সাধাৰণ লোকৰ মাজটো লুকাই থাকে বিশ্বস আৰু "সততা" : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 30, 2021

সাধাৰণ লোকৰ মাজটো লুকাই থাকে বিশ্বস আৰু "সততা" : Assamese Storyboard


লকডাউনৰ প্ৰথম পৰ্যায়ৰ সময়ৰ কথা। চাৰিওফালে আতংকময় পৰিবেশ , হাহাকাৰ অৱস্থা সকলোৰে । কি ধনী , কি দুখীয়া , সকলোৱে জীয়াই থকাৰ তাড়নাত ধৰফৰাই মৰিছে ( Assamese Storyboard )। কি হ'ব অসমৰ ? কি হ'ব ভাৰতৰ ? কি হ'ব গোটেই পৃথিৱীখনত ? মুহূৰ্তে মুহূৰ্তে ন ন খবৰ , কথাই কথাই কেৱল মাস্ক আৰু চেনিটাইজাৰৰ কথা । চাৰিওফালে বন্ধ , মানুহবোৰ নাখাই মৰিব এতিয়া । ঘোৰ কলিকাল আৰম্ভ হ'ল , কাৰো নিস্থাৰ নাই এইবাৰ !! 

    অধ্যাপক ৰত্নাকৰ জটাধাৰি আৰু তেখেতৰ শিক্ষয়িত্ৰী পত্নী অহল্যা জটাধাৰিয়ে দেশৰ পৰিস্থিতি লৈ যথেষ্ঠ উদ্বিগ্ন হৈ আছে । দুয়োৰে হাতত মবাইল আৰু সন্মুখত টিভি , দেশৰ খবৰ লৈ আছে প্ৰতি মুহুৰ্ততে । তেওঁলোকে ফোনতে বিভিন্ন জনৰ লগত কথা পাতি আছে । সমাজৰ প্ৰথম শ্ৰেণীৰ ভদ্ৰলোক তেওঁলোক , গতিকে সমাজখনক শুদ্ধভাৱে আগবঢ়াই নিয়াটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য । এক কথাত ক'বলৈ হ'লে  শিক্ষক সকলেই দেশৰ ভবিষ্যত গঢ়াৰ কমাৰশাল । 


   অধ্যাপক জটাধাৰিক এই অঞ্চলৰ এজন জ্ঞানী গুণী আৰু সমাজ হিতৈশী লোক বুলি সকলোৱে চিনি পায় । বিভিন্ন অনুষ্ঠানৰ লগত তেখেত জড়িত হোৱাৰ হেতুকে এই কৰোণা মহামাৰীৰ সময়ত তেখেতে ৰাইজক বিভিন্ন প্ৰকাৰে দিহা পৰামৰ্শ দি মানসিক ভাবে সাহস দি আছে , তেখেত সমাজৰ নমস্য ব্যক্তি । সততা নিস্থা আৰু একতাৰ প্ৰতীক হ'ল অধ্যাপক ৰত্নাকৰ জটাধাৰি । 


       জটাধাৰিয়ে টি ভিৰ অনুষ্ঠান চাই থাকোতে বাহিৰত কাৰোবাৰ চিঞৰ বাখৰ শুনি মুখত মাস্কখন লৈ ওলাই গ'ল । বাহিৰত ওচৰৰে জুপুৰিত বাস কৰা দুজন মান পুৰুষ মহিলাই কিবা বিচাৰি আছে , সিহতে কোনো সামাজিক দুৰত্ব বজাই ৰখা নাই, মুখত মাস্ক নাই । জটাধাৰিয়ে দূৰৈৰ পৰাই কি হ'ল কি হ'ল বুলি সুধিলে । এজনে ক'লে --" ছাৰ, পোহনীয়া মুৰ্গী কেইটামান বাহৰ পৰা ওলাই দৌৰ মাৰিলে । কোন ফালে গ'ল জানো , কণী পাৰি আছিল  , আমাৰ উপাৰ্জনৰ পথ সেইকেইটাই ছাৰ , তাকেই বিচাৰি আছো। "

--" অহ , এইফালে সোমাই নাহিবি দেই , তঁহতে একো নীতি নিয়ম নামান , এইফালে অহা নাই যা । "  ইফালে জটাধাৰিয়ে মন কৰিলে, তেওঁলোকৰ গেটৰ ভিতৰত ফুলৰ মাজত এটা মুৰ্গি সোমাই আছে । তেওঁ কামকৰা ল'ৰা গনেশক ইংগিতেৰে মাতি মুৰ্গীটো ধৰিবলৈ ক'লে । গনেশৰ পিছে পিছে মালিকনীও ওলাই আহিল । জটাধাৰিয়ে ওঠৰ আগলৈ তৰ্জনী আঙুলিটো নি পত্নী আৰু গনেশক চুপ হৈ থাকিবলৈ দিলে । তিনিও লগ হৈ মুৰ্গীটো ধৰি তাৰাতাৰি ভিতৰলৈ সোমাই গ'ল । গনেশে একো ধৰিব নোৱাৰিলে , কি কাণ্ড দেখোন !


     মুৰ্গীটো দেখিয়েই অহল্যা জটাধাৰিৰ জিভাখন লকলকাই উঠিল , কিমান দিন যে লোকেল মুৰ্গী খাই পোৱা নাই । আজি অন্ততঃ ল‌'ৰা ছোৱালী হালে ভাতসাজ তৃপ্তিৰে খাব পাৰিব । সিহতে নিৰামিষ নাখায়েই , মাছতকৈ মাংসহে খাই ভাল পায় । তেওঁ গিৰিয়েকক ক'লে --" হেৰা, আমাৰ কপাল ভাল বুজিছা , এই দুৰ্ভিক্ষৰ দিনত নিজেই আহি হাজিৰ হ'ল মুৰ্গিটো , ইহতেও বৰ ভাল পাব খাই 

--" তাকেই হে , এইকেইদিন পেট ভৰাই এসাজ খাব পোৱা নাই । "


         কিন্তু মুৰ্গিটো মাৰি চাফা কৰে কোনে ? গনেশেও হেনো নাজানে । কি কৰা যায় এতিয়া , এই দুৰ্দিনত হাতত পায়ো হেৰুৱাব নেকি ! অধ্যাপক ৰত্নাকৰ জটাধাৰিৰ খঙে মুৰৰ চুলি পালে । তেখেতে গনেশক পাৰে মানে গালি দিলে --" অলৰ্গদ্ধ , কাম এটা নেজান , এই সাধাৰণ কামটোও কৰিব নোৱাৰ নে ,  আনৰ ঘৰত গোলামী খাতোতেই জীৱন যাব তোৰ । " ( Assamese Storyboard )


     অৱশেষত অহল্যাই এটা উপায় উলিয়ালে । ওচৰতে থকা বন্ধু এজনৰ চাকৰটো এইবোৰ কামত এক্সপাৰ্ট, সন্ধিয়া তাৰ হতুৱাই কামতো কৰাই আনিবলৈ গনেশক নিৰ্দেশ দিলে । 


   সন্ধিয়া হোৱাৰ ল'গে ল'গে জটাধাৰি দম্পতীয়ে পাকঘৰত মচলাৰ যোগাৰ কৰাত লাগিল আৰু গনেশক বন্ধুজনৰ ঘৰলৈ পঠিয়াই দিলে । বাৰে বাৰে কৈ পঠিয়ালে যে কামটো যাতে গোপনে হয় । ঘৰখনত এক আনন্দময় পৰিবেশে বিৰাজ কৰিলে । লোকেল মুৰ্গীৰ লোভত ল'ৰা ছোৱালী হালৰ জিভাৰ পানী পৰিল । 


      কিছুসময় পিছত গনেশ উভতি আহিল । কিন্তু .... কিন্তু , গনেশে দেখোন খালি হাতে উভতি আহিছে ! ঘটনা কি ! কি হ'ল ! মুৰ্গীটো ক'ত ? গনেশে তলমুৰ কৰি থাকিল , জটাধাৰিয়ে উৎসুকতাৰে সুধিলে --" খালী হাত যে তোৰ , মাংস ক'ত , নে আকৌ যাবি এবাৰ ? "

--" নহয় মানে ছাৰ , মানে মই ... " গনেশে কঁপিব ধৰিলে । 

---" কি মানে মানে কৰি আছ ?''

--" মানে ছাৰ , গৈ থাকোতে মুৰ্গীটো হঠাতে হাতৰ পৰা এৰাই গ'ল , কোনফালে দৌৰ মাৰি গ'ল ধৰিবই নোৱাৰিলোঁ ছাৰ । " 

--'' হা, কি ক'লি অপদাৰ্থ , হাতৰ পৰাই এৰাই গ'ল , কিমান আশাৰে আজি এসাজ খাম বুলি ..... " জটাধাৰিয়ে গনেশক এক চৰ সোধালে । ল'গে ল'গে পত্নী আৰু ল'ৰা ছোৱালীহাল ওলাই আহিল । গোটেই কেইটাই গনেশৰ ফালে এনেদৰে চাই থাকিল যেন ভোকাতুৰ সিংহৰ মুখৰ পৰাহে গনেশে কেচা মাংস কাঢ়ি নিছে ‌।


     পিছদিনা ৰাতিপুৱাই কোনোবাই ছাৰ ছাৰ বুলি মাতি থকা শুনি অধ্যাপক জটাধাৰিয়ে বিৰক্তিৰে ওলাই গ'ল , কোন বা আপদিয়া ওলাল এই পূৱাই । ওচৰৰ জুপুৰিত থকা মানুহ এজন ৰৈ আছে গেটৰ বাহিৰত । জটাধাৰিক দেখি সি ক'লে --" ছাৰ, আপুনি সঁচাই বহুত ভাল মানুহ, আপোনাৰ দৰে মানুহ আজিৰ দিনত নাই , প্ৰনাম ছাৰ ।" 

--" হেৰৌ, এইবোৰ কি কৈ আছ, একো বুজা নাই , ভালদৰে কচোন । "

--" ছাৰ, কালি যে মোৰ মুৰ্গীটো হেৰাইছিল , আপোনালোকৰ পাকঘৰত সোমাই আছিল বোলে, দেখাৰ ল'গে ল'গে আপুনি ধৰি গনেশৰ হতুৱাই মোক ৰাতিয়েই দি অহা নাই জানো । আনে হ'লে মনে মনে খাই পেলালেহেতেন । " 

--" কি , গনেশে তাৰমানে .... " 

-- " হয় ছাৰ, সন্ধিয়াই দি আহিল । " মানুহজনে চাৰিটা কণী আগবঢ়াই দি পুনৰ ক'লে -" পৰিবাৰে এইকেইটা আপোনাৰ ল'ৰা ছোৱালী দুটাক খাবলৈ দিছে ছাৰ , পইচা দিব নালাগে দিয়ক । "

   

কমলেন্দ্ৰ শৰ্মা

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages