প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 29, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ৬ ) : Assamese Storyboard

    



কাপোৰ সাজ সলাই লাহে লাহে ৰূমলৈ আহি এনিশা পুনৰ উচুপী উঠে । যাকেই বিশ্বাস কৰো তেওঁৰ পৰাই কিয় এই ব্যৱহাৰ পাওঁ ! কোনেৱে জীৱন সংগী হৈ ..কোনোৱে বন্ধু হৈ। কাকো বিশ্বাসত লব নোৱৰা হ'ল আজিৰ যুগৰ মানুহক ( Assamese Storyboard ) । সকলো যেন স্বাৰ্থপৰ ! ঘৰৰ ..পৰিয়ালৰ মানুহৰ বাদে কোনো মানুহক এনিশাই আৰু মনত স্থান নিদিয়ে । ভালেই হওক ,বেয়াই হওক কাকোৱেই বিশ্বাস নকৰে আৰু তাই । চকুৰ পানীখিনি মচি পেলালে তাই । মোবাইলটো লৈ  সমুদ্ৰৰ নম্বৰটো ব্লক কৰি থলে । মনটো দৃঢ় কৰি নীৰক চাবলৈ এনিশা শাহুৱেকৰ ৰূম পালেগৈ ।

   
    সময়জানো ৰৈ থাকে ? দিনবোৰ সপ্তাহৰ বুকুত ..সপ্তাহবোৰ মাহৰ বুকুত ..মাহবোৰ বছৰত লীন গল । নীৰ স্কুল যাব পৰা হ'ল । এনিশা স্কুলৰ  ওচৰতে নাৰ্চাৰী শাখাত নীৰক নাম লগাই দিলে । 
এনিশা আগতকৈ যথেষ্টখিনি স্বভাৱিক হৈছে । জটিল পৰিস্থিতিক সহজ কৰি বাকীসকলো আগুৱাই গৈছে । 

   সেইদিনা শনিবাৰ আছিল । সময় আবেলি ,এনিশাই চোতালৰ একাষে থকা ফুলৰ টাববোৰৰ মাটিবোৰ খুচৰি আছিল । নীৰ আইতাকৰ লগত খেলাত ব্যস্ত ..আইতাকক প্ৰশ্ন কৰি আছে এইটো কি ,সেইটো কি ..তাৰ  কণমানি আঙুলিৰে দেখুৱাই কৰা প্ৰশ্নবোৰৰ উত্তৰ নিৰ্মলাইও দি গৈছে । প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰি থকা নীৰৰ হাতখন যেন এইবাৰ থমকি ৰ'ল । সমুখত এজন অচিনাকি মানুহক দেখি নীৰ দুখোজ পিচুৱাই আহি আইতাকক লাহেকৈ সুধিলে -- আইতা , এইয়া কোন ? 


নিৰ্মলাই ঘূৰি চাই সমৰক দেখি স্তব্ধ হৈ গ'ল । এইবাৰ নাতি নীৰক একো উত্তৰ দিব নোৱাৰিলে । ফূলৰ টাবত মনোযোগ দিয়া এনিয়েও সমৰক দেখি স্তব্ধ হৈ পৰিল। এনিশাৰ বুকুত যেন এজাক বা' মাৰলিৰ সৃষ্টি হৈছে ! দৌৰি গৈ সমৰৰ বুকুত সোমাই যেন তাই কান্দি উঠিব ..ইমান দিন ক'ত আছিলা অ' তুমি ?? দেখিছানে তুমি আমাৰ সোণ কিমান ডাঙৰ হ'ল ! তোমাৰ অবিহনে মই তাক কেনেদৰে ইমানটো কৰিলো চোৱা .. পিছমুহূৰ্ত্বতে সংযমী হৈ পৰে এনিশা । নীৰক সেইখিনিৰ পৰা আঁতৰাই লৈ যায় । লাহে লাহে সমৰ ঘৰৰ ফালে আগ বাঢ়ে । নিৰ্মলাই লগে লগে অনিতাক চিঞৰি কয় -- অনিতা , আলহীক গেষ্ট ৰূমটোলৈ যা । তই নিজৰ ৰূমত থকা অধিকাৰ হেৰুৱাই পেলাইছ বাবা । মাকৰ কথাত সমৰ থমকি ৰয়। অনিতাই নিৰ্মলাৰ কথামতে ৰূমটো চাফা কৰি সমৰ থকা উপযোগী কৰি তোলে । সমৰে বিনা বাক্যই গেষ্ট ৰুমটোলৈ  সোমাই যায় । ( Assamese Storyboard )


অনিতাই গেষ্ট ৰুমতে সমৰক একাপ চাহ দিয়েহি । সমৰৰ আগমনে সহজ হ'বলৈ আৰম্ভ কৰা ঘৰখনক পুনৰ  জটিল কৰি তুলিলে । এনিশাই নিজৰ অলক্ষিতে সমৰৰ ভালপোৱা ব্যঞ্জনবোৰ ৰান্ধি পেলাইছিল । ৰাতিৰ ভাতসাজ সমৰে খুউৱ তৃপ্নিৰে খাইছিল ।  সকলো মৌন হৈ পৰিছিল । মাকে পুনৰ সমৰক কৈছিল --" তই কিয় আহিছ বাবা ? এনিৰ মনটো পুনৰবাৰ কিয় জ্বলাবলৈ লৈছ ? তই যদি ভাবিছ  তোক আমি ক্ষমা কৰি দিম ..সেইয়া ভুল ভাবিছ । তোৰ এই অপৰাধৰ ক্ষমা নাই  , এনিক শান্তিৰে থাকিবলৈ  দে বাবা ..তাই বহুত কষ্টেৰে মনটো বান্ধি লৈছে । "দেওবাৰ দিনটো থাকি সোমবাৰে সমৰ ঘূৰি গৈছিল । সমৰ থকা সময়খিনিত এনিশা আঁতৰে আঁতৰে থাকিল । এখন উকা হৃদয়ে সি ঘূৰি যাব লগা হৈছিল । 
    আজি পুৰনা কথাবোৰ পুনৰ মনলৈ আহিছে এনিশাৰ । কথাবোৰ ভাবি থাকোতে গোটেই ৰাতিটো পাৰ হ'ল । 


     নীৰে সপোন দেখিছে হয়তো । সপোনতে হাঁহিছে । আলফুলে এনিশাই নীৰৰ মুৰত হাতফুৰাই দিলে । বুকুৰ মাজত সোমোৱাই কপালত এটি চুমা খালে তাই । ৰূমতো পোহৰ হৈছে লাহে লাহে । আজি দেওবাৰ ,গতিকে সোনকালে উঠাৰ প্ৰয়োজন বোধ নকৰিলে এনিশাই । নীৰক সাৱটি ধৰি চকু মুদি শুবৰ চেষ্টা কৰিলে এনিশাই । তেনেকুৱাতে গাৰুৰ কাষত থকা ফোনতো সজোৰে বাজি উঠিল .. এটি অচিনাকি নম্বৰ স্ক্ৰীণত জিলিকি উঠিল .. ৰাতিপুৱাই কোন হ'ব পাৰে ??আচৰিত হয় এনিশা । ফোনটো ৰিচিভ কৰে তাই ..
হেল্ল ' কোনে কৈছে ? 
: আপুনি এনিশা বাইদেউ ?? 
: হয় । কওকছোন ।
: সমৰ দাৰ এক্সডেণ্ট হৈছে । ডিব্ৰুগড় মেদিকেলত এদমিট হৈছে আজি পুৱতি নিশা । 
: কি !!! সমৰৰ এক্সিডেণ্ট হৈছে !!

আগলৈ ..



Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages