কোন হয় নো,এই নিশাখন আকৌ কোন উলালহি ? ৯০ দশকৰ যোৰহাট চোলাধৰা স্থিত শইকীয়া পৰিয়ালৰ ( নগৰ খনৰ এগৰাকী সফল ব্যৱসায়ী ) গৃহত মাজ নিশা কোনাৱে দুৱাৰ ঢকিয়ালে।( Storyboard )
শইকীয়াৰ ডাঙৰ পুত্ৰ অতুলে দুৱাৰ খুলি দেখে যে সন্মূখত এগৰাকী ৩০-৩১ বছৰীয়া সুন্দৰী মহিলা।মহিলা গৰাকীৰ ডাঙৰ ডাঙৰ চকুজোৰে অতুললৈ চাই আছিল।
"কওক চোন" অতুলে সোধিলে
"মোৰ নাম মায়া,আগৰ চাৰি আলিটোত যিখন বালিকা বিদ্যালয় আছে সেই বিদ্যালয় খনৰ মই এগৰাকী নৱ নিযুক্ত শিয়য়ত্ৰী হয়।মই যোৱা কালি বিদ্যালয় খনত নিযুক্তি লৈছো আৰু সেয়ে থাকিবলৈ মোক এটা কোঠালীৰ খোবেই প্ৰয়োজন আছিল।ওচৰ চুবুৰীয়াৰ পৰা গম পালো যে আপোনালোকে ঘৰ ভাড়াত দিয়ে বুলি।বিদ্যালয় খনৰ নথি পত্ৰ সমূহ চিজিল কৰি থাকোতে আজি বহু পলমেই হৈ পৰিল, সেয়ে ইমান নিশা আপোনাক কষ্ট দিব লগা হল। আপোনাৰ ইয়াত কোঠালী খালি হৈ আছিল নি বাৰু, মোৰ বাবে এই ঠাই ডোখৰ সম্পূৰ্ণ নতুন,কত কি আছে সেই বিষয়ে মই একেবাৰেই অজ্ঞাত।অতুলে মায়ালৈ অলপ ভালদৰে মন কৰিলে,তাইৰ ডাঙৰ ডাঙৰ চকুযোৰ তিৰবিৰাই আছিল,কপালত এটা সৰু ফুট আছিল আৰু ক'লা শাৰিত তাইৰ যৌৱন খোব চকুত লগাকৈ প্ৰকাশ পাইছিল।
কোঠালী খালি আছে বাৰু,কিন্তু…এই সময়ত আপোনাৰ পৰিয়াল,বস্তু-বাহনি ইত্যদিবোৰক লৈ সমস্যা নহব জানো ?
মই অবিবাহিত !! আৰু বস্তু-বাহনি বুলিবলৈ মাত্ৰ এটা চুত্কেছ আছে আৰু ৰন্ধা-বঢ়াৰ সা-সৰঞ্জাম সমূহ পিছত ক্ৰয় কৰি লম !চাওঁক, না নকৰিব,এই সময়ত এগৰাকী অকলশৰীয়া যুৱতী নগৰত ঘূৰিফুৰাটো যথেষ্ট চিন্তাজনক ( ৯০ দশক হয় )।
থিক আছে আপুনি আহক বাৰু, ওপৰৰ এই কোঠালীটো বৰ্তমান খালি আছে আৰু কিত্ছেণ তথা বাথৰুম ইয়ত এটেচ্ছ আছে।আমাৰ ঘৰত মা,দেউতা যি এতিয়া এখন বিয়া খাবৰ বাবে নগাওঁ গৈছে,আৰু মই মোৰ পত্নী সৰু ভাইটি থাকে,আপোনাৰ কাষৰ কোঠালীটোতে ভাইটি থাকে।মই মোৰ পত্নী মা আৰু দেউতা গ্ৰাউণ্ড ফ্ল'ৰত থাকো।আপুনি কোঠালীটো ভালদৰে চাব বিছাৰে যদি চাই লওক।
নাই …নাই…লাজত কিয় পেলাইছে, ইমান ৰাতিখন আপুনি কোঠালী দিছে এইটো জানো কম কথা ? আৰু যে তলত এই সৰু কোঠালীটো আছে, যত লাইট জ্বলি আছিল তাত কোন থাকে ?
অ'…ইয়াত এগৰাকী ছাত্ৰ থাকে, যি শিৱসাগৰৰ পৰা ইয়াত শিক্ষা কৰিবৰ বাবে আহিছে।কোঠালীৰ ভাড়া প্ৰতিমাহত ১০০০ টকা হব,আপোনাৰ আপত্তি নাই টো।
নাই…নাই…মোৰ কোনো আপত্তি নাই!!
অতুলে নিবিছৰা স্বত্তেও তাৰ চকুযোৰ মহিলা গৰাকীলৈ অজানিতে বাৰে বাৰে যাব ধৰিছিল।বহুতেই আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল মহিলা গৰাকী।আকৰ্ষণীয় নহবাই বা কিয়, যেতিয়া মনুষ্যক আকৰ্ষণে বস কৰি ৰাখে তেতিয়া তেতিয়া মস্তিস্কৰ ইন্দ্ৰীয় সমূহ শূন্য হৈ পৰে আৰু আমি আকৰ্ষণত বিলীন হৈ যাব লগীয়া হয়।( Storyboard )
আপোনাৰ বস্তু-বাহনি সমূহ ?
বাহিৰতে আছে ,মই এতিয়াই আনি আছো !!
থিক আছে,মই ওপৰৰ কোঠালীটো খোলিছো।
অতুলে কোঠালীটো খোলালৈকে মায়াই তাইৰ চুত্কেছটো লৈ আহি ওপৰ পালেহি।
আপোনাৰ পত্নী আৰু ভাইটি ঘৰত নাই নেকি ?
আছে…আছে,আপুনি ভয় খাব নালাগে,তেওঁলোক এতিয়া শুই গল।মইও শুবলৈ লৈছিলো তেনেকোৱাতে আপোনি দুৱাৰ ঢকিয়াইছিল।
অহ…হয় নি,পুনৰ ক্ষমা বিছাৰিছো আপোনাক ইমান ৰাতিখন যে কষ্ট দিলো।
কোনো কথা নাই,এতিয়া আপুনি আৰাম কৰক মইও তললৈ গৈ এঘুমতি মাৰোগৈ।মোৰ ভাইটি সৌ কোঠালীটোতে আছে আৰু মই আৰু মোৰ পত্নী তলত,পুৱা সকলোৰে সৈতে আপোনাক পৰিচয় কৰাই দিম বাৰু।
বহুত বহুত ধন্যবাদ আপোনালৈ !
অতুল আহি নিজৰ কোঠালীৰ বিছনাত পৰি বহু পৰলৈকে মহিলা গৰাকীৰ আকৰ্ষনতেই মুগ্ধ হৈ থাকিল।লাহে লাহে তাৰ মস্তিস্কত ৰক্তৰ প্ৰবাহ হবল ধৰিল আৰু আকৰ্ষণ কিছু পৰিমানে কমি অহাত তাৰ জ্ঞানে কাম কৰা আৰম্ভ কৰিলে। তাই কোন হয় ? নামটোৰ বাহিৰে তাইৰ বিষয়ে একোৱে নাজানো, নামটোও সচা নে মিছা তাৰো কোনো সত্যাসত্যতা নাই, কোঠালীটো ভাড়াত দি ভুল কৰা নাইটো।দেখাত চোন ভাল ঘৰৰ যেনেই লাগিছে,কিন্তু আজিৰ দিনত চেহেৰা চাই চৰিত্ৰৰ বিষয়েনো কত অনুমান কৰিব পৰা যায়। বাৰু যি কি নহওক,কেইটামান ঘণ্টাৰহে কথা …কালিলৈ সকলো ভালদৰে অনুসন্ধান কৰি পেলাম। ইফালে নয়নাকো কথাষাৰ কবলৈ বাকী আছে।"নয়না" অতুলৰ পত্নীৰ নাম।এতিয়াটো তাই শুই আছে,কালিলৈহে কথা পাতিম আৰু।এনেবোৰ চিন্তাৰ মাজতে অতুলৰ টোপনি আহিল।
হঠাৎ কিহবা শব্দ শুনি অতুল সাৰ পালে,তেতিয়া নিশাৰ ৩ বাজিছিল।হয়টো সেয়া নিটুল হব (অতুলৰ ভায়েক) ,বাথৰুম যাবলৈ সাৰ পাইছে ছাগে।অতুলে সিকাতি হৈ পুনৰ টোপনি যাবলৈ চেষ্টা কৰিলে,পত্নীও কাষতে শুই আছিল।তেনেতে পুনৰ আন এটা শব্দ হল,ওফ… নিটুলেনো ৰাতিখন কি কৰি আছে কোনো থিক নাই।অহ…সেই মহিলা গৰাকীও ওপৰতে আছে নহয়,পাহৰিয়ে গৈছিলো।অতুলৰ মনটোৱে নামানিলে, ডিচেম্বৰ মাহৰ ঠাণ্ডা নিশাটোতো সি বিছনাৰ পৰা উঠি গৈ অনুমান কৰিলে যে নিটুলৰ কোঠালীৰ লাইটটো জ্বলি আছিল।নিটুলেনো ইমান ৰাতিখন লাইট জ্বলাই কি কৰি আছে ? যাও চোন ওপৰলৈ গৈ এবাৰ চাই আহো।
সি ওপৰত গৈ নিটুলৰ কোঠালীৰ দৃশ্য দেখি অবাক হৈ পৰিল, সেই মহিলা গৰাকীয়ে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা এখন চুৰি লৈ নিটুলৰ বুকুত উপৰ্যুপৰি প্ৰহাৰ কৰিয়ে আছিল।অতুলৰ মুখৰ পৰা এক চিঞৰ ওলাই আহিল। তেতিয়া মায়াই অতুলৰ ফালে চালে আৰু কলে " মই তুৰ দৰে মুৰ্খ আৰু কতো দেখা নাই, যিকোনো মানুহকে এনেদৰে বিশ্বাস কৰি লৱ যে ? তুৰ ভায়েৰটো গল এতিয়া তুৰ পাল।"
অতুল তললৈ দৌৰ মাৰিল আৰু মায়াও তাৰ পিছে পিছে চুৰি লৈ খেদি গল।অতুলে তলত আহি দেখে যে,যি গৰাকী ছাত্ৰক দুদিন পূৰ্বে কোঠালী দিছিল,সি তাইৰ পত্নীক ইতিমধ্যে হত্যা কৰিছে আৰু টিজ'ৰী ( আগৰ দিনত ধন ৰখা বাকচ ) ভাঙিবলৈ চেষ্টা কৰি আছে।সি কি কৰিব এতিয়া,তাৰ মুখৰ পৰা এটা শব্দও নোলোৱা হৈ পৰিছিল।মায়াও আহি তল পালেহি আৰু সেই ছাত্ৰ জনো আহি অতুল কাষ পালেহি।দুয়ো মিলি অতুলৰ দিঙী চেপা মাৰি ধৰিলে,তাৰ চকু কেইটা বাহিৰলৈ ওলাই আহিব ধৰিলে,লাহে লাহে তাৰ উশাহ-নিশাহ কমি আহিল আৰু মুখৰ পৰা বৃকত শব্দ ওলাব ধৰিলে।
তাৰ পিছত……
"কি হল,আজি উঠিবলৈ মন নাই নেকি ? বেলি আহি মুৰৰ ওপৰ পালেহি,দেউতাইও মাতি আছে"- নয়নাই কলে।
উস্……এইটো সপোন হে আছিল, হে ভগৱান আজি চোন মৰি মৰি বাছিলো……
শুৱাৰ আগত আজিৰ পৰা ভয় লগা চিনেমা আৰু কেতিয়াও নাচাওঁ ……
অতুল বিছনাৰ পৰা উঠি বাথৰুমলৈ গল……
"সমাপ্ত"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment