কাষত থাকিও প্ৰকৃত প্ৰেমক চিনি পাওতে যেতিয়া পলম হয় : ( Storyboard ) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 17, 2021

কাষত থাকিও প্ৰকৃত প্ৰেমক চিনি পাওতে যেতিয়া পলম হয় : ( Storyboard )


বিহুৰ বন্ধলৈ এতিয়াও কিছু দিন বাকি আছিল। কিন্তু ঘৰলৈ যাবলৈ মন নাছিল,সি ভাবিছিল এইবাৰ মুনমিৰ লগত ইয়াতে বিহু উদযাপন কৰিব। মুনমি যোৱা দুবছৰৰপৰা বিকাশৰ প্ৰেমিকা ৰূপে আছিল। এই কথা ঘৰত বিকাশে এতিয়াও কোৱা নাছিল। বিকাশ এজন ভিতৰুৱা গাওঁৰ যুৱক আছিল। পঢ়া শেষ কৰি চহৰতে বিকাশে চাকৰি কৰিবলৈ ধৰিছিল। Storyboard )

 চহৰত থাকি বিকাশৰ ধাৰণাও চহৰৰ দৰে মৰ্ডান হৈ পৰিছিল। কিন্তু বিকাশৰ গাওঁত এতিয়াও প্ৰেম বিবাহৰ মঞ্জুৰি নাছিল। বিকাশে বন্ধত ঘৰলৈ নোযোৱাৰ বাহানা ভাৱি থাকোতেই বিকাশৰ দেউতাকৰ ফোন আহিল। 

 হেল্ল, বিকাশ, তোমাৰ আইতাৰ গা বহুত বেয়া, তেওঁৰ ওচৰত সময় বহুত কম। যিমান সোনকালে পাৰা ঘৰলৈ আহা। তেওঁৰ নিজৰ শেষ সময়ত তোমাক চাবলৈ বিচাৰিছে। 

অ পাপা, মই গৈ আছো। বুলি বিকাশে ফোনটো ৰাখিলে। 

 মাক ঢুকুৱাৰ পাচতে, আইতাক আৰু দেউতাকে, বিকাশক ডাঙৰ দীঘল কৰিছিল আৰু তাৰ সকলো অভাৱ পূৰণ কৰিছিল। 

 বিকাশে, কিছু দিন চুটি লৈ ঘৰলৈ আহিল, আৰু তাৰপৰাই বিকাশৰ জীৱনে গতি সলালে। 


 আইতাকৰ বহুত গা বেয়া আছিল। ডক্টৰে শেষ উত্তৰ ইতিমধ্যে দি দিছিল। বিকাশ কেইবা ঘন্টাও আইতাকৰ ওচৰতে বহি থাকিল, তেতিয়া আইতাকে বিকাশৰ হাতত ধৰি লাহেকৈ কলে, "দেহা, বিকাশ… মই জানো, এতিয়া মই আৰু কিছু দিনৰ হে আলহী। মৰাৰ আগতে মোৰ এটাই শেষ আশা, তোমাৰ বিয়াখন চোৱাৰ! তুমি মোৰ এই ইচ্ছা পূৰ্ণ কৰিবা নে ? 

হব মা, "যদি তোমাৰ এয়াই ইচ্ছা, তেতিয়া হলে মই কালিলৈয়ে বিকাশৰ বিয়া খন পাতি দিওঁ।" বিকাশে কিবা কোৱাৰ আগতে, দেউতাকে কলে। 

আৰু বিকাশে মনে মনে ৰৈ থাকিল। বিকাশে তেওঁলোকৰ আগত এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰিলে। কথা মতেই কাম,পাছদিনা কিছু আলহী আৰু গাওঁৰ লোক গোত খোৱাই বৰষাৰ সৈতে বিকাশৰ বিবাহ খন হৈ গল। বিকাশে বৰষাক মূৰ তুলি এপলকো নাচালে। সকলো সুখী আছিল কিন্তু বিকাশৰ মনটো ভিতৰি ভিতৰি কান্দি আছিল। আইতাৰ শেষ ইচ্ছা আৰু দেউতাৰ খংৰ আগত বিকাশে একো কব পৰা নাছিল। 

কিছু দিন ঘৰত থকাৰ পাছত, বিকাশে পুনৰ চহৰলৈ যোৱা কথা দেউতাকক কলে। তেতিয়া দেউতাকে বৰষাকো লগত লৈ যোৱাৰ কথা কলে। বৰষাৰ লগত বিকাশৰ বিয়া হৈছিল কিন্তু বিকাশে বৰষাক পত্নীৰ মৰ্যাদা দিয়া নাছিল। বিকাশে তাইক লগত লৈ আহিব বিচৰা নাছিল, নিজৰ বন্ধুৰ আগত আৰু বিশেষকৈ মুনমিৰ সন্মুখলৈ। কিন্তু ইয়াতো দেউতাৰ আগত বিকাশৰ কথা নচলিল আৰু বৰষাক তাৰ লগত চহৰলৈ লৈ আনিবলগীয়া হল। কোনেও যাতে তাৰ বিয়াৰ কথা গম নাপায়, তাৰবাবে বিকাশে নিজৰ চাকৰি আৰু ঘৰ সকলো সলনি কৰিলে। কিন্তু মুনমিক বিকাশে সদায়ে লগ ধৰিছিল। কেতিয়াবা পাৰ্কত বা কেতিয়াবা ৰেষ্টোৰেন্টত। মুনমিয়ে বিকাশক ভালপাইছিল কিন্তু যেতিয়াই বিকাশে বিয়াৰ কথা কৈছিল, তেতিয়া তাই খঙাহে দখোৱাইছিল আৰু কৈছিল, এতিয়াটো মই জীৱন জীয়াবলৈ বিচাৰো। এতিয়াই বিবাহৰ বান্ধোনত সোমাবলৈ নিবিচাৰো। 


বিয়াৰ ১মাহ হৈ গল, কিন্তু এতিয়াও বিকাশে বৰষাক পত্নীৰ মৰ্যাদা দিব পৰা নাছিল।তাই সকলোতকৈ বেলেগ আছিল। বেছি কথা নাপাতিছিল। যি সোধা হয়, তাৰহে উত্তৰ দিছিল। আন পত্নীৰ দৰে, বিকাশক প্ৰশ্ন নকৰিছিল। বৰষাৰ এইটো এটা বেলেগ গুণ আছিল। 

 বৰষা,সদাই বিকাশকৈ আগতে সাৰ পাইছিল। আৰু ঘৰৰ সকলো কাম কৰিছিল। বৰষাই বৰ সুস্বাদু খাদ্য বনাইছিল। বিকাশে বৰষাৰ কেতিয়াও সুখৰ কথা নুসুধিলে, সেই বিষয়ে ওলোটাই বৰষাইও বিকাশক প্ৰশ্ন নকৰিলে! আবেলি অফিচৰপৰা জানি বুজিয়ে ঘৰলৈ বিকাশে দেৰিকৈ আহিছিল, কেতিয়াবা মাদক দ্রব্য সেৱন কৰি আহে, যাতে বৰষাই তাৰ পৰা অশান্তি পায় ঘৰলৈ গুচি যায় আৰু মই মুনমিক বিয়া কৰাব পাৰে। 

 কিন্তু বিকাশৰ এই স্বভাৱৰ দ্বাৰা তাইৰ ওপৰত কেতিয়াও একো প্ৰভাৱ পৰা নাছিল। যেতিয়া লৈকে সি ঘৰলৈ নাহে, তাই দুৱাৰত ৰৈ তাৰ বাবে অপেক্ষা কৰি থাকে। তাৰ কথা চিন্তা কৰিছিল, তাৰ ধ্যান ৰাখিছিল। কেতিয়াবা বিকাশৰ অলপ জ্বৰ বা পানী লাগিলে, বৰষাৰ চিন্তা হৈ গৈছিল। গোটেই নিশা বিকাশৰ ভৰি পিটিকি থাকিছিল বৰষাই। বিকাশৰ মনত আছে, বিকাশে তাইৰ বাবে কেতিয়াও চিন্তা নকৰিছিল। 

এদিন আবেলি যেতিয়া মুনমিয়ে চিনেমা চাবলৈ নাযাও কলে, তেতিয়া বিকাশে চিনেমাৰ দুটা টিকেট ঘৰলৈ লৈ আনিলে। বৰষাই যেতিয়া সেই টিকেট বিকাশৰ জেপত পালে তেতিয়া তাই প্ৰথমবাৰলৈ সুধিছিল। 

এয়া কি হয়! 

চিনেমাৰ টিকেট! মইও চিনেমা চাব বিচাৰো। বৰষাই ভয়ে ভয়ে কলে। 

 বিয়াৰ পাচত প্রথম বাৰ বৰষাই বিকাশৰ পৰা কিবা বিচাৰিছিল। বিকাশে মনা কৰিব নোৱাৰিলে। দুয়ো চিনেমা চাবলৈ গল। বৰষাই বৰ ধ্যানেৰে চিনেমা চাই ৰৈছিল আৰু বিকাশে বৰষাক। বৰষাৰ মুখ মণ্ডলত আৰ্কষনীয় কিবা এটা আছিল, সেই দিনা প্রথম বাৰ বিকাশে তাইক ইমান ওচৰৰ পৰা দেখা পাইছিল। চিনেমা চাই দুয়ো ঘৰলৈ আহিল। সেইদিনা বৰষা বহুত সুখী হৈ পৰিছিল। 

সময় পাৰ হৈ গৈ আছিল। 


আনফালে মুনমিৰ ব্যৱহাৰ বহু সলনি হৈছিল। মুনমিয়ে বিকাশৰ বিয়াৰ কথা নাজানিছিল। মুনমিয়ে নিজৰ চাকৰিও সলনি কৰিলে। বিকাশে বাৰে বাৰে মাতিলতহে মুনমিয়ে বিকাশক লগ ধৰিছিল আৰু পলকতে গুচি গৈছিল। মুনমিৰ ফোনটোও আজিকালি বিজি থাকে। এই কথা বিকাশে সুধিলে, মুনমিয়ে সদায়ে ঘূৰাই পকাইহে উত্তৰ দিছিল। এদিন মুনমিয়ে কলে যে, এতিয়া বিকাশৰ লগত মুনমিয়ে একো সম্পর্ক ৰাখিব নিবিচাৰে। এতিয়া তাইৰ জীৱনত অন্য এজন লৰা আহিলে। সেয়া কোনো বেলেগ নহয়, মুনমিৰ অফিচৰে বচ হয়। 

 বিকাশৰ দুবছৰ প্ৰেমক মুনমিয়ে এৰি থৈ গুচি গল। বিকাশৰ হৃদয় ভাঙি পৰিছিল। সেইদিনা বিকাশ ঘৰলৈ দেৰিকৈ গৈছিল। আনদিনাৰ দৰে, সেইদিনাও বৰষাই বিকাশৰ বাবে দুৱাৰত অপেক্ষা কৰি আছিল। বিকাশ ঘৰ গৈ পোৱাতে, বৰষাই আহাৰ তেবুলত সজাইছিল, কিন্তু বিকাশে একো নোখোৱাকৈ নিজৰ কোঠালিলৈ গলগৈ। বৰষাই বিকাশৰ কাষলৈ গৈ সুধিলে, কি হৈছে! 

 বিকাশে, বৰষাক সাৱটি লৈ সৰু লৰাৰ দৰে কান্দিবলৈ ধৰিলে। বিকাশে বৰষাক কব বিচৰা নাছিল। কিন্তু গোটেই নিশা বৰষাৰ কোলাত মূৰ থৈ উচপি থাকিল। বৰষাইও, বিকাশক একো নুসুধিলে, বৰষাই বুজি পাইছিল, সেই সময়ত বিকাশক গোটেই নিশা বৰষাই নিজৰ কোলাত শুৱাই বহি থাকিল। বিকাশৰ কেতিয়া টুপনি আহিল, সি গমকে নাপালে। পুৱা বিকাশে, বৰষাক মাত নিদিয়াকে অফিচলৈ আহিল 

বিকাশৰ বাবে, মুনমিক পাহৰি যোৱাটো ইমান সহজ নাছিল। আবেলি বন্ধু লগত বহি, বিকাশে বহুত মাদক দ্ৰব্য সেৱন কৰিলে। আৰু মাজ ৰাতি ঘৰলৈ আহিল। আনদিনাৰ দৰে বৰষা দুৱাৰত ৰৈ আছিল। হালি জালি বিকাশ ঘৰৰ ভিতৰলৈ আহিল আৰু চকীত বাগৰি পৰিল। 

বৰষা বিকাশৰ কাষলৈ আহিল, আৰু বিকাশক ধৰি মেলি নিজৰ কোঠালৈ লৈ গল। বিকাশক বিচনাত শুৱাই দিলে আৰু বিকাশৰ ভৰি ফালে গৈ তাৰ জোতা খুলি দিলে। আধাখুলা চকুৰে বিকাশে তাইৰ ফালে চাই দেখা পালে যে, বৰষাৰ মুখ মণ্ডলত খংৰ কোনো ভাৱ নাছিল। নিস্বাৰ্থ ভাৱে বৰষাই নিজৰ পত্নী ধৰ্ম পালন কৰিছিল। জোতা খোলা পাচত বৰষা বিকাশৰ ফালে গল আৰু তাৰ মূৰৰ তলত গাৰু দি, বিকাশৰ গাত পাতল কম্বলখন দি যাবলৈ ললে। Storyboard )

 নিচাৰ জালত বিকাশৰ বৰষাৰ হাতত ধৰি ৰখালে, সেই নিশা বিয়াৰ পাচত প্রথম নিশা আছিল যি, বিকাশে বৰষাক মৰম দিলে। বৰষাইও তাইৰ সম্পূর্ণ মৰম বিকাশক দিলে। গোটেই নিশা, বৰষা বিকাশৰ বুকুতে সোমাই থাকিল। আৰু বিকাশ সম্পূর্ণ নিচাৰ জালত আছিল। আৰু যি হৈছিল নিচাৰ জালত হৈছিল। কিন্তু বৰষাৰ অধিকাৰ আছিল, এই মৰমৰ। পাচদিনা বিকাশ পলমকৈ উঠিল, আৰু তাৰ মূৰটোৱে বিষত তত পোৱা নাছিল। বৰষাই চাহ আনিলে, আৰু চাহকাপ বিকাশৰ ফালে আগুৱাই দি কলে, আপোনাক কিবা এটা বিচাৰিলে দিবনে! 

বিকাশে মূৰটো জোকাৰিলে। 

বৰষাই কবলৈ আৰম্ভ কৰিলে, বিয়াৰ দিন ধৰি আজিলৈকে মোৰ আপোনাৰ ওপৰত কোনো অভিযোগ নাই। কিন্তু আপুনি সদায় এই মাদক দ্ৰব্য সেৱন নকৰিব। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰৰ নষ্ট হব। যদি আপোনাক মোৰ কথা ভাল নালাগিলে, মোক ক্ষমা কৰি দিব। এনে কয়ে বৰষা কোঠাটোৰ পৰা ওলাই আহিল। কিন্তু বিকাশক ভাৱিবলৈ বাধ্য কৰালে যে, সি কেতিয়াও বৰষাৰ বাবে কোনোদিন চিন্তা নকৰিলে, আৰু বৰষাই মোৰ বাবে সদায়ে চিন্তা কৰি গল। বিকাশে প্ৰতিজ্ঞা কৰিলে যে সি আৰু কেতিয়াও মাদক দ্ৰব্য সেৱন নকৰে। বৰষাই কোৱা কথা, বিকাশে ইমান সোনকালে কিয় মানিলে, সেই কথা বিকাশেও বুজি নাপালে। 


কিছু দিন যোৱাৰ পাছত, এদিনাখন বৰষাৰ গা বেয়া হল। পুৱাৰ পৰা তাই বমি কৰিছিল, বৰষা বৰ ভাগৰুৱা যেন লাগিছিল। বিকাশে ডক্টৰক ঘৰলৈ মাতিলে। ডাক্টৰে তাইক আৰাম কৰিবলৈ কলে আৰু বৰষাৰ ইউৰিন আৰু ব্লাদ লৈ বিকাশক কলে, কমজোৰি বাবে এই সকলোবোৰ হৈছে। অলপ আৰাম কৰিলে সম্পূৰ্ণ ভাল হৈ যাব। বাকী মই দৰৱ দিছো, সময়ে সময়ে দিব। আবেলি লৈকে এওঁৰ টেষ্টৰ ৰিপৰ্টো আহি যাব। সেয়া আপুনি মোৰ ক্লিনিকৰ পৰা লৈ লব। এতিয়া মই যাও বুলি ডক্টৰ গল গৈ। 

বিকাশে, বৰষাৰ কাষলৈ গৈ দেখা পালে, তাই শুই আছিল, আজিলৈকে বিকাশে বৰষাৰ ওপৰত ধ্যানে দিয়া নাছিল। তাই প্ৰথমৰপৰা বহু দূৰ্বল হৈ পৰিছিল। বিকাশে অফিচৰ পৰা চুটি ললে আৰু ঘৰতে থাকিল। দুপৰীয়া লৈকে বৰষা কিছু ভাল হল। বিকাশ তাইৰ কাষতে আছিল, তেনেতে বিকাশৰ ফোনটো বাজিল, 

অফিচত এটা মিটিং আছিল, সেই মিটিংত বিকাশ থকাটো প্ৰয়োজনীয় আছিল। বিকাশে মনা কৰিলে, কিন্তু বৰষাই কোৱাত বিকাশ অফিচলৈ গল। কিন্তু প্ৰতি পল, বিকাশৰ বৰষাৰ প্ৰতি চিন্তা হৈছিল। বিকাশে ২,৩বাৰ ঘৰলৈ ফোন কৰি বৰষাৰ খবৰ ললে। আজিৰপৰা আগতে কেতিয়াও বিকাশৰ বৰষালৈ চিন্তা হোৱা নাছিল।


বিকাশে, অফিচৰ মিটিংত গম পালে যে দুদিনৰ বাবে বিকাশ চহৰখনৰ বাহিৰলৈ যাব লাগিব। ঘৰলৈ আহি যেতিয়া বৰষাক কলে, তেতিয়া তাই আনন্দৰে বিকাশক যাবলৈ কলে। কিন্তু বিকাশে, বৰষাক এৰি যাব বিচৰা নাছিল। বিকাশে, বৰষাক লৈ বহু কিছু অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। বিকাশে বৰষাক সুধিলে, তোমাৰ বাবে তাৰপৰা কিবা আনিব লাগিব নি! অ, আপুনি সোনকালে আহিব, বৰষাই হাঁহি মাৰি কলে। 

বিকাশৰ মন গল এবাৰ যোৱা আগতে বৰষাক জোৰেৰে সাৱটি ধৰো। কিন্তু সেই সময়তে অফিচৰ গাড়ী আহিল আৰু বিকাশ গলগৈ। মিটিং আৰু কামত, বিকাশ ইমান ব্যস্ত হৈ পৰিল যে, বৰষাৰ লগত কথা পাতিবলৈ সময়ে পোৱা নাছিল বিকাশে। বিকাশে সোনকালেই বৰষাৰ ওচৰলৈ আহিব বিচাৰিছিল আৰু তাইক কব বিচাৰিছিল বিকাশে এতিয়া বৰষাক বহুত ভালপাই বুলি। 


কাম শেষ কৰিয়েই বিকাশে ঘৰলৈ আহিবলৈ ওলাল, ঘৰৰ ওচৰ পাওঁতেই ডক্তৰে ফোন কৰিলে আৰু ডক্টৰে মোক তেওঁৰ ক্লিনিকলে মাতি পথিয়ালে। 

বিকাশ, ক্লিনিক গৈ পালত, ডক্টৰে হাঁহি মাৰি কলে, অভিনন্দন, বৰষা, মাক হবলৈ ওলাইছে। 

সেই দিনা বিকাশৰ বহু আনন্দ হৈছিল। সি যিমান পাৰে সোনকালে বৰষাৰ ওচৰলৈ আহিব বিচাৰিছিল। ঘৰ আহি পায় বিকাশে দেখা পায়, বৰষা মনে মনে চকীতে বহি আছে। বিকাশে দৌৰ মাৰি আহি তাইক সাৱটি ধৰিলে। তোমালৈ মোৰ বহুত মনত পৰি আছিল বৰষা, বহু কথা আছে, যি মই তোমাক কবলৈ বিচাৰো। কিন্তু প্রথমে মই তোমাক এটা প্ৰয়োজনীয় কথা কব বিচাৰো। 

বিকাশে কথা খিনি কওঁতে, বৰষাৰ এখন হাত হাওলি গল, আৰু এটা সৰু বটল তাইৰ হাতৰ পৰা সৰি বাগৰি দূৰলৈ গুচি গল। 

বিকাশে, সেই সময়ত একো বুজি পোৱা নাছিল, সি বটলটো লৈ দেখাত, এপলক বিকাশৰ উশা থমকি ৰল। সেই বটলটোত জহৰ আছিল আৰু সেয়া বৰষাই খাইছিল। 

বিকাশে তক্ষনাৎ বৰষাৰ দুবাহুত ধৰি জোকাৰিলে, কিন্তু বৰষাই সেই সময়ত বিকাশক এৰি দূৰলৈ গুচি গৈছিল। সদায় বাবে, আৰু বৰষাই বহু প্ৰশ্ন এৰি থৈ গৈছিল! 

বিকাশ শিল হৈ পৰিছিল, সি কান্দিবলৈ বিচাৰিছিল, চিঞঁৰ বাখৰ কৰিবলৈ বিচাৰিছিল, কিন্তু সকলোবোৰ যেন ভিতৰতে বৰফ হৈ পৰিছিল। 

গোটেই নিশা, বিকশে, বৰষাৰ শৰীৰটো সাৱটি লৈ থাকিল। পুৱালৈকে গাওঁৰ পৰা বিকাশৰ দেউতাক আহি পাইছিল। দেউতাকক দেখা পায় বিকাশ ভাঙি পৰিল। সি দেউতাকক সাৱটি ধৰি বহু পৰ কান্দিলে। বৰষাৰ সৎকাৰ কৰা পাচত, দেউতাক কিছু দিন বিকাশৰ লগতে থাকিল। বৰষা যোৱাৰ পাছত বিকাশ শুৱ নোৱাৰা হৈছিল। বৰষা, বিকাশৰ বাবে এতিয়া সকলো আছিল। বিকাশৰ চকুৱে বাৰে বাৰে তাইকে বিচাৰি ফুৰিছিল। বহু প্ৰশ্নয়ে, বিকাশক শুৱলৈ দিয়া নাছিল! 

বিকাশে, দেউতাকৰ লগত গাওঁলৈ যোৱাৰ কথা কলে। বিকাশৰ অৱস্থা দেখা পায়, দেউতাকে বুজিলে। বিকাশে নিজৰ প্ৰয়োজনীয় বস্তু কিছুমান আৰু কাপোৰ লবলৈ আলমাৰি খুলিলে। 

আলমাৰি ভিতৰতে, বিকাশৰ ডায়ৰী খনৰ লগতে এখন চিঠি দেখা পালে। বিকাশে কঁপি থকা হাতেৰি চিঠিখন ললে, আৰু পঢ়ি বলৈ ধৰিলে। 


মৰমৰ, বিকাশ

আপুনি যেতিয়া এই চিঠিখন পঢ়িব, তেতিয়া লৈকে মই এই পৃথিৱী এৰি আহিম। 

বিয়াৰ পাচত, মোৰ আপোনাক লৈ কোনো অভিযোগ নাছিল। মই জানিছিলো, আপুনি এই বিবাহক লৈ সুখী নাছিল। সেইবাবে মই কেতিয়াও আপোনাৰ পৰা স্বামীৰ অধিকাৰ বিচৰা নাছিলো। কিন্তু নিজৰ পত্নী ধৰ্ম সদায়ে পালন কৰিলো। মই গাওঁৰপৰা আহিছিলো। ইয়ালৈ আনি আপুনি মোক কেতিয়াও একো অভিযোগ নিদিলে। 

আপুনি বহুত ভাল। কিন্তু কি কৰোঁ। আপোনাক মই বহুত ভাল পাই পেলালো। মহিলা হয়, কেতিয়ালৈ আৰু নিজকে ৰখাব পাৰিলো হয়! মোৰ গা বেয়া হলত, আপোনাক যেতিয়া চিন্তিত দেখা পালো, তেতিয়া অনুভৱ হল আপুনি বহুত ভাল। 

আপোনাক বহুত সোনাকালে এয়া কব বিচাৰিছিলো। 

আপুনি কামৰ বাবে চহৰপৰা যেতিয়া বাহিৰলৈ গৈছিল, তেতিয়া কোঠাটোৰ চাফ চিকুন কৰি থাকোতে, আপোনাক এই ডায়ৰীখন পালো। আপোনাৰ অনুমতি নোহোৱাকৈ এইখন পঢ়িলো। ক্ষমা কৰিব। যদি নপঢ়া হলে, তেতিয়া সত্য কেতিয়াও গম নাপালো হয়। 

আপুনি মুনমিক বহুত ভাল পাইছিল। তাইক বিয়া কৰাব বিচাৰিছিল। কিন্তু মই আপোনাৰ জীৱনলৈ আহিলো আৰু মোৰ বাবে আপোনালোক বেলেগ হবলগীয়া হল। মই বহুত ভাৱিলো, যদি মই নাথাকো, তেতিয়া আপুনি আৰু মুনমি এক হব পাৰিব। সেইবাবে মই হাঁহি ফুৰ্টিৰে আপোনাৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ললো। 

স্বামীৰ সাত জনমৰ মৰম, আপুনি মোক সেই নিশাই দিলে, সেয়া মৰমে মোৰ বাবে বহুত। 

মোক ক্ষমা কৰি দিব। 

আৰু এটা কথা কব বিচাৰো, মই আপোনাক বহুত ভাল পাওঁ, নিজৰ যত্ন লব। এটাই মাথো ইচ্ছা মোৰ, এতিয়া যেতিয়া মই নাই, মোৰ নামত এটা গছ পুলি গাওঁৰ ঘৰৰ পদূলিত লগাই দিব।যেতিয়া আপোনাৰ অকলশৰীয়া অনুভৱ হব, তেতিয়াই সেই গছজোপা ওচৰলৈ যাব।


"বৰষা"


কান্দোনত ভাঙি পৰিছিল বিকাশে। বিকাশৰ সুখৰ বাবে তাই এনে কৰিব, সি কেতিয়াও ভৱা নাছিল। চিঠিখন জেপতে লৈ, দেউতাকৰ লগত বিকাশ গাওঁৰ ঘৰলৈ আহিল। বৰষাৰ শেষ ইচ্ছা পুৰণ কৰলে, গাওঁৰ ঘৰৰ পদূলিত বকুল গছৰ পুলি লগালে আৰু সেই পুলিক ডাঙৰ কৰিলে। বৰষা যোৱাৰ পাছত বিকাশে পুনৰ বিবাহৰ কথা নাভাৱিলে কাৰণ বৰষাৰ ভাগৰ মৰম সি এতিয়া আৰু আনক দিব বিচৰা নাছিল। অকল মাথো জীয়াব বিচাৰিছিল, বৰষাৰ অনুভৱক লৈ। যেতিয়া বৰষা লগত আছিল, তেতিয়া তাইলৈ মৰম নাছিল, আৰু যেতিয়া মৰম আছে বৰষা বিকাশৰ লগত নাই। 

সকলোৰ দৰে বৰষাও, এই নাটক মাজতে এৰি গুচি গল। কিন্তু বিকাশে এয়া সম্পূর্ণ কৰিব, বৰষাৰ ভাৱনাক লগত লৈ। বিকাশৰ হৃদয়ে কৈছিল, সচাঁ ভালপোৱাৰ কেতিয়াও অন্ত নহয়।আৰু বৰষাৰ ভালপোৱা সচাঁ আছিল। নিস্বাৰ্থ। 


চাওঁতে চাওঁতে, দিন, মাহ, বছৰ পাৰ হৈ গল। কিন্তু সলনি নহল, বিকাশে এতিয়াও বৰষাৰ ভাৱনাত লৈ জীয়াই আছিল। বৰষাক পাহৰাটো বিকাশৰ বাবে সহজ নাছিল আৰু সি কোনোদিন তাইক পাহৰিব বিচৰা নাছিল। 

যেতিয়া বৰষালৈ মনত পৰিছিল, তেতিয়া সি সেই বকুল গছজোপাৰ তললৈ গৈ বহি ৰৈছিল। 

আৰু বকুল গছজোপাই সদায়ে ফুল সৰাই বিকাশক আদৰিছিল। 

আজি বৰষা যোৱা ৪০বছৰৰ পাছটো, তাইৰ মৰম তেনেদৰেই থাকিল,কিন্তু আনদিনাৰ দৰে তাই বিকাশক আজি ফুল সৰাই আদৰা নাছিল, সময়ৰ লগত বকুল জোপাও জৰ্জৰিত হৈ গৈছিল। গছজোপাত কেৱল শুকান পাত কেইখিলামান হে আছিল। যেনেদৰে বিকাশৰ জীৱনৰ আৰু কিছু পল। এনে লাগিছিল, বিকাশৰ লগত তাইও যাব। 

বিকাশে, নিজৰ জীৱনৰ শেষ সময় বৰষাৰ লগতে অতিবাহিত কৰিব বিচাৰিছিল। 

বিকাশ বকুল জোপাৰ তলতে শুই পৰিল। আৰু বৰষাই যেন স্মৃতিৰ বতাহৰ দৰে তাৰ তাৰ ওপৰে বলিব ধৰিলে। চকু জাপ খাই আহিল।ডায়েৰী শেষ পাট খিলাত বিকাশে মাথোঁ ইমানেই লিখিবলৈ পাৰিলে যে…

"মৃত্যুও কি আচৰিত, আজি মোৰ জীৱনটোও লৈ গুচি গুছি গল।" 

বিকাশ গুচি গৈছিল, এই খন পৃথিৱীৰ পৰা, আন এখন পৃথিৱীলৈ, যত বৰষাই বিকাশৰ বাবে অপেক্ষা কৰি আছিল। ইমান বছৰৰ পাছটো আৰু আজিও বৰষাৰ চেহেৰাত দেখিবলৈ পোৱা নগৈছিল কোনো অভিযোগ।।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages