এজনী মৰম লগা ছোৱালীৰ হৃদয়স্পৰ্শী কাহিনী ( খণ্ড - ১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 30, 2021

এজনী মৰম লগা ছোৱালীৰ হৃদয়স্পৰ্শী কাহিনী ( খণ্ড - ১ ) : Assamese Storyboard

Assamese Storyboard

ৰাতি সকলো মানুহ টোপনিত | মাত্র বাহিৰত নিশাচৰ চৰাইৰ ভয়ংকৰ বিননি | ৰাজপথত কুকুৰৰ ভুক ভুকনি | বিচনা খনত অকলশৰে পৰি আছে তাই | ইকাতি সিকাতি কৰি আছে | কিন্তু চকুত টোপনিৰ ভাৱ নাই |( Assamese Storyboard )


           মাজে মাজে উৰুঙা বুকুখনত গাৰুটো হেচি ধৰিছে | খালি খালি লাগি থকা হৃদয় খন আৰু চাগে কাহানিওঁ নহয় পূৰণ | ৰিঙা ৰিঙা মনটোক তাই বুজাই কেনেকে | আজিটো নহয় , আজি বিয়াৰ পাচবছৰ হ'ল | কিন্তু সলনি নহ'ল প্রতিম | সি একে থাকিলে ! টকা - পইচাঁ ই সৰ্বস্ব নহয় | হয়টো প্রতিজনী নাৰীৰ জীৱনতে প্রয়োজন পুৰুষ জনৰ মৰম , ভালপোৱাঁ |


                  ৰংপুৰৰ চঞ্চলা গাভৰু ৰিংকি | ঘৰ খনৰ দুজনী ছোৱালীৰ ভিতৰত তাই সৰুজনী | দিনহাজিৰা কৰা দেউতাকৰ বুকুৰ সপোন | মৰম লগা ৰিংকি | সময়ৰ গতিত তাই ও গাভৰু হৈছিল | ডেকা ল'ৰাৰ সপোনৰ পখিলিজনী হৈছিল |বহুত ডেকা ল'ৰাই পাব বিচাৰিছিল মনে প্রানে তাইক | তাই সদায় কলেজলৈ খোজকাঢ়ি অহা যোৱা কৰিছিল | দেউতাকে তাইক এখন চাইকেল ক্ৰয় কৰি দিয়াৰ ও সামৰ্থ নাছিল | আৰু তাক লৈ তাইৰ দুখ ও নাছিলে | 


             সেই দিনা ও তাই বহীটো বুকুত সাৱতি কলেজলৈ আহি আছিল | দীঘলকৈ ছুলি খিনি তাইৰ ককালৰ লগত নৃত্য কৰি আহিছিল | খোজৰ ভাজত তাইৰ লাহি লাহি ককালে লয়লাস নৃত্য কৰিছিল | সদায় থকাৰ দৰে তিনিআলিৰ চেন্টাৰত সেই দিনাওঁ ডেকা ল'ৰা কেইটা মানে আদ্দা মাৰি আছিলে | তাই তলমূৰ কৰি তিনিআলি টো পাৰ হব চেষ্টা কৰিছিল | তেনেতে তাইৰ কানত কেইটা মান শব্দ পৰিছিল |


- ঐ যা যা মনৰ কথাটো কৈ দে |

- নহ'লে চাবি আকৌ বেলেগে ৰিজাৰ্ভ কৰি দিব |


তাই কথা খিনি নুশুনা ভাওঁ ধৰি খৰ খোজেৰে পলাৱ চেষ্টা কৰিছিল | তেনেতে তাইৰ সন্মুখত আহি ৰৈ দিলে এখন বাইক | তাইৰ খোজ স্তব্ধ হৈ গৈছিল | কেৰাহিকৈ ল'ৰাজনৰ ফালে চাইছিল | অ সেইজন অইন কোনো নহয় মইনাপুৰৰ ৰণ | 

- তোমাক কথা এটা কব বিচাৰিছিলো !

সি তাইক কৈছিলে | তাই ভয়,লাজ ৰ সংমিশ্রনত কৈছিলে | 

- হয় কওঁক |

- মোৰ তোমাক ভাল লাগে !

তাইৰ বুকুখনৰ ধপধপনি বাঢ়িছিল | জীৱনত এনে পৰি স্থিতিৰ প্রথম মুখা মুখি হৈছে | কি কব বাৰু তাই |

- একো নকলা যে !

- কি কম নো !

- কোৱা তোমাৰ মোক কেনে লাগে !

নাই তাই আৰু নোৱাৰিলে | তাই এটা মিচিকিয়া হাঁহি মাৰি আতৰি আহিলে |


          সি দূৰৰ পৰা চিঞৰি ক'লে 

- অ হেল্ল' তোমাৰ উত্তৰৰ বাবে মই ৰৈ থাকিম |

সি গ'লগৈ আৰু তাই ও কলেজলৈ গ'ল |


আজি দেখোন কিতাপৰ ওপৰত ৰণৰ ছবি খনে ভাহি থাকিলে | ল'ৰা জন বেয়া নহয় যেন লাগিছে,তাইৰ ও অকলশৰীয়া জীৱনত কাৰোবাৰ খুৱে প্রয়োজন |  জীৱনত এয়া প্রথম প্রেম হব তাইৰ |  খুৱ লাজ ও লাগিছে | কাইলৈ তাক কি কব বাৰু তাই !

- আই লাভ ইউ !

নাই নাই আই লাভ ইউ কিয় কব | সিটো তাইক ভাল লগা বুলি কৈছে | তেন্তে কি কব নো ! 

না কব - মোৰো আপোনাক ভাল লাগে 


                কথা মতে কাম | তাই আজি কলেজলৈ ওলাই আহোতে বাৰে বাৰে আইনাত মুখনি চাইছে| আজি নিশ্চয় সি ৰৈ থাকিৱ | তাই ওলাই আহিছিল ,,,,,,,,,,,,,,,,,,

তিনিআলি পাই তাই সদায় ৰণ হতে আদ্দা মৰা দোকান খনলৈ চালে ! তাইৰ বুকুখন ধপং কৈ মাৰিলে ! অ সি আছে | আজি তাইৰ লাজ বেছিকে লাগিছে | তাই মুখ খন দুপাট্রা খনৰে ধাকি লৈ বেগা বেগিকৈ খোজ দিলে | তাই তেনেতে শুনিলে পাছফালে গাড়ীৰ হৰ্ণ | তাইৰ আৰু বুজিৱৰ বাকি নাই সেয়া ৰণৰ বাহিৰে আৰু অইন কোনো নহয় |

- অ হেল্ল' কি হ'ল ! উত্তৰ নিদিয়া |

কি কম ! বাৰু চেহঃ লাজে লাগিছে |

- কোৱা আকৌ ,নহ'লে মই মৰি যাম |

- হেই ! নাই নাই মৰি নাযাবা | মোৰ ও তোমাক ভাল লাগে |

কথা খিনি কৈ তাই দৌৰিছিল |

- অ হেল্ল' এবাৰ উভতি চোৱা না |

তাৰ কথা খিনি শুনি তাই মুখৰ পৰা এটা খিলখিলিয়া হাঁহি ওলাই আহিছিল |

- এবাৰ চোৱা না !

তাৰ কথাষাৰ আকৌ তাইৰ কানত পৰিলে | এইবাৰ তাই তাৰ ফালে ৰৈ চালে | হাঁহি হাঁহি তাক ক'লে 

- দেখিলানে !

- উম ! তুমি বহুত ধুনীয়া |

তাৰ কথাষাৰ শুনি তাইৰ আকৌ মিছিকিয়া হাঁহিটি ওলাই আহিছিল | 

- তুমি হাঁহিলে মুখত দিম্পল পৰে|

- মই যাওঁ ক্লাছলৈ দেৰি হব |

তাই কলেজলৈ খোজ দিলে |

- অ হেল্ল' কাইলৈ আকৌ লগ পাম |

তাই আজি বহুত সুখী ,জীৱনত প্রথম প্রেমৰ অনুভৱ | 


                         এনেকে চলি থাকিলে ৰিংকি আৰু ৰণৰ প্রেম | কেতিয়াবা যদি নৌৰ ঘাটত ,কেতিয়াবা আকৌ ৰাজপথ্ত | দুয়ো দুয়োৰে প্রেমত মতলীয়া |বিচাৰি ফুৰিছে ইজনে সিজনীৰ হিয়াৰ ঠিকনা | ৰিংকিৰ কলেজীয়া জীৱন শেষ হ'ল |

নৈৰ ঘাটত দুয়ো বহি আছিলে | তাৰ কান্ধত তাই মূৰটো থৈছিলে |

- ৰিংকি

- উম কোৱা

- মই কথা এটা কব লাগিছিল |

- কি কোৱা |

- খং নকৰো কোৱা !

- নকৰো কোৱা

- তোমাক,,,,,,,,,

- মোক !

- তোমাক আমাৰ ঘৰৰ মানুহে গ্রহন নকৰে !

- কি !

- আমাৰ মা - দেউতা সদায় ধন সম্পত্তি ৰ মাজতে অন্ধ হৈ থাকিলে | এজনী দুখীয়া ঘৰৰ ছোৱালী ক বোৱাৰী কৰি আনিব  নিবিচাৰে | মই কি কৰো কোৱা |

তাই আৰু ৰব নোৱাৰিলে ! তাই তাক দুহাটৰ সৰ্ব শক্তি প্রয়োগ কৰি ঠেলি উঠি আহিলে | তাই আৰু ৰৈ নাথাকিলে , লাহে লাহে তাই ঘৰ অভিমুখে ৰাওঁনা হ'ল |

- ৰিংকি শুনাছোন ,ৰিংকি 

তাই মাত নামাতিলে 

সি তাইৰ হাত খনত খামোছি ধৰিলে |

- ৰিংকি শুনাছোন 

- এৰি দিয়া

- ৰিংকি

- মই কৈছো এৰি দিয়া

- ৰিংকি ৰবা মই বাইকত থৈ আহিম |

- নালাগে,ভগবানে দিয়া ভৰি দুখন আছে ন ! আমি যেতিয়া দুখীয়া মানুহ গতিকে ধনী মানুহৰ বাইকত উঠি তোমালোকৰ মানদণ্ড হ্রাস নকৰো |


                  তাই ভগ্ন হৃদয় খন লৈ ঘৰলৈ খোজ দিলে | জীৱনত প্রথম প্রতাৰিত হ'ল আজি তাই | চিঞঁৰি চিঞঁৰি কান্দিবৰ মন গৈছিল তাইৰ | কিন্তু নোৱাৰে মাক দেউতাকৰ মুখলৈ চাই নিজক শেষ কৰিব ও নোৱাৰে | তাই জীয়াই থাকিব | ৰণ হতৰ দৰে প্রতাৰক বোৰক তাই এদিন প্রত্যুত্তৰ  দিব চেষ্টা কৰিব | তাই কিছু সময় পাছত গৈ ঘৰ পালে | চিধাই নিজৰ ৰুমত সোমাই মনে মনে কান্দিলে | দুখীয়া হোৱাটো কি পাপ নেকি | এয়া দুৰ্ভাগ্য |( Assamese Storyboard )


- মাজনী

মাকৰ মাত শুনাৰ লগে লগে তাই চকুপানী খিনি মছি ল'লে |

- অ মা

- মামাই খৱৰ দিছে ! কাইলৈ তোক চাৱলৈ গুৱাহাটীৰ পৰা ল'ৰা এজন আহিৱ |

- হব মা |


                     কথা খিনি কৈ মাক আতৰি গ'ল | তাই মাক - দেউতাকৰ কথা মতে কাইলৈ সাজু হ'ল |বিচনাৰ পৰা উঠিয়ে তাই কিতাপৰ মাজত সযতনে ৰাখি থোৱা ৰণৰ ফটো কপি দুহাটেৰে ফালি পেলালে | আৰু হুকহুকাই কান্দিলে | সকলো তাই নিৰৱে সহ্য কৰি যাৱ |

পিছদিনা খন সিহতৰ ঘৰত গুৱাহাটীৰ সম্ভ্রান্ত ঘৰৰ ৰঞ্জিত দত্তৰ একমাত্র ল'ৰা প্রতিম আহিছিল তাইক চাৱলৈ | তাইৰ ৰূপ তাইৰ যৌৱন দেখি প্রতিমে সন্মতি দিলে বিয়াৰ | 


       সিহতৰ বিয়াৰ আয়োজন চলিলে | আৰু দুয়োখন ঘৰৰ মাজত বিয়াৰ প্রাকমূহুৰ্ত্তত এক সুন্দৰ সম্পৰ্ক গঢ়ি উঠিলে | অহা মংগল বাৰে প্রতিমৰ জন্মদিন | সি তাইক সিহতৰ ঘৰলৈ নিবলৈ আহিব | গতিকে আজি তাই তিনিআলিলৈ এপাক ওলাই গ'ল প্রতিমলৈ জন্মদিনৰ উপহাৰ কিনিবলৈ |

তাই গৈ তিনি আলি পাইছিল | কিন্তু ৰমেন কাইটিৰ দোকানৰ সন্মুখত ৰণক দেখি তাইৰ হিয়াখন ভাগি গৈছিল | তাই সিদ্ধান্ত ল'লে ! তাই উপহাৰ ক্ৰয় নকৰে তাই ঘৰলৈ উভতি আহিলে | তেনেতে বাটত আগছি ধৰিলে ৰণে -


- ৰিংকি ইমান বেয়া পোৱা হ'লা নে মোক !

- মোক আমনি নকৰিলে ভাল পাম |

- নকৰো,আজিকালি মই মদ খাওঁ 

- তুমি কাপুৰুষ আছিলা 

- অ মই কাপুৰুষ | মই ঘৰৰ লগত প্রতিবাদ কৰিব নোৱাৰিলো |

- মোক আৰু অনাগত দিনত আমনি নকৰিলে ভাল পাম | কাৰন মোৰ বিয়া ঠিক হৈছে | আহো,,,,,,

- ৰিংকি


             ৰণৰ আজি হিয়াখন ভাগি টুকুৰা হ'ল |কিয়  আজি কষ্ট পাইছে বহুত | 

তাই ঘৰলৈ গ'ল গৈ | তাই লাহে লাহে ৰণক পাহৰিব চেষ্টা কৰিছিল | তাইৰ জেদী মনটোৰ জেদ বাঢ়ি গৈছিল | 


             প্রতিমে আজি আহি ৰিংকিক লৈ গ'ল | তাইৰ মৰমৰ নীলা ৰঙৰ চুৰিদাৰ জোৰত তাইক বহুত মৰম লাগিছিল |প্রতিমৰ লগত কৈ থাকোতে ৰণে তাইক খিৰিকিৰে দেখিলে | আৰু সি লগে লগে তাইৰ পাছ ল'লে | তাইৰ গাটো খন কপিব ধৰিছিল কিয় সি আজি আৰু একো অঘটন নঘটায়টো |সি যদি মোক বিয়াই নাপাতে তেন্তে সি কিয় তাইৰ পিছ লৈছে | এটা সময়ত সি তাইক হাত জোকাৰি বিদায় দিছিলে | উফ ৰক্ষা !


         তাই আজি শহুৰৰ ঘৰত আহিছে | এখন নতুন ঘৰত সোমাই প্রথমতে যদিওঁ লাজ লাগিছিল পিছত সকলো সহজ হৈ পৰিলে | ৰাতি জন্মদিনৰ পাৰ্টি শেষ হ'ল | আৰু সেই নিশা ৰিংকিক এজনী ধুনীয়া তিৰোতাৰ লগত শুৱ দিলে | 

তাই আৰু তিৰোতা জনী বিচনাত পৰিছিলে | লাহে লাহে তিৰোতাজনীয়ে এটা দুটা কথা আৰম্ভ কৰিলে |

- তুমি এইখন ঘৰত মোৰ সম্পৰ্ক কি জানা নে ?

- জানো প্রতিমে মোক কৈছে আপুনি তাৰ বান্ধৱী |

- উম ঠিকেই , মই তোমাক দুটা মান কথা কব পাৰো !

- উম নিশ্চয় পাৰে ,,,,,,,

- শুনা তেন্তে 


          প্রতিম আৰু সম্পৰ্ক অকল বান্ধৱী নহয় এয়া আমাৰ ভালপোৱাঁ |

তাইৰ বুকু খন কপিছিলে | এইবোৰ কি শুনিছে তাই | মানুহ জনী পাগলী নেকি !


- মই বিবাহিতা ,মোৰ সন্তান আছে ,মোৰ স্বামী আছে | কিন্তু মই স্বামীৰ লগত সুখী নহয় | মই প্রতিমৰ লগত সুখী | কিন্তু মই তাৰ ওচৰত সদায়ৰ কাৰনে আহিব নোৱাৰো | আমাৰ সম্পৰ্ক এনেকে চলি থাকিব | তাক এৰি মই জীয়াই থাকিৱ ও নোৱাৰো |  সেই কাৰনে মই সিহতৰ লগত ঘৰুৱা সম্পৰ্ক ৰাখিছো ,,,,,,,,,,,,,,


             নাই নাই তাই আৰু শুনিৱ নোৱাৰে ,তাই দৌৰি বাথৰুমত সোমালে | আৰু লাইটো জ্বলাই দিলে | উচুপি উচুপি কান্দিলে তাই | তাই সঁচাই অভাগিনী | কিয় মানুহ বোৰে তাইৰ লগতে এনে কৰিলে |কেনেকে মানি লব তাই বিয়াৰ পাছত প্রতিমক স্বামী বুলি | সেইজন তাইৰ স্বামী হব পাৰিব নে ! 

                এটা বিষাদে গৰকা ৰাতিৰ পাছত প্রতিমে আহি তাইক থৈ গ'ল তাইৰ ঘৰ খনত |

- মাজনী 

- অ দেউতা !

- শহুৰৰ ঘৰ খন কেনে পালি 

- ভালে দেউতা |

- প্রতিম ল'ৰাজন কেনে 

- ব--হু---ত ভাল

- মাজনী তোৰ সুখে আমাৰ সুখ |


বহুত কষ্টত তাই দেউতাকক উত্তৰ বোৰ দিলে | তাই এই বিয়া ভাগিব পাৰিলে হৈ ! কিন্তু এতিয়া নোৱাৰে কাৰন তাই বিয়াৰ আগতে সিহতৰ ঘৰৰ পৰা আহিলে,গাওঁৰ মানুহে বদনাম দিব | গতিকে তাই আৰু অভাগিনী হৈ ৰৈ থাকিব নোৱাৰে | তাই ভাগ্যক ধিয়াই এদিন প্রতিমৰ লগত বিয়াত বহিলে |


           কিন্তু সংসাৰ সুখৰ নহ'ল | তাই মাত্র এটা কাঠৰ পুতলা হৈ থাকিলে | সুখী মানুহ জনীৰ অভিনয় কৰি গ'ল | তাইৰ অকমাত্র সন্তানটো বুকুত সাৱতি | প্রতিমে তাইৰ কোনো কথা নামানে বেছি ক'লে কাজিয়া কৰে | সি সদায় সেই মহিলাজনীৰ লগতে সম্পৰ্ক চলাই গ'ল | আৰু তাই চিৰদিন হৈ থাকিব লাগিব এজনী অভাগিনী নাৰী |||


আগলৈ……


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।


-

No comments:

Post a Comment

Advertisement

Pages