কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ৯ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 30, 2021

কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ৯ ) ? Assamese Storyboard

Assamese Storyboard

 

এতিয়া উৰ্মি আৰু বেদান্তই এইটো জানিব খুজিছিল যে ৰিয়া কেনেকৈ ৰিংকুৰ প্ৰেমত পৰিল? কিয়নো সিহঁত দুয়ো বিয়াৰ আগত লগ পোৱাই নাছিল।( Assamese Storyboard )
  ৰিয়াই কবলৈ আৰম্ভ কৰিলে," ৰিংকু মাত্ৰ এবাৰেই শিৱসাগৰলৈ আহিছিল। তেতিয়া মোৰ বয়স ১০ বছৰ। তেতিয়া মোৰ আৰু বেদান্তৰ মাজত খুব কাজিয়া হয়।মোৰ খেলা বস্তুবোৰ বেদান্তই ভাঙি দিয়ে। অনবৰতে মোক অশান্তি কৰি থাকে কাৰণ সি ভাবে মায়ে মোক বেছি মৰম কৰে।
  যেতিয়া এইবোৰ কথাত মই কান্দিবলৈ ধৰো তেতিয়া ৰিংকুয়ে মোক মোক বুজাই যে বেদান্ত বহুত সৰু হৈ আছে সি একো বুজি নাপায় আৰু মই বহুত বুজি পাওঁ। বেদান্তই ভঙা পুতলাবোৰ তেওঁ মোক ঠিক কৰি দিয়ে । লাহে লাহে তেওঁৰ এই স্বভাৱটো মোৰ পছন্দ হব ধৰিলে। তাৰ পাছত কিছুদিন থাকি সকলো উভতি আহিল।
 তাৰ পাছত আৰু ৰিংকু শিৱসাগৰলৈ দুনাই নাহিল। কিন্তু বেদান্ত তেতিয়াৰ পৰা যেতিয়াই আমাৰ ঘৰলৈ আহে সি মোৰ কগত কাজিয়া নকৰে।"



বেদান্তই তাইৰ কথাৰ মাজতে মাত দিলে," অ তো, কেনেকৈ নো কাজিয়া কৰিম? দাদাই বুজাইছিল যে আমি বন্ধু হৈ থাকিব লাগে সদায় মিলাপ্ৰীতিৰে আৰু তোমাৰ যত্নও লব লাগে।" সকলোৱে হাঁহি দিলে।
ৰিয়াই আকৌ কবলৈ আৰম্ভ কৰিলে," লাহে লাহে মই আৰু বেদান্ত বহুত ভাল বন্ধু হৈ পৰিলো। আৰু এদিন বেদান্তই মোক ফোন কৰি কলে যে," ৰাশি বন্ধনৰ দিনা মোৰ লগৰবোৰে মোক জোকাই যে মোৰ কোনো বাই ভনী নাই আৰু সেইবাবে মই ৰাশি নাবান্ধো। এতিয়াৰ পৰা প্ৰতি বছৰে তুমি মোক ৰাশি পিন্ধাবা।"
 প্ৰথমে মোৰ সি কথা কোৱা ধৰণ তো দেখি বহুত হাঁহি উঠিল , তাৰ পাছত মইও মান্তি হলো। মোৰো কোনো ভাই ককাই নাছিল। এনেদৰেই আমাৰ বন্ধুত্বৰ সম্বন্ধটো বায়েক, ভায়েকৰ সম্বন্ধলৈ সলনি হল।
    উৰ্মিয়ে উৎসুক হৈ কলে," তেন্তে তুমি সৰুৰে পৰাই ৰিংকু দাক ভাল পোৱা।"




ৰিয়া: নহয় , সেইটো বয়সত নো কোনোবাই কেনেকৈ প্ৰেম মানে কি বুজি পায়? অ তেওঁক ভাল লাগে। কিন্তু যেতিয়া লাহে লাহে মই ডাঙৰ হলো মোৰ তেতিয়া তেওঁৰ বিষয়ে বেদান্তৰ পৰা কথাবোৰ শুনি ভাল লাগিব ধৰিলে। মই গম পোৱা নাছিলো এইয়া কি? কিন্তু যেতিয়া কোনোবাই প্ৰেম ভালপোৱা, জীৱনসংগীৰ কথা কয় তেতিয়া মোৰ মনলৈ ৰিংকু দাৰ ছবি খন ভাঁহি আহে। মই তেওঁৰ দৰেই এজন জীৱনসংগীৰ কল্পনা কৰো।
  বেদান্ত , তোমাৰ চাগে মনত আছে যেতিয়া ২বছৰ আগতে মই আৰু দেউতা ইয়ালৈ আহিছিলো আৰু তোমাৰ এনেকুৱা লাগিছিল যে মই তেওঁক লগ নাপালো কিয়নো আমি অহাৰ আগতেই তেওঁ দিল্লীলৈ ওলাই গৈছিল। কিন্তু সঁচা এইটো যে মই সেইদিনা তেওঁক লগ পাইছিলোঁ।"
   এতিয়া বেদান্তই আৰু জানিবলৈ মন মেলিলে," অসম্ভৱ! কাৰণ যিমান দূৰ মোৰ মনত আছে তোমালোক অহাৰ আগতেই দাদা এয়াৰপৰ্টলৈ ওলাই গৈছিল। কি কম তোমাক মই, দাদাক মই ৰাখিবলৈ ইমান চেষ্টা কৰিলো কিন্তু তেওঁক ৰখাব নোৱাৰিলো। মই দাদাক তোমাৰ লগত লগ কৰাব খুজিছিলো।"



ৰিয়া: তেওঁ উভতি আহিছিল। তেওঁৰ কিবা বস্তু থাকি যোৱাৰ বাবে নিবলৈ আহিছিল। হঠাৎ মই তেওঁক সন্মুখত দেখা পালো। কিন্তু তেওঁ মোক এবাৰো নাচালে। ওপৰৰ তেওঁৰ ৰুমৰ পৰা বস্তু লৈ তেওঁ আকৌ গুচি গল। মোৰ বাবে যেন সময় স্তব্ধ হৈ পৰিল। মইতো সেই সময়তেই ৰৈ থাকিলো যেতিয়া তেওঁক দেখিছিলো। লাহে লাহে সেই অনুভৱ কেতিয়া প্ৰেমত পৰিণত হল গমকে নাপালো।
  উৰ্মিয়ে বেদান্তক কলে," তোমাৰ দাদাৰ কিবা সমস্যা আছে নেকি যে ইমান ধুনীয়া ছোৱালীজনীৰ লগত খুন্দা খাইও তাইক এবাৰ ঘূৰি নাচালে। কোনোবা বেলেগ হোৱা হলে তাতেই তাইৰ ওপৰত পাগল হৈ গল হয়।"
  
বেদান্তই উৰ্মিৰ ফালে খঙেৰে চাই ৰিয়াক  কলে," তুমি মোক এইবোৰ কিয় কোৱা নাছিলা?"
  ৰিয়াই মূৰ তল কৰি কলে," মই প্ৰথমে তেওঁৰ লগত মোৰ মনৰ কথাবোৰ কব খুজিছিলো কিন্তু আমি আৰু লগ নাপালো। তাৰ মাজতেই দেউতাই মোৰ বিয়া ঠিক কৰি দিলে। মই দেউতাৰ মুখলৈ চাই বিয়াৰ বাবে অমান্তি হবও নোৱাৰিলো। মাত্ৰ মৌন হৈ থাকিলো। কিন্তু মোৰ ভাগ্যই পুনৰ ৰিংকু দাৰ লগত জোৰা লগাই দিলে। প্ৰথমেতো মই একো বুজি পোৱা নাছিলো কিন্তু যেতিয়ালৈকে বুজি পোৱা হলো তেতিয়া ৰিংকু দায়ে এই বিয়া অস্বীকাৰ কৰিলে।"
 কথাবোৰ কৈ ৰিয়া মৌন হৈ পৰিল। তাইৰ চকু চকুলোৰে ভৰি পৰিল। বেদান্তই তাইৰ চকুলো মোহাৰি তাইক সাৱটি ধৰিলে। উৰ্মিয়েও সেমেকা চকুৰে তাইলৈকে চাই ৰল।( Assamese Storyboard )



  কিছুসময় পাছত তাই নিজক চম্ভালি কলে,"ঠিক আছে এতিয়া সকলো শুব লাগে আৰু ৰাতিপুৱা কলেজলৈও যাবলৈ আছে।"
  
  তাৰ পাছত সকলো শুবলৈ গল। বেদান্ত আৰু উৰ্মিয়ে ঠিক কৰিলে যে সিহঁতে ৰিংকু আৰু ৰিয়াক এক কৰিহে এৰিব। এনেদৰেই দিন পাৰ হল। তাৰ মাজতেই বিতু ৰিয়াৰ প্ৰতি আকৰ্ষিত হল। সি সদায় ৰিয়াৰ কাষত থাকিবলৈ চেষ্টা কৰে। উৰ্মি আৰু বেদান্তইও ৰিয়াক ফুৰ্তিত ৰাখিবলৈ সকলো চেষ্টা কৰে।
  ৬ মাহৰ পাছত সেই দিনটো আহিল যেতিয়া ৰিংকু তাৰ পঢ়া শেষ কৰি ঘৰলৈ উভতি আহিব। এই কথাটো লৈ এফালে সকলো সুখী আছিল কিন্তু আনফালে সকলোৱে আহিবলগা দিনবোৰক লৈ চিন্তিত আছিল।
ৰিয়াৰ মনটোও বেছি অশান্ত হব ধৰিলে। ইমান দিনলৈকেতো তাই নিজকে চম্ভালিলে কিন্তু এতিয়া ৰিংকু সন্মুখত থাকিলে তাই কেনেকৈ কি কৰিব? যত এফালে ৰিংকুয়ে এই সম্বন্ধৰ পৰা পলাব বিচাৰিছিল আনফালে ৰিয়াই এই সম্বন্ধক নিজৰ জীৱন ৰূপে মানি লৈছিল।
  এতিয়া ৰিয়াৰ কলেজ শেষ হবলৈও ৬ মাহ বাকী আছিল। তাই এই ৬ মাহ হোষ্টেলত থকাৰ সিদ্ধান্ত ললে। কিন্তু তাই এইটোও জানিছিল যে তাইক কোনেও হোষ্টেললৈ যাবলৈ সহজতে অনুমতি নিদিয়ে। সেইবাবে তাই দেউতাকৰ লগত কথা পাতিবলৈ ঠিক কৰিলে।
  ৰাতি খোৱাৰ টেবুলত....



  ৰিয়া: দেউতা , মোৰ আপোনাক কিবা কব লগা আছিল।
 অমৰ: অ মাজনী কোৱা।
 ৰিয়া: দেউতা, মোৰ কলেজ শেষ হবলৈ আৰু ৬ মাহ বাকী আছে। মই তেতিয়ালৈকে উৰ্মিৰ লগত হোষ্টেলত থাকিব বিচাৰো কাৰণ তাৰ পাছত তাই নিজৰ চহৰলৈ গুচি যাব।"
  সকলোৱে বুজি পাইছিল যে উৰ্মিৰ লগত থকাৰ অজুহাত দেখুৱাই তাই ৰিংকুৰ ঘৰলৈ উভতি অহা কথাটো লুকুৱাব বিচাৰে। কল্পনাই যেতিয়া তাইক কিবা এটা কবলৈ ধৰিলে তেতিয়া বেদান্তই তেওঁক ইংগিত দি ৰখাই দিলে। বেদান্তই প্ৰথমেই ঘৰত সকলোকে বুজাই দিছিল যে ," দাদা আৰু ৰিয়াৰ এই সম্বন্ধটোক আমি অলপ সময় দিব লাগিব যাতে দাদায়ে নিজেই এই সম্বন্ধটোক বুজি পাই।"
  তাৰ পাছত তেওঁলোকেও বেছি সোধাতো উচিত বুলি নাভাবি তাইক হোষ্টেলত থাকিবলৈ অনুমতি দিলে। কল্পনাইও ৰিয়াক কথা দিবলৈ কলে যে প্ৰতিটো দেওবাৰে তাই ঘৰলৈ আহি সকলোৰে লগত সময় কটাব। ৰিয়াইও মান্তি হল
আজি ৰিয়া উৰ্মিৰ লগত হোষ্টেললৈ বুলি গল কাৰণ কাইলৈ ৰাতিপুৱা ৰিংকু ঘৰলৈ অহাৰ কথা। উৰ্মিয়ে কিন্তু এইটো কথা লৈ ৰিয়াক খং কৰিলে।
  উৰ্মি: ৰিয়া মোৰ কিন্তু তোমাৰ ওপৰত বহুত খং উঠিছে। তুমি এতিয়া বেছি সময় ৰিংকু দাৰ সন্মুখত থাকিব লাগে যাতে তেওঁ তোমাৰ অনুভৱবোৰ বুজি পায়।
 ৰিয়া: নহয় উৰ্মি, মই এনেকুৱা কৰিব নোৱাৰো। মই তেওঁৰ লগত জোৰ কৰি থাকিব নিবিচাৰো।
 উৰ্মি:মই বুজি নাপাওঁ যে ইয়াত কেনেকৈ জোৰ কৰা হল? তুমি তেওঁৰ পত্নী হয়।
  ৰিয়াই হাঁহি মাৰি কলে," অ পত্নী,কিন্তু এনেকুৱা পত্নী যাৰ লগত তেওঁ সম্বন্ধ গঢ়িবলৈ অস্বীকাৰ কৰিলে।" 
 উৰ্মি: কিন্তু ৰিয়া.....
  ৰিয়াই মাজতে তাইক বাধা দি কলে," কোনো কিন্তু নাই আৰু। মই তোমাৰ লগত থকাৰ বাবে তুমি সুখী নহয় নেকি উৰ্মি?"



  উৰ্মি: এনেকুৱা নহয় অ , মই মাত্ৰ তোমাৰ কথা ভাবিয়েই কৈছিলো। বাৰু, কলেজ শেষ হোৱাৰ পাছত কি কৰিবা? 
 ৰিয়াই কিবা এটা ভাবি লৈ কলে," সেইটো সময়ত ভাবিম। এতিয়া এইটো বিষয় বন্ধ কৰা।"
 উৰ্মি মনে মনে থাকিল।
  
  ইফালে ৰিংকুও চিন্তাত আছিল। যাৰ পৰা সি পলাব খুজিছিল শেষত গৈ আকৌ সেইটোৰেই সন্মুখীন হব লাগিব। তাৰ মনতো অশান্ত হৈ পৰিল। আগৰবাৰ তো খং কৰি ওলাই আহিছিল কিন্তু এতিয়া কি কৰিব? একেখন ঘৰতেই থাকি সি আৰু কিমানদীন ৰিয়াৰ পৰা পলাব পাৰিব?

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages