দুই সতিনীৰ খণ্ডযুদ্ধ আৰু মিলা প্ৰীতি : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 29, 2021

দুই সতিনীৰ খণ্ডযুদ্ধ আৰু মিলা প্ৰীতি : Assamese Storyboard

Assamese Storyboard

যেতিয়া  বৰ্ণালীৰ দুই তিনিটা সন্তান জন্ম হৈয়ে মৃত্যু হল আৰু তাইৰ বয়সও বাঢ়ি আহিল তেতিয়া প্ৰতাপৰ তাইৰ প্ৰতি থকা প্ৰেম কম হব ধৰিলে আৰু দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিব ধৰিলে।( Assamese Storyboard )

প্ৰতিদিনে বৰ্ণালীৰ লগত কাজিয়া হব ধৰিলে। সি বেলেগ বেলেগ কাৰণ বিচাৰি তাইক খং কৰে আৰু মাৰ পিত কৰে। শেষত সি নতুন পত্নী লৈ আনিলে। নতুন জনীৰ নাম আছিল পূৰ্ণিমা। বগা ৰঙৰ, ডাঙৰ ডাঙৰ চকু আৰু যৌৱনৰ কুমলীয়া বয়স তাইৰ। কুৎসিত বৰ্ণালীয়ে এই নবযৌৱনাৰ লগত কত ফেৰ মাৰিব পাৰিব। তথাপিও তাই যোৱালৈকে যিমান দিন পাৰে নিজৰ স্বামিত্বক অধিকাৰ হিচাবে ৰাখিব খুজিছিল। এইখন ঘৰ বৰ্ণালীয়ে মৰি মৰি সাজিছে। ইয়াক সহজতে এৰিব নোৱাৰি। তাই ইমানো মূৰ্খ নহয় যে ঘৰ এৰি গুচি যাব আৰু পূৰ্ণিমাই ৰাজ কৰিব।

 এদিন বৰ্ণালীয়ে প্ৰতাপক কলে," মোৰ শাৰী নাই ,মোক আনি দিয়া।"

 প্ৰতাপে তাৰ এদিন আগত পূৰ্ণিমাৰ কাৰণে শাৰী আনি দিছিল। বৰ্ণালীয়ে খোজা দেখি সি কলে," মোৰ ওচৰত এতিয়া টকা নাই।"

বৰ্ণালীৰ শাৰীৰ ইমান দৰকাৰ নাছিল কিন্তু প্ৰতাপ আৰু পূৰ্ণিমাৰ আনন্দৰ মাজত অশান্তি কৰি তাই ভাল পালে। তাই কলে," পইচা নাছিল যদি পুৰ্ণিমাৰ কাৰণে কিয় বস্তু আনি দিলা?   তাইক  বস্তু আনি দিয়া টকাৰে দুখন শাৰী আনিব পাৰিলা হয় আৰু তাৰে এখন মোৰ কামত নাহিল হেতেন জানো? "

  


প্ৰতাপে খং কৰি কলে,"  মোৰ যি ইচ্ছা মই সেইটোৱেই কৰিম। তই কবলৈ কোন?  এতিয়া পূৰ্ণিমাৰ খোৱা আৰু খেলাৰ সময়। তই বিচাৰিচ যে মই এতিয়াৰ পৰাই তাইক তেল নিমখৰ খৰছৰ চিন্তা তাইৰ ওপৰত জাপি দিও। মোৰ দ্বাৰা এইবোৰ নহব। তোৰ যদি পিন্ধন  উৰণত ইমান চখ তেন্তে কাম কৰি খা , ভগৱানে হাত ভৰি দিছে নহয়। প্ৰথমেতো আধা ৰাতিতেই উঠি ঘৰৰ কাম কৰিছিলি। এতিয়া পূৰ্ণিমাৰ আশাত গোটেই দিন শুই থাক। পইচা কি আকাশৰ পৰা পৰিব?মই তোৰ বাবে মোৰ নিজৰ জীৱনটো কিয় দিম?"

বৰ্ণালীয়ে কলে," তেন্তে কি মই তাইৰ চাকৰ হয়? তাই মহাৰাণীৰ দৰে পৰি থাকিব আৰু মই ঘৰৰ সকলো কাম কৰিম? ইমান দিনে ইমান কষ্ট কৰিলোঁ এতিয়া এইয়াই পৰিনাম পাইছো। তেন্তে এতিয়া কি মই কাম কৰি খুৱাম?

 "মই যেনেদৰে ৰাখিম তই তেনেকৈ থাকিব লাগিব।" 

  "মোৰ ইচ্ছা হলে থাকিম নতুবা বেলেগ হৈ যাম।"

  "তোৰ যি ইচ্ছা কৰ, মাত্ৰ মোৰ লগ এৰি দে।"

"ঠিক আছে , আজিৰ পৰা তোৰ লগ এৰিলোঁ , ভাবি লম যে বিধবা হলো।"

প্ৰতাপে ইমানটো বুজি পালে যে  এই গৃহস্থী বৰ্ণালীয়ে গঢ়িলে, লাগিলে তাই নিজৰ ৰূপ সজ্জাৰ প্ৰতি গুৰুত্ব নিদি ঘৰখন সজালে। সি কিছুসময় পাছত গৈ তাইক বুজোৱাটো সম্ভৱ আছিল কিন্তু পূৰ্ণিমাৰও বহুত কূটনীতি। তাই গৰম লোহাক পিটিব ধৰিলে,তাই কলে," আজি গোসাঁনীয়ে কি কথাত খং কৰিলে?"

 প্ৰতাপে উদাস মনেৰে কলে,'তোমালৈ অনা দুপাত্তা খনৰ কাৰণে তাই মহাভাৰত ৰছী থৈ গল। এতিয়া বেলেগে থাকিম বুলি কৈছে। মইও কৈ দিলো তোৰ যি ইচ্ছা তাকেই কৰ।'

 পূৰ্ণিমাই চকু ঘূৰাই কলে,"এইবোৰ মহাৰাণীৰ নাটক হয় যাতে তুমি গৈ তাইৰ হাত ভৰিত ধৰি তাইক জোৰ কৰা। তুমি মনে মনে বহি থাকা। দুই চাৰিদিনত তাইৰ নাটক শেষ হব। তুমি একো নকবা তাইক,নতুবা তাই আৰু আকাশত উৰিব।"

   প্ৰতাপে গভীৰ ভাৱেৰে কলে," পূৰ্ণিমা তুমি জানা নে তাই কিমান অহংকাৰী?  তাই মুখেৰে যি কথা কই সেইটো কৰিও দেখুৱাই।"



   বৰ্ণালীয়েও প্ৰতাপ এনেকৈ অকৃতজ্ঞ হব বুলি আশা কৰা নাছিল। তাই এতিয়া আগৰ দৰে সুন্দৰ হৈ থকা নাই বাবে প্ৰতাপৰ তাইৰ প্ৰতি প্ৰেম নাই। পুৰুষৰ চৰিত্ৰত এইটো কোনো অসাধাৰান কথা নহয় কিন্তু প্ৰতাপো যে এনেকুৱাই হব তাইৰ বিশ্বাস নাছিল। এইখন ঘৰ বৰ্ণালীয়ে টকা সাঁচি সাঁচি গঢ়ালে। গৃহস্থীও তাইয়েই জোৰা লগোৱা। বস্তুৰ বেপাৰ কৰি লেন দেন তাইয়েই আৰম্ভ কৰিলে। এইখন ঘৰলৈ আহি তাই কি কি যে কষ্ট সহ্য কৰা নাই। আজি ইমান নিৰ্দয়তাৰে তাইক গাখীৰত পৰা মাখিৰ দৰে দলিয়াই পেলাই দিয়া হল। 

   প্ৰতাপে এইটোও নকলে যে তই বেলেগে থাকিব নোৱাৰ। হয়তো মই মৰি যাম নতুবা তোক মাৰি পেলাম কিন্তু তোক বেলেগ হবলৈ নিদিওঁ। তোক মই বিয়া কৰাইছো। এইয়া কোনো হাঁহি ধেমালি নহয়। 

 যেতিয়া প্ৰতাপে তাইৰ চিন্তা নকৰে তেন্তে তাই কিয় তাৰ বাবে চিন্তা কৰিব? সকলো স্ত্ৰীৰ স্বামী জানো বহি থাকে। সকলোৰে মা দেউতা, লৰা, নাতি থাকে। আজি তাইৰ সন্তান জীয়াই থকা হলে সি জানো দ্বিতীয় বিয়া কৰাবলৈ সাহস পালেহেঁতেন?  মোৰ এই দুৰ্গতি কৰিব পাৰিলে হয় জানো?  এই নিৰ্দয়ীতোৰ মোৰ ওপৰত অলপো দয়া উপজি নুঠিল নে? 

   নাৰীৰ হৃদয়ৰ সকলো দুখ কষ্টই এই অত্যাচাৰৰ বিৰোধ কৰিব ললে। যি জুইয়ে শকত খৰিডালকো স্পৰ্শ কৰিব নোৱাৰে, অকণমানি টুকুৰা এটাকো জ্বলাই ভস্ম কৰি দিয়ে।



দ্বিতীয়দিনা বৰ্ণালী নিজৰ গাঁৱলৈ গুচি গল কিন্তু তাই লগত একো বস্তু লৈ নগল। যিখন শাৰী তাইৰ দেহত আছিল সেইয়াই তাইৰ সম্পত্তি। বিধাতাই তাইৰ সন্তান কেইটাক আগতেই কাঢ়ি নিলে আৰু আজি ঘৰটোও কাঢ়ি লৈ গল।

    প্ৰতাপ সেই সময়ত পূৰ্ণিমাৰ সতে বহি কথা পাতি আছিল। বৰ্ণালীক যোৱা দেখি হয়তো সি বুজি নাপালে যে তাই ঘৰৰ পৰা একেবাৰে ওলাই গৈছে। বৰ্ণালীয়ে তেনেদৰেই ভাবিলে প্ৰতাপৰ কথা। এনেদৰে চুৰৰ দৰে মনে মনে তাই যাবও খোজা নাছিল। তাই পূৰ্ণিমাক , প্ৰতাপক আৰু ওচৰ চুবুৰীয়া মানুহক দেখুৱাব খুজিছিল যে তাই ঘৰৰ পৰা কোটা এগছো লৈ যোৱা নাই। গাঁৱৰ মানুহৰ আগত প্ৰতাপৰ অপমান কৰাটো তাইৰ লক্ষ আছিল। তাই মনে মনে গুচি গলেতো এইবোৰ একো নহব। ওলোটাই প্ৰতাপে কব বৰ্ণালীয়ে ঘৰৰ সকলো সম্পত্তি লৈ গল।

   তাই প্ৰতাপক মাত লগালে," এতিয়া চম্ভালা তোমাৰ ঘৰ, মই যাওঁ। তোমাৰ ঘৰৰ একো বস্তু লগত লৈ নাই যোৱা।"

   প্ৰতাপ এক মিনিটৰ বাবে স্তব্ধ হৈ পৰিল। সি কি কব একো বুজি নাপালে। সি বৰ্ণালী এনেকৈ যাব বুলি আশা কৰা নাছিল। সি ভাবিছিল , যেতিয়া বৰ্ণালীয়ে ঘৰৰ বয়বস্তু লৈ যাবলৈ ওলাব তেতিয়া সি গাঁৱৰ মানুহক দেখুৱাই সহানুভূতি পাব। এতিয়া কি কৰিব? 

    পূৰ্ণিমা: গাঁৱত গৈ সকলোকে গাই ফুৰগৈ যা, ইয়াত কোনেও এইবোৰ কথা লৈ ভয় নকৰে। তই নো তোৰ ঘৰৰ পৰা কি লৈ আনিছিলি যে  কিবা লৈ যাবি? 



  বৰ্ণালীয়ে তাইৰ লগত কাজিয়া নকৰি প্ৰতাপকেই কলে," শুনিছা নহয় তোমাৰ মৰমৰ মানুহজনীৰ কথা। তথাপিও একো মাতিব নোৱাৰা। মইতো বাৰু যামেই কিন্তু মহাৰাণী তইউ ইয়াত বেছি দিন ৰাজ কৰিবলৈ নাপাৱ। ঈশ্বৰৰ দুৱাৰত অন্যায়ে ঠাই নাপায়। ভগৱানে ডাঙৰ ডাঙৰ অহংকাৰীৰ অহংকাৰ ভাঙি চুৰমাৰ কৰি দিয়ে।

  পূৰ্ণিমাই ঠাট্টা কৰি হাঁহিলে কিন্তু প্ৰতাপে মূৰ তল কৰিলে। আৰু বৰ্ণালীও গুচি গল

বৰ্ণালী যিখন নতুন গাঁৱলৈ আহিছিল সেইখন প্ৰতাপৰ গাঁৱৰ ওচৰৰে। ইয়াৰ মানুহবোৰৰ লগত বৰ্ণালীৰ চিনাকি আছিল। তাই যে এজনী কুশল গৃহিনী, কষ্ট কৰিব পৰা নাৰী, কথাৰ সঁচা এই সকলোবোৰ কথা ইয়াৰ মানুহৰ পৰা লুকাই থকা নাছিল। বৰ্ণালীয়ে কাম বিচাৰি পোৱাট কোনো বাধা নাপালে। যিয়ে এটা কাম লৈ দুটা কৰিব পাৰে তেওঁৰ বাবে কামৰ কি অভাৱ? 

    তিনি বছৰ বৰ্ণালীয়ে অকলে কেনেকৈ কটালে, কেনেকৈ নতুন ঘৰ কৰিলে, কেনেকৈ খেতি আৰম্ভ কৰিলে এইবোৰ কবলৈ গলে বহুত দীঘল হৈ পৰিব।

 তাই সঞ্চয় কৰিবলৈ ভালদৰেই জানিছিল। গাঁৱৰ মানুহে তাইৰ পৰিশ্ৰম দেখি জ্বলি উঠে। তাই প্ৰতাপক দেখুৱাই দিব বিচাৰে যে,"মই তোমাৰ পৰা আঁতৰি থাকিও আৰামত আছোঁ। এতিয়া আৰু তাই পৰাধীন নাৰী নহয়। নিজৰ আয়েৰে তাই খাই ।

  বৰ্ণালীৰ ওচৰত এহাল ভাল গৰু আছে। তাই কেৱল সিহঁতক শুদা দানা খুৱাই নথয় সদায় দুখন দুখন ৰুটিও খাবলৈ দিয়ে।  তাৰ পাছত সিহঁতক ঘণ্টা ধৰি মৰম কৰে। কেতিয়াবা সিহঁতৰ কান্ধত মূৰ থৈ কান্দে আৰু কয়," এতিয়া লৰা, স্বামী সকলো তুমিয়েই।" দুয়োটা গৰুয়ে হয়তো তাইৰ মনৰ ভাৱবোৰ বুজি পায়। সিহঁত মানুহ নহয় গৰু হয়। দুয়োয়ে তাইৰ হাতখন চেলেকি তাইক আশ্বাসন দিয়ে। সিহঁতে তাইক দেখিলেই মৰম ভৰা চাৱনিৰে চাই থাকে। কিমান আনন্দৰ মাজেৰে কষ্ট কৰে বৰ্ণালীয়ে সেইয়া সিহঁতে দেখিছে , বুজিছে। যিয়ে গৰুৰ সেৱা কৰিছে , আপোন কৰি লৈছে তেওঁক সিহঁতে ভালদৰেই বুজে।



  বৰ্ণালীৰ যি বুদ্ধিয়ে সদায় পোহৰ বিচাৰি ফুৰিছিল আৰু স্ব ইচ্ছাৰে তাৰ বিকাশ কৰিব পৰা নাছিল এতিয়া আন্ধাৰৰ পৰা ওলাই পোহৰৰ  দিশে গতি কৰিছে আৰু উন্নত হৈছে।

এদিন ঘৰলৈ আহি থাকোতে বৰ্ণালীক ব্যক্তি এগৰাকীয়ে কলে যে প্ৰতাপৰ স্বাস্থ্য একেবাৰে বেয়া,পাৰিলে খবৰ এটা কৰিবা।

বৰ্ণালীয়ে উদাস হৈ কলে," জ্বৰ হৈছে নেকি?"

  "জ্বৰ নহয় , কিবা বেলেগ বেমাৰ হে। বাহিৰত বিছনাত পৰি আছিল। মই সুধিলোঁ কেনে আছা প্ৰতাপ?  তেতিয়া কান্দিবলৈ ধৰিলে। অৱস্থা ভাল নহয়। চিকিৎসা কৰাবলৈ ঘৰত টকা পইচা এটকাও নাই। পূৰ্ণিমাৰ লৰা এটা জন্ম হল। তাইতো আগতেও কাম বন কৰা নাছিল আৰু এতিয়াতো আৰু এলেহুৱা। সকলো প্ৰতাপেই কৰিব লগা হৈছে। আকৌ তাইক গহনা লাগে, এই নতুন বোৱাৰী কেনেকুৱা যে নহয় আৰু।'

    বৰ্ণালীয়ে কলে," যি যেনেকুৱা কৰিব , সি তেনেদৰেই ভুগিব।"

   কিন্তু তই ঘৰ পাই গৈ তাৰ মন নবহিল। তাই আকৌ ঘূৰি আহিল। হয়তো সেই মানুহজনক কিবা সুধিব বিচাৰিছিল আৰু এনেকুৱাকৈ সুধিব যেন তাইৰ কোনো প্ৰভাৱ নপৰে।

  কিন্তু সেই মানুহজন গুচি গল। বৰ্ণালীয়ে চাৰিওফালে গৈ চালে। কিন্তু তেওঁক বিচাৰি নাপালে। তেতিয়া তাই পুনৰ ঘৰলৈ গৈ দুৱাৰদলিত বহি পৰিল। তাইৰ সেই কথাবোৰ মনত পৰিল যিবোৰ তাই তিনি বছৰ আগতে প্ৰতাপৰ ঘৰৰ পৰা ওলাই আহোঁতে কৈছিল। সেই সময়ত তাই জ্বলি পুৰি অভিশাপ দিছিল। কিন্তু এতিয়া আৰু সেই ঈৰ্ষা নাই। সময়ে বহুত খিনি শান্ত কৰিলে। প্ৰতাপ আৰু পূৰ্ণিমাৰ হিনাৱস্থা এতিয়া ঈৰ্ষাৰ যোগ্য নহয়, দয়াৰ যোগ্য।

   তাই ভাবিলে প্ৰতাপৰ স্নায়ুৰ ৰোগ হৈছে যেতিয়া অৱশ্যে তাৰ অৱস্থা ভাল নহয়। আগতেও ইমান স্বাস্থ্যবান নাছিল আৰু এতিয়া অসুস্থতাই চাগে আৰু অৱনতি ঘটালে। ইফালে খেতি বাৰীৰো গতি নাইকীয়া হল চাগৈ। খোৱা বোৱা ভালকৈ নোপোৱা হল চাগে।( Assamese Storyboard )



ওচৰৰে মহিলা এজনীয়ে কিবা এটা খোজাৰ চলেৰে আহি তাইক সুধিলে," শুনিছো প্ৰতাপৰ বহুত বেমাৰ। আচলতে আৰ্জিলে ফল ভুগিবই। তোমাক ইমান নিৰ্দয়তাৰে উলিয়াই দিলে, কোনেও নিজৰ শত্ৰুকো এনেকৈ উলিয়াই নিদিয়ে।"

  বৰ্ণালীয়ে তেওঁক বাধা দি কলে," নহয় বাইদেউ এনেকুৱা কথা নাছিল। মই ওলাই আহোতে তেওঁ মূৰ তল কৰি দিলে। পূৰ্ণিমাৰ কথা শুনি কিবা কৰিছিল যদিও মোক আজিলৈকে একো কোৱা নাছিল। কাৰোবাৰ বদনাম নো কিয় কৰিম? কোনজন পুৰুষ নো এনেকুৱা আছে যিয়ে তিৰোতাৰ কথা নুশুনাকৈ থাকে। পুৰ্ণিমাৰ কাৰণেই তেওঁৰ এই অৱস্থা হৈছে।"

  বাইদেউ গৰাকীয়ে একো বস্তু নোখোজি মুখ ঘূৰাই গুচি গল।

বৰ্ণালীয়ে কলহটো লৈ কোঁৱাৰ পৰা পানী আনিবলৈ গল। গৰু কেইটাকো দানা পানী দিয়াৰ সময় হৈছিল কিন্তু তাইৰ চকু সেইটো ৰাস্তালৈকে গৈ আছিল যিটোৰে প্ৰতাপৰ গাঁৱলৈ যায়। কোনোবাইটো তাইক মাতিবলৈ অৱশ্যেই আহিব । নাই , তাই নমতাকৈ যাব নোৱাৰে। মানুহে কব দৌৰি আহিলেই।

  কিন্তু প্ৰতাপটো অচেতন হৈ পৰি আছে চাগে। তাৰ শৰীৰটোত আছিল নো কি? তেন্তে তাইক কোনে মাতিব?  পূৰ্ণিমাৰ নো তাইক মাতিবলৈ কি দৰকাৰ পৰিছে। আকৌ বেলেগ সংসাৰ কৰিব। গাভৰু হৈ আছে শ গ্ৰাহক ওলাই আহিব। অ সেইয়া কোনোবা আহিছে। খুব ভয়ত আছে যেন পাওঁ। কোন হয় বাৰু ? আগতেতো কোনোদিন দেখা নাই। কিন্তু তেতিয়াৰ পৰা প্ৰতাপৰ গাঁৱলৈ যোৱাও হোৱা নাই। দুই তিনিজন নতুন মানুহ আহিল চাগে।

  বাটৰুৱা জন মনে মনে কোঁৱাৰ কাষেৰে পাৰ হল। বৰ্ণালীয়ে কলহটো মাটিতে থৈ তেওঁৰ ওচৰলৈ গৈ সুধিলে," প্ৰতাপে পঠিয়াইছে নেকি তোমাক? ঠিক আছে ঘৰলৈ ব'লা , মই তোমাৰ লগতেই যাম। নাই মোৰ অলপ সময় লাগিব। গৰু কেইটাক দানা পানী দিব লাগিব, চাকি বন্তিও জলাব লাগিব। তোমাক টকা দিছোঁ গৈ পূৰ্ণিমাক দি দিবা। কিবা কাম থাকিলে মাতি দিবলৈ কবা।"



   বাটৰুৱা জনে প্ৰতাপক কেনেকৈ চিনি পাব? তেওঁ বেলেগ এখন গাঁৱৰ নিবাসী। প্ৰথমে অবাক হল আৰু পিছত বুজি পালে সকলো। লাহেকৈ বৰ্ণালীৰ লগত গুচি গল আৰু টকা লৈ আহিল। গৈ থাকোঁতে বৰ্ণালীয়ে সুধিলে," এতিয়া কেনে আছে তেওঁ?"

 বাটৰুৱা জনে কলে,"এতিয়া অলপ সুস্থ হৈছে।"

'পূৰ্ণিমাই কন্দা কটা কৰি আছে নেকি?'

 "কন্দাটো নাই বাৰু।"

 "তাইনো কিয় কান্দিব, ভালেই পাইছে চাগৈ।"

    বাটৰুৱা জন গুচি যোৱাৰ পাছত তাই গৰু কেইটাক পানী খুৱালে কিন্তু মনটো প্ৰতাপৰ ফালেই গৈ আছিল। মৰম চেনেহৰ স্মৃতিবোৰ তাইৰ মনত পৰিল। যেতিয়া এবাৰ তাই বেমাৰত পৰিছিল সেই কথা মনত পৰিল। ১০ বছৰ হল। সি কেনেদৰে তাইৰ শিতানত বহি আছিল। খাবলৈও পাহৰি গৈছিল। তাইৰ মনলৈ আহিল এবাৰ গৈ চাই আহোঁ। কোনে নো কি কব? কাৰ মুখ আছে কিবা কবলৈ। চুৰ কৰিবলৈ যোৱা নাই। সেইজন মানুহৰ ওচৰলৈ গৈছো যাৰ লগত ১৫/২০ বছৰ আছিলো। পূৰ্ণিমাই খং কৰিব , কৰক তাইৰ লগত কি মতলব?

বৰ্ণালীয়ে দুৱাৰ বন্ধ কৰিলে, ঘৰ মজদুৰক গতাই দিলে আৰু তাই প্ৰতাপক চাবলৈ গল কঁপি কঁপি,সংকোচ কৰি ক্ষমা দান হাতত লৈ।

প্ৰতাপে কিছুদিনৰ পাছতেই অনুভৱ কৰিছিল যে তাৰ ঘৰখনৰ আত্মাতো ওলাই গল। সি যিমানেই জোৰ দিয়ক লাগে , যিমানেই মূৰ মাৰক তাত আৰু ফুৰ্তি ঘূৰি নাহে। পূৰ্ণিমা সুন্দৰ আছিল আৰু বহুত বস্তুৰ লোভীয়া আছিল। প্ৰথম নিচা শেষ হোৱাৰ পাছত তাই আৰম্ভ হৈ গল বস্তু বিচাৰিবলৈ। খেতিতো লোকচান হব ধৰিলে। ধান বিক্রী কৰি যিকেইটকা পাইছিল সেইয়া অযথা টকা খৰচ কৰি শেষ কৰি পেলাই। শেষত টকা ধাৰ কৰিব লগা হয়। এইবোৰ চিন্তা আৰু দুখত তাৰ স্বাস্থ্যৰ অৱনতি ঘটিল। প্ৰথমতে স্বাস্থ্যক লৈ বেছি গুৰুত্ব নিদিলে।

   চিন্তা কৰি নো কি কৰিব , ঘৰত টকা নাছিল। চিকিৎসাৰ অভাৱত তাৰ স্বাস্থ্য আৰু বেয়া হল আৰু সি আজি ১০/১২ দিন মানৰ পৰা খোৱা লোৱা বন্ধ কৰি দিলে। মৃত্যুৰ অপেক্ষাত বিছনাত পৰি কেকাই আছিল। এতিয়া এই দশা হল যে ভৱিষ্যতৰ চিন্তা নকৰি অতীতত জিৰণি লৈছে যেনেদৰে কোনো চালকে আগলৈ যোৱা ৰাস্তাটো বন্ধ পায় আকৌ উভতি আহে। বৰ্ণালীক মনত পেলাই সি কান্দি থাকে আৰু পূৰ্ণিমাক দোষাৰোপ কৰি কয়," তোৰ কাৰণেই মই তাইক ঘৰৰ পৰা উলিয়াই দিলো। তাই যাবলৈ কি পালে মোৰ ঘৰৰ লক্ষ্মী গুচি গল। মই জানো , এতিয়া মাটিলেও দৌৰি আহিব কিন্তু কোনখন মুখ লৈ মাতিম? তাই এবাৰ অহা হলে মই কৰা অপৰাধৰ বাবে ক্ষমা খুজিলো হয়। তাৰ পাছত মই শান্তিত মৰিব পাৰিম আৰু কোনো লালসা নাই।

   


কিছুসময় পাছতেই বৰ্ণালীয়ে আহি তাৰ মূৰত হাত ফুৰাই কলে," এতিয়া কেনে আছা তুমি? মই আজিহে খবৰ পাইছো।"

   প্ৰতাপে সজল চকুৰে তাইক চালে। দুইখন হাত জোৰ কৰি তাইক সি প্ৰণাম কৰিলে। কিন্তু হাত জোৰ কৰিয়েই থাকিল আৰু চকুবোৰ জাপ খাই গল।

প্ৰতাপৰ মৃতদেহটো ঘৰতেই পৰি ৰল। বৰ্ণালীয়ে কান্দিলে আৰু পূৰ্ণিমা চিন্তিত আছিল। ঘৰত টকা পইচা একো নাছিল। খৰি তো লাগিবই শকাম-নিকাম ,ভোজভাত আদিৰো কথা আছে।  বহুত টকাৰ দৰকাৰ আছিল এতিয়া।

   ঘৰত ১০ পইচাও নাই। পূৰ্ণিমাই ভয় খাইছিল যে আজিটো ঘোৰ বিপদত পৰিলো। ঘৰত কোনো গহনাও নাছিল। কৃষকৰ আয় নো কিমান, দুই তিনি মুন ধান বিক্ৰী কৰি কেইটকা মান পাইছিল। কিন্তু আৰু একো কৰিবওতো নোৱাৰে।


তাই চৌধুৰীৰ লৰাটোক মাতি নি কলে," ভাইটি, এই বিপদৰ পৰা কেনেকৈ নো উদ্ধাৰ হম। গাঁৱত কোনো বিশ্বাসযোগ্য মানুহো নাই। মোৰ গহনা কিছুমান  আছে। তোমাৰ দেউতাক কোৱা এইবিলাক গহনা ৰাখি লৈ আজিৰ সকলো কাম চম্ভালি লবলৈ। আৰু ভগৱানেই সকলোৰে মালিক।"

  "বৰ্ণালীক কিয় খোজা নাই?"

  তেতিয়াই বৰ্ণালীয়ে চকুলো মোহাৰি ওলাই আহিল। তাই কথাটো শুনিলে। 

"কি হল যদু,কি কথা শিকাই আছা? এতিয়া অন্তিম ক্ৰিয়াৰ সময় নে কথা শিকাই থকাৰ,?"

  "অ তাৰেই যোগাৰ কৰি আছো।"

"টকা কা পইছাতো চাগে নাই , সকলো চিকিৎসা কৰোঁতেই শেষ হল চাগে?  এই বেচেৰীকতো মাজবাততে আনি এৰি দিলে। তুমি দৌৰি সেইখন ঘৰলৈ যোৱাগৈ। কিমান নো দূৰ ইয়াৰ পৰা।  মজদূৰজনক কবা কেইটামান টকা উলিয়াই দিবলৈ। ওপৰৰ বাকচতে থৈ দিয়া আছে তেওঁক কবা।"

  তেওঁ তো টকা আনিবলৈ গুচি গল। ইফালে পূৰ্ণিমাই বৰ্ণালীৰ ভৰিত ধৰি কান্দিব ললে। নিজৰ ভন্টীৰ দৰে তাইক বুজি পোৱা এই শব্দবোৰে তাইৰ মনত প্ৰভাৱ পেলালে। তাই দেখিলে বৰ্ণালীৰ মাজত কিমান দয়া, কিমান ক্ষমা আছে।

  বৰ্ণালীয়ে পূৰ্ণিমাক সাৱটি ধৰি কলে,"কিয় কান্দিছ ভন্টি? তেওঁ গুচি গল কিন্তু মইতো আছো। কোনো কথাৰ চিন্তা নকৰিবি। এই খন ঘৰতেই আমি দুয়ো তেওঁৰ বাবে সদায় থাকিম। মই ইয়াতো চোৱা ছিটা কৰিম তাতো কৰিম। কোনোবাই যদি তোক গহনা বিচাৰে নিদিবি।"

  পূৰ্ণিমাৰ এনেকুৱা লাগিল যেন তাই মূৰতো কৰবাত মাৰি মাৰি যাব। তাই যে বৰ্ণালীক কিমান হিংসা কৰিলে, কিমান কন্দুৱালে আৰু ঘৰৰ পৰাও উলিয়াই পঠালে।

  বৰ্ণালীয়ে সুধিলে," যাৰ যাৰ পৰা টকা আনিছিলি মোক কবি , মই কাৰো লগত কাজিয়া নকৰো। কেঁচুৱাটো দুৰ্বল কিয় হৈছে?"

  পূৰ্ণিমাই কলে," মোৰ স্তন পান কৰি তাৰ পেট নভৰে। যিজনী গাই তুমি থৈ গৈছিলা সেইজনী মৰি থাকিল। গৰুৰ গাখীৰো নাই খুৱাবলৈ।"

  " ৰাম ৰাম! বেচেৰাটো ইমান শুকাই গল। মই কাইলৈয়ে গাইজনী আনিম। তাৰ পৰা সকলো বয়বস্তু লৈ আনিম। তাত নো আছে কি আৰু?"



  মৃতদেহতোৰ ওচৰৰ পৰা উঠি বৰ্ণালী প্ৰতাপৰ শ তোৰ লগত গল দাহ কৰিবলৈ। সকলো কাম সম্পন্ন হল।

  পূৰ্ণিমাৰ অহংকাৰ বোৰ এই ত্যাগত নাইকীয়া হৈ গল। বিলাসীতা ভাল পোৱা তাই আজি সেৱাৰ মূৰ্তি হৈ পৰিল।

আজি প্ৰতাপৰ মৃত্যু হোৱা ৭ বছৰ হল। বৰ্ণালীয়ে ঘৰ চম্ভালে এতিয়া। পূৰ্ণিমাক সতিনি বুলি নাভাবি নিজৰ ছোৱালী বুলি ভাবে। প্ৰথমে তাইক খোৱাই লৈ নিজে খাই আৰু তাইক পিন্ধাই লৈ নিজে পিন্ধে। যদু পঢ়িবলৈ যায়। পূৰ্ণিমাৰ বিয়া ঠিক হল। এইবোৰ জাতিত সৰুতেই বিয়া ঠিক হৈ যায়। পূৰ্ণিমাই কলে,"বাইদেউ গহনা বনাই কি কৰিবা? মোৰ গহনা বোৰটো এনেই আছে।"

  বৰ্ণালীয়ে কলে," নহয় অ , তাইৰ বাবে নতুন গহনা গঢ়াম। এতিয়াতো মই কাম কৰিব পৰা হৈ আছো যেতিয়া ভাগৰি পৰিম যি মন যায় কৰিবা। তোৰ এতিয়া পঢ়াৰ, সজা কছাৰ সময়। তই তোৰ গহনাবোৰ থাকিবলৈ দে।"

"আজি যদুৰ দেউতাক থকা হলে কিমান যে ভাল আছিল।"

 বৰ্ণালীয়ে কলে," তেওঁ নাই যদিও মইতো আছো। তেওঁ যিমান কৰিলে হয় মই তাৰ দুগুন কৰিম। যেতিয়া মই মৰি যাম তেতিয়া কবি যদুৰ দেউতাক নাই বুলিম"

  বিয়াৰ দিনা পূৰ্ণিমাক কান্দি থকা দেখি বৰ্ণালীয়ে কলে," তই কিয় কান্দিছ? মইতো এতিয়া জীয়াই আছো। ঘৰ তোৰেই যেনেকৈ ইচ্ছা তেনেকৈয়ে থাক। মোক এখন ৰুটি দিলেই হব। মইনো আৰু কি কৰিম? মোৰ স্বামী মৰি গল কিন্তু তোৰ জীয়াই আছে।"

  পূৰ্ণিমাই তাইৰ কোলাত মূৰ থৈ খুব কান্দিলে," বাইদেউ তুমি মোৰ মা হয়। তুমি নথকা হলে মই কাৰ দুৱাৰত থিয় হলো হয়। সধবা হোৱাৰ সুখটো মই তোমাৰ বাবেই পালো। মই দুখত কন্দা নাই। কান্দিছো মাত্ৰ ভগৱানৰ দয়াত যে কত মই আৰু কত এইবোৰ সুখ।

  বৰ্ণালীয়ে হাঁহি মাৰি আকৌ কান্দি দিলে।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages