ক্ৰিং ক্ৰিং ক্ৰিং
এটা অচিনাকী নম্বৰ মোবাইলৰ স্ক্ৰীণত ভাহি উঠিল বৰ্ষাৰ। ফোনটো ৰিচিফ কৰি বৰ্ষাই ক'লে, 'হেল্লো'।
:হেল্লো, বৰ্ষা হয়নে?( Assamese Storyboard )
:হয় মই বৰ্ষাই কৈছো। আপুনি কোনে কৈছে?
:মই বৰ্ণিলৰ বন্ধু প্ৰিয়মে কৈছো।
:হয় কওঁকচোন, কিবা কথা আছিলে নেকি?
:হয় মানে মই বৰ্ণিলৰ বিষয়ে কথা পাতিব বিচাৰো।
:অ, কিন্তু মই বৰ্ণিলৰ বিষয়ে কোনো কথা পাতিব নিবিচাৰো। বহুত কষ্ট কৰি মই বৰ্ণিলক পাহৰিবলৈ চেষ্টা কৰি আছো। মোক ক্ষমা কৰিব।
:বৰ্ষা শুনা, প্লীজ ফোনটো নাকাটিবা। কথাখিনি শুনি লোৱা।
:ঠিক আছে কওঁক।
:মানে বৰ্ণিল স্বাৰ্থপৰ নহয়। বৰ্ণিলে তোমাক বিশ্বাসঘাতকতা কৰা নাই।বৰ্ণিলে আচলতে তোমাক দুখ দিব বিচৰা নাছিল সেইবাবে কথাটো লুকুৱাই ৰাখিছিল।
:আপুনি কি কব বিচাৰিছে খোলাখুলিকৈ কওঁকচোন।
:মানে বৰ্ণিলৰ কেন্সাৰ হৈছে।জীয়াই থকাৰ আশা ক্ষীণ হোৱা বাবে তোমাৰ আগত কথাটো প্ৰকাশ কৰিব পৰা নাছিল।সেইবাবে প্ৰিয়াৰ লগত সম্পৰ্ক থকা বুলি মিছাকৈয়ে কৈছিল যাতে তুমি তাক পাহৰি যোৱা।
:কি?এইবোৰ আপুনি কি কৈছে বুলি কৈ উচুপি উঠিল বৰ্ষা।
:নাকান্দিবা বৰ্ষা।তুমি বৰ্ণিলক ভুল নুবুজিবা।শেষবাৰৰ বাবে বৰ্ণিলক এবাৰ চাব আহিবা।বৰ্ণিল বহুত কষ্টত আছে।তোমাক চাবলৈ বিচাৰিছে, তুমি এবাৰ চিকিৎসালয়লৈ আহি যোৱা এতিয়াই।ঠিকনাটো লিখি লোৱা..
:কি বৰ্ণিল..বৰ্ষাই কান্দোনত ভাগি পৰিল।
বৰ্ষাই আৰু পলম নকৰি চিকিৎসালয়লৈ বুলি ওলাই গল।
চিকিৎসালয়ৰ বিছনাত অক্সিজেন লগাই থোৱা অবস্থাত বৰ্ণিল এটি সৰু ল'ৰাৰ দৰে শুই আছে।
:বৰ্ষা,মই প্ৰিয়ম।
:অ বৰ্ণিল,বৰ্ণিল এতিয়া কেনে আছে?
:আছে, দেখিছাই নহয় তুমি। আহা ভিতৰলৈ কিন্তু বেছি কন্দা কটা নকৰিবা।
:বৰ্ষাই একো নকলে মাথো মূৰ দুপিয়ালে।চকুৰ চকুপানী মচি বৰ্ষাই অবস মন এটাৰে বৰ্ণিলৰ ওচৰলৈ আগবাঢ়িল।
:বৰ কষ্টেৰে সাহস গোটাই বৰ্ষাই সুধিলে, বৰ্ণিল কেনে আছা?
বৰ্ণিলে অলপ সময় বৰ্ষালৈ একেথৰে চাই থাকি গাৰুৰ তলৰ পৰা এখন ডায়েৰী উলিয়াই বৰ্ষাৰ হাতত দিলে।বৰ্ণিলৰ দুচকু চকুপানীৰে ভৰি পৰিল।বৰ্ণিলে প্ৰিয়মৰ ফালে চাই বৰ্ষাক লৈ যাবলৈ ইংগিত দিলে।
:বৰ্ষা ব'লা, প্ৰিয়মে ক'লে।
:বৰ্ণিল,বৰ্ণিল তুমি......
:বৰ্ষা ব'লা, তুমি ডায়েৰীখন পঢ়িলে সকলো গম পাবা।বৰ্ষাক বাধা দি প্ৰিয়মে কৈ উঠিল।
:বৰ্ষাই বৰ্ণিলৰ ডায়েৰীখন সাবটি লৈ নিশব্দে উচুপি উচুপি বাহিৰলৈ ওলাই আহিল।( Assamese Storyboard )
ঘৰলৈ আহি বৰ্ণিলৰ ডায়েৰীখন পঢ়িবলৈ উলিয়াই ললে তাই.......
দুটি বৰ্ণৰ এটি মিঠা শব্দ প্ৰেম।প্ৰেম এক নিভাঁজ অনুভূতি।য'ত থাকে বিশ্বাস,বন্ধুত্ব,ভালপোৱাৰ প্ৰতিশ্ৰুতি।প্ৰেম সাগৰৰ দৰে গভীৰ আৰু আকাশৰ দৰে বিশাল। মই ভাবিছিলো মোৰ জীৱনত প্ৰেম-ভালপোৱা এইবোৰ নাই কিন্তু নভবাকৈয়ে মোৰ জীৱনলৈ আহিল বৰ্ষা।জীয়াই থকাৰ এটি ন আশা লৈ মৰহি যাব ধৰা ফুলজোপা ধুনীয়া ফুলেৰে জাতিস্কাৰ কৰি পেলালে...।
ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা পঢ়ি গল বৰ্ষাই। মনত থুপ খাই থকা সমস্ত কথা ডায়েৰীৰ পাতত উল্লেখ কৰিছে ।লিপিবদ্ধ কৰিছে সেই দিনবোৰ যিবোৰ দিন দুয়োৰে বৰ প্ৰিয় আছিল লগতে বৰ্ণিলৰ অসুখৰ কথা আৰু প্ৰিয়াৰ কথা।
শেষত লিখিছে, বৰ্ষা তুমি মোক ক্ষমা কৰিবা।মই তোমাক বৰ দুখ দিলো ন কিন্তু মোৰ যে একো উপায় নাছিল।মই যে এই পৃথিবীৰ মাত্ৰ কেইটামান দিনৰ আলহী।তুমি মোৰ অবিহনে থাকিব লাগিব,পাহৰি যাব লাগিব বৰ্ণিল যে তোমাৰ আপোন কোনোবা আছিল। বৰ্ণিলক এটি বেয়া সপোন বুলি পাহৰি আৰম্ভ কৰিবা জীৱনৰ অন্য এক যাত্ৰা আৰু কেতিয়াবা মোৰ কথা মনত পৰিলে তোমাৰ চকুত যেন চকুপানী নেদেখো মাথো ওঁঠত মিচিকীয়া হাঁহি দেখো, ভালকৈ থাকিবা.....
তোমাৰ বৰ্ণিল।
বৰ্ষাই ডায়েৰীখন পঢ়ি হুকহুকাই কান্দিবলৈ ধৰিলে।মোক ক্ষমা কৰিবা বৰ্ণিল মই তোমাক ভুল বুজিছিলো।জীৱনত বৰ সুন্দৰ অভিনয় কৰিলা তুমি...।
ক্ৰিং ক্ৰিং ক্ৰিং
:হেল্লো
:হেল্লো বৰ্ষা, বৰ্ণিল আমাক এৰি থৈ গল অ।
:কি?বৰ্ষা শিলপৰা কপৌটোৰ দৰে থৰ হৈ পৰিল।
বৰ্ণিল তুমি য'তে আছা সুখত থাকা।তুমি সদায় মোৰ হৃদয়ত থাকিবা আৰু বৰ্ষা জনমে-প্ৰতিজনমে তোমাৰে হৈ থাকিব।বৰ্ষাৰ হৃদয়ত মাথো বৰ্ণিলৰেই স্মৃতি........।
গল্প প্ৰেৰক : গীতুমনি ৰায়
পাতিলাদহা ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
-
No comments:
Post a Comment