শহুৰৰ ঘৰখনৰ উন্নতি কৰিব পৰা গৰাকীয়ে হৈছে লক্ষী বোৱাৰী : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 23, 2021

শহুৰৰ ঘৰখনৰ উন্নতি কৰিব পৰা গৰাকীয়ে হৈছে লক্ষী বোৱাৰী : Storyboard

Storyboard

অনিতাই বজাৰ কৰিবলৈ গৈ পৰানক  পাচলি বেপাৰীজনৰ ওচৰত চিন্তা কৰি ৰৈ থকা দেখা পালে ।  অনিতাক দেখি পৰানে কলে " নবৌ ইয়াত তিনিভাগ  আলু আছে , কোনভাগ লওঁ বাৰু? বেয়া লৈ গলে আকৌ আমাৰ জোনে খং কৰিব।"  পৰানে তাৰ পত্নী জোনক বহুত ভয় কৰিছিল কিন্তু বাকীবোৰ পুৰুষৰ দৰে তেওঁ কথাষাৰ লুকাই ৰখা নাছিল। ওচৰৰ  সকলো মাইকী মানুহে কয় স্বামী হলেতো পৰাণৰ দৰে হব লাগে  , বাকীবোৰৰটো একো কাম নাই । সকলোৱে মহিলাই ভাবিছিল যে, কিজানি সি ৰাতি জোনৰ ভৰি পিটিকি মালিচ কৰি দিয়ে নিকি। মতা মানুহবোৰে ভাবে পৰান পুৰুষৰ নামত কলংক।  অনিতাই যেতিয়াই পৰানক দেখে মনত ভাবে আমাৰ গৌৰীৰ কাৰণে যদি এনেকুৱা এটা লৰা পালোঁ হয় , ছোৱালীজনীৰ  জীৱনটো ভালদৰে গতি লাগি গল হয়। Storyboard )


 গৌৰী অলপ বেলগ ধৰণৰ ছোৱালী ,  গগৈৰ ঘৰত লৰা জন্ম হব বুলি আশা কৰি চাৰি জনীকৈ ছোৱালী জন্ম পালে , কিন্তু তেওঁলোকৰ ভাগ্যত লৰা নাছিল। ডাঙৰ ছোৱালী গৌৰীক তেওঁলোকে লৰা বুলি ভাবি ললে আৰু তাইক বহুত স্বাধীনতা দি দিলে । গৌৰী আৰু তাইৰ ভনীয়েক কেইজনীক যদি কোনোবাই জোকাই , সেইবোৰক এসেকা দিয়াটো তাইৰ বাবে একো টান কাম নহয়। দুই চাৰিটা মান গালি তাইৰ জিভাৰ আগত সদায় থাকেই। ওচৰে পাজৰে যদি কৰবাত কিবা  অন্যায় কাম হয় সেইবোৰ ঠিক কৰাৰো দাইত্ব তাই লৈছিল। ওচৰ চুবুৰীয়াৰটো গৌৰীৰ লগত জন্মৰ পৰাই শত্ৰুতা আছিল কিন্তু গগৈ দাৰ কথা ভাবি সন্মুখত একো নোকোৱাকৈ থাকে।


কিন্তু এবছৰ মানৰ পৰা গৌৰীৰ বাবে বিয়াৰ প্ৰস্তাব আহিলে ওচৰ চুবুৰীয়াই গৌৰীৰ কথা যিদৰে লগাই দ্বিতীয়বাৰ আৰু লৰা ঘৰৰ মানোহে তাইৰ সৈতে বিয়াৰ কথা নাভাবে ।  

 কিন্তু গৌৰী দেখাত ধুনীয়া , গোটেই কেইজনী ছোৱালী ধুনিয়াই বাৰু । গোটেই কেইজনী দেখিব মাক অনিতাৰ দৰে নহৈ যদি দেখাত গগৈৰ দৰে হল হেতেন  তেতিয়া অৱশ্যে অনিতাৰ কাৰণে আৰু এটা চিন্তা বাঢ়িল হয়। বিউটি পাৰ্লাৰৰ কামো শিকি আছিল বি,এ শেষ কৰা পাছত । পাকঘৰৰ ৰন্ধা বঢ়া কামহে অলপ নাজানে। 

  ভগবানও হইটো সেইদিনা চকু মেলি চালে , পিছদিনাই পৰাণৰ দৰে লৰা এজন অনিতাৰ ঘৰলৈ আহিল। প্ৰথমে অনিতাই লক্ষ্য কৰা নাছিল কিন্তু যেতিয়া লৰাজনক গৌৰীৰ ফালে মুখ মেলি একেথৰে চাই থকা দেখিলে তেতিয়াহে তাইৰ মনলৈ কথাটো আহিল। হে প্ৰভু যোৱাকালি তোমাৰ ওচৰত লৰা এজন বিচাৰি অৰ্ডাৰ কৰিলোঁ আৰু আজি ডেলিভৰী কৰি দিলা।ভগৱানৰ এই মায়া দেখি তাইৰ চকু পানী ওলাই আহিল। 


  লৰাজন আমাৰ গগৈৰ বন্ধু ৺বৰাৰ লৰা। গগৈ চাকৰিৰ সূত্ৰে চহৰলৈ আহিলে কিন্তু ৺বৰা গাঁওতেই থাকিল। কবলৈহে গাঁও, চহৰতকৈ বেছি সুবিধা গাওঁত উপলব্ধ। মানুহবোৰে কাৰখানাও খুলি লৈছিল , ভালদৰে ধন ঘটিছিল। ডাঙৰ ডাঙৰ ঘৰ বনাই লৈছিল আৰু গাড়ীটো সকলোৰে ঘৰত থাকে । দৰকাৰ হলেই ঘনাই চহৰলৈ আহিছিল। ৰূপমে আজুককাৰ দিনৰ পৰাই থকা দোকান খন চলাই। মাইকী মানুহৰ সম্বন্ধিত বস্তুবোৰ বিক্ৰী কৰে দোকাখনত।


আগতে ৺বৰাই নিজেই আহিছিল চহৰলৈ দোকানৰ বস্তু নিবৰ কাৰণে আৰু চহৰলৈ আহিলে গগৈৰ ঘৰতেই থাকে । ৺বৰাৰ লগতে তেওঁৰ পত্নী মিনতিও আহিছিল , মিনতিৰ লগত অনিতাৰ ইমান এটা মিল নাই। ৫/৬ বছৰ মান আগত বৰাৰ মৃত্যু হল তেতিয়াৰ পৰা আৰু অহা যোৱা নাই তেওঁলোকৰ মাজত। ফোন কৰিয়েই খবৰ খাটি লৈছিল। লৰাজন দেখাত বেয়া নহয়, সাধাৰণ যেনেই লাগিছিল। কিন্তু ৰূপম আৰু গৌৰীৰ কথা যে অনিতাই ভাবিছে সেই কথাষাৰ গগৈক এতিয়া কব কোনে? 



 যেতিয়া গগৈয়ে কথাটো গম পালে তেওঁৰ এই সম্বন্ধটো হবলৈ দিয়াটো ঠিক যেন নালাগিল। চহৰৰ পঢ়া শুনা ছোৱালী জনী গাঁওলৈ বিয়া দিয়াটো ঠিক নহব ।  ৰূপম খুব শান্ত প্ৰকৃতিৰ আৰু গৌৰীতকৈ পঢ়াতো কম , জোৰাটো ঠিক হব জানো?  তেওঁ মনতে ভাবিলে যদি দুইজন নিমিলে ৺বৰাৰ আত্মাই জানো শান্তিত থাকিব পাৰিব, গৌৰীয়ে যদি বিয়াৰ পিছত ৰূপমৰ ঘৰখনত চবকে অশান্তি দিয়ে তেতিয়া কি হব ?  কিন্তু অনিতাই গগৈৰ এইবোৰ কথাত মন নিদিলে ।  অনিতাই কথাষাৰ সলাবলৈ কৈ দিলে " ঠিক আছে কাইলে যেতিয়া যাবলৈ ওলাব তেতিয়া তেওঁক সুধিম"।  অনিতাই এই বিষয়ত গৌৰীক যেতিয়া কলে গৌৰীয়ে মানি নললে "  হাই চেকেন্দেৰী পাছ নকৰা লৰা এজনলৈ মই কেতিয়াও বিয়া নহওঁ।" 

 অনিতাই গৌৰীক খং কৰি কলে " কিয় বিয়া নহবি?  এনেকুৱা এটা কাণতলীয়া চৰ সোধাম তইটু বাদেই দে তোৰ গোটেই পৰিয়ালৰ মানুহে বিয়াৰ বাবে মান্তি হব লাগিব। দেউতাক ঢুকাইছিল সেইকাৰণে হাই চেকেন্দেৰী পাছ কৰিব নোৱাৰিলে আৰু দোকানখনো সিয়েই চাব লাগে ।" মাকৰ ব্যৱহাৰ দেখি গৌৰীয়ে বুজি পালে এই বিয়া খনতো হৈয়েই এৰিব।


লৰাজনে (ৰূপমে) গৌৰীৰ ফালে যেনেকৈ চাই আছিল তাইৰ মনত এক সুকীয়া অনুভূতি যাগিছিল। প্ৰথমবাৰ তাই এনেকুৱা কিবা এটা অনুভৱ কৰিলে।

  পিছদিনা যেতিয়া ৰূপমে দোকানৰ বজাৰ কৰি উভতি আহিল অনিতাই ৭ বজাতেই তেওঁক ভাত খাবলৈ দিলে । ৮বজাৰ বাছখন পালে ১০:৩০মান বজাত সি ঘৰ পাবগৈ। যেনে তেনে গগৈক ৰূপমৰ ওচৰত অনিতাই বহুৱাই দিলে। বহুত কিবা ৰান্ধিছিল সেইদিনা আৰু সকলোতে 'মেদ বাই গৌৰীৰ টেগ লগাই দিলে, কিন্তু গৌৰীয়ে তাত আলু এটাও কাটি দি সহায় কৰা নাছিল।' গগৈয়ে অলপ সংকোচ কৰি কলে ," তুমিতো আমাৰ গৌৰীক দেখিছাই যদি তোমাৰ পছন্দ হৈছে তেন্তে তোমালোক দুইজনৰ বিয়াৰ কথা পাতো নিকি?" ৰূপমৰটো কথাখিনি শুনি বিশ্বাসেই হোৱা নাই , ইমান ভাল ভাল খাবলৈ পাইছে আকৌ ইমান ভাল কথা এষাৰ শুনিব পাইছে, সি তো ফুৰ্তিত কব নোৱাৰা হৈ গল। সিও এইটোৱেই বিচাৰিছিল কিন্তু কবলৈ তাৰ সাহস হোৱা নাছিল। ৰূপমে তাৰ মাতটো সৰু কৰি কলে ,"  খুড়া আপুনিটো মোৰ দেউতাৰ সমান গতিকে যি সিদ্ধান্ত লৈ ভালেই লব ।"  লোৰাটোৱে দেউতাৰ সমান বুলি কৈ গগৈক বিমোৰত পেলালে। অনিতাৰ ফালে চাই গগৈয়ে ভাবিলে "যদি এতিয়া মই কিবা কৰোঁ অনিতাইটু আধা ঘন্টা পিছত মোক জীয়াই থাকিবলৈ শান্তি নিদিব আৰু গৌৰীয়ে যদি বিয়াৰ পিছত কিবা গণ্ডগোল লগাই মই মৰিলে মোৰ বন্ধুক কি মুখ দেখুৱাম । গৌৰীটো একদম মাকৰ নিচিনাই হল।" 

  নিৰ্ণয়ৰ সুৰেৰে গগৈয়ে কলে "ঠিক আছে তুমি মিনতি নবৌৰ লগত কথাটো পাতিবা, আমি দুই তিনিদিনৰ ভিতৰত গৈ সকলো ঠিক কৰি অহিম" ।



গগৈৰ আৰু এটা কথাত চিন্তা লাগিল, মিনতি নবৌও কম নহয় তেওঁৰ আৰু অনিতাৰতো অলপো নজমে। 

 অনিতা নিচিন্ত আছিল কিয়নো 'গৌৰীয়েতো বৰানিক চম্ভালিব পাৰিব। পিছে সেইজনীক অলপ অশান্তি কৰিবও লাগে । আগৰবাৰ ঘৰলৈ আহোঁতে কিমান ঠাট্টা মাৰি কৈছিল, " মইতো এটাই জন্ম কৰিলোঁ আৰু সেইটোও লৰা ,তুমিতো  চাৰিটা সন্তান জন্ম কৰিও কঁকাইদেউক লৰা এটাৰ মুখ দেখুৱাব নোৱাৰিলা।" 

  ইফালে ৰূপমৰ অৱস্থা বেয়া , গগৈ দম্পত্তিৰ ভৰিত ধৰি সেৱা কৰিলে যদিও তাৰ চকুৱে গৌৰীক বিচাৰি আছিল। দৰ্জাৰ সন্মুখত গৌৰীক দেখা পাই এক অজান শিহৰণ জাগিল। কিমান যে বৰষুণত তিতি আঁচল উৰাই থকা চিনেমাৰ নায়িকা তাৰ মনৰ চকুৰ আগেৰে পাৰ হৈ গল।

   কিন্তু মাকক গৈ ৰূপমে কথাবোৰ কোৱাত মাকৰ চকু কপালত উঠিল আৰু বৰাৰ ফটো খনৰ সন্মুখত গৈ কবলৈ ধৰিলে, " দেখিলা তোমাৰ বন্ধু কিমান টেঙৰ, দুদিনৰ কাৰণে লৰাটোক চহৰলৈ পঠালো আৰু নিজৰ সেই ফুলন দেবীজনীৰ কাৰণে মোৰ লৰাটো ফচাই ললে। ওপৰত বহি থাকিও তুমি একো নকৰিলা, কত কৰিবা নো সময় পালেহে কৰিবা । অপ্সৰা বোৰৰ লগত অন্তবস্ত্ৰ বিক্ৰী কৰাত লাগি গলা চাগে । হে ভগবান, মোৰ শান্ত শিষ্ট লৰাতোৰ জীৱন ধ্বংস কৰি দিলে।" Storyboard )

 মিনতিয়ে ভাবিলে লৰাটোকে বুজাব চেষ্টা কৰোঁ । কিন্তু ৰূপম কোনখন পৃথিৱীত আছিল ঠিক নাই । মুখেৰে হা হু কৰি আছিল কিন্তু একো সি একো কথাত গুৰুত্ব দিয়া নাই। হয়তো সি যৌৱনৰ জুইকোৰাত জ্বলি আছিল নহলে তাক অনিতাই কিবা যাদু কৰি দিলে


কিন্তু মিনতিয়ে ভবামতে একো কথাই নহল। এমাহৰ পিছতেই গৌৰীক বিয়া কৰাই অনা হল। বিয়াৰ ২০ দিন পিছতেই কাজিয়াও আৰম্ভ হল। মিনতিয়ে যেতিয়া গম পালে গৌৰী পাকঘৰৰ কামত ইমান চোকা নহয় তেতিয়াই মিনটিয়ে গৌৰীক ঠাট্টা মাৰিব ললে। ৪/৫ দিন মান গৌৰীয়ে সহ্য কৰিলে কিয়নো শাহুৰেকৰ অধিকাৰ থাকে বোৱাৰীক কথা শুনাবলে কিন্তু ৬ দিনৰ দিনা গৌৰীৰো খং উঠিল। 

 গৌৰী -" চোৱা মা মই তোমাক প্ৰথমেই কৈছিলোঁ যে পাকঘৰৰ কামত মই ইমান পাকৈত নহয় কিন্তু মই শিকিবলৈ বহুত চেষ্টা কৰি আছো আৰু মই লাহে লাহে সকলো জনা হম। এতিয়াৰ পৰা যদি তুমি মোক এষাৰ মান কথা ঠাট্টা কৰি কোৱা তেন্তে মই পাকঘৰলৈ অহা বন্ধ কৰিম তেতিয়া তুমি কি কৰা কৰিবা। যদি ইয়াৰ  পাছতো তুমি মাক আকৌ কথা শুনোৱা মই পুলিচৰ ওচৰলৈ যাম।"  ইমানখিনি কৈ গৌৰী ৰুমলৈ গুচি গল আৰু মিনতি শিল পৰা কপৌৰ দৰে হৈ পৰিল। 

  মিনটিয়ে ৺বৰাৰ ফটো খনৰ উছৰলে দৌৰ মাৰিলে "  দেখিলা তোমাৰ লৰাৰ কাণ্ড, বুঢ়াকালত মোক কি দিন দেখুৱাইছে , ডাইনী এজনী আনি মোৰ মূৰৰ ওপৰত বহাই দিলে,।" বহুত দেৰি মিনতি কান্দি থাকিলে কিন্তু ৺বৰায়ে উত্তৰ নিদিলে কতনো বাৰু উত্তৰ দিব আগতেও কোনোদিন দিয়া নাই !  মিনটিয়ে বুজিলে যে আগলৈ জীৱনটোত  শান্তিৰে কটাব হলে মুখত তলা লগাই থব লাগিব। তাইৰটো কথা কোৱাৰ অধিকাৰ হেৰাই গল।


গৌৰীৰ এতিয়াও শান্তি নাই , ৰাতিপুৱা গধূলি চাহ ৰুটি বনাই  আৰু ঘৰ সৰা মোছা কৰি তাই শান্তিত থকা নাছিল। তাই আকৌ কাম নকৰাকৈ বহি থাকিব নোৱাৰে। পিঞ্জৰাত আবদ্ধ বাঘৰ দৰে তাই ইফালৰ পৰা সিফালে ঘৰখনতেই সোমাই থাকে। 

 দুই তিনিবাৰ গৌৰীয়ে দোকানৰ কামত চকু ফুৰাউটে ৰূপমে কলে ," আমাৰ ইয়াৰ মাইকী মানুহে দোকানৰ কামত মাথা নামাৰে তুমি মাত্ৰ ঘৰৰ কাম কৰা।" গৌৰীয়ে ভাবিলে কোনখন কিতাপত লিখা আছে যে ঘৰৰ কাম অকল মাইকী মানুহেই কৰিব আৰু বাহিৰৰ কাম মতা মানুহে কৰিব।তাইৰ মতে জোনে যি কাম কৰি ভাল পাই , যিবোৰ কাম কৰিবলৈ ক্ষমতা থাকে সেইবোৰ কৰি যাব লাগে। তেতিয়াহে সংসাৰ ভালদৰে চলে ইয়াত পুৰুষ মহিলাৰ কোনো প্ৰশ্নই নাহে । গৌৰীৰ বহুত খং উঠিল কিন্তু তাই ভাবিলে বেছি কাজিয়া কৰি লাভ নাই। যদি ৰূপমে তাইক ঘৰৰ পৰা উলিয়াই দিয়ে তাই কত যাব।  মাকে (অনিতাই) কৈ পঠিয়াইছিল " বিনা কাৰণত যদি ঘৰলৈ উভতি আহ'  ভৰি ভাঙি হাতত তুলি দিম । তিনিজনী ছোৱালীৰ দায়িত্ব এতিয়াও আমাৰ মূৰৰ ওপৰত আছে।" 

  ১মাহ গৌৰীয়ে যেনে তেনে ধৈৰ্য ধৰিলে কিন্তু এতিয়া আৰু তাইৰ সহ্য নহল। তাই মনতে ভাবিলে যে এইবাৰ তাই ৰূপমৰ লগত কথা পাতিব কিন্তু ভাগ্যত বেলেগ কিবা আছিল। ৰূপমে তললৈ নামিবলৈ প্ৰথম ষ্টেপত ভৰি দিওঁতেই এনেকুৱাকৈ পৰিলে যে তেওঁ আহি লাষ্টৰ ষ্টেপ পালেহি। দুই চাৰিডাল হাড়তো ভাঙিলেই আৰু লগতে তিনি মাহলৈ বিচনাত পৰি থাকিব লগা হল।


এতিয়া ৰূপমৰ চিন্তা বাঢ়িব ধৰিলে। তিনি মাহত গ্ৰাহকতো কমি যাবই আৰু ঘৰ কেনেকৈ চলিব?  শেষত ৰূপমে গৌৰীক দোকান চলাবলৈ কলে কিন্তু তাক নোসোধাকৈ একো কাম কৰিব মানা কৰিলে । 

 পিছদিনা যেতিয়া গৌৰীয়ে দোকান খুলিলে তাই মনতে থিৰাং কৰিলে যে তাইৰ হাতত মাত্ৰ তিনিমাহ সময় আছে দোকানখনৰ অৱস্থা সলাবলৈ। যত ৫ দিন দোকান বন্ধ আছিল তাত আৰু ৩ দিন বন্ধ কৰিলেনো কি হব? 

  দোকানত বস্তুবোৰ বেচিজিল হৈ আছিল। তাই সকলোবোৰ বস্তু উলিয়াই ধুনীয়াকৈ চাফা কৰিলে আৰু চিছাঁবোৰ ইমানেই জিলিকাই তুলিলে যাতে মানুহে বাহিৰৰ পৰা দেখা পাই দোকানৰ ভিতৰত কি কি আছে । বাঁহৰ কাম কৰা মানুহ এজন মাতি কিছুমান কাম কৰালে যাতে বস্তুবোৰ চিজিল লগাই থব পাৰি। বহুত মেক আপৰ বস্তুৰ ম্যাদ উকলি গৈছিল সেইবোৰ উলিয়াই পেলাই দিলে আৰু যিবোৰৰ ম্যাদ আছিল সেইবোৰ বিক্ৰীৰ বাবে উলিয়াই দিলে।যিবোৰ বস্তু কমকৈ আছিল সেইবোৰ অৰ্ডাৰ কৰিলে। গৌৰিয়ে ভাবিলে দোকানখন বহুত ডাঙৰ যদি দোকানখনৰ আধা অংশত বিউটি পাৰ্লাৰ এখন খুলিব পৰা যায়।তিনিমাহৰ পাছত ৰূপমে দোকান চলাব আৰু তাই পাৰ্লাৰ চলাব। যদি ৰূপমে কথাটো মানি নলয় ? বাৰু তেতিয়াৰ কথা সময়ত দেখা যাব।


যেতিয়া মাইকী মানুহবোৰ তাইৰ ওচৰলৈ মেক আপৰ বস্তু কিনিবলৈ আহে তেতিয়া তাই সকলোকে নিজৰ মুখখনৰ  প্ৰতি কেনেকৈ যত্ন লব লাগে , কি কি বস্তু লগালে কেনেকুৱা ফলাফল পাব পাৰি সকলো কথা কয় । যেতিয়া সকলোৱে গৌৰীয়ে কোৱা কথাবোৰ মানি ভাল ফলাফল পাই তেতিয়া তেওঁলোক আচৰিত হৈ পৰে । গৌৰীৰ পাৰ্লাৰ ভালদৰে চলিব ললে। ইফালে মিনতিও সুখী কাৰণ আগৰ দিনবোৰ আকৌ ঘূৰি আহিল।  এতিয়া বোৱাৰীজনী দিনটো ঘৰত নাথাকে যেতিয়া মিনতিৰ মূৰৰ ওপৰত নাচিবলৈ কোনো নাই । ৰূপমক যি মন যায় ভালে বেয়াই গৌৰীৰ সকলো কথা মন খুলি কব পাৰে আৰু বেচেৰা ৰূপমে বিচনাত পৰি সকলো মনে মনে শুনি থাকে।

   দুমাহৰ ভিতৰতেই ৰূপমে অনুভৱ কৰিলে যে দোকানৰ বিক্ৰী ভাল হৈছে লগতে বহুত লাভও হৈছে। যেতিয়া সি সুস্থ হৈ দোকানলৈ গল সি দোকানৰ ৰূপ দেখি আচৰিত হল। গৌৰীয়ে  গোটেই দোকান খন লাহে লাহে ধুনীয়াকৈ সজাই তুলিছে আৰু নতুন লাইট লগাইছে। এইবোৰ পৰিৱৰ্তন দেখি সি ভাল পালে কিন্তু গৌৰীৰ পাৰ্লাৰ খোলা কথাটো সি বৰ এটা ভাল নাপালে। ইফালে মিনটিয়ে ওচৰ চুবুৰীয়া মাইকী মানুহৰ মুখত শুনিবলৈ পালে , " বাহ ! কি হুচিয়াৰ বোৱাৰী আৰু বহুত জ্ঞানী । যেনেকুৱাই  ছোৱালী তাইৰ ওচৰলৈ যাওক ২ মিনিটতে দেখাত হিৰোইন বনাই পঠিয়াই।"  অৱশেষত মিনতিয়েওঁ লৰাৰ কথা নুশুনিলে আৰু বোৱাৰী গৌৰীৰ পক্ষ ললে । কোন মানুহেনো ঘৰৰ উন্নতি হোৱাটো নিবিচাৰে সেইবাবে মিনটিয়ে বোৱাৰীৰ ফালে মাত মাতিলে। 


সেয়ে কোৱা হয় যে , বোৱাৰী লক্ষ্মীৰ অৱতাৰ হয়।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages