আজি পুৱাৰ পৰাই বহুত ডাঙৰকে বৰষুণ দি আছিল। অংকিতাৰ আজি অফিচলৈ যাবলৈ মন নাছিল, কিন্তু আজি অফিচত দৰকাৰী মিটিং এখন আছিল( Storyboard )। সেইবাবে ভাৱিলে, যাবই লাগিব। পুত্র ধ্ৰুব'ক ফটাফট তৈয়াৰ কৰি স্কুল পথিয়ালে আৰু নিজেও সোনকালে অফিচ পালেগৈ। অফিচত আবেলি মিটিং শেষ হল আৰু অংকিতাই ভাৱিলে আজি ঘৰলৈ সোনকালে যাম। এতিয়াও বাহিৰত বৰষুণ দি থকাৰ বাবে বচে কলে, আজি মিটিংত যি কথা হল সেই বিষয়ৰ ওপৰত কাম কৰিহে যাবা।অমনোযোগেৰে তাই কাম কৰিবলৈ আৰম্ভ কৰিলে। ঘড়ীটোলৈ চালে যেতিয়া নিশাৰ ১০বাজিল। অফিচৰ অধিকাংশ লোক সোনকালেই গৈছিল। সেই সময়তে অংকিতাৰ সহকৰ্মী জ্যোতিয়ে আহি কলে, সোনকালেই ঘৰৰ বাবে ওলোৱা। বাহিৰত বহুত ডাঙৰকে বৰষুণ দিছে। মইও যাব লৈছো। অংকিতাই, জ্যোতিৰ কথা শুনি সোনকালেই নিজৰ কাম সামৰিলে আৰু বাহিৰলৈ আহি দেখা পালে, সচাঁকে বাহিৰত আঠু লৈকে পানী ভৰি পৰিল। আৰু বৰষুণ জোৰেৰে দি আছিল। কিছু সময় অটোবোৰ চাই থাকোতে পাৰ হল কিন্তু কোনো এখন অটো নৰখিল। আৰু বহু কেইখন অটোৱে নাযাও বুলিলে, আৰু কলে যে, অংকিতা যোন ফালে থাকে সেইফালে পানী বহুত বাঢ়ি গল, আমি নাযাও।
অংকিতাৰ, সেই সময়ত ধ্ৰুৱলৈ চিন্তা হল, ইমান বৰষুণত ধ্ৰুৱ ঘৰত অকলেই আছে। তেনেতে অংকিতাই নিজৰ ফোনটো চালে, তেতিয়া দেখা পালে যে ধ্ৰুৱৰ ১০টা মিচকল। তেতিয়া অংকিতাই ফোন কৰিলত ধ্ৰুৱই কলে, মা তুমি কেতিয়া আহিবা, মোৰ বৰ ভয় লাগিছে আৰু ভোকো লাগিছে! মই ওলালোৱে ধ্ৰুৱ। ভয় কৰিবলগীয়া একো নাই। মই এতিয়াই পামগৈ। তুমি কল আৰু ব্ৰেদ বাটাৰ খায় লোৱা। মই ঘৰ পালেগৈ, তুমি ভালপোৱাটো বনাই দিম। ধ্ৰুৱৰ মন ভাল লাগিবলৈ অংকিতাই কলে। অংকিতাই ফোন ৰখা পাছত ভাৱিলে, এতিয়া ঘৰলৈ কেনেদৰে যাওঁ! ভাৱিলে, খোজকাঢ়ি হে গুচি যাওঁ! ১ঘন্টাত ঘৰ গৈ পামগৈ। চাটি মেলি যাবলৈ ধৰিলে। পানী আঁঠু ওপৰলৈকে আছিল। এনে লাগিছিল যেনে চহৰখনত বানপানী হে আহিল। কিছু সময় খোজ কাঢ়ি যোৱাৰ পাছত, বৰষুণ আৰু জোৰেৰে আহিল।
সেইবাবে অংকিতাই অটা বিল্ডিংৰ তলত গৈ ৰলগৈ। সেই বিল্ডিংক দেখা পায় তাইৰ মনত পৰিল যে সেই বিল্ডিংৰ কাষৰ বিল্ডিংতে মৌচম থাকে। কিন্তু এতিয়া সেই কথা ৩বছৰ হল। এতিয়া মৌচম তাত থাকে জানো? যদিওবা থাকে, এনেদৰে যোৱাটো উচিত হবনে? কি কৰো অংকিতা বৰ বিপদত পৰিল। আকৌ ভাৱিলে ইয়াত ৰৈ থকাতকে এবাৰ গৈ চাই আহো। থাকিলে কিছু সহায় পাম। অংকিতা তালৈ গল, কিন্তু বিল্ডিংত কাৰেন্ট নাছিল। লিফটেও কাম কৰা নাছিল। যেনে তেনে মোবাইলৰ টৰ্চ জ্বলাই চিৰি সহায়েৰে তিনি মহলাৰ ওপৰলৈ গল। মৌচমৰ কাষত গৈ পায় দোৱাৰৰ বেল বজালত, কিছু সময় কোনো নাহিল।
অংকিতাই ভাৱিলে, কোনো নাই চাগে!তাই ঘূৰি আহিবলৈ লওঁতে কোনোবাই হাতত মম লৈ দুৱাৰখন খুলিলে। অংকিতাক দেখা পায় সুধিলে, অংকিতা তুমি ইয়াত! মৌচমৰ মাত শুনা পায় অংকিতাৰ জীয় আহিল। আৰু অকস্মাৎ অংকিতাৰ মূৰটো ঘূৰাল, তাই মূৰ ঘূৰাই পৰিবলৈ লওঁতে মৌচমে তাইক ধৰিলে আৰু ভিতৰলৈ লৈ গৈ চকীতে শুৱাই দিলে। মৌচমে শুকান কাপোৰ এখন আনি অংকিতাৰ চুলি মুখ মুহাৰি দিলে। আৰু পানী খুৱাই দিলে। তেতিয়া অংকিতাই অলপ ভাল পাইছিল। মৌচমে কলে, মই চাহ বনাই আনো। তেতিয়া অংকিতাই ভয় খায় কলে, মোক মোৰ ঘৰত থৈ আহা! মৌচমে কলে, মই সকলো কৰি দিম। তুমি প্ৰথমে চাহ খায় লোৱা। আৰু বেয়া নাপালে মোৰ কিবা এটা পিন্ধি লোৱা। মই তোমাক ঘৰত থৈ আহিম। অংকিতাই নিজৰ ফোনটো বেগৰপৰা ওলিয়ালে। আৰু দেখা পালে ফোনৰ বেটেৰী ল হোৱাৰ বাবে চুইট অফ হৈ গল আৰু সেই সময়ত মৌচমৰ ঘৰত লাইটো নাছিল। এতিয়া তাই কি কৰে! মৌচমক কলে, তোমাৰ ফোনটো দিয়াচোন, মৌচমৰ ফোনৰ পৰা ফোন লগালে কিন্তু ফোন লগা নাছিল। অংকিতাই কলে, মৌচম, লেণ্ডলাইনতো ফোন লগা নাই! তেতিয়া মৌচমে কলে, চহৰখনত বৰষুণ হোৱাৰ বাবে বানপানী হল। বিজুলী, টেলিফোনৰ লাইন সকলো কাটি দিয়া গল। ঠিক নাই, ভাল হবলৈ কিমান দিন লাগিব! এয়া শুনি অংকিতাই আৰু ভয় খালে। পানীৰ বাবে মই ঘৰলৈ কেনেদৰে যাম? ধ্ৰুব ঘৰত অকলে আছে! মৌচমে সুধিলে, কোন ধ্ৰুৱ! অংকিতাই কলে, আমাৰ লৰা ধ্ৰুৱ। মৌচমে এই কথা শুনি চিন্তিত হৈ পৰিল। কাৰণ আমাৰ লৰাৰ নাম কাব্যম হে আছিল! অংকিতাই কলে, আমাৰ ডিভোর্সৰ পাছত তাৰ নামটো সলনি কৰি দিলো। মৌচমে কলে, মোক তোমাৰ ঠিকনা দিয়া, তুমি কত থাকা! অংকিতাই ঘৰৰ যি ঠিকনা দিলে, তাকে শুনা পায় মৌচম চিন্তিত হৈ পৰিল! আৰু কলে মই ২ঘন্টাৰ আগেয়ে সেই ঠাইৰপৰা আহিছো। সেই ঠাইত ১০ফুট ওপৰলৈ পানী ওঠিল। মই সাঁতুৰিব জানো বাবে ওলাই আহিব পাৰিলো, নহলে তাতে ডুবি ৰলো হয়।
মৌচম, মোৰ লৰা, কিবা সমস্যাত নপৰিলেই হল। কয়ে অংকিতাই কান্দিবলৈ ধৰিলে। চিন্তা কৰিলে কি পাবা, এতিয়া সকলো সময়ৰ ওপৰত এৰি দিয়া, মৌচমে তাইক সান্তনা দিলে। কিন্তু চিন্তা মৌচমৰো হৈছিল। মৌচমে কলে, এতিয়া কিবা এটা খায় লোৱা, মই ৰাতিপুৱাই ধ্ৰুৱক লৈ আনিমগৈ। মৌচমে খোৱাৰ জোগাৰ কৰিলে, অংকিতাই যেনে তেনে কৰি মুখত ললে। মৌচমে অলপ কথাটো পাতলাবলৈ সুধিলে, কি হল, ভাল নালাগিল নি! অংকিতাই কলে, ভাল হৈছে কিন্তু মন নগল। কিয়নো ধ্ৰুৱই কিবা খালে নে নাই! মৌচমে কলে, তুমি চিন্তা নকৰিবা। অংকিতাই কলে, তুমি বনাবলৈ কেতিয়া শিকিলা! মৌচমে কলে, তুমি গুচি যোৱাৰ পাছত মোক বনাই কোনে খোৱালে হয়! সকলো কাম মই এতিয়া নিজে কৰো। লাহে লাহে সকলো শিকি ললো। কাঁহিবাটি ধোৱা, কাপোৰ ধোৱা, কাপোৰ ইস্ত্রি কৰা, সকলোবোৰ নিজে কৰো। তুমি বিয়া নাইকৰোৱা! অংকিতাই লাহে কৰি দ্বিতীয় প্ৰশ্ন কৰিলে। মৌচমে কলে, মোৰ লগত কোন ছোৱালী বিয়া হব, না জ্ঞান আছে না,দেখিবলৈ মই ধুনীয়া! তুমিয়েই নো মোক কেতিয়া পচন্দ কৰিছিলা! এৰি থৈ গুচি গৈছিলা, আজি ৩বছৰৰ আগতে। অংকিতাই চাই ৰৈছিল, প্ৰথমৰ মৌচম আৰু এতিয়াৰ মৌচমৰ মাজত বহু পাৰ্থক্য আহি পৰিছিল।
নিশাটো দুয়োয়ে কথা পাতি পাৰ কৰিলে। চিন্তা আৰু বৰষুণত তিতাৰ বাবে অংকিতাৰ অলপ জ্বৰ উঠিল। মৌচমে তাইক দৰৱ আৰু কপালত তিতা ৰুমাল দিলে। যেতিয়াই বাহিৰত অলপ পোহৰ হল, তেতিয়া মৌচমে চাহ বনাই আৰু ব্ৰেদ বাটাৰৰ লগত অংকিতাক দিলে, আৰু কলে তুমি খায় আৰাম কৰা মই গৈ ধ্ৰুৱক লৈ আনোগৈ। তেতিয়া অংকিতাই কলে, তুমি তাক চিনি পাবা কেনেদৰে! তুমি তাক আঢ়ৈ মাহতে দেখা পাইছিলা!এজন দেউতাকৰ বাবে নিজৰ পুত্রক চিনি ওলিয়াটো কঠিন কাম নহয়। তুমিয়েই কেতিয়াও তোমাৰ ঠিকনা নিদিলা। কেতিয়াও মোক লগ কৰিবলৈ চেষ্টা নকৰিলা, কিন্তু মই তোমাক ডিভোর্সৰ পাছটো তোমাক বহুত বিচাৰিছিলো। একেখন চহৰতে থাকিও আমি দুয়ো অচিনাকিৰ দৰে থাকিলো। মৌচমৰ কথাত অভিযোগ আছিল। অংকিতাই কলে, মইয়ে ভুল কৰিলো, যি তোমাক চিনি নাপালো। মই ভাৱিবই পৰা নাই যে, তুমি এনেকৈ সলনি হব পাৰা বুলি।/p>
মৌচম, তুমি মদ খাবলৈ এৰি, জোৱা খেলা বন্ধ কৰি একেবাৰে দায়িত্বশীল হৈ পৰিলা। অংকিতাই মৌচমক ধ্ৰুৱৰ বিষয়ে কলে, মৌচমে ৰেইন কোতটো পিন্ধি পকেটত সৰু টচ এটা লৈ ওলাই গল। অংকিতাই দুৱাৰতে ৰৈ মৌচম ওলাই যোৱা চাই ৰল। মৌচম যোৱাৰ পাচত প্রথমে ঘৰটো অলপ চফা কৰিলে, তাৰপাছত ভাৱিলে খাবলৈ কিবা এটা বনাই ৰাখো। ধ্ৰুৱ ভোকত থাকিব পাৰে। অংকিতাই সোনকালেই আলু ভাজি আৰু পুৰি তৈয়াৰ কৰিলে। বাচন বৰ্তন চফা কৰিলে।
কিন্তু এতিয়ালৈকে মৌচম আহি নাপালে। তেতিয়া বহি বহি অংকিতা অতীতলৈ গল, মৌচম আৰু অংকিতাৰ বিয়া হৈ গল। বিয়াৰ ২মাহলৈ সকলো ঠিকে আছিল। কিন্তু কিছু দিনৰ পাছত মৌচম ঘৰলৈ দেৰিকে মদ খায় আহিবলৈ ধৰিলে। এই কথা লৈ দুয়ো মাজত কাজিয়া হবলৈ ধৰিলে। মৌচমে বহু বাৰ অংকিতাক প্ৰতিজ্ঞা কৰে, কিন্তু সেই প্ৰতিজ্ঞা কিছু দিনৰ বাবেহে। বিয়াৰ এবছৰৰ পাছতে, অংকিতা গৰ্ভৱতী হল। তেতিয়া অংকিতাই ভাৱিলে, এতিয়া মৌচম সলনি হব, কিন্তু লৰা হোৱা পাচটো মৌচম সলনি নহল। যেতিয়া ধ্ৰুৱ তিনিমাহৰ হল, তেতিয়া অংকিতাক মৌচমৰ বন্ধু এজনে কলে, মৌচমৰ জোৱা খেলাৰ নিচাৰ বাবে মৌচমৰ ওপৰত বহু ধাৰ লাগিল। এই কথা অংকিতাই সহ্য কৰিবলৈ নোৱাৰিলে। আৰু তাই মৌচমক ডিভোর্স দিয়াৰ সিদ্ধান্ত লৈ পেলালে। তেতিয়া মৌচমে অংকিতাক বহু বুজাবলৈ চেষ্টা কৰিলে যে, সি সলনি হব, কিন্তু অংকিতাৰ তাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল। অংকিতাই ধ্ৰুৱক লৈ নিজৰ মাকৰ ঘৰলৈ গুচি আহিল। আৰু কিছু মাহৰ পাচত ডিভোর্স হল। ডিভোর্সৰ পাচত অংকিতাই কেতিয়াও পাচলৈ ঘূৰি চোৱা নাছিল। আৰু তাই নিজৰ মাকৰ ঘৰটো বোজা হবলৈ বিচৰা নাছিল। সেইবাবে তাই ভাড়াঘৰ ললে আৰু চাকৰি কৰিলে। ( Storyboard )
সেই সময়তে অংকিতা অতীতৰ পৰা উভতি আহিল। কিন্তু এতিয়ালৈকে মৌচম ঘূৰি অহা নাছিল! অংকিতাৰ তেতিয়া চিন্তা বাঢ়ি গল। মৌচম তাইৰ ঘৰ গৈ পালেগৈ বা নাই! কি অৱস্থাত আছে ধ্ৰুৱ। অংকিতাই ভাৱিলে, বাহিৰলৈ গৈ চাওঁগৈ, খটখটিৰে তললৈ আহি তাই আচৰিত হৈ পৰিল, অধিক ফ্লেট খালী হৈ পৰিছিল। কিছু লোকে বস্তু বান্ধি আছিল। বানপানী হোৱা ভয়তে তাৰপৰা যাবলৈ লৈছিল। বাহিৰৰ ৰাস্তাত কমৰৰ ওপৰলৈকে এতিয়াও পানী। পাতলীয়া বৰষুণ এতিয়াও হৈ আছিল। সেয়া দেখা পায় অংকিতা ভয়তে ওপৰলৈ গুচি আহিল। কিছু সময়ৰ পাচত মৌচম আহিল, কিন্তু তাৰ শৰীৰত আঘাত পোৱাৰ চিহ্ন আছিল। অংকিতাই ভয় খালে, আৰু সুধিলে এই আঘাত কেনেদৰে পালা! আৰু ধ্ৰুৱ কত! মৌচমে কলে, ঘৰত ধ্ৰুৱ নাছিল। পুলিচে বানপানীত থকা লোকসকলক শিবিৰলৈ লৈ গল। ধ্ৰুৱ ও তালৈকে গল। মৌচমৰ কথা শুনি অংকিতাই কান্দোনত ভাঙি পৰিল। মই কেতিয়াও ধ্ৰুৱক নিজৰপৰা বেলেগ কৰা নাছিলো। মৌচম তুমি নকলা যে, তুমি আঘাত কেনেদৰে পালা! মৌচমে কলে, পিচলি পৰিলো, ভৰিত মুচুকা খোৱা বাবে খোজ কাঢ়িবও পৰা নাছিলো। যেনে তেনে ঘৰ পালোহি। অংকিতাই মৌচমক খাবলৈ দিলে। মৌচমে খায় বৈ দৰৱ খায় শুই পৰিল। অংকিতা মনে মনে চকীতে বহি আছিল, মৌচমে দেখা পালে, সন্ধিয়া হবৰ হল। তুমি মম নাই জ্বলোৱা যে, আৰু মৌচমে নিজে মম জ্বলাই কলে, মই শিবিৰলৈ গৈ, ধ্ৰুৱক বিচাৰোগে! তুমি চিন্তা নকৰিবা, ধ্ৰুৱক আমি নিশ্চিয় বিচাৰি পাম। কিছু সময়ৰ পাছত নিশা হব, এতিয়া নাযাবা, অংকিতাই ভয় খায় কলে। মৌচমে কলে, তুমি এতিয়াও মোলৈ চিন্তা কৰা! মই তোমাৰ লগত ২বছৰ আছিলো। মৌচমে বিচনাতে বহি পৰিল আৰু কলে, যেতিয়া সকলোবোৰৰ ঠিক যেতিয়া ভুলটো কত! কি আমি এতিয়া একেলগে থাকিব নোৱাৰো নে! অংকিতাই ভাৱিবলৈ ধৰিলে! মৌচমে কলে, আমি দুয়ো দিনটো অফিচতে থাকো, যদি ৰাতি একেলগে কিছু সময় পাৰ কৰো তেতিয়া কিমান ভাল হব। ধ্ৰুৱৰ দায়িত্ব আমি দুয়ো মিলিজুলি লম। অংকিতা মৌন হৈয়ে থাকিল।
তুমি একো নোকোৱা কিয় অংকিতা, মই দায়িত্ব লবলৈ শিকিলো। মই ঘৰৰ সকলো কামে কৰিম, মৌচমৰ মাতত ক্ষমাৰ ভাৱ আছিল। অংকিতাই একো নকলে, মৌচম মনে মনে বহি ৰল। এনেদৰে মৌনতাৰে পুৱা হল। ৰাতিপুৱা এক কাপ চাহ খায় মৌচম ঘৰৰপৰা ওলাই আহিল। আৰু কিছু সময়ৰ পাছত অংকিতাই দেখা পালে দুৱাৰত মৌচম ৰৈ আছিল। অংকিতাই সুধিলে, ধ্ৰুৱ কত! কোৱা মৌচম! মৌচমে কোৱাৰ আগতেই মা, ধ্ৰুৱই মাত দিলে, অংকিতাই ধ্ৰুৱক মোৰ বেটা বুলি সাৱটি ধৰিলে। আৰু অংকিতাই মৌচমক সুধিলে, তুমি সহজেৰে ধ্ৰুৱক বিচাৰি পালা নে, সমস্যা হল বিচাৰি ওলিয়াবলৈ! মৌচমে কলে, শিবিৰৰ ৰেজিস্টাৰত তোমাৰ নাম আৰু ঠিকনা লিখা আছিল, সেইবাবে সমস্যা নহল। মৌচমে শিবিৰৰ পৰা খোৱা বস্তু লৈ আহিছিল। শাক পাচলি, গাখীৰৰ পেকেট, ব্ৰেদ, নমকিন। অংকিতাই খোৱাৰ জোগাৰ কৰি, ধ্ৰুৱক কলে, তুমি এওঁক চিনি পোৱানে! ধ্ৰুৱই, মাকৰ ফালে চাই কলে, এয়া মোৰ দেউতা হয়। কেনেদৰে চিনি পালা! ধ্ৰুৱে কলে, এওঁ কলে। ধ্ৰুৱ, তুমি ব্ৰেদ বাটাৰ ভালপোৱা ন! মৌচমে সুধিলে! অ দেউতা। মৌচমে কলে, এই সকলোবোৰ মইও ভালপাওঁ। আমাৰ দুয়ো মাজত ভাল বন্ধুত্ব থাকিব। হাঁহি মাৰি অংকিতাই পুতেক বাপেকৰ কথা শুনি থাকিল। বৰ সৰলতাৰে মৌচমে, ধ্ৰুৱৰ লগত মিলি গল। অংকিতাই কলে, ধন্যবাদ এই বৰষুণৰ বতৰক, যে আমি দুয়ো পুনৰ লগ হলো। আৰু আমাৰ পৰিয়ালটো এনেদৰে পুনৰ মধুৰ মিলন হল। মৌচমে অংকিতাৰ ফালে আচৰিত ভাৱে চাই কলে, মানে তুমি মোৰ কথাত মান্তি হলা! অংকিতাই অ বুলি উত্তৰ দিলে। অংকিতাৰ এনে অনুভৱ হল, যেনে তাইৰ বহু বোজা পাতল হৈ পৰিল। এতিয়া সকলোবোৰ মৌচমৰ লগত ঠিক যে হল। তাহাঁতৰ মাজৰ দীঘলীয়া দূৰত্ব কৰবাত হেৰাই গল। যেনে যোৱা কালিৰ হে কথা। ঘৰ এখন মনুষ্য দ্বাৰা হে পূর্ণ হয়, ঘৰৰ বেৰৰ দ্বাৰা নহয়, এতিয়াটো মৌচম সলনি হল। অংকিতাই এই সকলোবোৰ ভাৱি আছিল আৰু বাপেক পুতেকৰ হাঁহিয়ে তাইক সুখী কৰি তুলিছিল। তাৰপিছত কেতিয়াও মৌচমে, অংকিতা আৰু ধ্ৰুৱক একো অভিযোগ দিয়াৰ সুযোগ নিদিলে। তিনিও একেলগে সুখী হৈ থাকিল।।।
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment