সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 30, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১২ ) : Assamese Storyboard

Assamese Storyboard


হেল্ল...! কোৱা ৰাজ দা 


: Happy anniversary গৌৰৱ । 


: Thank you ৰাজ দা । বৌৰ কি খবৰ....? 


: আছে আৰু কোনো ৰকম । 


: কিয় ....? গা বেয়া নেকি....? 


: গা ভালেই । মানসিক অশান্তি .... আজি কিছু দিনৰ আগতে প্ৰিয়ম আহিছিল আমাৰ ঘৰলৈ । ( Assamese Storyboard )


: তাতে কি হ'ল ...! মানুহৰ ঘৰলৈ মানুহ আহিবই । 


: সেইটো হয়..., কিন্তু প্ৰিয়ম মোৰ বৰ আপোন । সেইদিনা এওঁ বজাৰ কৰিবলৈ ওলাই গৈছিল । ভাবিছিলোঁ দেৰিকৈ উভতিব । সেয়ে আমি দুয়ো বিচনাত বাগৰি থাকোঁতেই এওঁ আহি ঘৰ সোমালহি । 


: তাৰমানে বৌয়ে সকলো কথা গম পালে ....! ৰাজ দা তাৰমানে আপুনি bisexual...! 


: হয় । যদিওঁ মই ল'ৰাৰ প্ৰতিহে মই অলপ বেছিকৈ আকৰ্ষিত হওঁ । 


: কি আচৰিত ৰাজ দা....? 


: আচৰিত নহয় গৌৰৱ । মানুহে সমকামী যৌন আচৰণক অপ্ৰাকৃতিক বুলিলেও বৈজ্ঞানিক গৱেষণাৰ মতে সমকামিতা মানৱ যৌনতাৰ এটি সাধাৰণ আৰু প্ৰাকৃতিক প্ৰকৰণ । কথাবোৰ মানুহে ভালদৰে বুজি নোপোৱা বাবেই সমকামী বুলি ক'লেই সমাজৰ বহু মানুহেই নাক কোঁচাই । 


: একদম সঁচা কথা কৈছে ৰাজ দা , এইক্ষেত্ৰত কিন্তু সমকামীবোৰও কিছুমান দোষ থাকে । ধৰক দুই তিনিমাহ এজনৰ লগত সম্পৰ্কত থাকিলে আৰু তাৰ পাছত আকৌ নতুন এজনৰ লগত সম্পৰ্ক স্থাপন কৰে । এইদৰে সঘনাই সংগী সলাওঁতে সলাওঁতে শেষত addicted হৈ পৰে । যাৰ কাৰণে সমকামী বুলিলেই বহুতে কামাতুৰ বুলি ভাবে । অৱশ্যে দুই এজন ইয়াৰ ব্যতিক্ৰম আছে । 


: সেইটোও সঁচা কথা গৌৰৱ । সেয়ে মই ভাবোঁ , কাৰোবাৰ লগত সম্পৰ্ক এটা স্থাপন কৰাৰ আগতে কিছুদিন সেই ব্যক্তি জনক ভালকৈ বুজি ল'ব লাগে , তেতিয়া সম্পৰ্কবোৰ স্থায়ী হৈ থাকে । 


: এদিন আহিবচোন ৰাজ দা । আপোনাৰ লগত বহুত কথা পাতিবলৈ আছে । ফ্ৰী আছে যদি আজিয়েই আহি যাওঁক । 


: আজি যাব নোৱাৰোঁ দেই গৌৰৱ । এদিন ৰাতি থকাকৈ যাম । বহুত কথা কবলৈ আছে । এতিয়া ৰাখিছোঁ দে । 


: ঠিক আছে ৰাজ দা ।   ফোনটো কাটি দিলে গৌৰৱে । 


        ..... কাৰ লগত ইমান সময় কথা পাতিলানো ....?  প্ৰশ্ন কৰিলে প্ৰাণদ্বীপে । 


: ৰাজ দাই ফোন কৰিছিল । জমি আছে বোলে ৰাজ দাৰ । 


: কিয়...? 


: পাছত কম দিয়া । এতিয়া খোৱাৰ যোগাৰ কৰিব লাগে । ৰাজীৱহঁতৰ ভোক লাগিছে চাগৈ । 


: ভোক লগা নাই গৌৰৱ দা । খৰখেদা কৰিব নালাগে । লাহে লাহে কৰি থাকা ।  লাহেকৈ কলে ৰাজীৱে । 


: তোমালোকে ঘৰত ভাত খাই আহিছা । আমিটো একো খোৱাই নাই । গৌৰৱ তুমি আটাকেইটা মথি লোৱাগৈ । মই মটৰ কেইটা প্ৰেচাৰতে বঢ়াই দিম ।


: মটৰ পনীৰ ৰান্ধিবা মানে নহয় জানো....! 


: হয় । এতিয়া মটৰ পনীৰ সৈতে গৰম গৰম লুচিকেইখনমান খাই লওঁ । তাৰ পাছত অলপ ওলাই গৈ মাছ মাংস অলপ কিনি আনিব লাগিব । 


: তহঁত দুটাই এইদৰে চুপতি মাৰিয়ে থাকিবি নে পাকঘৰলৈ যাবি ।  খঙেৰে কলে ভৈৰৱে । 


: মই ভাবিছিলোঁৱেই তোৰ খং উঠিব বুলি । চা, ভৈৰৱ তই খঙটো অলপ কমাবলৈ চেষ্টা কৰ । নহলে কেতিয়াবা তই ডাঙৰ বিপদত পৰিবি । 


: হ'ব । চেষ্টা কৰি আছোঁ । কিয় নাজানো, হঠাৎ খঙ উঠি যায় । 

: তোৰ যদি বেছিকৈ খং উঠে তেতিয়া আইনাখনত নিজৰ মুখখন এবাৰ চাই দিবিচোন । খঙটো নিজেই নিজেই নাইকিয়া হৈ যাব ।  কথাষাৰ কৈ পাকঘৰলৈ সোমাই গ'ল প্ৰাণ । ভৰি দুখন গামোচা এখনেৰে ভালকৈ মোহাৰি বিচনাখনত দীঘল দি দিলে । খোলা খিৰিকী খনেৰে ৰ'দৰ পোহৰ আহি ভৈৰৱৰ মুখমণ্ডলত পৰিছিল । বিচনাখনৰ পৰা লাহেকৈ নামি গৈ খিৰিকীৰ পৰ্দাখন মেলি দিলে ৰাজীৱে । .....টোপনি ধৰিছে নেকি ভৈৰৱ দা ....? 


: টোপনি ধৰা নাই । মূৰটোহে  বিষুৱা বিষুৱা লাগিছে । 


: কিয়....? ৰাতি ভালকৈ টোপনি নাহিল নেকি...? 


: ভালকৈ টোপনি নাহিল যোৱা ৰাতি । মই অকণমান চকু দুটা মুদি দিওঁ । বেয়া নোপোৱা যদি মূৰটো অকণমান পিটিকি দিবা নেকি.....? /p>


: সেইটো আৰু বেয়া পোৱা কথা নেকি....! শুই দিয়া , লাহে লাহে অকণমান পিটিকি দিওঁ । 


: উম....! দিয়া । 


        গাৰু দুটা ওখকৈ জাপি শুই দিলে ভৈৰৱ । ৰাজীৱেও বিচনাৰ শিতানতে বহি হাতৰ আঙুলি কেইটাৰে লাহে লাহে কপালখন পিটিকি মূৰটো অলপ পিটিকি দিলে । হঠাৎ কাৰেণ্টটো গুচি যোৱাৰ লগে লগেই উৎকট গৰমত ঘামি জুৰুলি জুপুৰি হৈ পৰিল ভৈৰৱ । পেন্টৰ জেপৰ পৰা কপাহী ৰুমালখন উলিয়াই ভৈৰৱৰ কপালত জিলিকি থকা ঘামৰ টোপাল বিলাক মোহাৰি দিলে । দুয়োটা মনে মনে থকা যেন অনুমান কৰি পাকঘৰৰ পর্দাখন দাঙি চালে প্ৰাণে । ....ৰাজীৱ , ইমান নিতাল মাৰি আছা যে....! 


: ভৈৰৱৰ দাৰ টোপনি আহিল । সেয়ে মনে মনে বহি আছোঁ । 


: কাৰেণ্ট গ'ল যেতিয়া এতিয়া শুই মজা পাব । দুঘণ্টামানলৈকে নাহে । 


: বিচনী এখন দিয়কচোন..., গোটেইটো ঘামি গৈছে একেবাৰে । 

: সেইটো বস্তুহে নাপাবা ৰাজীৱ । পেপাৰ এখন লৈয়ে বিচি দিয়া । টেবুলতে পেপাৰ আছে চোৱাচোন । ( Assamese Storyboard )


: হ'ব প্ৰাণ দা ।   টেবুলখনৰ পৰা পুৰণি পেপাৰ এখন উলিয়াই আনি দুজাপ কৰি লাহে লাহে ভৈৰৱৰ মুখখনত বা দিলে ৰাজীৱে । কামৰ মাজতে এপাক ওলাই আহি চাহ খোৱা কাপকেইটা সামৰি নিলেহি গৌৰৱে । গাৰুটোৰ কাষত থৈ দিয়া ভৈৰৱৰ মোবাইলটো হঠাৎ বাজি উঠিল । দুই তিনিবাৰ ৰিং হৈ হৈ ফোনটো কাট খাই গ'ল । কিছু সময়ৰ পাছত ফোনটো আকৌ বাজিলে । ধৰোঁ নধৰোঁ কৰি ফোনটো ৰিচিভ কৰিলে ৰাজীৱে । 


: হেল্ল'....! 


: ভৈৰৱ দা নাই নেকি....?  এগৰাকী নাৰীৰ কণ্ঠ ভাঁহি আহিল ইফালৰ পৰা । 


: ভৈৰৱ দাৰ গা ভাল নহয় , শুই আছে । কোনে কৈছে বাৰু আপুনি....? 


: ভৈৰৱক ক'বা অলংকৃতাই ফোন এটা কৰিবলৈ কৈছে । পিছে তুমি কোন হয় নো.....? 


: মই ৰাজীৱ । 


: ঠিক আছে । ভৈৰৱক ফোন কৰিবলৈ ক'বা...

  

          খঙতে ফোনটো কাটি দিলে ৰাজীৱে আৰু ভৈৰৱে গম নোপোৱাকৈ নাম্বাৰটো ব্লক কৰি কল লিষ্টৰ পৰা নাম্বাৰটো দিলিত কৰি দি ফোনটো গাৰুটোৰ কাষতে থৈ সৰু পাকঘৰটোলৈ সোমাই গ'ল ৰাজীৱ । 


: প্ৰাণ দা , 


: উম.., ই উঠিল নেকি ৰাজীৱ...?  ৰাজীৱক প্ৰশ্ন কৰিলে প্ৰাণদ্বীপে


: নাই উঠা । কাৰেণ্ট আহিল নহয় ফেন চলি আছে । 


: ৰ'বা , মই উঠাই দিওঁগৈ । 


: উঠাব নালাগে প্ৰাণ দা । অলপ শুবলৈ দিয়ক । 


: কিয়....? কলেজত থকা হ'লেটো এতিয়া ক্লাছ কৰি থাকিলেহেঁতেন.....! 


: যোৱা নিশা ভালকৈ টোপনি নাহিল ভৈৰৱ দাৰ । সেয়ে এতিয়া টোপনি আহিল চাগৈ । 


: তুমি কৈছা যেতিয়া । আমনি নকৰো তেন্তে, গৌৰৱ ..., ভৈৰৱলৈ লুচিকেইখন হতকেছত ভৰাই থৈ আমাৰ তিনিটালৈ ৰেডী কৰি দিয়া । 


: ঠিক আছে প্ৰাণ । মই ৰেডী কৰো মানে তুমি বটল কেইটাত পানী ভৰোৱা । 


: ৰাজীৱ , তুমি বিচনাত পেপাৰ পাৰাগৈ । মই লুচী প্লেটকেইখন লৈ গৈ আছোঁ । 


         ফিল্টাৰটো খুলি আধা লিটাৰৰ বটল দুটাত পানী দুবটল ভৰাই টেবুললৈ উলিয়াই আনিলে প্ৰাণে । ৰাজীৱেও পুৰণি পেপাৰ এখন মেলি বিচনাখনত পাৰি দিলে । গৰমে গৰমে লুচিকেইখন খাই প্লেটতে হাতখন ধুই বাইকখন লৈ প্ৰাণ ওলাই গ'ল । ৰাজীৱে প্লেটকেইখন সামৰিবলৈ লওঁতেই থাপ মাৰি ধৰিলে গৌৰৱে । .....থোৱাচোন ৰাজীৱ । প্লেট তিনিখন মই ধুব পাৰিম । তুমি ভৈৰৱৰ ওচৰতে বহা । মই সাউৎকে এইকেইখন ধুই আনোগৈ । 


: যোৱা । 


          হাতত প্লেট তিনিখন লৈ বাহিৰলৈ ওলাই গ'ল গৌৰৱ । ৰাজীৱেও পেপাৰখন সামৰি বিচনাৰ কাপোৰখন ঠিক কৰি ভৈৰৱক লাহেকৈ মাত লগালে । .....ভৈৰৱ দা । ভৈৰৱ দা...! ৰাজীৱৰ মাতষাৰ শুনি চকু দুটা মেলি চালে ভৈৰৱে । ....বেছিকৈ গা বেয়া লাগিছে নেকি  ? 


: গা বেয়া লগা নাই অ'....! কিয় একেটা কথাকে বাৰে বাৰে সুধি আছা.....! শান্তিত অকণমান শুবলৈও নিদিয়া । বৰ অশান্তি আৰু দেই । ইহঁত ক'ত গ'ল....? 


: প্ৰাণদ্বীপ দা অলপ ওলাই গৈছে । গৌৰৱ দা আছে । উঠা...! ভৈৰৱ দা । কি বুলি ভাবিব পাৰোঁ গৌৰৱ দাই । মোৰ কিবা লাজহে লাগিছে । 


: তুমি এনেয়ো অলপ বেছি কৰা । চাওঁ....!  ৱালখনতে ঢকা এটা মাৰি বিচনাখনৰ পৰা নামি আহিল ভৈৰৱ । ভৈৰৱৰ তেনে আচৰণ দেখি শোকত ভাগি পৰিল ৰাজীৱ । গাৰুটোতে মুখখন গুঁজি উচুপি উঠিল ৰাজীৱ । 


        ......কি হ'ল ৰাজীৱ ...? ভৈৰৱে কিবা ক'লে নেকি....! 


: একো কোৱা নাই । 


: তেন্তে কান্দিছা কিয়.....? চোৱা ৰাজীৱ । ভৈৰৱে তোমাক বহুত ভাল পায় । সেয়ে তোমাক ইমান শাসন কৰে । নাকান্দিবা । কান্দি থকা দেখিলে আকৌ গালি পাৰিব ।


: ভৈৰৱ দা মানুহজন এক অবুজ সাঁথৰ গৌৰৱ দা । কেতিয়া খং উঠে একো ধৰিবই নোৱাৰি । 


: এইবোৰ খঙ নহয় অ'...! মৰমৰ অভিমান ।  ৰ'বা , এনেয়ে বহি থকাতকৈ আলু কেইটাৰ বাকলি গুচাই আদা নহৰুখিনি বটি থওঁ । 


: লৈ আহকগৈ যাওঁক । ময়ে আলুকেইটাৰ বাকলি গুচাই দিওঁ । 

          সৰু খৰাহী এটাতে ডাঙৰ ডাঙৰ আলু কেইটামান আৰু পিয়াঁজ দুটামান উলিয়াই আনিলে গৌৰৱে । প্লাষ্টিকৰ বাল্টি এটাতে পানী অলপ আনি আলুকেইটাৰ বাকলি গুচাই ডোখৰ ডোখৰকৈ কাটি পানীত ডুবাই থলে গৌৰৱে । চুৰি কটাৰীখন লৈ পিয়াঁজ কেইটা মিহি মিহিকৈ কাটি আদাকন চুৰুকি প্লেটতে থলে ৰাজীৱে । সৰু টেবুলখনতে বহি হতকেছটোৰ পৰা লুচিকেইখন উলিয়াই খালে ভৈৰৱে । তেনেতে হাতত সৰু সৰু টোপোলা দুটা লৈ ৰূমটোলৈ সোমাই আহিল প্ৰাণদ্বীপ । 


: কেতিয়া উঠিলি ভৈৰৱ....? 


: অলপ আগতে উঠিছোঁহে । কি বজাৰ কৰিলি গৈ নো....!


: লোকেল মাছ আৰু হাঁহৰ মাংস অলপ কিনি আনিলোঁগৈ । খাই হ'ল যদি আহ....! তই মাংসখিনি ৰান্ধিবি আৰু মই মাছখিনি ফ্ৰাই কৰিম । 


: প্ৰাণ....! আজি দিনটো তোমাৰ মোৰ বাবে এটা বিশেষ দিন । গতিকে এই বিশেষ দিনটোত আনক কষ্ট নিদিবা । ৰাজীৱহঁত আজি আমাৰ অতিথি , পাহৰি নাযাবা অতিথি দেৱতাৰ তুল্য । 


: প্ৰাণ দা , গৌৰৱ দা  আপোনালোকে একো কৰিব নালাগে সকলো মই কৰিম ।  ভৈৰৱলৈ এবাৰ কেৰাহীকৈ চাই কলে ৰাজীৱে । 


: প্ৰাণ চিন্তা কৰিব নালাগে মোৰ কলিজাটোৱে বৰ ধুনীয়া মাংস ৰান্ধে । তাক বস্তুবোৰ ৰেডী কৰি দিলেই হ'ব । ন..... ! কলিজা .....!   বুলি কৈ লাহেকৈ পাছফালৰ পৰা ৰাজীৱক সাৱতি ধৰিলে ভৈৰৱে । .....প্ৰাণ , লাজটো দেখিছ নে নাই...? লাজুকী লতাৰ দৰে চুবই নোৱাৰি ।   ভৈৰৱৰ খুহুটিয়া কথাবোৰ শুনি লুচীখনৰ দৰে ফুলি থকা ৰাজীৱৰ মুখত হাঁহি বিৰিঙি উঠিল । 



     ক্ৰমশঃ.....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages