অইন দিনাৰ দৰে আজিও নিশা কলেজলৈ আহিছে কিন্তু আজি বাছেৰে নহয় । জোনাকে তাইক থব আহিছে । আজি তাই কিছুদিনৰ বাবে ছুটী লৈ গাৱলৈ যাব( Storyboard ) । কলেজৰ গেটত তাইক নমাই থৈ আকৌ নিবলৈ অহাৰ প্ৰতিশ্ৰুতিৰে সি তাইৰ ৰূমলৈ গল। তাই আগবাঢ়িল কলেজলৈ বুলি । আজি তাইৰ মনটো খুব ফুৰ্তিত আছে । হিয়াৰ মাজত বলি আছে এজাক মলয়া, বৈ আছে এখন সুগভীৰ নৈ, তাৰ দুয়ো পাৰে দু ডৰা কহুৱা বন । মলয়া জাকৰ স্পৰ্শত সিহঁতে হালি জালি নাচিছে । সপোনবোৰে গজালি মেলিছে, আশাবোৰেও ঠন ধৰি উঠিছে । মাথো তাইৰ জোনাক অহাৰ বাতৰি পায় । তাইৰ জোনাকৰ আগমনে লৈ আহিছিল এজাক আৱতৰিয়া বৰষুণ । ধুৱাই নিচে চৌপাশৰ মলিনতা, দি গৈছে নতুনত্ব । ক্লাচতো আজি তাইৰ মনতো মিঠা মিঠা সুবাসেৰে ভৰি আছে । শিৰত জিলিকি থকা সেন্দুৰকণৰ পোহৰত মুখখন অইনদিনাতকৈ আজি আৰু উজ্জ্বল হৈ উঠিছে । ল'ৰা ছোৱালীবোৰে আজি তাইৰ ফালে ৰ লাগি চাইছে । কেৱল লৰা ছোৱালীয়ে নে? হয়তো প্ৰকৃতিও...!
প্ৰথম ক্লাচতো শেষ কৰি তাই অফিচলৈ আহিল আৰু দুৱাৰ দলিত খোজ দিয়ে তাইৰ মনটো সেমেকি উঠিল । বিষন্ন মনে বহি আছে বিনয় । দুচকুত ডুলি আছে দুটোপাল চকুলো । হয়তো কোনোবাই কিবা কলেই যেন পাৰ ভাঙি বৈ আহিব বাধাহীন অশ্ৰুৰ নিজৰা। নিশাৰ বুকুখন কোনোবাখিনিত হাহাকাৰ কৰি উঠিল । ছেঃ তাই কালি তাক বহুত বেয়াকৈ কলে নেকি? তাই বাহিৰলৈ ওলাই আহিল । কিছুসময় বাৰাণ্ডাত থিয় হৈ ৰল । মনত এটা প্ৰশ্নই ডুলি থাকিল কিমান কষ্ট পালে এজন পুৰুষে কান্দিব পাৰে? তাই বিনয়ক মাতিলে । নিশব্দে সি ওলাই আহিল । তাইৰ পিছে পিছে খোজ ললে সম্মুখৰ ঘাঁহনিডৰালৈ । আজি সি মৌন । বহু সময় পাৰ হৈ গল কোনেও একো কোৱা নাই । পিছত নিশাই কলে
-ছৰি
-কিয়?
-কালি তোমাক বহুত বেয়াকৈ কলো ।
-মোৰ ধাৰণাত তুমি শুদ্ধ । তোমাৰ ঠাইত মই হোৱা হলে হয়তো একেই ব্যৱহাৰ কৰিলো হয় ।
নিশাৰ ভাব হল তাৰ নামটোৱে বিনয় নহয়, মানুহজনো বিনয়ী । তাই আৰু একো নকলে । কিছু সময় পাৰ হৈ গল । এইবাৰ মৌনতা ভংগ কৰি বিনয়ে সুধিলে
-তোমাক থবলৈ অহাজন চাগে তোমাৰ হাছবেণ্ড?
নিশাৰ চকু মুখত আনন্দৰ আবিৰ এটা ডুলি গল । ৱাহ, বিনয়ৰ মুখত জোনাকৰ কথা । তাইৰ যেন কল্পনাৰো অতীত ।
-আৰে তুমি তেওঁক কত লগ পালা?
-লগ পোৱা নাই । কিন্তু তেওঁ তোমাক থবলৈ আহোতে পথত আমি ক্ৰচিং হৈছিলো । সেয়ে মই অনুমান কৰি ললো ।
-হয়, জোনাক । তেও মোক থবলৈ আহিছে আৰু নিবলৈ ও আহিব ।
-সেয়া তোমাৰ সৌভাগ্য আৰু তেওঁৰ কৰ্তব্য । -কেৱল সেয়াই নহয় তেওঁ মোক বহুত ভাল পায়, বহুত মৰম কৰে ।
-আৰু তুমি??
নিশা থমকি ৰল । পিছত একে উশাহতে কলে
-মইয়ো তেওঁক বহুত ভাল পাওঁ, এক কথাত তেওঁ অবিহনে, মই আধৰুৱা ।
-তেওঁৰ স্থানত তেওঁ আছে । কাৰণ তেওঁ তোমাৰ স্বামী আৰু মোৰ স্থানত মই আছো । কাৰণ মই তোমাক ভাল পাওঁ । আৰু এয়াই মোৰ অধিকাৰ । সেইবাবেই মই তোমাৰ নামত পাগল । মইয়ো ভাবো তোমাক আমনি নকৰাৰ কথা কিন্তু তোমাক সম্মুখত দেখিলে বলীয়া ফাগুন হৈ উৰে মনটো, পৰিকল্পনাবোৰে পলায়ন কৰে, আশাই পোখা মেলে, কল্পনাই দেউকা কোবাই আৰু সপোনবোৰে সাতোৰঙী ৰামধেনু গঢ়ে । এপলক দৃষ্টিৰে তাই মাথো চাই ৰল বিনয়ৰ ফালে! ( Storyboard )
নিশাই যিমানেই নিজক বিনয়ৰ ওচৰৰ পৰা আতৰাই অনাৰ কথা ভাবিছে সিমানে তাই এক মেৰপেচত সোমাই পৰিছে । তাইয়ো টো বিনয়ৰ দৰেই কথাবোৰ ভাবে নিজক বিনয়ৰ পৰা আতৰাই অনাৰ কথা । কিয় পাৰিছে জানো? আজি বিনয়ৰ বিষন্ন মুখখন দেখি তাইৰেটো অন্তৰখনে সহ্য কৰিব নোৱাৰিলে । এয়া কি সচাকৈয়ে বিনয়ৰ প্ৰতি তাইৰ প্ৰেম নেকি? আৰু জোনাক?? তাৰ মৰমৰ মাজতো টো তাই আজীৱন নিজক বিলীন কৰি দিব বিচাৰে । তাইৰ আশা, তাইৰ সপোন অৰ্থাৎ জোনাক টো তাইৰ বাবে সমস্ত পৃথিৱী । তথাপিও তাইৰ কিয় জানো বিনয় অবিহনে উকা উকা লাগে? ইমান সময়ে বিনয়ে দূৰৰ ফালে চাই আছিল কিন্তু হঠাৎ নিশাই তালৈ চাই থকা দেখি সি সুধিলে
-কি চাইছা?
-তোমাক ।
-কিবা নতুনত্ব?
-নাজানো ।
-মই কিন্তু প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তই তোমাৰ মাজত নতুনত্ব বিচাৰি পাওঁ আৰু সেই অনুসৰি মোৰ সপোনটোৱে প্ৰতিটো দিনেই ন ন ৰূপত গঢ় লৈ উঠে ।
টং টং টং - অফিচৰ পৰা ভাঁহি আহিল ঘন্টাৰ শব্দ । অৰ্থাৎ দ্বিতীয় ক্লাচ শেষ হোৱাৰ জাননী দিলে । নিশাৰ মন সাগৰত প্ৰচণ্ড ঢৌ তুলি বিনয় আগবাঢ়িল অফিচলৈ তৃতীয়টো ক্লাচৰ বাবে সাজু হবলৈ । ভাববিহীন হৈ পৰিল তাই । লাহে লাহে অধ্যক্ষৰ কোঠালৈ খোজ ললে । আৰু কিছু সময় পিছত এসপ্তাহৰ ছুটী লৈ তাই ওলাই আহিল । হঠাতে তাইৰ মোবাইলটো বাজি উঠিল । জোনাকৰ ফোন । তাই জোনাকক তিনিটা ক্লাচৰ পিছত সময় দিছিল সেয়ে সি আহিছে তাইক নিবলৈ । ফোনটো ৰিচিভ কৰি তাই ওলাই আহিল । কলেজৰ সম্মুখত ৰৈ আছে জোনাক । তাইক দেখা মাত্ৰেই সি আত্মসন্তুষ্টিৰ হাঁহি এটাৰে তাইক সহাৰি জনালে । বহু কষ্টৰে তাই হাঁহিব চেষ্টা কৰিলে । তাই জোনাকৰ ওচৰতে বহিল । সি গাড়ী ষ্টাৰ্ট কৰিলে । হঠাতে তাই কলেজলৈ ঘূৰি চাই দেখিলে বাৰাণ্ডাত থিয় হৈ এপলক দৃষ্টিৰে তাইৰ ফালে চাই আছে বিনয়ে । তাই চিটটোত আউজি দুচকু মুদি দিলে । দুচকুত ডুলি থাকিল মাথো বিনয়ৰ বিষন্ন মুখখনৰ ছবি ।
-নিশা?
জোনাকৰ মাতত তাই উচপ খাই উঠিল । কিমান সময় যে এনেকৈ পাৰ হৈ গল গমেই নাপালে ।
-উম, কোৱা ।
- ইমানকৈ নো কি ভাবিছা? কিবা এটা টো কোৱা । এনেকৈ আহি জানো ভাল লাগে?
জোনাক আজি বেচ উৎফুল্লিত মনে আছে । তাৰ ভাল লগা গীতৰ কলিবোৰ গুনগুনাই সি গাড়ী ড্ৰাইভ কৰি আহি আছে ।হয়তো এয়া নিশাক ঘূৰাই পোৱাৰ আনন্দ। তাৰ বিশ্বাস আছিল নিজৰ ওপৰত আৰু সেই বিশ্বাসৰ ছাবিকাঠি হিচাপে নিশা আজি তাৰ নিচেই ওচৰত ।
সময় আবেলি । জোনাক নিশা গাওঁ অভিমুখে ৰাওনা হল । সি প্ৰথমে হস্পিতাললৈ গল । কাৰণ হস্পিতালত নিশাৰ দেউতাক আছে । সি এতিয়ালৈ তাইক কোৱাই নাই দেউতাকৰ বেমাৰৰ কথা । সেয়ে সি যেতিয়া হস্পিতালৰ সম্মুখত গাড়ী ৰখালে নিশা আচৰিত হল ।
-জোনাক, হস্পিতাললৈ আহিলা যে? কাৰ কি হৈছে?
তাইৰ কণ্ঠত উত্তেজনাৰ সুৰ ।
-মোৰ বন্ধু এজন আছে । সেয়ে খবৰ এটা লৈ যাওঁ বুলি ভাবিলো । দুয়ো আগবাঢ়িল হস্পিতালৰ কেবিনলৈ । দুৱাৰ দলিত খোজ দিয়ে নিশাৰ বুকুৰ ভিতৰৰ পৰা ক্ৰন্দন ওলাই আহিল । তাই দৌৰি গৈ দেউতাক সাৱটি ধৰি কান্দিলে । দেউতাকেও তাইক বুকুৰ মাজত সাবতি ললে যেন সি তাৰ হেৰুৱা মানিক ঘূৰাই পাইছে ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment