আজিৰ সন্তানে জানো উপলব্ধি কৰিব পাৰিব পিতৃ-মাতৃৰ ত্যাগক ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 19, 2021

আজিৰ সন্তানে জানো উপলব্ধি কৰিব পাৰিব পিতৃ-মাতৃৰ ত্যাগক ? Storyboard

Storyboard

বাহিৰত বৰ জোৰেৰে বৰষুণ দি আছিল। ৰাজুৱে ঘড়ীলৈ চাই দেখিলে, নিশা ১২বাজিছিল। পত্নী মালিনীৰ ফালে দেখা পালে তাই টুপনিত। ৰাজুৱে বিচনাৰ পৰা উঠি গৈ খিৰিকী বন্ধ কৰি দিলে। আৰু পানী এগিলাচ খায় বিচনাত বাগৰ দিলে। ৰাজুৰ টুপনি ধৰা নাছিল, বাগৰ সলাওঁতে সলাওঁতে কেতিয়ানো ৰাজুৰ টুপনি আহিল, গমকে নাপালে। কিছু সময়ৰ পাছত জোৰেৰে শব্দ হোৱাত ৰাজুৰ টুপনি ভাঙিল। তেতিয়া ৰাজুৱে মোবাইলটো চাই দেখা পালে যে, তেতিয়া পুৱা ৪বাজিছিল, তেতিয়াও বাহিৰত বৰষুণ জোৰেৰেই দি আছিল। ভাৱিলে, এতিয়া আৰু অলপ সময় শুই লওঁ। সেইবাবে পুনৰ বিচনাত বাগৰ দিলে।Storyboard )


বাগৰিয়ে, ৰাজুৰ মনটো অতীতৰ বাটত হেৰাই গল। পুৰণি কথা মনত পৰি গল। যেতিয়া ৰাজু ৩ বছৰৰ আছিল, তেতিয়াও আজিৰ দৰে এদিন জোৰেৰে বৰষুণ হৈছিল। বিজুলী ঢেৰেকনিৰ মাতত মাকৰ আঁচলত গৈ লুকাইছিল। দেউতা আছিল কিন্তু এটা বৰ বেয়া অভ্যাস আছিল, তেওঁ বৰ বেছিকে মদ খাইছিল। তেওঁ যিমান উপাৰ্জন কৰিছিল তাৰে আধা অংশ মদৰ লগত শেষ কৰি দিছিল। কিন্তু ৰাজু আৰু মাকক বৰ মৰম কৰিছিল। মদ খোৱাৰ বাবে তেওঁৰ স্বাস্থ্য বেয়া হবলৈ ধৰিলে। ডক্টৰে দেউতাকক মদ খাবলৈ মনা কৰিলে। তেওঁ কাম কৰিবলৈ কাৰখানালৈও যাব নোৱাৰা হল। সেইবাবে মাকে আজিকালি আনৰ ঘৰত ঝাড়ো দিয়া ঘৰ মুচা, কাপোৰ কানি বাচন বৰ্তন আদি ধুবলৈ ধৰিলে। ইমান কম বয়সতে ৰাজুৱে এই সকলো দেখা পাব বুলি সি ভৱা নাছিল। এদিন ৰাতি জোৰেৰে বৰষুণ দি আছিল, সেই সময়তে দেউতাকৰ গা বহুত বেয়া হৈছিল, মায়ে সহায়ৰ বাবে কাষৰে খুড়াক মাতিলে। খুড়াই নিজৰ অটোখন লৈ আহিল দেউতাক হস্পিতাল লৈ গল। গোটেই বাটতো মায়ে কান্দি কান্দিয়ে গল। যেতিয়া হস্পিতাল পালোগৈ তেতিয়া ডক্টৰে মাক এনে কি কলে যে, মায়ে দেউতাক ধৰি জোৰেৰে কান্দিবলৈ ধৰিলে। ৰাজুৱে সেই সময়ত একো বুজা নাছিল যে দেউতাক আৰু এই পৃথিৱীত নাই। 


গাওঁৰ লোকে দেউতাক লৈ গৈছিল, তেতিয়া ৰাজুৱে ভাৱিলে দেউতা কৰবালৈ গৈছে আৰু কিছু দিনতে উভতি আহিব। কিন্তু দেউতা আৰু কোনোদিন ঘূৰি নাহিল। দেউতাক যোৱা পাচত মাকে উদাশ মনে থাকিবলৈ ধৰিলে। কিছু দিন কাষৰে খুড়ীয়ে খোৱা বোৱ দিলে কিন্তু কিছু দিনৰ পাছত ঘৰত অলপো অন্ন নাছিল। তেতিয়া পৰা পুনৰ মাকে আনৰ ঘৰত কাম কৰিবলৈ যাবলৈ ধৰিলে। ৰাজুৰ স্কুল যোৱাটো বন্ধ হল, তেনেদৰে ২বছৰ পাৰ হৈ গল। সময়ৰ লগত ৰাজু বুজন হৈ উঠিল। কাষৰে খুড়াই ৰাজুক বাতৰি কাকত বিলোৱাৰ কাম এটা যোগাৰ কৰি দিলে। পুৱা ৫বজাত ৰাজুৱে বাতৰি কাকত বিলাবলৈ যায় আৰু ১০বজাত আহি পুনৰ এখন দোকানত কাম কৰিছিল। ৰাজুৱে তেনেদৰে কাম কৰি কিছু টকা পাইছিল আৰু মাকৰ সহায় কৰিছিল। বৰষুণৰ বতৰত আৰু ঠাণ্ডাত পুৱাতে উঠিবলৈ ৰাজুৱে বৰ এলাহ কৰিছিল, তেতিয়া ৰাজুৱে নাযাও নুঠো কৰিছিল, সেই সময়ত ৰাজু সৰু হৈ আছিল। তেতিয়া মাকে ৰাজুৰ মূৰত হাত বুলাই মৰমেৰে কৈছিল, ৰাজু উঠি যোৱা, চোৱা, কঠিন সময়ৰ লগত যুদ্ধ কৰা, তাৰ লগত সংঘর্ষ কৰা, যদি যুদ্ধ নকৰা জয়ী নোহোৱা। তেতিয়া ৰাজুৱে মাকৰ কথা শুনি সাহসেৰে উঠি গৈছিল। ৰাজুৱে ভাৱিলে, সি পঢ়িব, সেয়ে কামৰ লগতেসি পঢ়াও আৰম্ভ কৰিলে।মেট্ৰিক পাছ কৰিলে চৰকাৰী স্কুলৰপৰা। কিন্তু কলেজলৈ যাব নোৱাৰিলে। কাৰখানাতে চাকৰি এটা পালে আৰু বাতৰি কাকত বিলোৱাৰ কামটো কৰি থাকিল। মাকে ৰাজুৰ ১৮বছৰ বয়সত মালিনীৰ লগত বিয়া পাতি দিলে। মালিনী পঢ়া শুনা নাছিল কিন্তু চিলাইৰ কাম জানিছিল। সেইবাবে তাই চিলাই কাম আৰম্ভ কৰি দিলে।( Storyboard )


২বছৰৰ পাছত মালিনী গৰ্ভৱতী হল। মাক আৰু ৰাজু বৰ সুখী হল। ৰাজুৱে সেইদিনাই ঠিৰাং কৰিছিল যে, সি নিজৰ সন্তানক বহুত পঢ়াব শুনাব, ডাঙৰ মানুহ কৰিব। তাক এই দৰিদ্ৰতাৰ মাজত থাকিবলৈ নিদিয়ে। মালিনীয়ে সময়ত এটি পুত্র সন্তান জন্ম দিলে। পুত্রৰ নাম দিবাকৰ ৰাখিলে। ৰাজু আৰু মালিনীয়ে বহু কাম কৰিছিল। দিবাকৰৰ প্ৰতিটো আশাই পূৰ্ণ কৰিছিল। দিবাকৰ পঢ়া শুনাটো ভাল আছিল। তাৰ মাজতে মাকেও এদিন ৰাজুক এৰি থৈ গলগৈ। কিন্তু মাকৰ সেই কথা ৰাজুৱে কেতিয়াও নাপাহৰিলে। ৰাজু নিৰাশ হলেই মাকৰ সেই কথা মনত পেলাই ৰৈছিল, "কঠিন সময়ৰ লগত যুদ্ধ কৰা, সংঘর্ষ কৰা, যদি যুদ্ধ নকৰা, নহলে জীৱনত আগ বাঢ়ি যাব নোৱাৰা ৰাজু"। তেতিয়া ৰাজুৱে সাহসৰে আগবাঢ়ি গৈছিল। মালিনী দ্বিতীয় বাৰ গৰ্ভৱতী হৈছিল। দ্বিতীয় বাৰো মালিনীয়ে এটি পুত্র সন্তান জন্ম দিছিল। যাৰ নাম প্ৰভাকৰ ৰাখিলে। দুটা লৰাই ৰাজু আৰু মালিনীৰ জীৱন হৈ পৰিল। তাহাঁতৰ বাবে ৰাজু আৰু মালিনীয়ে বহুটো ত্যাগ কৰিলে, নিজৰ সুখৰ কথা নাভাৱিলে। দুয়োয়ে ফটা কাপোৰকে পিন্ধিছিল। মালিনীও কেতিয়াও একো বিচৰা নাছিল। চেণ্ডেলযোৰো চিঙিলে ১০টকাতে চিলাই লৈছিল, বাকী পইচা লৰা দুটিলৈ ৰাখিছিল। লৰা দুটাৰ মাজটো মৰম আছিল, ভাল সংস্কাৰ আছিল। দুয়োয়ে বৃত্তি পাইছিল, যাৰ বাবে দুয়োৰে পঢ়া শুনাৰ খৰচ ওলাই গৈছিল। 


লৰা দুটা ডাঙৰ হল, দুটা লৰাই ইঞ্জিনিয়াৰ হল। ডাঙৰ কোম্পানিত চাকৰি পালে। চহৰতে। দুয়োয়ে ভাল ঘৰৰ ছোৱালী লগত বিয়াও কৰালে। ২তিনি বছৰৰ পাছত নাতি পুতিও হল। ঘৰখন আনন্দৰে ভৰি পৰিল, তেতিয়া ৰাজুৰ মনটো শান্ত হল। পাপা তুমি এতিয়া কাম কৰিবলৈ এৰি দিয়া, কেতিয়ালৈ কাম কৰিবা, বহুত হল আৰু এতিয়া। এতিয়া আপোনাৰ লৰাই ডাঙৰ কোম্পানিত চাকৰি কৰে। ডাঙৰ লৰাই কলত সৰু লৰাইনো কত নোকোৱাকৈ থাকিব। সৰু লৰাইও কলে, মা পাপা এতিয়া আপোনালোক আমাৰ লগত থাকিব। আৰু বাকী থকা জীৱন আৰামত আৰু শান্ত ভাৱে অতিবাহিত কৰিব। এয়া শুনি ৰাজুৰ বুকু উফন্দি উঠে আৰু ফুটানি আহি যায়। আজি কালি লৰা ছোৱালী মাক দেউতাকক লগত ৰাখিবলৈ বেয়া পায়, তেওঁ লোকক অকলশৰীয়াকে এৰি দিয়ে আৰু মোৰ লৰাই জোৰ কৰিছে, আমাক লগত লৈ যাবলৈ। অ ককা, মোৰ লগত খেলা না, ডাঙৰ নাতিয়ে কলে, সৰু নাতিয়েও কলে, নহয় ককা তুমি মোৰ লগত খেলা। নাতীনিজনীয়ে কোলাতে বহি কলে, নহয় ককা তুমি মোৰ লগতহে খেলিবা। তিনিওৰে মাজতে তনা আজুৰা লাগিল। সেই সময়ত মালিনীয়ে মাত দিলে, শুনিছেনে ৬টা বাজিবৰ হল, বাতৰি কাকত বিলাবলৈ নাযায় নি! তেতিয়া লৰালৰিকৈ ৰাজু উঠিল। আৰু কলে সপোন হে দেখিছিলো।! ভাৱোতে ভাৱোতে ৰাজুৰ কেতিয়ানো টুপনি আহিল গমকে নাপালে।


মাথো সপোনহে আছিল, ৰাজুৰ চকুলো সেমেকি উঠিল। দুটা লৰাই নিজৰ পৰিয়ালৰ সৈতে বিদেশত গৈ থাকিবলৈ ললে। এতিয়া আৰু কবলে নো থাকিল কোন! এতিয়া মালিনী আৰু ৰাজু দুয়ো দুয়োৰে বন্ধু। লৰা দুটাৰ তো এতিয়া বাতৰি কাকত বিলোৱা আৰু কাপোৰ চিলাই কৰা আমাক মাক দেউতাক বুলি কবলেও লাজ কৰে। ৰাজুৱে চকু মুহাৰি হাতৰ ৰেখাক চাই কলে, সংঘর্ষ এতিয়াও বাকী আছে, মোৰ লৰাই মাক দেউতাকৰ ত্যাগক বুজি নাপালে, তাহাঁতি ভাৱে সকলোবোৰ বৰ সহজ আছিল। তেতিয়া ৰাজুৰ মাকৰ সেই কথা মনত পৰিলে, কঠিন সময়ৰ লগত যুদ্ধ কৰা, কঠিন সময়ৰ লগত সংঘর্ষ কৰা, যদি যুদ্ধ নকৰা, জীৱনত আগুৱাই যাব নোৱাৰিবা ৰাজু। তেতিয়া ৰাজু সাহসেৰে ঠিয় হল আৰু কলে আগতে লৰা দুটাৰ বাবে কাম কৰিছিলো, আৰু এতিয়া নিজৰ বাবে কৰো। তৈয়াৰ হোৱা। ৰাজুৱে ছাতি ললে আৰু বাতৰি কাকত বিলাবলৈ ওলাই গল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages