সূৰুযটোৱে কেতিয়াবাই ধৰালৈ তাৰ আবিৰ সানি এটা সুন্দৰ দিনৰ বতৰা দিলে যদিও আজি নিশা এতিয়ালৈ বিচনাৰ পৰা তাই উঠা নাই । জোনাক উঠিছে ( Storyboard )। বগা মুখখন তাৰ আজি এঙাৰৰ দৰে ক'লা হৈ আছে । হয়তো কালিৰে পৰা দুয়োজনে একো এটা মুখত দিয়া নাই । হঠাতে গঢ় লোৱা অভিমানৰ পাহাৰখনে দুয়োকে হেঁচা মাৰি ধৰি আছে । আৰু তাৰ আঘাতত দুয়ো এতিয়াও চটফটাই আছে । কিছু সময় পিছত নিশা সাৰ পালে । তাই বাথৰুমত সোমাল আৰু গা টো ধুই আহি খৰধৰকৈ কলেজ যাবলৈ ওলাল । কাৰণ আজিৰে পৰা কলেজৰ লৰা ছোৱালীবোৰৰ ক্লাচ পৰীক্ষা আৰম্ভ হব । আৰু ৯ বজাৰ পৰা তাইৰ দিউটি আছে । তাই ওলাই আহিব লওতেই জোনাকে পিছফালৰ পৰা মাত লগালে
-এতিয়াৰে পৰা তুমি কলেজ যাব নোৱাৰা ।
তাই একো নকলে ওলাই আহিব লওতেই সি আহি আগভেটি কলে
-মই কি কৈছো মন কৰিছানে?
এইবাৰ তাই মুখ খুলিলে ।
-চাকৰিটো মই এৰিব নোৱাৰো । কাৰণ জীৱনৰ কঠিন মুহূৰ্তত ই মোৰ ওচৰত সাহসৰ সংগী হিচাপে থিয় দিছিল ।
- এনেকৈ মুখাৰ আঁৰত অভিনয় কৰি কিমান দিন চলিবা । কলেজ যোৱাৰ অজুহাতত কত কি হৈ আছে মই নাজানো বুলি ভবাটোয়ে তোমাৰ মুৰ্খামী ।
অজানিতে খহি পৰিল নিশাৰ বুকুখন, পাৰ ভাঙি আহিল দুচকুৰে অশ্ৰুৰ নাচোন । তাইৰ বুজিব বাকী নাথাকিল যে জোনাকে তাইক বিনয়ৰ লগত সন্দেহ কৰা কথা । কিন্তু জোনাকে ভবাৰ দৰে কথাবোৰ তাই ভবাই নাছিল । আৰু এয়ায়ো ভবা নাছিল জোনাকে যে তাইক আনৰ লগত সন্দেহ কৰিব পাৰে । হয়, বিনয়ে তাইক ভাল পায়। কিন্তু জোনাক আৰু তাইৰ বিশ্বাস তথা মৰমৰ মাজত দুয়ো দুয়োকে এনেকৈ স্থাপন কৰিব যত তৃতীয় জন ব্যক্তিৰ কোনো স্থান নাথাকিব, সিহঁতৰ মৰমৰ ধুমুহাই উৰুৱাই নিব বাধাবোৰ, সুখবোৰে নৈ হৈ বৈ যাব দুয়োৰে বুকুৰ পৰা বুকুলৈ.! তাৰ পাৰত বহি দুয়ো ৰচিব মিলনৰ গীত । হয়তো সিহঁতৰ গীতৰ ৰাগিত থমকি ৰব পশ্চিম আকাশত ডুব যাব লোৱা বিষন্ন আবেলিৰ শেষ ৰদজাক । তাইৰ কল্পনাবোৰ তুলাৰ দৰে উৰি গল কেনিবা.. স্বৰ্ণ পুৰী লংকাৰ দৰে জহি খহি গল সপোনৰ কাৰেংঘৰটো । হয়তো তাইৰ সাহস, তাইৰ বিশ্বাস, তাইৰ প্ৰেৰণাৰ উৎস জোনাকৰ অচিনাকি ৰূপটোৱে আজি তাইক হতাশগ্ৰস্ত কৰি তুলিছে । কলেজতো তাই একেবোৰ কথাই ভাবি থাকিল । সমস্ত পৃথিৱীখন আজি তাইৰ মিচা যেন লাগিল । পৰীক্ষা শেষ হোৱাৰ পিছতে তাই ঘৰলৈ খোজ ললে । সম্মুখৰ পৰা বিনয় অহা তাইৰ চকুত পৰিল । বিনয়ৰ আবেলি পৰীক্ষাৰ দিউটি আছে । তাই তাৰ ওচৰেৰে পাৰ হৈ যাব লওতে সি মাত লগালে
-নিশিতা, নিশিতা । ( Storyboard )
নাই আজি তাই বিনয়ৰ কথালৈ ভ্ৰুক্ষেপ কৰা নাই । তাই ধুমুহা গতিৰে খোজ ললে । সি তাইৰ পিছে পিছে আহি এটা সময়ত আগচি ধৰিলে
-নিশিতা, মই ইমান মাতি থকাৰ পিছতো তুমি মাত দিয়া নাই যে ।
-চাও বাট এৰি দিয়া ।
-আৰে কি হৈছে আগত সেইটো টো কোৱা
নিশাৰ চকু মুখত প্ৰচণ্ড খঙৰ আৱৰণ এটা ডুলি আছে । যেন নিশা নহয় এজনী বাঘিনী। দাঁত মুখ কামুৰি তাই গৰ্জী উঠিল
-নীৰৱে থাকো বাবেই নাভাবিবা যে মই সহজ সৰল ।মোৰ জন্ম ক্ষণটো খুব বেয়া ।দিনটো ও নহয় ৰাতিও নহয় ।দিন ৰাতিৰ সন্ধিক্ষণত আৰু মনত ৰখাটো ভাল এই ক্ষণটোতে ভগৱান বিষ্ণুই নৰসিংহ ৰূপ লৈ দৈত্যৰাজ হিৰণ্যকশিপুক বোধ কৰিছিল ।
নিশা ধুমুহা গতিৰে নিশা গুচি গল । মনত হাজাৰ প্ৰশ্ন লৈ বিনয় মাথো চাই ৰল তাই যোৱাৰ ফালে..!
সময় আবেলি ৩.৩০ মান হৈছে । জোনাক আহি কলেজৰ সম্মুখত ৰৈছে । আজি সি নিশাক নিবলৈ অহা নাই । আহিছে বিনয় আৰু নিশা ওলাই অহাৰ পিছত নিশাক কালিৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিবলৈ । পৰীক্ষা শেষ হোৱাৰ পাছত বিনয় ওলাই আহিল । আজি নিশা লগত নাই । জোনাকে মনতে ভাবিলে সুযোগ আহিছে যেতিয়া গ্ৰহণ কৰাটো ভাল । বিনয় পথত খোজ দিয়াৰ লগে লগে জোনাকে গাড়ী খন আগুৱাই নি তাৰ সম্মুখত ৰখাই দি নামি আহিল । বিনয় ৰৈ গল । জোনাকে সুধিলে
-আপোনাৰ নাম?
-বিনয় দত্ত ।
গুদ । মোৰ নামটো চাগে আপোনাক নিশাই এতিয়াও কোৱা নাই । হয়তো কবলৈ বেয়াও পাব পাৰে । মোৰ নাম জোনাক দত্ত । মোৰ আপোনাৰ লগত কিছু বিশেষ কথা আছে?
-কৈ যাওক । শুনাত মোৰ আপত্তি নাই ।
-নিশাৰ লগত আপোনাৰ সম্পৰ্ক কি?
-আপুনি যি বুলি ভাবে ।
-মানে?
-মই তাইক ভাল পাওঁ ।
-What??
-সত্য যদিও নিষ্ঠুৰ কিন্তু স্পষ্ট ।
-আপুনি নিশাক কেতিয়াৰ পৰা জানে?
- কৃষ্ণচূড়াৰ দেশত প্ৰথম খোজ দিয়াৰ দিনৰে পৰা ।
-আৰু মই তাইক লৰালিৰ সেই বকুল ফুল বুটোলা দিনৰে পৰা চিনি পাওঁ । এতিয়াও সময় আহে আপুনি আমাৰ মাজৰ পৰা আতৰি যাওঁক ।
-মই আপোনাৰ পথত কেতিয়াও হেঙাৰ হব যোৱা নাই । বিনয়ৰ নামটোৱে বিনয় । সেয়ে সি দয়ালু । উচৰ্গা কৰিব জানে । আপুনি সমাজক সাক্ষী কৰি তাইক বিয়া কৰাই আনিছে সেয়ে মই তাক শেষ কৰিব নাযাওঁ । কিন্তু মই তাইক ভাল পাওঁ । জীৱনত নাপালেও জানো কাৰোবাক ভাল পাই থাকিব নোৱাৰি । কিন্তু আপোনাৰ পৰা এটা কথা বুজা গল আপুনি তাইক ভাল হে পাই হয়তো আজিও তাইৰ প্ৰেমত পৰা নাই । কাৰণ যিয়ে প্ৰেমত পৰিব জানে সেই সম্পৰ্কত সন্দেহ নাথাকে আৰু যত সন্দেহ থাকে তাতে প্ৰেমৰ মৃত্যু হয় । হয়তো আপোনাৰ নিজৰ ওপৰতে সেই কণ বিশ্বাস নাই ।
বিনয়ে জোনাকৰ উত্তৰলৈ বাট নাচাই গুচি গল । জোনাক মাথো বজ্ৰপাত পৰা মানুহৰ দৰে যথৰ হৈ ৰল ।
সময় সন্ধিয়া । বাট পথ, প্ৰতিটো বিল্ডিঙৰ প্ৰতিটো কোঠাত পোহৰে ন খেল খেলিছে । মাথো অটল আন্ধাৰৰ মাজত ডুব গৈ আছে জোনাক নিশাৰ ঘৰটো । জোনাক বাৰাণ্ডাত বহি আছে । আজি তাৰ এই আন্ধাৰেই ভাল লাগিছে । পোহৰৰ ৰেশবোৰ ক্ৰমশ তাৰ ভয় লগা হৈছে । সি দূৰৰ আকাশখনৰ ফালে একেথিৰে চাই আছে । মেঘাচ্ছন্ন হৈ পৰিছে আকাশখন । ডাৱৰবোৰৰ কি যে অট্টহাস্য । তাৰ মাজে মাজে জোনটোৱে আপ্ৰাণ চেষ্টা কৰিছে তাৰ অস্তিত্বক ধৰি ৰাখিবলৈ ।কিন্তু সি ডাৱৰবোৰৰ সীমাহীন আনন্দৰ মাজত নিমিষতে হেৰাই যোৱাৰ উপক্ৰম হয় আকৌ ওলাব চেষ্টা কৰে আকৌ হেৰাই যায় । তথাপিও সি চেষ্টা এৰা নাই । জোনাকে চকীখনত আউজি চকু দুটা মুদি দিলে । কাণৰ পৰ্দাত ধ্বনিত হল বিনয়ৰ সেই কথা কেইটা - "আপুনি তাইক ভাল হে পায় হয়তো এতিয়াও প্ৰেমত পৰা নাই । কাৰণ যিয়ে প্ৰেমত পৰিব জানে সেই সম্পৰ্কত সন্দেহ নাথাকে আৰু যি সম্পৰ্কত সন্দেহ থাকে তাতেই প্ৰেমৰ মৃত্যু হয় ।" জোনাক উচপ খাই উঠিল । হয় জোনাকে নিশাক সন্দেহ কৰিছে । যাৰ কাৰণে দুয়োৰে মাজত দূৰত্ব বাঢ়ি গৈছে । এজন অপৰাধীৰ দৰে জোনাকৰ বুকুখন ধৰফৰাই উঠিল ।
ক্ৰমশ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment