প্ৰথম খণ্ড ---
দুদিনমান আগতে এখন কাজিয়াৰ নিৰৱ দৰ্শক হৈছিলোঁ । ব্যক্তিগত কাৰণত মই প্ৰায়েই তেজপুৰৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰিব লগা হয় । আলট্ৰা বাছেৰে মংগলদৈ হৈ তেজপুৰ অহা যোৱা কৰো । সাধাৰণতে বাছত কোনো মানুহৰ লগতে তেনেকৈ কথা বতৰা নাপাতো । খিৰিকী মুখৰ চিট এটাত বহি মবাইলতো লৈ ব্যস্ত হৈ থাকো , নহলে টোপনি যাবলৈ চেষ্টা কৰো । সিদিনাও আহিছিলোঁ । বাছখনত যাত্ৰী বেছি নাছিল । বাছৰ পৰিচালকৰ ভাষাত চিট কেপাচিটী হোৱা নাই । ঢেকিয়াজুলী পাৰ হোৱাৰ পিছত ভাড়াটো দি অলপ টোপনি যাবলৈ চেষ্টা কৰিছিলো । বাছখনে নিৰ্দিষ্ট গতিৰে গুৱাহাটী অভিমুখে আহি থাকিল ।( Storyboard )
হঠাতে চিঞৰ বাখৰ শুনি সাৰ পাই দেখো , এজন যাত্ৰী আৰু কণ্ডাক্টৰৰ মাজত ভাড়াক লৈ কাজিয়া লাগিছে । যাত্ৰীজনৰ মতে ইমান ভাড়া নহয় , তেখেতে চিঞৰি চিঞৰি কৈ আছে যে তেখেত চাকৰি কৰা মানুহ , তেজপুৰ গুৱাহাটী প্ৰায়ে অহা যোৱা কৰে । গতিকে নজনা মানুহ বুলি ইমান ভাড়া কিয় লব ? কণ্ডাক্টৰৰ মতে ভাড়া বাঢ়িছে গতিকে দিব লাগিব ।।। এই লৈ দুয়োজনে যথেষ্ঠ উত্তেজিত ভাবে নিজৰ নিজৰ যুক্তি দিলে । এইবাৰ বাছৰ হেণ্ডিমেন জনে বাছভাড়াৰ তালিকা এখন দেখুৱালে যাত্ৰী জনক । যাত্ৰী জনৰ খং বেছিকৈহে উঠিল -" এইবোৰ কি লিষ্ট , মিনিস্তাৰৰ চহী কত ? ডিচিৰ চহী ক'ত ? এইখনৰ মতে নিদিও ভাড়া , ফালি পেলাম এইখন , তহতে কি বুলি ভাবিছ " ক্ৰমান্বয়ে অশ্লীল শব্দৰ প্ৰয়োগ বাঢ়িল দুয়ো পক্ষৰ । মোৰ লগতে আন যাত্ৰী বোৰে নিৰৱে চাই থাকিল । কাৰণ আমি কাৰ হৈ মাত মাতিম । চাব গলে দুয়োপক্ষৰে ভুল ক্ৰুটি উলিয়াই মাত দিব পাৰি । কিন্তু কোনে কাৰ কথা শুনিব ? সকলোৱে নিজৰটো শুদ্ধ বুলি ভাবে । মহিলা যাত্ৰী সকলে চিঞৰ বাখৰ বন্ধ কৰিবলৈ বাৰে বাৰে কৈ থাকিল ( Storyboard )।
এইবাৰ ড্ৰাইভাৰে কলে যে খাৰুপেটিয়ালৈকে ভাড়া লৈ তেওঁক নমাই দিব লাগে । কিন্তু যাত্ৰীজনে নামানে , ইমান যদি টকাৰ খক দিব , লাগিলে বেছিকৈ দিব । কণ্ডাক্টৰজনে ভাড়াটো ল'লে ( কিমান ল'লে দেখা নাপালোঁ অৱশ্যে ) । যাত্ৰী জনে পুনৰ কলে লাগে যদি আকৌ বিশ টকা ল । কণ্ডাক্টৰজনেও বিশ টকা লৈ গ'ল । পৰিবেশ কিছু শান্ত লাহে লাহে ।
দ্বিতীয় খণ্ড---
মংগলদৈ পাৰ হোৱাৰ পিছত দেখিলো কণ্ডাক্টৰজন সেই কাজিয়া কৰা যাত্ৰীজনৰ ওচৰলৈ পুনৰ আহিল । এইবাৰ অন্য এক ৰুপত দেখিলো দুয়োজনকে । কণ্ডাক্টৰজনে সেই যাত্ৰী জনক কাজিয়া কৰা কাৰণে দুখ প্ৰকাশ কৰিলে আৰু বিশ টকাটো ঘুৰাই দিলে । তেওঁ দুখেৰে কলে যে , গাড়ীৰ খৰচ বহুত বাঢ়িছে , তেলৰ দাম সদায় বাঢ়ি আছে । তেজপুৰৰ পৰা দাইৰেক্ট মানুহ নাপায় , গাড়ীৰ চাৰিজন কৰ্মচাৰীৰ খোৱা লোৱা , পাৰ্কিং , আমাৰ হাজিৰা ধৰি মালিকক দিবলৈ নাথাকেই । ইফালে মালিকে ৰাতিপুৱা পাচ বজাতে চাবিপাত দি দিনটোৰ কাৰণে গাড়ীখন আমাক দিয়ে । লকডাউনৰ সময়ত ছয় সাতমাহ বন্ধ । বাৰ তেৰ ঘন্টা দিউতি কৰিব লাগে । বৰ টেনশ্যন হৈ থাকে দাদা । অলপ বেয়াকৈ কলো দাদা , বেয়া নাপাব । " যাত্ৰীজনেও বৰ আবেগিক হৈ ক'লে যে তেৱো বৰ খঙেৰে কথাখিনি কলে । এনেদৰে ক'ব নালাগিছিল । গাড়ীত মানুহ কম , সকলো খৰচ বাদ দি মালিকলৈ বেছি নাথাকে বুলি জানো । দুই এখন চিনাকি গাড়ীয়ে অলপ কম লয় কাৰণে তেতিয়া তেনেকৈ কৈছিলোঁ । তুমিও বেয়া পাই নাথাকিবা । চাকৰি কৰিলেও বহুত টেনশ্যনত থাকো আমিও । তুমি মোৰ ভাইটিৰ বয়সৰ । ভুল হৈ যায় সকলোৰে ।
বাছখন আহি আহি বাইহাটা চাৰিআলি পালে । যাত্ৰী জন নামিল । কণ্ডাক্টৰজনে দাদা দাদা বুলি মাতি তেখেতক দহটকা এটা দি ক'লে '' দাদা তামোল খাই যাব । "
--'' ধেৎ কি কোৱা হে , তোমাৰ পইচাৰে তামোল নাখাও , মইহে খুৱাম ৰবা । " এনেকৈ কৈয়ে তেখেতে ওচৰতে থকা ভেণ্ডৰ জনৰ পৰা কেইখনমান তামোল কিনি নিজে এখন খালে আৰু বাকিকেইখন কণ্ডাক্টৰজনক দি ক'লে " তোমালোকে খাবা দেই । লগ পাম হা "
--" হ'ব হ'ব দাদা , ধন্যবাদ "
মই নিৰৱে চাই থাকিলোঁ । মনটো বৰ
ভাল লাগিল । আচলতে মানুহ পৰিস্থিতিৰ দাস । খং ৰাগ সকলোৰে থাকে । কিন্তু উপলব্ধি কৰি দোষ স্বীকাৰ কৰাটো মহৎ কাম ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment