ধৰ্ষণৰ পিছত কেনে পৰিস্থিতিৰ সন্মূখীন হয় সেই মহিলাসকল ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 8, 2021

ধৰ্ষণৰ পিছত কেনে পৰিস্থিতিৰ সন্মূখীন হয় সেই মহিলাসকল ? Storyboard

Storyboard

আমি দুয়ো গুৱাহাটীত থাকিবলৈ লোৱা মাত্ৰ দুমাহ হৈছে। মোৰ স্বামী দিগন্তৰ ইয়ালৈ ট্ৰাঞ্চফাৰ হল। মোৰ ওচৰত এম বি এৰ ডিগ্রী থকা বাবে মোৰো চাকৰি এটা হোৱাত অসুবিধা নহল। এই ঠাইত আমি নতুন বাবে আমাৰ বন্ধু বৰ্গ কমকে আছিল। Storyboard )


নতুন ঘৰলৈ অহা বাবে নমিতাই দিপাৱলী পাচদিনা ঘৰতে এটা পাৰ্টিৰ আয়োজন কৰিলে।নমিতাই নিজৰ আৰু দিগন্তৰ অফিচৰ কিছু লোকক নিমন্ত্রণ দিলে। দিপাৱলী পাচদিনা যেতিয়া তাই ফুল আৰু চাকিৰে ঘৰখন সজাই আছিল, তেতিয়া দিগন্তই কলে, হব আৰু কিমান চাকি নজলোৱা! ঘৰটো ধুনীয়া লাগিছে। তুমি পুৱাৰ পৰা কাম কৰি আছা। ভাগৰি যাবা, এতিয়া তুমি সাজো হবলেও আছে। 


নমিতাই, দিগন্তৰ ফালে মৰমেৰে চাই লৈ কলে, মোৰ লগত তুমিওটো সমানে কাম কৰিছা। আৰু ১০মিনিট, তাৰপাছত সাজো হবলৈ যাম। আমি সাজো হৈ আজৰি হলত লাহে লাহে আলহী আহিবলৈ আৰম্ভ হল। প্ৰথম বাৰ ঘৰখনত সকলোকে লগ পায় ভাল লাগিল। যেতিয়া টেবুলত চিঙৰা, পকোৰা, আদি ৰখা হল, তেতিয়া সকলোৱে কলে, ঘৰতে বনোৱা এনে খাদ্য খাবলৈ পালে বৰ ভাল লাগে। তাৰপাছত কথাৰ মহলা আৰম্ভ হল। মিঠাই, নাচ গানৰ লগতে সকলোৱে পাৰ্টিত বৰ আনন্দ কৰিলো। 

পাৰ্টিত আমাৰ লগত মুখ্য অতিথি হিচাপে আছিল দিগন্তৰ বচ পলাশ আৰু তেওঁৰ পত্নী গীতা। ৰাতি ২ টাবজাত পাৰ্টি শেষ হল। সকলোৱে এই পাৰ্টিৰ বাবে আমাক ধন্যবাদ জনালে। দিনটো কামৰ ভাগৰৰ পিচটো কিন্তু চকুত টুপনি নাছিল। মই আৰু দিগন্তই বাৰাণ্ডাতে বহি ৰলো, কথা পাতিবলৈ। নিজান ৰাতি আৰু ৰঙীন বিজুলী বাটিৰ পোহৰত ঠাইকন বৰ ধুনীয়া লাগিছিল। 


দিগন্ত, তুমি এটা কথা মন কৰিলা নে, তোমাৰ বচ পলাশৰ পত্নী বহুত শান্ত হৈ আছিল। তেওঁ খোৱাৰ সময়ত কিবা কৈছিল নে, খেলাৰ সময়ত ? এনে লাগিছিল তেওঁ যেন এটা মেচিনৰ দৰে সকলোবোৰ কৰি গৈছিল। তেওঁ দেখিবলৈ ধুনীয়া কিন্তু সুখী নাছিল! 


তুমিও নহয়, বাদ দিয়া, তেওঁ বচৰ পত্নী হয়। ইমান হুলস্থুল কৰিব নোৱাৰে। ডাঙৰ লোকে জুনিয়ৰ কৰ্মচাৰী সকলৰ লগত এক দূৰত্ব বজায় ৰাখে। 

তোমাৰ বচ বহুত ফুৰ্তিবাজ হয়। তুমি দেখা নাছিলা নে, তেওঁ নাচি থকা সময়ত তেওঁ তেওঁৰ পত্নীৰ ফালে বৰ মৰমেৰে চাই ৰৈছিল। কিন্তু মেডামৰ ধ্যান তেওঁৰ ফালে নাছিল। 


দিগন্তই হাঁহি মাৰি কলে, অ তুমি মানে মোৰ লগত নাচি থাকোতে তোমাৰ দৃষ্টি তেওঁলোকৰ ওপৰত আছিল। 


দিগন্তৰ ধেমালিত নমিতাই কলে, দিগন্ত মোৰ কিন্তু বিষয়টো কিবা জটিল যেন অনুভৱ হৈছে।


বাদ দিয়া, তোমাৰ অনুভৱ সচাঁ হলেও এই ক্ষেত্ৰত আমাৰ কি আহে যায়! 


নমিতাই ভাবি ভাবি কব ধৰিলে, নহয় দিগন্ত, বিষয়টো এনেদৰস এৰিব নোৱাৰো। এতিয়া মোৰ লাহে লাহে মনত পৰিছে, গীতা মোৰ লগত কলেজত একে লগে পঢ়িছিল।সেয়ে তাইক বৰ চিনাকিৰ দৰে লাগিছিল। দিগন্তক বুজাই মই কয় গলো, মই গীতাৰ লগত বন্ধুত্ব গঢ়িব বিচাৰো। 


নমিতা, বচৰ লগত বন্ধুত্ব গঢ়াৰ এটাই অৰ্থ থাকে, তেল মৰা, বাদ দিয়া তুমি সেই গীতাৰ কথা। 


প্লীজ, এবাৰ লগ কৰাই দিয়া, মই প্ৰতিজ্ঞা কৰিছো, দ্বিতীয় বাৰ গীতাই নিজে মোক লগ কৰিবলৈ আহিব। 


তুমি নিজৰ কথা ৰাজী কৰাবলৈ ভালদৰে জানা। কি কৰিব পাৰো দেখা যাব। পুৱা ৪বাজি গল। উঠা, অফিচলেও যাব লাগিব। 


শণিবাৰে যেতিয়া, দিগন্ত অফিচৰপৰা আহি কলে, মেডাম আপোনাৰ কাম হৈ গল, বচে কথাটো মানিলে, দেওবাৰে প্ৰথম চিনেমা তাৰপাছত বাহিৰতে খোৱাৰ প্ৰস্তুতি।


দিগন্ত তুমি বহুত ভাল। 


দিগন্তই হাঁহি মাৰি মোৰ হাতখন ধৰিলে আৰু কলে, মই জানো সচাঁ খেলুৱৈৰ কেতিয়াও পৰাজয় নহয়।


দুখৰ কিছু ক্ষণ মোৰ মনলৈ আহিল কিন্তু সেয়া পলকতে মই আঁতৰাই দিগন্তৰ বাবে চাহ বনাবলৈ পাকঘৰলৈ গলো। 


নমিতাই বিয়াৰ আগতে বেডমিণ্টন খেলি ভালপাইছিল। খেলাৰ পাচত খেলাৰ ভাগৰে, তাইক বৰ সন্তুষ্ট কৰিছিল। পুৰণি ঠাইত থাকোতে সপ্তাহত এবাৰলে হলেও ক্লাবলৈ গৈছিলো। এই নতুন ঠাইত এনে ঠাই বিচাৰি পোৱা নাই। ক্লাৱৰ মেম্বাৰচিপো বহুত হল। এতিয়াটো মাত্র নমিতাৰ দেওবাৰলৈ মাথো অপেক্ষা। দেওবাৰৰ আবেলি আমি চাৰিওজন লগ পালো। আজি সকলোকে লগ পাই, প্ৰথমে নমিতাই গীতাক মনত পেলালে যে, আপোনাৰ মনত নাই নি আমি একেলগে কলেজতে পঢ়িছিলো। সেইদিনা আপোনাক মোৰ চিনাকি চিনাকি লাগিছিল কিন্তু পাচতহে মোৰ মনত পৰিল।


গীতাই হাঁহি মাৰি কলে, পুৰণি বান্ধৱী পাইছো যেতিয়া, এতিয়া আপুনি নহয় তুমি বুলিলে ভাল লাগিব।

 

আমি একেলগে হাঁহি দিলো। তেতিয়া বচে আমাৰ হাঁহি শুনা পায় কলে, এতিয়া গীতাৰ লগত বান্ধৱী হলে যেতিয়া তাইৰো ইয়াত মন বহিব। দিগন্তই নমিতাৰ ফালে চাই হাঁহিলে, দিগন্তৰ চকুহালে কলে, তুমি জয়ী হলা। 

চিনেমাহলত নমিতা আৰু গীতা ওচৰতে বহিছিল। এটা সময় আহিল যেতিয়া চিনেমা খনত এটা ধৰ্ষণৰ দৃশ্য দেখুৱা হৈছিল।নায়ীকা গৰাকীয়ে চিঞৰিছিল, দৌৰ মাৰিছিল, সেই পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। সেই দৃশ্যই মোক কম্পামান কৰি তুলিছিল। দিগন্তই মোৰ হাতখন দিগন্তৰ হাতেৰে খামুচি ৰাখিলে। সেই সময়তে মোৰ চকু গীতালৈ গল। তাই জোৰেৰে তাইৰ চকুহাল বন্ধ কৰি ৰাখিছিল। আৰু এইবাবেই নমিতাই গীতাৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল। 


চিনেমাৰ মাজত বিৰতি দিয়াত খাবলৈ কিবা আমিয়ে আনিম বুলি, নমিতাই গীতাক বাহিৰলৈ লৈ আনিলে। এটা কোণত গৈ আমি ৰলোগৈ। নমিতাই গীতাক কলে, চিনেমাৰ যি দৃশ্য দেখা পায় তুমি তোমাৰ চকুহাল বন্ধ কৰি ৰাখিছিলা, তেনে ঘৃণনীয় সময় মইও বাস্তৱত পাৰ কৰিছো। পাৰ্থক্য এয়াই যে, সেই সময়ত তুমি অকলে আছিলা। গীতাৰ চকু ভয়ৰে ভৰি পৰিল। তাই কলে, কি কৈছা? তোমাক দেখিলে, কোনেও সপোনটো ভাৱিব নোৱাৰে যে, যন্ত্রণাৰ সেই সময়ৰ মাজেৰে তুমিও পাৰ হৈ আহিছা। 


যন্ত্ৰণাৰ সময় মইও পাৰ কৰি আহিছো, গীতা! কিন্তু সেই যন্ত্রণাৰ পানীৰে মোৰ কাপোৰ আজি তিতা নই, কিন্তু তুমি আজিও তিতি আছা আৰু কপিঁছা। 


আমি দুই জনীয়ে পাহৰি গৈছিলো যে আমি কত আছো আৰু কি নিবলৈ আহিছিলো! আমাৰ সন্মূখত দিগন্ত আহি ৰলহি। হাতত খোৱা সামগ্রী লৈ। দিগন্তই জানিছিল সেই সময়ত তাত কি কথা বতৰা চলিছিল। দিগন্তই মাথো এয়াই কলে, বলা চিনেমা আৰম্ভ হল। 


চকু দিয়াটো বেয়া কথা, কিন্তু কি কৰো, আজি মইও তাকে কৰিলো। দেখা পায় ভাল লাগিল, গীতাই বচৰ হাতখন খামুচি ধৰি বহিছিল। ইয়াতকে আৰু বেছি চকু দিয়াটো ভাল নহয়। নমিতাই নিজৰ ধ্যান চিনেমাত দিলে। চিনেমা শেষ হোৱাৰ পাচত ৰেষ্টোৰেন্টত খোৱাৰ সময়তে বচে কলে, দিগন্ত, অফিচৰ বাহিৰত চাৰ আৰু আপুনি নচলিব। ইয়াত আমিও বন্ধু, নমিতা আৰু গীতাৰ দৰে।


খোৱা শেষ কৰাৰ পাচত আমি বাহিৰলৈ আহিলো আৰু এজনে আনজনৰপৰা বিদায় মাগিলো। আমি চাৰিও সুখী আছিলো। কিন্তু সকলোৰে সুখী হোৱাৰ কাৰণ বেলেগ বেলেগ আছিল। এতিয়া নমিতা আৰু গীতাই দুই এদিনৰ অন্তৰালৰ মাজে মাজে প্ৰায়ে কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিছিল। 


পলাশে আজি একেলগে দুটা ভাল খবৰ দিলে। প্রথমটো,মোক এটা ক্লাবৰ সদস্যতা দিয়ালে আৰু যত মোৰ দুটা আশা পূৰ্ণ হব। আনটো ভাল খবৰ, পলাশ দুদিনৰ বাবে দিল্লীলৈ যাব আৰু সেয়ে গীতাই নমিতাৰ লগত থাকাৰ ইচ্ছা প্ৰকাশ কৰিছে।পাচদিনা দিগন্তই পলাশক এয়াৰপৰ্টত থৈ আহিলে আৰু গীতাক আমাৰ ঘৰলৈ লৈ আনিলে।


গীতা অহাত নমিতাই সুধিলে, কফি লগত পপকন খাবা! গীতাই নমিতাক কলে, ৰবা মইও গৈছো, লগ লাগি বনাম। দিগন্ত অফিচৰ কামত ব্যস্ত আছিল। সি ভাবিলে এতিয়া নিজকে ব্যস্ত ৰখাটোৱে প্ৰয়োজনীয়। নমিতা আৰু গীতাৰ হাতত কফি কাপ, নমিতাই টিভিটো অন কৰিলে, সেই সময়ত তাত বেলেগ কথা হব লাগিছিল কিন্তু নমিতাই আৰম্ভ কৰিলে, কি হৈছিল!


গীতাই কলে, প্ৰথমে তুমি কোৱা, তুমি কোৱাৰ পাচতহে মোৰ কবলৈ সাহস হব। নমিতাই গীতাক সেই কালৰাত্ৰিৰ মাজৰপৰা আনিবলৈ পুনৰ নমিতা সেই আন্ধাৰৰ মাজলৈ যাব লাগিব। নমিতাই মনটো ডাঠ কৰিলে আৰু কবলৈ আৰম্ভ কৰিলে, সেইদিনা আবেলি মই বেডমিণ্টন খেলি ড্ৰেচিংৰূমলৈ গলো। তাৰপৰা মই চুইমিং পুললৈ যাব লগীয়া আছিল। সম্ভৱ সকলোবোৰ প্ৰথমৰ পৰাই পৰিকল্পিত হৈ আছিল। দুটা লৰা বাহিৰত ঘূৰি ফুৰিছিল। যাক দেখা পায়ও মই বিশেষ গুৰুত্ব নিদিলো।

 নমিতাই অলপ ৰৈ, আগলৈ কৈ গল, ভিতৰত এটা লৰা আছিল, যাক মই ড্ৰেচিংৰূমত দেখা পায় মই আচৰিত হলো। মহিলাৰ ড্ৰেচিংৰূমত পুৰুষ কেনেদৰে! সি মোক দেখা পায় মোৰ কাষলৈ আহি মোক চুব বিচাৰিলে। মই বহুত ভয় খালো আৰু জোৰেৰে চিঞঁৰি তাৰপৰা বাহিৰলৈ আহিবলৈ বিচাৰিলো। সেই জন্তুটোৱে মোৰ মুখত কাপোৰ মেৰিয়াই দিলে। বহুত টনা আজুৰা হল। মই যেনে তেনে চুচৰি বাগৰি দুৱাৰৰ ওচৰ পাইছিলোহি কিন্তু দুৱাৰখন বাহিৰৰপৰা বন্ধ কৰি ৰখা হৈছিল। এটাক  মাৰপিট কৰি হয়তো মই পলাই যাব পাৰিলো হয় কিন্তু সময় আৰু মানবীয়তা যেন সকলোবোৰ দুৱাৰৰ বাহিৰতে ৰল। বাহিৰত ৰৈ থকা কেইটাও ভাগে ভাগে ভিতৰলৈ আহিল। মোৰ শৰীৰৰ যুদ্ধ কৰাৰ সকলো শক্তি সেই সময়ত শেষ হৈ গৈছিল। সেই মূৰ্চা যোৱা অৱস্থত আৰু ৰাতিৰ আন্ধাৰৰ মাজতে মোক মোৰ ঘৰৰ বাহিৰত পেলাই থৈ গল।


সেই ভয়ানক সময় মই ভুগি আহিলো। কাৰোবাক পুনৰ জীৱিত কৰিবলৈ। মা দেউতাই মই বহু ৰাতি ঘৰলৈ নহাত আৰু ফোনটো বন্ধ থকাৰ বাবে চিন্তাত পৰিল। তেওঁলোক দুয়ো মোক বিচাৰি বাহিৰলৈ ওলাওতে দেখা পালে যে ঘৰৰ দুৱাৰ মুখত মই মূৰ্চা যোৱা অৱস্থাত আছো। মোক তেনে অৱস্থাত দেখা পায় মাও মূৰ্চা গল। তিনি দিন ধৰি ডক্টৰ আন্টি আমাৰ ঘৰত থাকিলে। সেই ৩ টা জন্তু, যাক মই চিনি নেপাওঁ, তাহাঁতক বিচৰা, সাংবাদিকে ৰহন লগাই কৰা বাতৰি সমূহে, মোৰ ভৱিষ্যত শেষ কৰাৰ দৰে হৈছিল। মা দেউতা আৰু সেই ডক্টৰ আন্টি গৰাকীয়ে নিৰ্ণয় কৰিলে যে সকলোবোৰ পাহৰি আগবাঢ়ি যোৱাটোৱে ভাল হব। Storyboard )


কিন্তু ইমানবোৰ হোৱাৰ পাচত আগবাঢ়ি যোৱাটো সম্ভৱ নাছিল। সেই ভয়ানক কালৰাত্ৰিৰ পৰা নিজকে আঁতৰ কৰাটো বহুত কঠিন আছিল। কিন্তু এয়া কৰিব নোৱাৰা কামো নাছিল। এনে কৈয়ে মোৰ চকুপানী মোহাৰিলো। গীতায়ো চকুপানীৰে তিতি গৈছিল। 


সন্মুখত দেখা পালো, দুৱাৰত দিগন্ত ৰৈ আছিল। দিগন্তই আমালৈ চাই কলে, এতিয়া শুই যোৱা। দিগন্তই কোঠাটোৰ লাইট, টিভি বন্ধ কৰি দিলে। 


বিচনাত বাগৰি গীতাই মাত দিলে, ইমান বুজিপোৱা স্বামী, তোমাৰ স্বামীৰ যিমানে গুণ গালেও, সেয়া কম হব। 


গীতা, পলাশো বহুত ভাল। কিন্তু এই কথা মনত ৰাখিবা, যদি তুমি সেই সকলোবোৰৰ পৰা বাহিৰলৈ নাহা, তেতিয়া জীৱনৰ অতীতেও বৰ্তমানক কলা কৰি পেলাব। 


পুৱা চকু খুলিলত, ৯টা বজাত পাকঘৰৰ খুট খাট মাতত। গীতাই আমাৰ তিনিওলৈ পুৱাৰ আহাৰ তৈয়াৰ কৰিছিল। আৰু দিগন্ত তাতে বহি কথা পাতি আছিল। গীতা, সহজ আৰু সুখী লাগিল। আমি তিনিও নিজৰ কামলৈ ওলাই গলো। ৰাতিৰ আহাৰ আমি দুয়োজনীয়ে বনালো। আহাৰ কৰা পাচত কোঠালৈ আহোতে গীতাই কলে, এই সকলোবোৰৰ পাচত তোমাৰ মা দেউতাই কি কলে! মই কৈছিলো নহয়, মা মূৰ্চা গৈছিল। এদিন মই বিচনাত শুই আছিলো, দেউতা মোৰ কাষতে বহি আছিল। মাও চকীত বহি, মোৰ চুলিৰ মাজত হাত ফুৰাই আছিল। তেতিয়া মই কান্দিবলৈ ধৰিলো আৰু মোৰ মুখৰপৰা ওলাল, মা মই অপবিত্ৰ হৈ গলো। সচাঁকে মোৰ সকলো শেষ হল। এই কথা শুনি মাক কাৰেন্ট লগা দৰে লাগিল। শৰীৰটো অপবিত্ৰ কৰিবলৈ কোনাবাই তোমাৰ ওপৰত এই জবৰদস্তি আৰু অত্যাচাৰ কৰিলে। সেয়া তুমি তোমাৰ ভুল বুলি কিদৰে মানিবা? তোমাৰ ওপৰত অত্যাচাৰ হল, সেয়া অজানিতে। মা য়ে কথাখিনি কৈ ঠিয় হৈ গৈছিল আৰু খঙত কম্পামান হৈছিল আৰু কান্দিছিল। 


দেউতাৰ চকুটো চকুপানী, তেওঁ কলে, মাজনী তুমি আমাৰ সাহসী ছোৱালী। শৰীৰৰ ঘা টুকুৰা শুকাব কিন্তু সেই ঘাক নিজৰ অন্তৰত ঠাই নিদিবা। আমাৰ দুয়োৰে জীৱন আৰু সুখ তোমাৰ মাজতে আছে। কওঁতে কওঁতে মোৰ চকুটো চকুপানী আহিল। নাজানো, কিমান দিন যেন আমি একেলগে কান্দিছো। নমিতাই কৈ গল। 


২ মাহৰ বাবে মই মাহী ঘৰলৈ গলোগৈ। যেতিয়া মাহীঘৰৰপৰা ঘূৰি আহিলো, পুনৰ দেউতাৰ লগত বেডমিণ্টন খেলিবলৈ গৈছিলো। লাহে লাহে সকলো সামান্য হল। খং আৰু ঘৃণাৰ ভাৱেৰে গীতাই কলে, মোৰটো মায়ে কৈছিল, এয়া কি কৰি আহিলি! পৰিয়ালৰ নামত কলংক। নিজৰটো নহলে, নিজৰ ভনীয়েৰৰ কথা ভাবিব লাগিছিল! এই কন্দা কটা বন্ধ কৰ আৰু মনে মনে পুনৰ নিজৰ কামলৈ যাবলৈ আৰম্ভ কৰ। এই কথা কাৰোবাক কোৱাৰ প্ৰয়োজন নাই। সেইদিনা পৰা মোৰ ঘা টুকুৰা মুক্ত হৈয়ে থাকিল।আৰু তাত মলম দিয়া কাকো নাপালো। পলাশৰ পৰাও এইবোৰ কথা লুকুৱাই তাৰ সৈতে মোৰ বিয়াখন হল, যিয়ে মোক নিজকে বহুত গ্লানি অনুভৱ কৰায়। কি কৰিম, মাৰ মুখৰ আগত একো কব নোৱাৰিছিলো। 


তোমাৰ দেউতা, কলেজৰ প্ৰফেচৰ আছিল ন! তেওঁৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল।


এই অপৱিত্ৰ হল, মোৰ সন্মুখতে, দেউতাই মাক খং কৰি কলে, এইক কবা, আজিৰ পৰা যাতে এই গোসাঁই ঘৰলৈ নাযায়। 


নমিতাই গীতাৰ কাষলৈ আহিল, গীতাই নমিতাৰ কান্ধতে মূৰটো ৰাখিলে। নমিতাই গীতাৰ হাতখন ধৰি লৈ কলে, পঢ়াশুনা থকা, মা দেউতাই, এনেদৰে কেনেকৈ কব পাৰিলে? নমিতাই যি কৈছিলে, সচাঁ কৈছিলে। কলে লৰা ছোৱালীক ডাঙৰ কৰিবলৈ মনত হৃদয়ত প্ৰেমৰ প্ৰয়োজন। কিতাপৰ জ্ঞানৰ একো লাভ নাই। গীতা,নিজকে ইমান চিন্তিত নকৰিবা। পুৱা পলাশ আহিব। তুমি মোক এটা প্ৰতিজ্ঞা কৰা, বন্ধ থাকিলে, তুমি মোৰ লগত বেডমিণ্টন খেলিবা। গীতাৰ চকুৱে মোক প্ৰতিজ্ঞা কৰিলে আৰু পাচদিনা নিজৰ ঘৰলৈ গলগৈ। যেতিয়া নমিতাই দিগন্তক গীতাৰ কথা কলে, তেতিয়া দিগন্তই কলে, তুমি আৰু গীতাক একো নুসুধিবা। তাই আজিও ভয়তে আছে, যিদিনা তাই নিজে কব, সেইদিনা তাইক বুজাবা।


ৰবিবাৰে গীতা ক্লাৱলৈ গল আৰু কলে, আজি নেখেলো, বলানা, কথা পাতো। নমিতা আৰু গীতা ক্লাৱতে বহি ৰল। গীতাই প্ৰশ্ন কৰিলে, নমিতা, এই সকলোবোৰৰ কথা দিগন্তই জানেনে! তুমি এই সকলোবোৰ দিগন্তক কেতিয়া কলা! বিয়াৰ আগতে এই সকলোবোৰ দিগন্তক মোৰ মায়ে কলে। দিগন্তই মোক মোৰ সম্বন্ধীয় জেঠাইৰ ঘৰত দেখা পাইছিল। যেতিয়া দিগন্তই নিজৰ মাক দেউতাকক লৈ আমাৰ ঘৰলৈ আহিছিল, তেতিয়া মাকে মোক দেখা পায় পচন্দ কৰি, আমাৰ সম্বন্ধ ঠিক কৰিছিল।


তেতিয়া মায়ে কলে, প্ৰথমে মই দিগন্তৰ লগতে অকলে কিছু কথা পাতিবলৈ বিচাৰো। মায়ে দিগন্তক ভিতৰলৈ লৈ গল। আৰু মায়ে দিগন্তক সকলোবোৰ কলে, যি ঘটনা মোৰ সৈতে ঘটিছিল। সেয়া কৈ মায়ে কলে, দিগন্ত তুমি বিয়া পাতা বা নাপাতা, কিন্তু এই কথা তোমাৰ মাজতে ৰাখিবা। নহলে আমাৰ ছোৱালীক বিয়া দিবলৈ সমস্যা হব। 


সেইদিনা দিগন্তই মাক হাতত ধৰি কৈছিলে, মা মোৰ শিক্ষা কোনো কামত নাহিব, যদি সেই ঘটনাক মই বুজি নাপাওঁ। মই নমিতাকে বিয়া কৰাম। এই কথা দিছো,মোৰ বাহিৰে এই বিষয়ে আৰু আন কোনেও নাজানিব। দিগন্তই মোক লগ কৰিবলৈ মোৰ কোঠালৈ আহিল। কোঠাটো বৰ শান্ত হৈ পৰিছিল। দিগন্তই মাথো এয়াই কলে যে, আজিৰ পৰা মোৰ হাতত ধৰি নতুন জীৱন আৰম্ভ কৰিবা। অতিতত একোৱেই নাছিল। সেইবাবে অতিতলৈ কেতিয়াও ঘূৰি নাচাবা। 


নমিতাৰ কথা সম্পূর্ণ হল, আৰু গীতাই কলে, তাকেহে… পলাশেটো একোৱেই নাজানে, পলাশৰ পৰা সকলো লুকুৱাই তেওঁৰ লগত বিয়াত বহাটো মোৰ বাবে এক অপৰাধ আছিল,আৰু কথাটোৱে আজিও মোক কাঁইটৰ দ্বৰে বিন্ধে। কিন্তু এতিয়া বহুত পলম হল,এইবোৰ জানি যদি পলাশে মোৰ লগ এৰি দিয়ে!


 আজি কওঁ শুনা, সেইদিনা কি হৈছিল। গীতাই বহু সৰলতাৰে কবলৈ আৰম্ভ কৰিলে, মই এটা ইঞ্চোৰেঞ্চ কোম্পেনিত কাম কৰিছিলো। বেছি ক্লাইন্ত মোৰে আছিল বাবে মই কোম্পেনিটো প্ৰথম স্থানত আছিলো। অনন্ত যি মোৰ পাচত অৰ্থাৎ দ্বিতীয় স্থানত আছিল। সি মোক সহ্য কৰিব নোৱাৰিছিল। অনন্ত বিবাহিত আছিল।সি মোতকৈ পাচত থকাৰ অপমানৰ বাবেই মোৰ জীৱনটো ধ্বংস কৰি প্ৰতিশোধ ললে।  এদিন সি মোক ফোন কৰি কলে যে, কিবা প্ৰয়োজনীয় কাম আছে, সেইদিনা বন্ধ দিন আছিল, সি অকলে মোৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়া মই সেই ঠাই পালোগৈ, তেতিয়া মই অকলে থকাৰ সুযোগ লৈ, সি মোক বহুত পিটিলে, গালি পাৰিলে। আৰু সি মোৰ ওপৰত ইমানেই প্ৰহাৰ কৰিলে যে মই অৱস হৈ পৰিলো।ইয়াৰ পিছত সি মোক উপৰ্যোপৰি ধৰ্ষণ কৰিলে,মোৰ দেহাটোৰ সৈতে খেলিলে।আৰু শেষত কলে যে, পুলিচৰ ওচৰলৈ যোৱা কথাটো সপোনটো নাভাবিবি। ১০বছৰ কৰ্টলৈ অহা যোৱা কৰিলেও, মই এই কথা প্ৰমাণ কৰি দিম যে তই মোৰ লগত নিজ ইচ্ছা অনুযায়ী শাৰীৰিক সম্বন্ধ গঢ়িলি আৰু তই এজনী বেশ্যা হয়। 


সেই অসুৰ জয়ী হল। মোৰ পৰিয়ালৰ আগত মোৰ সকলো শেষ হৈ গল। ২ মাহৰ ভিতৰতে মোৰ পলাশৰ লগত বিবাহ হল। সেই সময়ত, দেউতাৰ খং, মাৰ মোতকৈ সমাজৰ চিন্তা, আৰু সৰু ভন্টিৰ চিন্তা কৰা আদি কথাবোৰে মোক আজিও কন্দোৱাই। সেই ঘাক বুজা কোনোবাটো থাকিব লাগে। মোৰ এই ঘা তেনেকৈ ৰল আজিলৈকে। 


আজি নমিতা আৰু গীতাৰ চকুত চকুপানী নাছিল। গীতা উঠিলে আৰু কলে, বলা ঘৰলৈ যাওঁ। পলাশক আজি সকলোবোৰ কব লাগিব। নমিতাৰ গীতালৈ চিন্তা হৈছিল, নমিতাই কলে, পলাশৰ উত্তৰ যি হলেও, এতিয়া মই আৰু দিগন্ত তোমাৰ পৰিয়াল হয়। তুমি পলাশক সকলোবোৰ কোৱাৰ আগতে মোৰ আৰু দিগন্তৰ সকলোবোৰ কথা কবা। 


 চিন্তা নকৰিবা। যি হলেও, তাৰ মুখা মুখি হবলৈ মোৰ শক্তি আছে। 


নমিতা ঘৰলৈটো আহিল, কিন্তু তাইৰ মনটো বৰ আচহুৱা লাগি আছিল। পুৱাও গীতাৰ ফোন নাহিল। নমিতা ঘৰতে অকলে বহি, গীতাৰ ফোনলৈ বাট চাই ৰল। দিপাৱলীৰ পাছদিনা এই বন্ধুত্ব আৰম্ভ হোৱা আজি পাঁচ মাহেই হল। কি হব! মোৰ বাবে, গীতা অকলশৰীয়া হৈ নপৰেটো! 


আবেলি ৫বজাত, ফোনটো বাজিল, ফোনটো চাই দেখা পালে, পলাশৰ ফোন। নমিতাই ভয়েৰে ফোন ৰিচিভ কৰিলে, আৰু সেই ফালৰপৰা মাত দিলে, হেল্ল নমি, তোমাক বহুত বহুত ধন্যবাদ। তাৰপাছত গীতাৰ লগত যি কথা হল তাৰ এটা কথাও মনত নৰল। কাৰণ তেতিয়া শব্দৰ কোনো মহত্ব নাছিল। এটা সুখী অনুভৱ। নমিতাৰ এনে লাগিল তাই গোটেই শৰীৰটো,কোনো এক ৰশ্মিৰ দ্বাৰা ভৰি পৰিল। মোৰ দূৰ্বল সময়ত মোক মোৰ পৰিয়াল আৰু দিগন্তই লগ দিছিল। আজি আন কাৰোবাক মই সাহস দিলো আৰু সেয়াও জীৱনৰ বাটত জয়ী হল। গীতাই জয়লাভ কৰা অনুভৱ নমিতাৰ বাবে এনে আছিল, যেনে, মাকক নিজৰ সন্তানৰ জয়লাভত হয়। পাচদিনা ২দিনৰ বাবে, গীতা আৰু পলাশ সেই ঠাইৰপৰা বাহিৰলৈ গল। যোৱা সময়ত পলাশে, দিগন্তক কলে, দিগন্ত, মংগলবাৰে এটা পাৰ্টিৰ আয়োজন কৰিবা। কিন্তু পাৰ্টিটো আমাৰ ঘৰতহে।


দিগন্তই কলে, তুমি ভাগৰি আহিবা, পাৰ্টি আমাৰ ঘৰতে ৰাখিম। নমি আৰু মই পাৰ্টিৰ আয়োজন কৰিম। 


গীতাই কলে, নহব দিগন্ত। এইবাৰ পাৰ্টি আমাৰ ঘৰত হবলৈ দিয়া।বন্তিৰ পোহৰে সেইদিনা তোমালোকৰ ঘৰখন জিলিকিছিল। এইবাৰ হ'লীত ৰংগোলীৰ ৰঙেৰে আমাৰ ঘৰখন জিলিকিবলৈ দিয়া। 


সেই পাৰ্টিৰ পৰা ঘৰলৈ অহাৰ পাচত দিগন্ত আৰু মোৰ মোবাইলত এটা মেচেজ আহিল। নমি, তোমাৰ মা দেউতা যিদৰে সাহসী আৰু মৰম দিয়ে, তেনেদৰে ঠিক সকলোৰে মা দেউতা হোৱা হলে তোমাৰ দৰে ছোৱালীয়ে কিমানজনী গীতাক  আন্ধকাৰৰ মাজৰ পৰা ওলিয়াই আনিলা হয়। আৰু যন্ত্রণাৰে ভৰা বহু হৃদয়ে নিজৰ সঠিক ঠিকনা বিছৰাত সহায়ক হল হয়।

:সমাপ্ত:


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages