জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৩৫) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 8, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ৩৫) : Storyboard

              

Storyboard


ৰুমলৈ আহি ফ্ৰেচ হৈ লৈ নিশাই দুটামান নোট কৰিব ললে । ক্ষণ প্ৰশিক্ষণকৈ সময়বোৰ পাৰ হৈ গল । এটা মায়া সনা সন্ধিয়াই স্বাগতম  জনালে( Storyboard ) । কিছু দূৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি আহিছে এটা নিভাঁজ বাঁহীৰ সুৰ । বাঁহীৰ সুৰৰ প্ৰতি তাইৰ দুৰ্বলতাও কম নহয় । তাই আৰু স্থিৰে থাকিব  নোৱাৰিলে । এই ব্যস্ততাময় চহৰৰ মাজত জীৱনৰ সৌন্দৰ্য্য বিচাৰি ফুৰা কোন সেয়া দুৰ্দান্ত প্ৰেমিক । তাই বাহিৰলৈ ওলাই আহিল । বাহিৰত ক্ৰমশ আন্ধাৰ নামিছে । নিশা বাৰাণ্ডাত থিয় হৈ ৰল ।  হেৰাই গল সেই সুৰৰ মাজত । এনেকৈ কিমান সময় যে পাৰ হৈ গল তাই গমেই নাপালে । এটা সময়ত কংক্ৰিট চহৰখনৰ গাড়ী মটৰৰ হাই উৰুমিৰ মাজত সেই সুৰটো স্তব্ধ হৈ ৰল । লাহে লাহে তাই ভিতৰলৈ খোজ ললে । তাৰ পিছত  ভাতৰ যোগাৰ কৰিবলৈ ৰান্ধনী শাললৈ গল । এটা সময়ত তাইৰ ভাত পানী বনোৱা হৈ গল কিন্তু জোনাক এতিয়াও আহি পোৱা নাই । ঘড়ীটোলৈ চালে ১১ বজাৰ সংকেত দিছে । নিশাই সকলো সাজু কৰি জোনাকলৈ বাট চাই ৰল। কিছু সময় পিছত জোনাক আহি দুৱাৰত টোকৰ মাৰি মাত লগালে । 
-নিশা, নিশা ।
তাই তৎক্ষণাত দুৱাৰ খুলি দিলে । সি সোমাই আহিল । 
-তুমি শোৱাই নাই মানে । মই তুমি টোপনি যোৱা বুলি হে ইমানকৈ চিঞৰিলো । 
- শোৱা টো পিছত মোৰ ভাত হল মাত্ৰ । বাৰু তুমি কাপোৰ কানি সলাই আহা, মই ভাত সাজু কৰো । 
-তুমি এতিয়াও ভাত খোৱা নাই যে ।
-মানুহ বুলিবলৈ তুমি আৰু মইয়ে মাত্ৰ । এইক্ষেত্ৰত তোমাক এৰি মই কেনেকৈ খাওঁ । 
 নিশা ৰান্ধনী শাললৈ গৈ ভাত সাজু কৰাত ব্যস্ত হৈ পৰিল ।জোনাক মৌন হৈ ৰল । কাৰণ সি বাহিৰতে ডিনাৰ কৰি আহিছে । চহৰলৈ অহাৰে পৰা সি আজিলৈ বাহিৰত ডিনাৰ কৰি পোৱা নাই । যিমান ৰাতি হলেও অন্তত ৰাতিৰ ভাত সাজ সি নিশাৰ লগতে খাই আৰু নিশাও সদায় বৰ হেঁপাহেৰে তালৈ বাট চাই ৰয় । কিন্তু আজি মিটিং এখনত তাক নিমন্ত্ৰণ কৰিছিল আৰু তাত তাৰ উৰ্দ্ধৰ বহু কেইজন ব্যক্তি তাত উপস্থিত আছিল । সেয়ে সি প্ৰস্তাৱ নাকচ কৰিব নোৱাৰিলে । কিন্তু এতিয়া সি বিপাঙত পৰিল । নিশাক কৈ কি । তাইক বাহিৰতে খাই অহা বুলি কলে হয়তো মনত বহু কষ্ট পাব । হয়তো তাইয়ো নোখোৱাকৈ শুই থাকিব । কথাখিনি ভাবি থাকোতেই নিশাই মাত লগালে 
-জোনাক, মই ভাত বাঢ়ি ৰৈ আছো, আহা ।
সি আকৌ ভাত খাবলৈ আগবাঢ়িল । একমাত্ৰ তাই কষ্ট পাব বুলি ভাবি । আৰু যেতিয়া ভাত পানী খাই দুয়ো বিচনালৈ আহিল তেতিয়া সি তাইক বাহিৰত ডিনাৰ কৰি অহাৰ লগতে তাই যে কষ্ট পাব পাৰে।( Storyboard )
সেই কথা ভাবিয়েই সি আকৌ তাইৰ লগত ভাত খোৱাৰ কথা কলে । নিশা আচৰিত হল । নহবনো কিয়? যিজন জোনাকে এদিন তাই ৰাতি ভাত খাবলৈ ৰৈ থাকোতে বাহিৰতে ডিনাৰ কৰি অহা বুলি কৈ শুই আছিল সেইজন জোনাকে আজি তাই দুখ পোৱাৰ কথা ভাবি আকৌ ভাত খাব বাধ্য হৈছে । তাইৰ মনতে ভাব হল মানুহ মৰমৰ দাস । আৰু সেই মৰমে তেতিয়া হে পূৰ্ণ ৰূপ পায় যেতিয়া এজনৰ লগত আনজনৰ মনৰ মিলন হয় । এইক্ষেত্ৰত ধ্যান ধাৰণা তথা মানসিক দৃষ্টিভংগীয়ো প্ৰভাৱ বিস্তাৰ নকৰা নহয় ।


 প্ৰভাতী সুৰুয টোৱে দিনটোক আগত লৈ পূৱ আকাশত উদিত হৈছে । ভোমোৰাৰ গুঞ্জনে চৌপাশ মুখাৰিত কৰি তুলিছে, চৰাই চিৰিকটিৰ কোলাহলে প্ৰকৃতি ৰজনজনাইছে । যেন সূৰুযটোৰ আগমনৰ লগে লগে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে । নিশাৰো সেই একেই ব্যস্ততা ঠিক অইন দিনাৰ দৰে দিনপঞ্জীতে আৰম্ভ হোৱা আৰু দিনপঞ্জীতে সামৰণি পৰা গতানুগতিক জীৱনযাত্ৰা । ঘৰুৱা কাম কাজ কৰিছে , জোনাকক ইটো সিটো যোগান ধৰিছে , তাৰ পাছত জোনাকৰ লগতে  কলেজলৈ ওলাই গৈছে আৰু সিও নিবলৈ আহিম বুলি কৈছে । সেই আশা বুকুত বান্ধি দুয়ো দুয়োৰে পৰা দিনটোৰ কাৰণে এৰা এৰি হৈছে । কলেজতো সেই একেই ব্যস্ততা । দুই এদিনতে ক্লাচ পৰীক্ষা আৰম্ভ হব । সেয়ে ক্লাচবোৰ প্ৰখৰ গতিত চলিছে । ক্লাচৰ শেষত বিনয় আৰু তাই ওলাই আহিছে। জোনাক ৰৈ আছে । কিছু দূৰৰ পৰা তাৰ চকুত পৰিল বিনয় আৰু নিশাক । খঙত সি জ্বলি পকি উঠিছে । সি সহ্য কৰিব পৰা নাই নিশাক বিনয়ৰ লগত । খঙৰ ভমকত গাড়ীখন ঘুৰাই সি তাইক এৰি ৰূমলৈ যাত্ৰা আৰম্ভ কৰিলে । সম্মুখৰ পথটো সি ধুঁৱলী কুঁৱলী দেখিছে, বুকুত এজাক ধুমুহা বলিছে । তীব্ৰ বেগত গাড়ী চলাইছে । বৰ্তমানক গুৰুত্ব দি সি পাহৰি গৈছে ভৱিষ্যতৰ অনিশ্চিত বিপদৰ কথা । নিশা আহি কলেজৰ গেটত, যত জোনাকে অইন দিনা ৰৈ থাকে তাত ৰৈছে । তাক তাত নেদেখি ফোন কৰিলে, ফোন ৰিং হৈ আছে কিন্তু তোলা নাই । নিশাই সি কিবা ব্যস্ত থকা বুলি ভাবি বাছেৰে ৰুমলৈ আহিল । দুৱাৰদলিত খোজ দি তাই দেখিলে উগ্ৰ ৰূপত বহি আছে জোনাক । চকু মুখত প্ৰচণ্ড খঙৰ আৱৰণ এটা বেৰি আছে তাক । তাই গৈ তাৰ ওচৰতে বহিল ।
- কি হৈছে জোনাক? 
সি উসাৎ মাৰি তাইৰ ওচৰৰ পৰা আতৰি গল । তাৰ পিছে পিছে তাইয়ো গল । 
-জোনাক, তোমাৰ হৈছে কি? কিয় এনেকুৱা কৰিছা? 
-মোৰ কি হৈছে কি হোৱা নাই সেয়া জানিবলৈ তুমি কোন? নিজক সোধা মই কিয় এনেকুৱা কৰিছো । 
-তুমি মোক এনেকৈ কৈছা যে । 
-তোমাৰ যিখিনি প্ৰাপ্য তাকতো মই দিবই লাগিব । 
-জোনাক??? 
-এই নামটো তুমি উচ্চাৰণ নকৰিবা । তোমাৰ মুখত এই নামটোৱেই শোভা নাপায় । আচলতে মোৰ নামত পিন্ধা এই সেন্দুৰকণৰ নামত তুমি কলংকহে । 

  "নিয়ৰ সৰে টোপা টোপে 
    দূবৰি বনত জিলিকি উঠে 
   ক্ষণ-প্ৰতিক্ষণে দিন বাগৰে 
স্মৃতিবোৰেও উকি মাৰে 
সেই উকিয়ে মোৰ বুকু ভাঙে..! "

জোনাক ওলাই গল । নিশা কান্দোনত ভাগি পৰিল । দুখৰ ৰাতিটো যিদৰে নাযায় নুপুৱাই ঠিক সেইদৰে সুখৰ ক্ষণবোৰো চিৰস্থায়ী নহয়। তাৰ বাস্তৱ উদাহৰণ তাই নিজেই । হয়তো প্ৰত্যেকজন মানুহৰে তেনেকুৱাই হয় । হৃদয়ৰ চিনাকি মানুহবোৰে যেতিয়া বৰণ সলাই জীয়াই থকাৰ আশাকণো টুটি আহে ।  ক্ৰমশ আন্ধাৰ নামি আহিছে । সেই আন্ধাৰৰ মাজত ডুবি বিচনাত পৰি কান্দি আছে তাই । তাইৰ বুকুৰ ভিতৰৰ পৰা ওলাই অহা উচুপনিবোৰ কোঠাটোৰ বেৰত ধ্বনিতো হৈছে । হয়তো সেয়া জোনাকৰো কাণত নপৰা নহয় । তথাপিও আজি যেন তাইক সান্তনা দিবলৈ কাষত কোনোৱে নাই । 

"যেতিয়া হৃদয়ে কান্দে
সহাৰি দিবলৈ কাষত কোনো নাথাকে 
চপৰা চপৰে খহে বুকুৰ মাটি 
যেতিয়া চিঙি যায় মৰম বান্ধোন 
জৰা দিবলৈ একো নাথাকে 
এবুকু চকুলোৱে হয় সাৰথি..! "

ক্ৰমশ

Storyboard
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Storyboard )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages