প্ৰেম কৰাৰ আগতে যুৱক-যুৱতী সকলে নিশ্চয় এবাৰ পঢ়িব : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 29, 2021

প্ৰেম কৰাৰ আগতে যুৱক-যুৱতী সকলে নিশ্চয় এবাৰ পঢ়িব : Assamese Storyboard

Assamese Storyboard

আনন্দত কল্পনাৰ ভৰি মাটিতে নপৰা হৈছিল। লগৰ বান্ধৱীৰ সৈতে কথা পাতি তাই ফুলৰ দৰে জিলিকি উঠিছিল। কল্পনাৰ মাতষাৰে কৈছিল যে তাই বহুত সুখী।( Assamese Storyboard )

এয়া স্বাভাৱিকো আছিল। আঙুঠি পিন্ধোৱাটো কল্পনাৰ বাবে সৰু কথা নাছিল। আঙুঠি পিন্ধোৱা নিয়মৰ বাবে চহৰখনৰ ডাঙৰ হোটলখন লোৱা হৈছিল। দিনৰ বাৰ বাজি গৈছিল। সকলো আলহীও আহি পাইছিল। আৰু সকলো বন্ধু বান্ধৱীও আহিছিল। কিন্তু নীৰৱ আৰু তাৰ পৰিয়ালৰ লোক এতিয়াও আহি পোৱা নাছিল। পলম হোৱা দেখি কল্পনাৰ দেউতাক চিন্তিত হৈ পৰিছিল। দেউতাকে, কল্পনাক নীৰৱলৈ ফোন কৰিবলৈ কলত, তাই তক্ষনাৎ নীৰৱলৈ ফোন কৰিলে। তেতিয়া নীৰৱে কলে, নীৰৱহঁত ট্ৰেফিকত ফচি আছে আৰু ২০,২৫মিনিটৰ পাছত গৈ পাবগৈ। তেতিয়া হে কল্পনাই দীঘলকে উশাহ ললে।

কিয়নো,নীৰৱ অহাত পলম হোৱাত, কল্পনাও ভয় খায়ছিল। তাই ভাৱিছিল যে, নীৰৱে আকৌ কল্পনাৰ বিষয়ে কিবা নতুন কথা গম পালে নি! কিন্তু কল্পনাই তাইৰ এই ধাৰণাক পিছলৈ ঠেলা মাৰি ভাৱিলে, নীৰৱ আহি আছে। কিবা অন্য কথা হলে, ট্ৰেফিকত ফচি থকা বুলি কিয় কলে হয়। কিন্তু সেই সময়তে কল্পনাৰ ফোনটো বাজিল আৰু তাই ৰিচিভ কৰিলে আনফালৰপৰা প্ৰশান্তৰ মাত ভাহি আহিল। দুদিনৰ আগতে, জেলৰপৰা আহিছো। তোমাৰ বিষয়ে জনাত গম পালো যে, আজি নীৰৱে তোমাক আঙুঠি পিন্ধাৱ। মই এবাৰ তোমাক চাব বিচাৰো আৰু তোমাৰ লগত কথা পাতিবলৈ বিচাৰো। মই হোটেলৰ বাহিৰতে আছো। পাঁচ মিনিটৰ বাবে ওলাই আহা। নহলে মই ভিতৰলৈ গুচি যাম। কল্পনাই ভয় খালে, তাই জানিছিল, প্ৰশান্ত ভিতৰলৈ আহিলে তাইৰ সকলো শেষ হব। নীৰৱে সচাঁ কথাবোৰ গম পালে, সি কল্পনাৰ লগত সম্বন্ধ নাৰাখিব। সেই সময়ত তাই প্ৰশান্তক লগ কৰাটোৱে সঠিক বুলি ভাবিলৰ।



সকলোৰেপৰা লুকাই, কল্পনা হোটেলৰ বাহিৰলৈ ওলাই আহিল। হোটেলৰপৰা কিছু আঁতৰত প্ৰশান্ত ৰৈ আছিল। তাৰ কাষলৈ গৈ কল্পনাই খঙেৰে কলে, কিয় অশান্তি কৰিছা! মই কলোৱে দেখোন, মই কোনো পৰিস্থিতিতে তোমাৰ লগত বিয়াত বহিব নোঁৱাৰো।

 তুমি মোৰ জীৱনটো শেষ কৰি দিলা। তথাপিটো মই তোমাক অশান্তি কৰিব নোঁৱাৰো। মই কেৱল এয়া সুধিব বিচাৰো যে, মোৰ দূৰ্দশা কৰাৰ পাছত তোমাৰ কেতিয়াবা পৰ্চাতাপ হল নে নহল!

 কল্পনাই অলপ লাহে কৰি উত্তৰ দিলে, কেনেধৰণৰ পৰ্চাতাপ! যি হল, তাত সকলোবোৰ দুখ তোমাৰেই। মই টো আগতেই কৈছিলো যে মোক বদনাম নকৰিবা। আৰু আজিৰেপৰা যদি তুমি মোক আকৌ বদনাম কৰা, মনত ৰাখিবা প্ৰাথম বাৰলৈ কেৱল ৩বছৰলৈ জেললৈ গৈছিলা, এতিয়া জীৱনটোৰ বাবেই যাবা। নিজৰ কথা কয়ে, কল্পনাই, প্ৰশান্তৰ কথা নুশুনাকৈয়ে হোটেলৰ ভিতৰলৈ আহিল।তাইৰ বন্ধু বান্ধৱীয়ে কল্পনাক বিচাৰিছিল ফুৰিছিল। এজনীয়ে সুধিলে, কত গুচি গৈছিলা! তোমাৰ দেউতাই সুধিছিল। পৰিস্থিতিক চম্ভালি, কল্পনাই বাথৰূমলৈ গৈছিলো কলে। দেউতাককো তাই কলে। তাৰপিছত দীঘলীয়া উশাহ টানি কল্পনা বহি পৰিল। কল্পনাই বিশ্বাস কৰিছিল, এতিয়া পৰা আৰু কেতিয়াও প্ৰশান্তই তাইক অশান্তি নকৰে, আৰু তাই নীৰৱৰ লগত সুখ শান্তিৰে জীৱনটো অতিবাহিত কৰিব।

কল্পনাৰ প্ৰশান্তৰ লগত প্ৰথম দেখা দেখি  কলেজৰ সেই সময়ত হৈছিল যেতিয়া প্ৰশান্তই বি. টেক কৰি আছিল। তেতিয়া কল্পনাই প্ৰশান্তৰ ওপৰত মুগ্ধ নোহোৱাকৈ থাকিব নোঁৱাৰিলে। ওখ পাখ, সুন্দৰ শৰীৰ আৰ্কষিত কৰা মুখ মণ্ডল, বগা ৰং, তীক্ষ্ণ আৰু দেখাত বহুত ধুনীয়া, তাই মনে মনে প্ৰতিজ্ঞা কৰিছিল, এদিন নহয় এদিন  কল্পনাই তাক নিজৰ কৰি লব।



যি হলেও কলেজৰ সকলো বোৰ ছোৱালীয়ে তাক পাবলৈ বিচাৰিলেও, দৰাচলতে সি গম পাইছিল যে কলেজৰ বহু ছোৱালী তাৰ বাবে বলীয়া। কিন্তু এই কথা বেলেগ যে, সি এতিয়া লৈ কাৰো প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই। মৰম ভালপোৱাৰ পৰি সি নিজৰ পঢ়া শেষ কৰিব বিচৰা নাছিল। পঢ়া শুনাত সি প্ৰথমৰপৰাই মেধাৱী আছিল। একে কলেজতে পঢ়া বাবে কল্পনাই প্ৰশান্তৰ লগত পঢ়া শুনাৰে কথা পাতিছিল। বহু বাৰ কলেজৰ কেন্টিনত কল্পনাই প্ৰশান্তৰ লগত চাহো খাইছে।এদিনাখন প্ৰশান্তৰ লগত কল্পনাই কেন্টিনত চাহ খায় থাকোতে কলে, এই কেইদিন বৰ অশান্তিতে পাৰ কৰিছো। মোৰ সহায়তা কৰিলে তোমাৰ আগত চিৰকৃতজ্ঞ হৈ ৰম।

সমস্যা কি! প্ৰশান্তই সুধিলে।

কবলৈ মোৰ লাজ লাগিছে, কিন্তু সমাধান তুমিয়েই দিব লাগিব।

তাৰবাবেটো সমস্যাৰ কথা কব লাগিব।

কথাটো এয়া আজি ৪,৫দিন ধৰি তুমি মোৰ সপোনত আহিছা আৰু গোটেই নিশা মোক শুৱলৈ নিদিয়া। দিনটো মোৰ মন মগজুত কেৱল তুমিয়েই। এয়াকে ভালপোৱা বুলে চাগৈ! সচাঁ কৈছো, প্ৰশান্ত, তুমি মোক ভালপোৱাক স্বীকাৰ নকৰিলে নই জীৱিত থাকিও মৃত হৈ পৰিম।

প্ৰশান্তই তক্ষনাৎ কোনো উত্তৰ নিদিলে। সি প্ৰথমে কিবা ভাৱিলে, তাৰপৰা কলে, কল্পনা, এয়া টো মই নাজানো তুমি মোক কিমান ভালপোৱা, কিন্তু এয়া সচাঁ যে, তোমাক মোৰ বহুত ভাল লাগে। কল্পনাৰ মুখৰ হাঁহিৰ আঁৰৰ কথা লৈ প্ৰশান্তই কলে মইও তোমাৰ মৰম পাব বিচাৰো। কিন্তু মই এই ভয়ত নিজৰ খোজ আগ নবঢ়ালো কাৰণ তুমি ধনী ঘৰৰপৰা ছোৱালী। তোমাৰ দেউতা অৱসৰ প্ৰাপ্ত বন বিভাগৰ উচ্চ পদৰ বিষয়া। আৰু তোমাৰ দাদা ডি এচ পি। টকা পইচাৰ তোমাৰ কোনো অভাৱ নাই। কল্পনাই মনোযোগেৰে প্ৰশান্তৰ কথা শুনি ৰৈছিল। প্ৰশান্তই নিজৰ কথা কয় গল। মই দৰিদ্ৰ পৰিয়ালৰ লৰা। মোৰ দেউতা এজন সাধাৰণ শিক্ষক। তাৰোপৰি তেওঁ নিজৰ গাভৰু ছোৱালী দুজনীক বিয়া দিব লগা আছে। এই কথা সত্য যে, তুমি সৰগৰ পৰীৰ দৰে ধুনীয়া। কোনো ধনী ব্যক্তিয়ে তোমাক নিজৰ কৰি লৈ নিজকে ভাগ্যশালী বুলি ভাৱিব। তোমাৰ পৰিয়ালৰ লোকে মোৰ লগত তোমাৰ বিবাহ কিয় দিব!



কল্পনাই তৎক্ষনাত কলে, ইমান সৰু কথা লৈয়ে তুমি ভয় কৰিছা! মোক বিশ্বাস কৰা। আমাৰ মিলন হবই। পৃথিৱীৰ কোনো শক্তিয়ে আমি এক হোৱাত বাধা দিব নোৱাৰে। তুমি কেৱল মোৰ ভালপোৱাক স্বীকাৰ কৰা। বাকী সকলোবোৰ মোৰ ওপৰত এৰি দিয়া। কল্পনাই বুজালত প্ৰশান্তই তাইৰ ভালপোৱা স্বীকাৰ কৰি ললে।

তাৰপাছত যেতিয়াই দুয়োয়ে সুবিধা পায়, তেতিয়াই কেতিয়াবা পাৰ্কত, কেতিয়াবা ৰেষ্টোৰেন্টত ঘন্টা জোৰা মৰম ভালপোৱাৰ কথা পাতে। সেই সকলোবোৰ খৰচ কল্পনাই কৰিছিল। প্ৰশান্তই কৰ পৰা খৰচ কৰিলে হয়। প্ৰতিদিনে প্ৰশান্তক কেৱল ৫০টকা পকেট মনি পাইছিল। সেয়াৰে কলেজৰপৰা ঘৰলৈ অহা যোৱাও কৰিব লগা হৈছিল। দুমাহতে, কল্পনা আৰু প্ৰশান্তৰ প্ৰেম ইমান গভীৰ হৈ গল যে, এতিয়া দুয়ো এজনে আনজনৰ লগত সীমিত হৈ যাবলৈ বিচাৰিলে। অন্তত এদিন কল্পনাই নিজৰ বান্ধৱী এজনীৰ ফ্লেটলৈ প্ৰশান্তক লৈ গল। কল্পনাৰ প্ৰেম পায় প্ৰশান্ত এতিয়া তাইৰ লগত বলীয়া হৈ পৰিল। এতিয়া প্ৰশান্ত কল্পনাৰ পগলা প্ৰেমিকৰ দৰে তাইৰ আগে পাচে ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰ ফল এয়া হল যে, প্ৰশান্তৰ পঢ়া শুনাৰ পৰা মন আঁতৰি গল আৰু এতিয়া প্ৰশান্তৰ কল্পনাৰ লগত তাইৰ বান্ধৱীৰ ফ্লেটলৈ যাবলৈ ভাল লগা হল। কল্পনাৰ বান্ধৱীৰ ফ্লেতটো , তাইৰ বান্ধৱী নাথাকিছিল। সেইবাবে তাহাঁতৰ কোনো সমস্যা নহয়ছিল। এনেদৰে কল্পনা আৰু প্ৰশান্তই আনন্দ কৰিলে। কিন্তু এদিন কল্পনাই ভাৱিলে যে এনেদৰে প্ৰশান্তৰ লগত আৰু সম্বন্ধ ৰখাটো ভাল নহব। কাৰণ এয়া যে, প্ৰশান্তই এতিয়া কল্পনাৰ বিবাহ কৰোৱাৰ আশাত আছিল।( Assamese Storyboard )



লাহে লাহে কল্পনাই, প্ৰশান্তক লগ কৰিবলৈ এৰি দিলে। কল্পনাই প্ৰশান্তক এৰি কলেজৰ অন্য এজন লৰা ৰাহুলৰ লগত তন মনৰ সম্বন্ধ গঢ়ি তুলিলে। ৰাহুল বহুত ডাঙৰ ব্যৱসায়ি এজনৰ একমাত্র পুত্র আছিল। এই সকলো বোৰ জানি প্ৰশান্ত চিন্তিত হৈ পৰিল। প্ৰশান্তই যিকোনো উপায়েৰে কল্পনাক বিয়া কৰোৱাবলৈ বিচাৰিছিল। কিন্তু কল্পনাই প্ৰশান্তক কথা পতাৰে সুযোগ নিদিলে। কল্পনাৰ এনে ব্যৱহাৰ দেখা পায়, প্ৰশান্তই কলেজত কল্পনাক বদনাম কৰিবলৈ আৰম্ভ কৰিলে। অৱশেষত সমস্যাত পৰি কল্পনাই প্ৰশান্তক লগ কৰিবলগীয়া হল। পাৰ্কত প্ৰশান্তক লগ কৰি কল্পনাই খঙতে চিঞঁৰিলে, মোক কিয় বদনাম কৰিছা! মই কেতিয়াবা কৈছিলো নে, তোমাৰ লগত বিয়াত বহিম বুলি! নিজৰ প্ৰতিজ্ঞা পাহৰি গলা। তুমিয়েই কৈছিলা ন আমাৰ মিলন যিকোনো প্ৰকাৰে হবই বুলি। তেতিয়া হে তোমাৰ ফালে খোজ আগবঢ়াইছিলো। প্ৰশান্তই তাইক প্ৰতিজ্ঞা মনত পেলাই দিলে।

মই কেৱল মিলনৰ কথা কৈছিলো! বিয়াৰ কথা কোৱা নাছিলো। মোৰ দৃষ্টিত শৰীৰৰ মিলনে সচাঁ মিলন হয়। মই মোৰ সৰ্বস্ব তোমাক সপি দি মোৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিলো। তাৰপিছত বিয়াৰ বাবে কিয় মোৰ পাছে পাছে ঘূৰি ফুৰিছা। তুমি সৰু পৰিয়ালৰ লৰা। সেইবাবে কোনো পৰিস্থিতিতে মই তোমাৰ লগত বিয়াত বহিব নোঁৱাৰো।

প্ৰশান্তই শান্ত মনেৰে কথাবোৰ শুনি আছিল। তাৰ মুখত চিন্তা আৰু মনত বহুত খং। কিন্তু সেই সকলোবোৰ চিন্তা নকৰি কল্পনাই কলে, তোমাক মোৰ ভাল লাগিছিল। সেইবাবে তোমাৰ লগত সম্বন্ধ গঢ়িছিলো। এতিয়া আমি দুয়োয়ে নিজৰ বাটে আগবাঢ়ি যাব লাগে। ইনেও মোৰ জীৱনলৈ অহা তুমি প্রথম লৰা নহয়। মোৰ বহু লৰা লগতে বন্ধুত্ব গঢ়ি উঠিছে। মই কি সকলোৰে লগত বিয়াত বহিম নি! যদি আজিৰেপৰা তুমি মোক আৰু অশান্তি কৰা, তেতিয়া হলে কথা ভাল নহব। বদনামৰ পৰা ৰক্ষা পাবলৈ মই সকলো কৰিব পাৰো। কল্পনাৰ জীৱনৰ কথা শুনি প্ৰশান্তৰ বহুত খং উঠিল। ইমানে খং উঠিছিল যে, পৰাহলে সি কল্পনাৰ ডিঙিকে চেপি ধৰিলে হয়। যেনে তেনে কৰি খংক ডমাই সি নিজকে বুজালে, কিন্তু আৰু একো চিন্তা নকৰি কল্পনা তাৰ পৰা উঠি গুচি আহিল।



কল্পনাই, প্ৰশান্তক ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছত তাই প্ৰশান্তৰ চকুত সেই খং দেখা পাইছিল। সেইবাবে তাই বহু ভয় খাইছিল। তাই ভাৱিলে যদি প্ৰশান্ত শান্ত নহয়, তেতিয়া হলে তাইৰ জীৱনৰ গতি সলনি হৈ পৰিব। তাই বদনাম হব নিবিচাৰিছিল। সেইবাবে কল্পনাই নিজৰ ককায়েকৰ সহায়তা ললে। তাইৰ ককায়েক পুলিচ বিভাগৰ উচ্চ পদৰ আছিল। আৰু ককায়েকে কল্পনাক বহুত ভাল পাইছিল। কল্পনাই বহু কথা লগাই প্ৰশান্তক অপৰাধী ৰূপ দিলে। আৰু ককায়েকক কাকুতি কৰিলে যে, কিবা প্ৰকাৰে প্ৰশান্তক জেললৈ পথিয়াই দিবলৈ। ফলস্বৰূপে প্ৰশান্তক আতক কৰা হল। 

তাৰ ওপৰত জাপি দিয়া হল যে, সি কলেজৰে এজনী ছোৱালীৰ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। কৰ্টত মিছলীয়া প্ৰমাণ দিয়া হল। পুলিচৰ কথা আছিল। সেইবাবে মিছলীয়া ছোৱালী এজনীকো অনা হল। কৰ্টত তাৰ কেচ চলিলত, সকলো মিছা প্ৰমাণ সত্য হলত প্ৰশান্তৰ ৩বছৰ জেল হল। প্ৰশান্তই সত্যটো জানিছিল। কিন্তু জানিও সি একো কৰিব পৰা নাছিল। দীঘলীয়া যুদ্ধ বাবে তাৰ ওচৰত টকা পইচাও নাছিল। সি মৌন হৈয়ে শাস্তি ভোগ কৰাটোকে সঠিক বুজিলে। তেতিয়া কল্পনাই শান্তিৰ উশাহ ললে। লগতে কল্পনাই নিজৰ জীৱনৰ গতি সলনি কৰাৰো কথা ভাৱিলে। কিয়নো তাই এই কথা ভাৱি ভয় খালে যে, প্ৰশান্তৰ দৰে আন কোনোবা তাইৰ জীৱনলৈ আহিলে তেতিয়া তাইৰ সকলো শেষ হৈ যাব। নিজৰ পৰিয়ালৰ আগত আৰু সমাজৰ আগত মুখ উলিয়াব নোঁৱাৰা হৈ পৰিব। তাইৰ দুষ্ট চৰিত্ৰৰ কথা দেউতাকে গম পালে, তেতিয়া তাই দেউতাকৰ দৃষ্টিত তল পৰি যাব। দেউতাকে তাইক ইমান ভালপাইছিল যে সকলো ফালৰেপৰা মূকলিকে এৰি দিছিল। তাই যলৈকে যাব বিচাৰিছিল, তাতো কোনো বাধা দিয়া নাছিল। দেউতাকে এই পৰ্যন্ত কৈছিল যে, তাই যদি কাৰোবাক পচন্দ কৰে, সেইজনৰ লগতে দেউতাকে তাইক বিয়া দিব। কেৱল লৰাটো ধনী ঘৰৰ হব লাগিব। কল্পনাৰ মাক নাছিল। সাত বছৰৰ আগতে মাকৰ মৃত্যু হল। বৌয়েকে নিজৰ মতে থাকিছিল। কল্পনা যেতিয়া ১২ত পঢ়িছিল। তেতিয়া তাই এটাৰ লৰাল প্ৰেমত পৰি নিজৰ সৰ্বস্ব লৰাটোক সপি দিছিল। তেতিয়া তাই সেই সুখৰ দ্বাৰা সুখী হৈছিল বাবে, সেই সুখকে জীৱনৰ সুখ বুলি মানি লৈছিল। তাই অজ্ঞানী, সেই বাটেৰে আগবাঢ়ি গল। নতুন নতুন সম্বন্ধ গঢ়ি গল আৰু ভাঙি গল। তাই কেৱল এজনৰে হৈ থাকিব নিবিচাৰিছিল।



প্ৰথমবাৰলৈ, প্ৰশান্তই তাইক বিয়াৰ কথা কৈছিল। যেতিয়া তাই সেই কথাত মান্তি নহলে, তেতিয়া তাইক বদনাম কৰিবলৈ আৰম্ভ কৰিলে। তাই বদনামৰ জীৱন অতিবাহিত কৰিব নিবিচাৰিছিল। সেইবাবে প্ৰশান্ত জেলত থাকোতে তাই কাৰোবাৰ লগত বিবাহৰ সম্বন্ধত বান্ধ খাব বিচাৰিছিল। তেতিয়া তাইৰ জীৱনলৈ বিনীত আহিছিল। প্ৰশান্ত জেললৈ যোৱা ৬মাহৰ পাছত বি. টেক সম্পূর্ণ কৰাৰ পাছত , বিনিতক নিজৰ মনৰ কথা কলে। লুকাই চুৰ কৰি ভালপোৱা মৰম বহুত হল। এতিয়া বিয়া হৈ তোমাৰ লগত থাকিব বিচাৰো। বিনিত, কল্পনাৰ দৰে সেইখন মৈদানৰে খেলুৱৈ আছিল। সেইবাবে সি বিয়াৰ বাবে মান্তি নহলে। লগতে সি কল্পনাৰ লগত নিজৰ সম্বন্ধও এৰিলে। কল্পনাৰ নিজৰ ৰূপ যৌৱনৰ ওপৰত অহংকাৰ আছিল। তাই ভাৱিছিল যে, কোনো লৰাই তাইৰ লগত বিয়াত বহিবলৈ অমান্তি নহব। বিনিতে মনা কৰিলত, তাতে তাই অলপ শিক্ষা পায় বিয়াত বহাৰ আগতে নিজৰ ভৰিত ঠিয় দিবলৈ বিচাৰিলে। দেউতাকৰ পৰাও চাকৰি কৰাৰ আজ্ঞা পোৱাত, তাই সোনকালেই চাকৰি বিচাৰি পালে। চাকৰি কৰা ২মাহৰ পাছতে এটা পাৰ্টিত তাই প্ৰৱিত্ৰক লগ পালে। যি এজন অধিবক্তা আছিল। প্ৰৱিত্ৰৰ ওচৰত বহু সম্পত্তি আছিল। বিবাহৰ কথাৰে তাই প্ৰৱিত্ৰৰ লগত বন্ধুত্ব গঢ়ি তুলিলে। তাৰ পাছত সম্বন্ধও গঢ়িলে। কিন্তু এবছৰৰ পাছত প্ৰৱিত্ৰই বিয়া কৰাবলৈ অমান্তি হল। প্ৰৱিত্ৰৰ পৰা প্ৰতাৰিত হোৱা পাছত কল্পনা অলপ জ্বলি উঠিছিল কিন্তু তাই নিশ্চিত কৰিলে যে এতিয়া পুৰণি কথা পাহৰি এতিয়াৰ পৰা আৰু বিবাহৰ আগত কাৰো লগতে সম্বন্ধ গঢ়ি নুতুলে। কল্পনাই ঘৰৰ মতে বিয়াত বহিম কোৱাত, তেতিয়া ঘৰৰ পৰিয়ালৰ লোকে তাইৰ বাবে দৰা বিচাৰিবলৈ আৰম্ভ কৰিলে। ৪মাহৰ পাছত নীৰৱক পালে। সি বহুত ডাঙৰ কোম্পানিৰ চি, ই, অ, আছিল। পুৰণি সম্পত্তিও আছিল। তাৰ দেউকাক ৰেলৱেৰ ৰিটাইৰদ আছিল। মাক হাই স্কুলৰ শিক্ষয়ত্ৰী আছিল। নীৰৱৰ লগত বিয়া ঠিক হোৱাত, কল্পনাই তাক লগ কৰিবলৈ ধৰিলে। তাই প্ৰতিজ্ঞা কৰিছিল যে বিবাহৰ আগতে কাৰো লগত আৰু সম্বন্ধ গঢ়ি নুতুলে। কিন্তু তাই নিজৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব নোঁৱাৰিলে। যৌৱনৰ জুইত জ্বলি তাই নীৰৱৰ লগত সম্বন্ধ গঢ়ি তুলিলে। ২মাহৰ পাছত যেতিয়া নীৰৱে আঙুঠি পিন্ধোৱাৰ পৰা পিচ হোহুকিছিল, তেতিয়া কল্পনাই সুধিলে, সচাঁকৈ কোৱা, তুমি মোক বিয়া কৰোৱাবা নে!

নকৰো।নীৰৱে কলে।

কিন্তু কিয়, কল্পনাই সুধিলে! তাই খংত আছিল।

কিবা এটা ভাৱি লৈ নীৰৱে কলে, মই জানিব পৰা মতে, তুমি বহু লৰাৰ লগতে সম্বন্ধ গঢ়ি তুলেছিলা।( Assamese Storyboard )

প্ৰথমতে নীৰৱৰ কথা শুনি কল্পনাই অলপ ভয় খালে। তাৰপাছত নিজকে বুজাই লৈ কলে, মোৰ এনে লাগিছে, মোৰ কোনোবা শ্ৰক্ৰৱে তোমাক কথা লগাইছে। মোক বিশ্বাস কৰা, তোমাৰ বাহিৰে মই আন কাৰো লগত সম্বন্ধ গঢ়ি তুলা নাই।



নীৰৱে এই বিষয়ে ভাৱিবলৈ কিছু দিন কল্পনাৰ পৰা বিচাৰিলে। কিন্তু তাই সময় নিদিলে। নীৰৱক মান্তি কৰাবলৈ কল্পনাই নিজৰ ঘৰৰ পৰিয়ালৰ লোকক কলে যে, নীৰৱে তাইক ফুচলাই শাৰীৰিক সম্বন্ধ গঢ়ি তুলিলে আৰু এতিয়া মোৰ ওপৰত ভুল অভিযোগ দি বিয়া কৰাবলৈ অমান্তি হৈছে। তেতিয়া কল্পনাৰ দেউতাক আৰু ককায়েক খংত নীৰৱৰ ঘৰলৈ গল। নীৰৱৰ মাক দেউতাকৰ সন্মুখতে তাক বহুত গালি শপনি পাৰিলে আৰু কল্পনাই যে মিছা কোৱা নাই তাৰে প্ৰমাণ বিচাৰিলে। নীৰৱৰ ওচৰত কোনো প্ৰমাণ নাছিল। বাধ্যত পৰি নীৰৱে কল্পনাক আঙুঠি পিন্ধাবলৈ সাজু হৈছিল। ১৫দিনৰ পাছত তাৰিখ এটা ঠিক কৰা হল। অৱশেষত সেই দিনটো আহিল। নীৰৱে কল্পনাক আঙুঠি পিন্ধাবলৈ আহিল।

এজনী বান্ধৱীয়ে কল্পনাক চিকুটি দিলত তাই বৰ্তমানলৈ উভটি আহিল।

লগৰজনীয়ে কৈছিল যে, চোৱা নীৰৱ আহিল। কল্পনাই আনন্দ মনেৰে দুৱাৰৰ ফালে চালে, কিন্তু নীৰৱ অকলে আহিছিল। তাৰ পৰিয়ালৰ লোক কোনো আছিল। কিন্তু নীৰৱৰ লগত এনে এজন ব্যক্তি আহিছিল যাক দেখা পায় কল্পনাৰ প্ৰাণ বায়ু উৰি গৈছিল। সেই ব্যক্তিজন আছিল ডঃ মনোজ বৰঠাকুৰ। নীৰৱক অকলে দেখা পায়, কল্পনাৰ দেউতাক ককায়েকো মৌন হৈ ৰৈছিল। 

নীৰৱক আদৰা পাছত, কল্পনাৰ ককায়েকে সুধিলে, তোমাৰ পৰিয়ালৰ লোক নাহিল যে!

আৰু কোনো নাহে। নীৰৱে কলে।

কিয় নাহে?

কাৰণ মই কল্পনাক বিয়া কৰোৱাব নোঁৱাৰো। মই তাইৰ লগত অকলে কিছু কথা পাতিব বিচাৰো! তেতিয়া তাই সকলো বুজিব। আৰু নিজে মোৰ লগত বিয়াত নবহো বুলিব। 

দেউতাক আৰু ককায়েকৰ লগত কল্পনাও সংকটত পৰিল। কল্পনাৰ নবৌয়েক তাইৰ লগতে আছিল। নবৌয়েকৰো মুখৰ মাত নাইকিয়া হল। কল্পনাৰ দেউতাকে তাইৰ লগত অকলে কথা পতাৰ আজ্ঞা নিদিলে। আৰু কলে যে, যি কব লগা আছে, সকলোৰে আগতে কোৱা।



অৱশেষত নীৰৱে কলে যে, কল্পনা বেয়া চৰিত্ৰৰ ছোৱালী হয়। এতিয়া লৈ বহু লৰাৰ লগত সম্বন্ধ গঢ়ি তুলিছে। আৰু দুবাৰ কে গৰ্ভপাতো কৰাইছে। সেইবাবে মই তাইক বিয়া কৰোৱাব নোঁৱাৰো।

ককায়েকৰ বহুত খং উঠিল। ককায়েকে নীৰৱৰ গালত জোৰেৰে চৰ সুধাই কলে, মোৰ ভন্টি ওপৰত অভিযোগ দিয়াৰ আজিলৈকে কোনোৱে সাহস নকৰিলে। যদি তই প্ৰমাণ দিব নোঁৱাৰ, তেতিয়া হলে তোক মই জেলৰ ভাত খুৱাম। 

ককায়দেও, আপুনি খং নকৰিব। এতিয়াই প্ৰমাণ দিছো। যেতিয়া মোৰ ভাল চিন্তা কৰা লোকে কৈছিল যে, কল্পনাৰ চৰিত্ৰ ঠিক নহয়, তেতিয়াৰপৰাই মই সত্য কথাটো জানিবলৈ ঘূৰি ফুৰিছিলো। অন্তত, তাইৰ সচাঁটো মই জানিলো। নীৰৱে কথাৰ মাজতে কলে, মোৰ লগত অহা এই ব্যক্তিজন হৈছে ডঃ মনোজ বৰঠাকুৰ। কল্পনাএ এওঁৰ নাৰ্চিং হোমতে ২বাৰকে গৰ্ভপাত কৰিছিল। আপুনি এওঁক সুধিব পাৰে।

ডঃ মনোজ বৰঠাকুৰে নীৰৱৰ কথাবোৰ সত্য বুলি প্ৰমাণিত কৰি কিছু কাগজ পত্র কল্পনাৰ দেউতাক ককায়েকক দেখুৱালে। কাগজ পত্রত কল্পনাই গৰ্ভপাত কৰোৱাব সময়ত চাইন মৰা আছিল। কল্পনাৰ সকলো কথা সকলোৰ আগলৈ আহিল। তেতিয়া কল্পনাৰ দেহত জীয় নাইকিয়া দৰে হল। তাই বুজিপোৱা নাছিল তাই এতিয়া কি কৰিব। ককায়েক আৰু দেউতাক লাজতে তলমূৰ কৰিলে। লগৰ বান্ধৱী বোৰেও তাইক ঘৃণাৰ দৃষ্টিৰে চাই ৰল।

আচৰিত ভাৱে, কল্পনাই নীৰৱৰ কাষলৈ গৈ কলে, তুমি মোৰ জীৱনটো ধ্বংস কৰি দিলা। তোমাক মই শুদাই এৰি নিদো। তোমাৰ জীৱনটো ধ্বংস কৰিহে এৰিম। তুমি নাজানা, মই কি বস্তু হয়। 

তোমাৰ লগত যি হৈ আছে, এই সকলোবোৰ তোমাৰ লাইফষ্টাইলৰ বাবে হৈ আছে। ইয়াত আন কাৰো দুখ নাই। যেতিয়া লৈ তুমি নিজকে সলনি নকৰা, তেতিয়া লৈকে এনেদৰে অপমানিত হৈ থাকিবা। কিছুপৰ মৌন হয়, নীৰৱে পুনৰ কলে, আজিৰ তাৰিখলৈকে তুমি ইমানেই বদনাম হলা যে, এতিয়া কোনো লৰাই তোমাক বিয়া কৰোৱাবলৈ আগবাঢ়ি নাহে। এপলক সময় ৰৈ নীৰৱে পুনৰ কলে, অ এনে এজন ব্যক্তি আছে যিয়ে তোমাক বহুত ভালপাই। আৰু তুমি কলে হাঁহি হাঁহি তোমক বিয়া কৰোৱাব।

কোন! কল্পনাই সুধিলে! 



প্ৰশান্ত।। নীৰৱে কলে। গেটত তাক লগ ধৰি অহা পাছত তুমি প্ৰশান্তক পাহৰি গলা। কিন্তু সি তোমাক পাহৰা নাই। হোটেলৰ গেটত এতিয়ালৈ এই অপেক্ষাৰে বাট চাই আছে, তুমি মোৰ লগত বিয়াত বহাৰ কথা সলনি কৰি দিয়া। তুমি বিচাৰিলে তাক মাতি পথিয়াও। 

তুমি তাক কেনেকৈ চিনি পোৱা! কল্পনাই সুধিলে।

নীৰৱে কলে, সি প্ৰশান্তক কত আৰু কেতিয়া লগ পাইছিল। গাড়ী পাৰ্ক কৰি মই আৰু ডক্টৰ বৰঠাকুৰ হোটেললৈ আহি আছিলো, তেতিয়া গেটতে প্ৰশান্তক লগ পালো। নাজানো সি মোক কেনেকৈ চিনি পাইছিল। প্ৰশান্তই প্ৰথমে নিজৰ পৰিচয় দিলে তাৰপিছত কল্পনা আৰু প্ৰশান্তৰ প্ৰেমৰ কথা কলে। তাৰপাছত কলে, তুমি, কল্পনাৰ সত্য জানিলা যেতিয়া ভৱিষ্যতলৈ সাৱধানে থাকিবা।যদি তুমি তাইৰপৰা সাৱধানে নাথাকা, তেতিয়া হলে বিয়াৰ পাছতো কল্পনাই তোমাক প্ৰতাৰিত কৰিব পাৰে।

নীৰৱে, প্ৰশান্তক ভিতৰলৈ আহিবলৈ কলত প্ৰশান্তই ভিতৰলৈ অহাত মনা কৰি কলে, মই ইয়াতেই তুমি ঘূৰি অহালৈ বাট চাম। তুমি কবা যে, তোমাক আঙুঠি পিন্ধাই তাই সুখী নে!

কিবা এটা ভাৱি নীৰৱে সুধিলে, মানি লোৱা কল্পনাই তোমাক বিয়া কৰাবলৈ মান্তি হৈ গলে তুমি কি কৰিবা! 

যি কেতিয়াও হবই নোঁৱাৰে। সেই বিষয়ে কথা পাতি কি লাভ। জানো যে,তাই কেতিয়াও মোৰ লগত বিয়াত নবহে। প্ৰশান্তই দুখ মনেৰে কলে। নীৰৱে প্ৰশান্তৰ চকুৰ ফালে চাওঁতে দেখা পালে যে, কল্পনাৰ প্ৰতি তাৰ চকুত মৰমে মৰম আছে। নীৰৱে কব লৈও একো নকলে আৰু ডক্টৰ বৰঠাকুৰ লগত হোটেলৰ ভিতৰলৈ গুচি আহিল।

নীৰৱে কল্পনাৰ ভৱিষ্যতক দেখুৱালে যেতিয়া তাইৰ ভৱিষ্যত অন্ধকাৰ দেখা পালে। প্ৰশান্তৰ বাহিৰে আৰু কাকো দেখা নাপালে যেতিয়া কল্পনাই প্ৰশান্তৰ লগত কথা পাতিবলৈ ব্যাকুল হৈ পৰিল। কল্পনাৰ লগত প্ৰশান্তৰ নাম্বাৰটো আছিল বাবে তাই লৰালৰিকৈ প্ৰশান্তলৈ ফোন কৰিলে। প্ৰশান্তই ফোন উঠালত, তাই কলে, তোমাৰ লগত কিছু কথা পাতিবলৈ বিচাৰো। প্লিজ হোটেলৰ ভিতৰলৈ আহা। কিছু সময়ৰ পাছতে প্ৰশান্ত হোটেলৰ ভিতৰলৈ আহিল আৰু তেতিয়া লৰালৰিকৈ কল্পনাই প্ৰশান্তৰ হাতখন খামুচি ধৰি কলে, মোক ক্ষমা কৰি দিয়া প্ৰশান্ত। মই তোমাৰ ভালপোৱাক বুজি পোৱা নাছিলো। কিন্তু এতিয়া বুজি উঠলো। মই তোমাৰ লগত বিয়াত বহিবলৈ বিচাৰো। এতিয়া আঙুঠি পিন্ধোৱা নিয়মটো কৰি লওঁ। পাছত তুমি যেতিয়া কলেই বিয়াত বহিম। 



কিছু ভৱাৰ পাছত প্ৰশান্তই কলে, ইমানবোৰ হোৱা পাছটো তোমাক মই এতিয়াও বহুত ভালপাওঁ। কিন্তু আজিও তুমি মোৰ লগত খেল খেলিছা। সচাঁটো তুমি কোৱা নাই। সচাঁ এয়া নহয় যে, তুমি মোৰ ভালপোৱাক বুজিলা। সেইবাবে তুমি মোৰ লগত বিয়াত বহিবলৈ বিচাৰিছা। সত্য এয়া যে আজিৰ তাৰিখত তুমি ইমান বদনাম হলা যে, এতিয়া তোমাক কোনেও বিয়া কৰোৱাবলৈ নিবিচাৰে। নীৰৱেও বিয়া কৰোৱাবলৈ মনা কৰি দিলে। সেইবাবে তুমি এতিয়া মোৰ লগত বহি নিজৰ সন্মান ৰক্ষা কৰিবলৈ বিচাৰিছা। তোমাৰ লগত বিয়াত বহিলে, মৰম ভালপোৱাৰ বিয়া নহব। বুজাবুজিৰ বিয়া হে হব। যি অধিক দিনলৈ নাথাকিব। অৱশেষত মোক ক্ষমা কৰি দিয়া আৰু আন কাৰোবাক নিজৰ চিকাৰ ৰূপে লোৱা। মইও তোমাক সদায় বাবে পাহৰি আন কাৰোবাক বিয়া কৰোৱাম।

প্ৰশান্ত ৰৈ নাথাকিল। কল্পনাৰ হাতৰ পৰা নিজৰ হাতখন এৰোৱাই হোটেলৰ দুৱাৰৰ ফালে আগবাঢ়িল। কল্পনাই চাই ৰল। যদি ৰখায়, কি অধিকাৰত ৰখালে হয়! তাৰপাছতে নীৰৱ আৰু ডঃ বৰঠাকুৰ গুচি গল। কল্পনাৰ পৰিয়ালৰ লোকো গুচি আহিল। সকলো বন্ধু বান্ধৱীও গলগৈ। হোটেলৰ সেই হল ঘৰটো শান্ত হৈ পৰিল। কিন্তু কল্পনাৰ চলচলীয়া চকুৰে থৰ লাগিল।।


সমাপ্ত।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

No comments:

Post a Comment

Advertisement

Pages