে কিন্তু এই গোটেই পৰিয়ালটো মোৰ মুখত হাঁহি দেখিলেহে সুখী হয়। মই এতিয়া ফুৰ্তিত থাকিম কাৰণ মই এওঁলোকক দুখ দিব নোখোজো।( Assamese Storyboard )
পিছৰ পৃষ্ঠা,
হয় মই আপোনাক বহুত ভাল পাওঁ কিন্তু তাতকৈও মোৰ নিজৰ আত্মসন্মানৰ প্ৰতি ভালপোৱা আছে। মই আপোনাক কেতিয়াও আমাৰ সম্পৰ্কৰ বাবে জোৰ নকৰো কিন্তু আপোনাৰ বাবে অপেক্ষা নিশ্চয় কৰিম। মই আপোনাৰ জীৱনলৈ যাবলৈ কোনো চেষ্টা নকৰো কিন্তু যদি আপুনি মোক সন্মান সহকাৰে স্বীকাৰ কৰে তেন্তে মই আপোনাৰ জীৱনলৈ যাম।
মোক আপোনাৰ ভালপোৱা লাগে কিন্তু সন্মানৰ সৈতে।
এইবোৰ পঢ়ি উৰ্মিয়ে কান্দিব ধৰিলে। বেদান্তইউ এই শব্দবোৰৰ মাজত থকা দুখবোৰ ভালদৰেই অনুভৱ কৰিব পাৰিছিল।
"ৰিয়াই দাদাক ভাল পাই আৰু মোক আজিলৈকে কোৱা নাই।"বেদান্তই খং কৰি কলে।
উৰ্মিয়ে তাক শান্ত কৰি কলে," ৰিয়াই নিজৰ দুখবোৰ তোমালোকৰ পৰা লুকুৱাব খুজিছে যাতে তোমালোক চিন্তিত নোহোৱা। সেইবাবে এতিয়া খং নকৰি তাইৰ মনৰ ভাবনাবোৰ বুজা। এনেকুৱা নহয় যাতে তাই আকৌ মনত কষ্ট পায়।"
বেদান্তইও তাইৰ কথাবোৰ বুজি পাই স্থিৰ হল।
উৰ্মি থিয় হৈ গল,"ব'লা প্ৰথমে আমি তাইৰ লগত কথা পাতিম।"
বেদান্তও থিয় হল,'অ ব'লা।'
দুয়ো ৰিয়াৰ ৰুমলৈ আহিল। ৰিয়াই আলমাৰিত কাপোৰ জাপি আছিল। সিহঁত দুয়োটাক দেখি কলে,' আহি গলা তোমালোক লাভবাৰ্ড দুইটা।'
কিন্তু সিহঁতে কোনো উত্তৰ নিদিয়া দেখি তাই আচৰিত হল," কিবা হল নেকি তোমালোকৰ মাজত এনেদৰে মুখ শুকাই আছে যে?"
বেদান্তই কলে,"তুমি মোৰ পৰাও লুকুৱালা।"
ৰিয়াই বুজি নোপোৱাৰ দৰে কলে," কি লুকুৱালোঁ মই?"
বেদান্তই আকৌ কলে," ৰিয়া আজিৰ পৰা মই তোমাক কথা দিছো যে তোমাক আৰু ৰিংকু দাদাক মই এক কৰিহে মানিম" উৰ্মিয়েও বেদান্তক সহযোগ কৰি কলে।
এতিয়া উৰ্মিয়ে ৰিয়াক সুধিলে," বাৰু ৰিয়া তুমি কোৱাচোন ৰিংকু দাৰ লগত তোমাৰ কেতিয়া প্ৰেম হৈছিল?"
বেদান্তইও আচৰিত হৈ সুধিলে," তোমালোক মাত্ৰ এবাৰ হে লগ পাইছিলা তাকো ১০ বছৰৰ আগতেই যেতিয়া আমি সৰু হৈ আছিলো।"
উৰ্মিয়ে উচপ খাই উঠি কলে," এওঁলোক দুজন কেতিয়াও লগ পোৱাই নাছিল নেকি?"
বেদান্ত: অ , কাৰণ দাদাটো আগৰ পৰাই হোষ্টেলত আছিল। তেওঁতো মাত্ৰ বছৰত এবাৰেই আহে বিহুত। শিৱসাগৰলৈ তো মইহে মা পাপাৰ লগত যাওঁ।"
তাৰ পাছত হঠাৎ কিবা এটা মনত পেলাই কলে," দুবছৰ আগত যেতিয়া তুমি আৰু তোমাৰ দেউতা আমাৰ ঘৰলৈ আহিছিলা সেইবাৰো দাদাই তোমালোক অহাৰ আগতেই ওলাই গৈছিল।"
ৰিয়াই লাহেকৈ হাঁহি দিলে।
এইবাৰ উৰ্মিয়ে কলে,' এইদৰে নুবুজাৰ ভাও নকৰিবা ,আমি সকলো গম পাওঁ।'
ৰিয়া: কি গম পাইছা? কিবা কলেহে বুজি পাম।
বেদান্তই ৰিয়াৰ হাতত ধৰি তাইক বহুৱাই লৈ কলে," তুমিতো আজিলৈকে মোৰ পৰা কোনো কথাই লুকাই থোৱা নাই তেন্তে এইটো কিয় লুকাই ৰাখিলা?"
ৰিয়া: বেদান্ত, তোমালোক দুইটাই কি কৈ আছা মই একো বুজি পোৱা নাই।
তেতিয়া উৰ্মিয়ে ডায়েৰী খন তাইৰ সন্মুখত থৈ কলে," ৰিয়া, অন্তত বেদান্তক এবাৰ কব পাৰিলা হয়।"
ৰীয়াই সকলো বুজি পালে যে ইহঁতে ডায়েৰী খন পঢ়িলে আৰু তাই লাহেকৈ কলে," চ'ৰি বেদান্ত।"
বেদান্ত: তুমি মোক নিজৰ ভাই বুলি ভাবিব নোৱাৰিলা সেইবাবে ইমান ডাঙৰ দুখ এটা নিজৰ মনতেই লুকাই থলা।
ৰিয়াৰ মনটো বেয়া লাগি গল," নহয় বেদান্ত এনেকুৱা একো নাই।"
বেদান্ত: তেন্তে কেনেকুৱা হয় কোৱা?
ৰিয়াই এটা গভীৰ উশাহ লৈ কলে," মোৰ বাবে তোমালোক দুখী হোৱাটো মই বিচৰা নাচিলো। ৰিংকুৰ এইটো শেষৰটো ষাণ্মাসিক গতিকে মোৰ বাবে তেওঁৰ কোনো লোকচান হোৱাটো নিবিচাৰোঁ। যদি সেই সময়ত মই সেইটো সিদ্ধান্ত নললো হয় তেতিয়া তোমালোকে তেওঁকেই ভুল বুজিলা হয় আৰু তেওঁ দুখ মনেৰে যাব লগা হলহেঁতেন। এইবোৰৰ বাবে সকলোৰে মনত চিন্তা ঠাকিল হয় আৰু কোনেও সুখী হব নোৱাৰিলে হেতেন।" তাই কান্দি পেলালে আৰু কিছুসময়ৰ বাবে সকলো মৌন হৈ থাকিল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment