"নন্দিনী মেম, ক্লাইন্ট আহি পালেহি," জুলিয়ে কলে।জুলি নন্দিনীৰ পাৰ্চনেল চেক্ৰেটৰী।
নন্দিনীয়ে জুলিক মিটিংখন কেঞ্চেল কৰিবলৈ কলে। আজি নন্দিনীৰ মূৰৰ বিষৰ বাবে অলপ কষ্টত আছিল। ( Storyboard )
কিন্তু, মেম তেওঁলোক আহি পালেহি, যদি আপুনি লগ কৰিব পাৰে ভাল আছিল, জুলিয়ে কথাখিনি কলে।
নন্দিনী : বাৰু, কোন হয়! কি কেচৰ বাবে আহিছে!
জুলি : মেম, মিষ্টাৰ বিভান বৰুৱা। ডিভোর্স কেচৰ বাবে আহিছে।
নামটো শুনাৰ লগে লগে নন্দিনীৰ কপঁনি উঠি গল।আৰু ভাৱিলে, সেই বিভানেই নহয়টো ? নহয়…নহয়… এই নামৰ আন লোক ও থাকিব পাৰে।
নন্দিনীয়ে নিজৰ মনটোক অলপ বুজনি দি জুলিক তেওঁলোকক মাতি দিবলৈ কলে, আৰু নিজে ফাইল চোৱাত ব্যস্ত হৈ পৰিল।
জুলিয়ে দুজন লোকৰ লগত ভিতৰলৈ আহিল।
মেম, জুলিৰ মাতত নন্দিনীয়ে যেতিয়া মূৰ ডাঙিলে, তেতিয়া সন্মুখতে বিভানক দেখা পালে। বিভানক দেখা পায় নন্দিনী আচৰিত হৈ ৰল। তাই কেতিয়াও ভবা নাছিল যে, বিভানক তাই কেতিয়াও পুনৰ লগ পাব বুলি! তথাপিও তাই নিজকে সহজ কৰি তেওঁলোকক বহিবলৈ কলে।
বিভানৰ লগত তাৰ ভায়েক ভাষ্কৰও আছিল। দুয়ো বহিল। নন্দিনীয়ে জুলিক তিনিকাপ চাহ আনিবলৈ কলে।
নন্দিনী আৰু বিভানৰ দৃষ্টি বাৰে বাৰে খুন্দিয়াইছিল। নন্দিনীয়ে, বিভানৰ চকুত আজিও সেই প্ৰশ্ন দেখা পাইছি, যি তাহাঁতৰ অন্তিম দেখা দেখিৰ দিনটোত দেখা পাইছি?
দুয়োৰে মৌনতা ভাঙি, ভাষ্কৰে মাত লগালে, কেনে আছা বা!
ভাষ্কৰৰ মাতত নন্দিনী অলপ সহজ হবলৈ চেষ্টা কৰিলে।
অ ভালে আছো। আৰু কোৱা, ইয়ালৈ অহাৰ কাৰণ! নন্দিনীয়ে একে উশাহতে সুধিলে।
বা এটা সমস্যা আছে। বিভান দাদাই আপোনাৰ নাম কোৱাত আপোনাৰে এপয়মেন্ট ললো, ভাষ্কৰে কলে।
তেতিয়া লৈকে জুলিয়েও চাহ লৈ পালেহি। তাই সকলোকে চাহ দি আঁতৰি গল।
অ কোৱা ভাষ্কৰ, কি সমস্যা আছে! নন্দিনীয়ে এপলক বিভানৰ ফালে চাই ভাষ্কৰক কলে।
বা ডিভোর্স কেচ হয়। ভাষ্কৰে ইমানে কলতে, নন্দিনীয়ে ভাবিবলৈ ধৰিলে, বিভানে সংসাৰ কৰিলে! আৰু মই এজনী, যি জীৱনত আগবাঢ়িবই নোৱাৰিলো! বিভানৰ বাহিৰে আন কাৰো কথা ভাৱিবকে নোৱাৰিলো? নন্দিনীয়ে ভাৱি থাকোতে, বা… ভাষ্কৰৰ মাতত তাইক বৰ্তমানলৈ পুনৰ ঘূৰাই আনিলে। নন্দিনীয়ে বিভানৰ ফালে চাই দেখা পালে যে, সি নিজৰ মনোভাৱনাতে কি কি অনুমান লগাই আছিল। নন্দিনী আৰু বিভানৰ দৃষ্টিয়ে কিয় জানো নন্দিনীক স্পৰ্শ কৰিছিল।
নন্দিনীৰ পৰিস্থিতি বুজি লৈ পুনৰ ভাষ্কৰে মৌনতা ভাঙিলে। আৰু কলে, বা মই মোৰ ডিভোর্সৰ বাবে আহিছো। ভাষ্কৰৰ কথা শুনি পুনৰ নন্দিনীয়ে বিভানৰ ফালে চাই ৰল। কিন্তু প্ৰশ্ন কৰাৰ শক্তি নহল। আৰু নন্দিনীয়ে ভাষ্কৰৰ ফালে চাই কলে, কিয় তোমাক ডিভোর্সৰ প্ৰয়োজন?
বা, মোৰ পত্নী বিনিতাই মোৰ লগত সম্বন্ধ ৰাখিব নিবিচাৰে। তাই নিজৰ ঘৰৰ লোকৰ কথাত পৰি মোৰ লগত বিয়া হৈছিল। এতিয়া তাই নিজৰ ভালপোৱাজনৰ লগত থাকে। তাকো মোৰ লগত সম্বন্ধ শেষ নকৰাকৈ। ভাষ্কৰে কলে।
তুমি ডিভোর্স বিচাৰা নে! নন্দিনীৰ প্ৰশ্ন উত্তৰত, ভাষ্কৰে কেৱল মূৰ জোকাৰি হয় বুলিলে।
তুমি চিন্তা নকৰিবা, ভাষ্কৰ। তুমি সোনকালেই ডিভোর্স পাবা। নন্দিনীয়ে ভাষ্কৰক বিশ্বাস দিলে।
নন্দিনীৰ কথা শুনি ভাষ্কৰৰ অলপ চিন্তা দূৰ হল। ভাষ্কৰেও লক্ষ্য কৰি আছিল যে নন্দিনী আৰু বিভানৰ চকুৱে চকুৱে যি বান চলি আছিল। দুয়োৰে দৃষ্টি খুন্দিয়ালটো ইজনে আনজনক একো নকৈছিল।
নন্দিনীয়ে, দুয়োকে নিজৰ কেবিনৰ দুৱাৰৰ লৈকে আগবঢ়াই দিলে। আৰু জুলিক আজিৰ সকলো মিটিং কেঞ্চেল কৰিবলৈ কলে। আৰু নিজৰ চকীত চকু মুদি অতীতৰ সেই পাঠ লুটিয়ালে, যত নন্দিনী আৰু বিভান আছিল।
কলজতে দুয়োৰে প্ৰেম বিখ্যাত আছিল। সকলোৱে দুয়োকে হীৰ-ৰাঞ্জা জোৰা বুলিছিল। নন্দিনী আছিল চঞ্চল আৰু বিভান শান্ত স্বভাৱৰ। কলেজত বিভানক সকলোৱে সোধিছিল, যে সি নন্দিনীক কেনেদৰে পচন্দ কৰিছিল। কাৰণ দুয়োৰে স্বভাৱত আকাশ পাতালৰ পাৰ্থক্য আছিল। নন্দিনীয়ে নিজৰ মৃদু স্বভাৱেৰে সকলোকে আপোন কৰি লৈছিল আৰু তাৰ মাজতে বিভান নো কেনেদৰে ৰক্ষা পৰি যাব? বিভানে নন্দিনীক বহুত ভাল পাইছিল। পঢ়া শুনাটো দুয়ো ভাল আছিল। এজনে আনজনৰ নোটচ বনোৱা, আৰু ভাল নম্বৰ লৈ উৰ্ত্তীণ হোৱাটো দুয়োৰে তাৰগেট আছিল। পঢ়াৰ মাজত নিজৰ ভালপোৱা কেতিয়াও অনা নাছিল। কেতিয়াবা বিভানে নন্দিনীক নিজৰ ঘৰলৈও লৈ আনিছিল। বিভানৰ পৰিয়ালে নন্দিনীক বৰ ভাল পাইছিল। নন্দিনীক যিয়ে এবাৰ লগ পাই, কথা পাতে তেওঁ পুনৰ নন্দিনীক লগ পাবলৈ ইচ্ছা কৰে।বিভানৰ মাকে নন্দিনীক বৰ পচন্দ কৰিলে। ভাষ্কৰে তাই লগত বৰ ফুৰ্টি কৰিছিল। ভাল ৰিৰ্জাল্টৰ সৈতে দুয়ো পৰীক্ষাত উৰ্ত্তীণ হল।
নন্দিনীয়ে ল কলেজত এডমিচন লোৱাৰ আগ্রহ কৰিলে আৰু বিভানে এম, বি, এ কৰিলে। নন্দিনীয়ে সৰুৰে পৰা উকীল হোৱাৰ সপোন দেখিছিল। বিভানক এম, বি, এ, বাবে অন্য ঠাইলৈ যাব লগীয়া হল। বিভান যাব বিচৰা নাছিল কিন্তু নন্দিনীয়ে তাক ভৱিষ্যতৰ কথাত মন দিবলৈ কলে। দুয়ো বেলেগটো হলেই, কিন্তু দুয়োৰে মাজত প্ৰেম কমি নগল। ফোন আৰু মেচেজেৰে দুয়োৰে কথা বতৰা হয়। নিজৰ দিনটোৰ সকলো কথা চেয়াৰ কৰে। মাজে মাজে যেতিয়া বন্ধত বিভান ঘৰলৈ আহে, তেতিয়া দুয়োৰে ভালপোৱা ঠাইত বাহিৰত লগ হয়। কিন্তু নন্দিনীৰ দেউতাকৰ অকস্মাৎ মৃত্যয়ে তাইৰ পৰিয়ালৰ সকলোকে বিচলিত কৰি তুলিলে।
দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ সকলো দায়িত্ব নন্দিনীৰ ওপৰতে আহি পৰিল। দুজনী সৰু ভনীয়েক আৰু এটা ভায়েকৰ পঢ়া শুনা খৰচ সকলো নন্দিনীয়ে চাব লগা হৈছিল। কিন্তু নন্দিনীয়ে পৰাজয় বৰন নকৰিলে। দেউতাকৰ জমা থকা ধন, আৰু লাইফ ইন্চুৰেঞ্চৰ সুবিধাৰে তাই নিজৰ আৰু ভনীয়েক-ভায়েকৰ পঢ়া শুনা আগুৱাইনিলে। আৰু ঘৰখনৰ খৰচৰ বাবে তাই টিউচন কৰাবলৈ আৰম্ভ কৰিলে। এই সকলোবোৰ কথা তাই বিভানক কোৱা নাছিল। তাই বিচৰা নাছিল যে, তাইৰ বাবে কিবা কাৰণত বিভানৰ অশান্তি যাতে নহওক। যেনে তেনে সময় বাগৰি গৈছিল।
যেতিয়া বন্ধত বিভান ঘৰলৈ আহিছিল তেতিয়া সকলোবোৰ কথাৰ মুখামুখি হল আৰু তেতিয়া বিভানে নন্দিনীৰ আগত নিজৰ খং প্ৰকাশ কৰিলে। নন্দিনীয়ে তাক নিজৰ আপোন বুলি ভবাই নাছিল, এই কথাকে লৈ বিভান বৰ দুখিত হৈ পৰিছিল। নন্দিনীয়ে তাক বহুত বুজাইছিল কিন্তু বিভানে খঙৰ ভমঙত যেন একো বুজিবলৈয়ে চেস্তা কৰা নাছিল। বিভানে নন্দিনীৰ লগত কথা পতা বন্ধ কৰি দিলে আৰু গুচি গল। ( Storyboard )
লাহে লাহে সময়েও নিজৰ গতিত গতি কৰি আছিল। নন্দিনীৰ ল' পঢ়া সম্পূর্ণ হল আৰু তাই প্ৰেক্টিচ কৰিবলৈও আৰম্ভ কৰি দিলে। বিভানৰো এটা ভাল কোম্পানিত ভাল দৰমহাৰ সৈতে চাকৰি হল। নিজৰ ঘৰৰ দায়িত্ব নন্দিনীয়ে বৰ সূচাৰূপে পালন কৰিছিল।
এদিন বিভানে নন্দিনীৰ আগত বিয়াৰ প্ৰস্তাৱ ৰাখিলে। কিন্তু নন্দিনীয়ে সন্মতি দিয়া নাছিল। নন্দিনী এতিয়া বহুত হল, মইও এতিয়া ভাল চাকৰি কৰো। ভাল দৰমহা পাওঁ, বলা এতিয়া বিবাহত বহো। বিভানে নন্দিনীক বুজাই লৈ কলে।
নন্দিনী আচৰিত হৈ পৰিল, কাৰণ দুয়োৰে মাজত বহুত দিন কথা বতৰা নাছিল। সেই দিন ধৰি বিভানে নন্দিনীৰ ফালে ঘূৰিও চোৱা নাছিল। আৰু আজি এনেদৰে বিভানৰ বিয়াৰ প্ৰস্তাৱে তাইক আচৰিত কৰি তুলিলে। তাই বুজি পোৱা নাছিল যে এয়া তাইৰ ভাল সময় নে বেয়া সময়! নন্দিনীক এনেদৰে মনে মনে থকা দেখা পায়, বিভানে তাইৰ দুবাহুত ধৰি কলে, কোৱা নন্দিনী, মই তোমাৰ মা লগত কথা পাতিম নে!
নালাগে, বিভান মই তোমাৰ লগত বিয়াত বহিব নোৱাৰো। পৰিয়ালৰ দায়িত্ব আছে মোৰ ওপৰত। নিজৰ ভন্টি ভাইটিৰ ভৱিষ্যতৰ কথা আছে। মই তাহাঁতক মাজবাটতে এৰি থৈ যাব নোৱাৰো। নন্দিনীয়ে চকুপানী টুকি কলে।
কিন্তু, এয়া দায়িত্ব আমি দুয়ো লগ হৈ লব পাৰো! বিভানে কোমল মাতেৰে কলে।
নহয়, এইখন মোৰ যুদ্ধ হয়। আৰু মই অকলেই যুদ্ধ কৰিব বিচাৰো। মই নিবিচাৰো যে সকলোৱে পিচত মোক স্বাৰ্থপৰ বুলি কয়। মই মোৰ আত্মসম্মান হেৰুৱাব নিবিচাৰো। তুমি মোক পাহৰি যোৱা। নন্দিনীৰ এইখিনি কথায় বিভানৰ আকাশ পাতাল একাকাৰ কৰি তুলিলে।
তাৰ চকুপানীৰে ভৰি পৰা চকুজোৰে নন্দিনীক দুৰ্বল কৰি টোলিছিল।সেয়ে তাই তাৰ চকুত চকু ৰাখিব পৰা নাছিল আৰু সেইবাবে তাই বিভানক তাতে এৰি ঘৰলৈ গুচি আহিল। ইয়াৰে পাচত নন্দিনী আৰু বিভান কেতিয়াও লগ পাবলৈ আৰু চেষ্টা নকৰিলে।
তেনেতে, জুলিৰ মাতত তাইক বৰ্তমানলৈ ঘোৰাই আনিলে। মেম আপোনাৰ বাবে কফি আনো!জুলিৰ এই প্ৰশ্নত নন্দিনীয়ে হা বুলি উত্তৰ দিলে।
ঘড়ী ফালে চকু গলত তেতিয়া ৮বাজি গৈছিল। আনদিনাৰ দৰে আজিও তাইৰ ঘৰলৈ সোনকালে যোৱাৰ প্ৰয়োজন নাছিল। সকলোৰে দৃষ্টিত এতিয়া তাই মাথো কাম বন কৰি ঘূৰি ফুৰা এটা যন্ত্ৰ হৈ পৰিছিল। এতিয়াটো দুয়োজনী ভন্টি বিয়া হৈ নিজৰ নিজৰ সংসাৰত ব্যস্ত। আৰু ভায়েকেও সংসাৰ যোৱা বছৰ কৰিলে। কিন্তু নন্দিনীৰ কথা ভাবিবলৈ কোনো নাছিল। তাই এতিয়া এটা যন্ত্ৰত সলনি হৈ পৰিছিল।
ঘৰখনত তাইক চাহ এটুপিৰ বাবেও সোধুতা এজন নাছিল। মাকেও দুই ভনিয়েকৰ গৃহস্থীৰ মাজত ব্যস্ত হৈ ৰৈছিল। সন্মুখত থকা নন্দিনীৰ বাবে মাকৰ কোনো সময় নাছিল। সেইবাবে তাই অধিক সময় অফিচতে পাৰ কৰিছিল।
আৰু আজি বিভানক লগ পোৱাৰ পাচত পুনৰ তাই সেই ভাৱনাতে ভাহি আছিল। তাই আজি বিভানৰ চকুত সেই একে প্ৰশ্ন দেখা পালে যি আজি পাঁচ বছৰৰ আগতে আছিল। কিন্তু আজি বিভানে একো প্ৰশ্ন নকৰিলে! এয়াও নুসুধিলে যে, নন্দিনী কেনে আছা তুমি! বিভানৰ এই ব্যৱহাৰত নন্দিনীৰ মন উদাশ হৈ পৰিছিল। তাইও নিজৰ মনটোক বুজাই, তাইও একো নুসুধিলে বিভানক! নন্দিনী ঘৰলৈ আহিল। একো খাবলৈ তাইৰ মন নগল। আৰু নিজৰ কোঠালৈ গৈ বিচনাত বাগৰ দিলে। তাইক মাতি খুৱাবলৈও কোনো নাছিল। এই কথাকে ভাবি ভাবি তাইৰ কেতিয়া টুপনি আহিল একো গমকে নাপালে।
মোবাইলৰ এৰ্লামত তাইৰ চকু খুলিল। আনদিনাৰ দৰে মাক আজিও নিজৰ কাম কামত ব্যস্ত হৈ আছিল। তাই গা ধূই নিজৰ অফিচলৈ ওলাই গল। ঘৰখনত কথা পাতিবলৈও কোনো নাছিল। যাৰ বাবে তাই ঘৰখনত সময় দিব। আৰু যদি কোনোৱে কথাও পাতে, তেতিয়া নিজৰ আশা পূৰ্ণ কৰিবলৈ। তাইকো এতিয়া কাৰোবাৰ প্ৰয়োজন, এই কথা ভাবিবলৈ কাৰোৰে আহৰি নাই। এনেদৰে তাইৰ দিনবোৰ পাৰ হৈ গৈছিল।
আজি ভাষ্কৰৰ কেচৰ প্রথম দিন, সেইবাবে তাই আজি কৰ্টলৈ গল। আৰু সকলো কাগজ পত্র তৈয়াৰ কৰি নিজৰ অফিচলৈ আহিল। কেচৰ বাবেই এতিয়া ভাষ্কৰ আৰু বিভানক লগ পোৱা হৈ থাকিল।
কিন্তু আজি অফিচ গৈ পায় দেখিলো যে, অফিচত বিভান বিৰাজমান। আজি ভাষ্কৰ নাছিল তাৰ লগত। আজি বিভানক অকলে দেখা পায় কিবা ভবাৰ আগতে প্ৰথমে বিভানে নন্দিনীক সুধিলে, কেনে আছা নন্দিনী! বাহিৰলৈ যাব পাৰিবা নে মোৰ লগত! বিভানৰ এই কথাত নন্দিনীয়ে এবাৰতে সন্মতি জনালে। যেন তাই ইমান দিনৰ পৰা ইয়াকে শুনিবলৈ ৰৈ আছিল। বিভানে নিজৰ গাড়ী খন এক নিজান পৰিৱেশত গৈ ৰখালেগৈ। নন্দিনীয়েও ইয়াকে বিচাৰিছিল যে দুয়ো একেলগে কিছু সময় অতিবাহিত কৰে। নন্দিনীয়ে ভাবি থাকোতে বিভানে তাইক গাড়ীৰ পৰা বাহিৰলৈ আহিবলৈ কলে। গোটেই বাট দুয়ো মনে মনে আছিল, বিভানেও একো কোৱা নাছিল আৰু নন্দিনীয়েও।
বিভানে গাড়ী খন তাতে ৰখালে, যত আগতে তাহাঁতি লগ হৈছিল। আজি বহু বছৰৰ পাছত নন্দিনী সেই ঠাইলৈ গৈছিল। সেই ঠাইৰ প্ৰাকৃতিক পৰিৱেশে নন্দিনীক যেন মোহিত কৰি পেলালে। চেচাঁ বতাহজাকে যেন নন্দিনীৰ মনত জ্বলি থকা জুইকোৰা নুমোৱাবলৈ চেষ্টা চলালে। ইমান সুন্দৰ পৰিৱেশ তাই বহু বছৰৰ পাছত দেখা পালে। বিভানে নন্দিনীৰ মুখৰ ফালে চাই ৰল। বিভানে তাইক নিজৰ কাষলৈ টানি আনি কলে, নন্দিনী এতিয়া গুচি আহা মোৰ জীৱনলৈ! বহু বছৰ আমি দুয়ো শেষ কৰি দিলো। কিন্তু এতিয়া তোমাৰ পৰা আৰু দূৰত থাকিব নোৱাৰো! তোমাৰ বাহিৰে মই আজিলৈকে আন কাকো ভাল নাপালো। ইমান বছৰৰ পাছত তোমাক দেখা পালো…
বিভানে ইমানখিনি কওঁতেই নন্দিনীয়ে বিভানক সাৱটি লৈ কান্দিবলৈ ধৰে। দুয়োৰে মাজত যেন এক ধুমুহা বলি গৈছিল। দুয়োৰে হৃদয় লগে ভাগে আগুৱাই যাব বিচাৰিছিল। পাঁচ বছৰৰ পৰা তাহাঁতৰ মাজত চলি ৰৈছিল পৰীক্ষা আৰু এতিয়া এক নতুন বাট পাবলৈ আগবাঢ়ি গৈছিল। বিভানে নন্দিনীৰ চকুপানীক বৈ যাবলৈ দিলে, সেয়া ৰখাবলৈ প্ৰয়াস নকৰিলে। ইমান বছৰ তাই নিজৰ হৃদয়ত যি কষ্টক লৈ আছিল, যি আজি বাহিৰলৈ ওলাই আহিল। নন্দিনীয়ে বিভানৰ দুবাহুত যি মৰম অনুভৱ কৰিলে, সেয়া তাই কিছুদিনৰ পৰা বিচাৰি ফুৰিছিল। আজি তাইক বিভানৰ প্ৰয়োজন হৈছিল। বহু সময় ধৰি হাতে হাত ধৰি দুয়ো তাতে ৰল।
আৰু কিছু সময়ৰ পাছত বিভানে নন্দিনীৰ হাতত ধৰি ঠিয় হৈ ৰল, নন্দিনীয়ে কিবা বুজাৰ আগতে গাড়ীত বহুৱাই বিভানে গাড়ী আগুৱাই লৈ যায়। নন্দিনীয়ে সুধি গল, বিভান কি হল! আমি কলৈ গৈ আছো! কিন্তু বিভানে একো উত্তৰ নিদিলে। আৰু গাড়ী খন নিজৰ ঘৰৰ সন্মুখত গৈ ৰখালে। ইমান বছৰৰ পাছত নন্দিনী বিভানৰ লগত দেখা পায় বিভানৰ মাক আচৰিত হৈ পৰে। মাকে বহু মৰমেৰে নন্দিনীৰ নিজৰ কাষতে বহুৱালে। মাকে কিবা কোৱাৰ আগতে প্রথমে বিভানে মাকক কয়, মা আমি দুয়ো বিয়া পাতিব বিচাৰো! আৰু সেয়াও এই মাহতে। মাকে ইমান সোনকালে বিয়াৰ কথা শুনি অলপ সময় থৰ লাগে। বিভানে কয়, মা মই নিবিচাৰো যে পুনৰ নন্দিনীৰ মন সলনি হৈ যায়, বিভানৰ এনে কথা শুনি লাজতে নন্দিনীয়ে মূৰ তললৈ কৰিলে।
সেইসময়তে ভাষ্কৰ ঘৰলৈ আহি সকলোৰে কথা শুনি পায় আৰু কয় যে, অ' দাদা এতিয়া মই বুজিলো আপুনি আপোনাৰ ৰেজিষ্টাৰ কৰা আৰু মোৰ ডিভোর্স ফিজ বচাবলৈ বিচাৰিছে। সেইবাবে সোনকালে বিয়া কৰোৱাৰ কথা ভাবিছা। ভাষ্কৰৰ কথাতে সকলোৱে হাঁহিবলৈ ধৰে আৰু ঘৰখনত এক আনন্দৰ জোৱাৰ বিয়পি পৰিল।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment