প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 30, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৭ ) : Assamese Storyboard

Assamese Storyboard

 

এক প্ৰকাৰ দৌৰি যোৱাদি গৈ এনিশা নিৰ্মলাৰ ওচৰ পালেগৈ -- মা , সমৰৰ এক্সিডেন্ট হৈছে ,মই এতিয়াই যাব লাগিব ..ডিব্ৰুগড় মেডিকেলত এদমিট কৰাইছে আজিপুৱতি নিশা ।" --- উশাহ নসলোৱাকৈ য়ে ক'লে কথাকেইটা তাই ।( Assamese Storyboard )
গোসাঁই ঘৰৰ পৰা ওলাই অহা নিৰ্মলা পুনৰ গোসাই ঘৰত সোমাই এগছ চাকি পুনৰ জ্বলাই পুতেকৰ  আৰোগ্য কামনা কৰিলে অস্থিৰ মনেৰে । অকনো সময় নষ্ট নকৰি এনিশাই গাতো  লৰালৰিকৈ ধুই উমাকান্তক চিঞৰিলে । এনিশাৰ মাতত শুই থকা উমাকান্তই বিচনাৰ পৰা উঠি চাৰ্ট এটা গাট সোমোৱাই ওলাই আহিল । এনিশাই উমাকান্তক ডিব্ৰুগড়লৈ যাবৰ কাৰনে সাজু হ'বলৈ কলে । অনিতাই বাকি অনা চাহকাপ দুঢোক মান খাই খৰ খেদাকৈ যাবলৈ সাজু হয় এনিশা ।


শুই থকা নীৰক কপালতে চুমা এটা খাই অনিতা আৰু নিৰ্মলাৰ হাতত এৰি  গাড়ীত বহেহি । গোটেই বাটটো ভগৱানকে প্ৰাৰ্থনা কৰি গ'ল তাই, সমৰৰ যাতে একো নহয় ।
    ।মেদিকেলত ভৰি দিয়েই এনিশাই সমৰক থোৱা ৰূমৰ বিষয়ে খবৰ লৈ আগবাঢ়ে । ৰূমৰ মুখতে ৰৈ থকা অচিনাকী ব্যক্তিজন তাইক দেখি আগবাঢ়ি আহিল ।
: আপুনিয়েই এনিশা বাইদেউ ? 
: হয় । সমৰৰ এক্সিদেন্ট কেনেকৈ হ'বলৈ পালে ?আৰু আপুনি কোন হয় ?
: মইয়ে এদমিট কৰাইছো  সমৰ দা আৰু ভৈৰৱী বাইদেউক 
: ভৈৰৱী ! সমৰৰ ৱাইফৰ কথা কৈছাতো ? 
: হয় বাইদেউ ।যোৱা কালি আমাৰ ষ্টাফৰে এজনৰ বিয়া আছিল ডিব্ৰুগড়ত তালৈ গৈছিলো আমি । বিয়াৰ পৰা উভতাৰ পথত এক্সিডেন্টটো হয় ,ভাগ্য ভাল যে মোৰ গাড়ীৰ আগে আগে সমৰৰ গাড়ীখন গৈ আছিল । এক্সিডেন্ট অলপ বেছিয়েই , বৰ্তমান সমৰ ক'মাত আছে । 



: কি !! -- আচৰিত হয় এনিশাই ওচৰৰ চকিখনতে বহি পৰে তাই ।
: চিন্তা নকৰিব , ডক্তৰে ট্ৰিটমেন্ট কৰি আছে ..ভাল হ'ব। -- ল'ৰাজনে অাশ্বাসৰ সুৰত ক'লে ।( Assamese Storyboard )
দৰ্জাৰ গ্লাচেৰে আই চি ইউৰ ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰিলে তাই , কিন্তু একো নেদেখিলে । সমৰক চাবৰ বাবে অধীৰ হৈ উঠিল  এনিশা । আই চি উৰ সময়মতে আৰু আধাঘণ্টা তাই ৰ'ব লাগিব সমৰক চাবলৈ হ'লে । সেই সময়তে ক্ষ্ৰীপ গতিত নাৰ্চ এগৰাকী এনিশাৰ কাষলৈ আহি সুধিলে -- " আপুনিয়েই এনিশা নেকি ? "
: হয় , মইয়ে ।
: আহকছোন মোৰ লগত । 



উমাকান্তক ল'ৰাজনৰ লগতে ৰাখি এনিশা নাৰ্চ গৰাকীৰ পিছে পিছে আহিল । নাৰ্চগৰাকী এটা কেবিনৰ মুখত ৰৈ গ'লহি । ৰূমটোলৈ এনিশাক সোমাবলৈ চকুৰে ইংগিত দিলে । ৰূমটোত সোমায়েই এনিশা স্তব্ধ হৈ পৰিল । কেবিনৰ বেদত শুই আছে সমৰৰ দ্বিতীয় পত্নী ভৈৰৱী । মুৰত বেন্দেজ মেৰিয়াই থোৱা আছে । ভৈৰৱীয়ে হয়তো উমান পাইছিল এনিশাৰ উপস্থিতি । চকু মেলি চালে তাই এনিশালৈ ।দুখোজ আগবাঢ়ি গ'ল এনিশা ভৈৰৱীৰ কাষলৈ ।কঁপি উঠিল ভৈৰবীৰ ওঁঠজুৰি ..কিবা যেন ক'ব বিচাৰিছে এনিশাক ।এনিশাৰ ফালে তাইৰ হাতখন লাহে লাহে আগবঢ়াই দিলে । এনিশা ভৈৰৱীৰ ওচৰত বহি তাইৰ হাতখন নিজৰ হাতলৈ ললে ।দুধাৰী লোতক বৈ আহিল ভৈৰৱীৰ । 



:" এ-- নি-- শা , পা--ৰি--লে  মো-ক   মা--ফ  ক-ৰি   দি-বা .. মো-ৰ  ক -ণ মা- নি টো-ক  তো---সেহাই সেহাই কোৱা কথাকেইটা শেষ কৰিব নোৱাৰিলে ভৈৰৱীয়ে । এনিশাক ধৰি থকা হাতৰ বান্ধোনটো শিঠিল হৈ আহিল ,চকু দুটা মুদ খাই আহিল ভৈৰৱীৰ ।কিংকৰ্ত্যবৰ বিমোৰ হৈ পৰা এনিশাৰ চকুৱেদি ধাৰাসাৰে লোতক বাগৰিল। নাৰ্চ এগৰাকীয়ে সদ্যযাত শিশু এটিক এনিশালৈ আগবঢ়াই  দিলে  এনিশাই আলফুলে কেচুৱাটি বুকুত আকোৱালি লৈ দুগুন জোৰেৰে উচুপি উঠিল ।  

আগলৈ ..
Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages