ভৌতিক গল্প, অকলে নপঢ়িব ! : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 14, 2021

ভৌতিক গল্প, অকলে নপঢ়িব ! : Storyboard

Storyboard

এখন চহৰত এটা ডাঙৰ অট্টালিকা আছিল। সেই অট্টালিকাত বহু বছৰ ধৰি কোনো নাছিল। সেই অট্টালিকাৰ সন্মুখত এজোপা ডাঙৰ পুৰণি বৰগছ আছিল। ( Storyboard )

ওচৰৰ লোকে কৈছিল, সেই অট্টালিকাত বাস কৰা সকলো লোকে সেই বৰগছ জোপাতে আত্মহত্যা কৰিছিল। আৰু সেই দিন ধৰি সেই অট্টালিকাত কোনোৱে নাথাকিছিল। আৰু আন লোকেও সেই অট্টালিকা ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহিছিল। আৰু আনকি কোনো লোকে তাত ভাড়াতীয়া হিচাপেও থাকিব নিবিচাৰিছিল। 


এনে সময়তে আনন্দ বৰুৱা নামৰ এজন ব্যৱসায়ী, যি বাহিৰৰ দেশত থাকে। বাহিৰত কাম কৰি কৰি আনন্দ ডিপৰেচনৰ চিকাৰ হৈ পৰিছিল। আনন্দ বৰুৱা বাহিৰৰ দেশত অকলে থাকিছিল। আৰু আনন্দআনন্দৰ জীৱনত টকা আৰু কামৰ বাহিৰে আৰু একো বাকী থকা নাছিল। 

সেইবাবে আনন্দ বৰুৱা অসমলৈ আহিল আৰু ইয়াত নিজৰ পৰিয়ালৰ লগত থাকি এক নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিলে। থাকিবলৈ আনন্দে সেই অট্টালিকাটোকে ক্ৰয় কৰিলে। কাৰণ আনন্দে সেই অট্টালিকাটো বহু কম দামতে ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। 

সেই অট্টালিকা ক্ৰয় কৰাৰ সময়ত আনন্দৰ পৰিয়ালৰ লোকে আৰু সেই অট্টালিকা বিক্রি কৰা জনেও আনন্দক কৈছিল যে, এই অট্টালিকাত বহু নঘটা ঘটনা ঘটিছে, কিন্তু আনন্দে কাৰোৱে কথা নুশুনিলে। 

নতুন ঘৰটো লোৱা পাছত, সেই অট্টালিকাত আনন্দ কিছু দিন অকলে থাকিবলগীয়া হৈছিল কাৰণ তাৰ পৰিয়ালৰ লোক কিছু দিনৰ পাচতহে আনন্দৰ লগত থাকিবলৈ সেই নতুন ঘৰটোলৈ আহিব। এদিন নিশা, আনন্দ নিজৰ কোঠালিত শুই আছিল। তেতিয়া হঠাৎ আনন্দে এটা মাত শুনা পালে, মাত শুনা পায় লগে লগে আনন্দ সাৰ পায় বিচনাত বহি ৰল। 

আৰু সেই কোঠাত আনন্দৰ সন্মুখত থকা আইনাত এজনী ভয়ানক মহিলাক দেখা পালে। সেই মহিলাজনীৰ চকু আৰু জিভা বাহিৰলৈ ওলাই অহা আছিল। ( Storyboard )

আনন্দে যেতিয়া তাইক দেখা পালে, তেতিয়া সি বৰ ভয় খালে। আৰু তৎক্ষনাতে বিচনাৰপৰা নামি বাহিৰলৈ দৌৰ মাৰিলে। যেতিয়া আনন্দ দৌৰি আহি ঘৰৰ বাহিৰ পালেহি, তেতিয়া আনন্দে বাহিৰত কাৰোবাৰ ভৰিত খুন্দা মাৰিলে আৰু যেতিয়া আনন্দে মূৰ দাঙি ওপৰলৈ চালে, তেতিয়া দেখা পালে সেই বৰগছ জোপাত বহুত মৃতদেহ ওলমি আছিল। সেই মৃতদেহৰ মাজত কিছু সৰু লৰা ছোৱালীৰ, কিছু বয়সীয়াল লোকৰ আৰু কিছু ডেকা গাভৰু আছিল। আৰু সকলো মৃতদেহৰ চকু বন্ধ আছিল আৰু জিভা বাহিৰলৈ ওলোৱা আছিল। 

অকস্মাৎ সেই সকলো মৃতদেহৰ চকু খুল খালে আৰু সকলো মৃতদেহে আনন্দৰ ফালে চাই ৰল। আনন্দে সেই সকলোবোৰ দেখা পাই বৰ ভয় খালে আৰু তাতে মূৰ্চা গল। পাচদিনা পুৱা আনন্দৰ ঘৰত কাম কৰিবলৈ অহা, মনিয়ে আনন্দক মাটিত মূৰ্চা যোৱা অৱস্থাত পালে। মনিয়ে ওচৰৰে কিছু লোকৰ সহায়তা লৈ আনন্দক নিজৰ কোঠৈলৈ আনিলে আৰু এজন ডক্তৰক ফোন কৰি মাতি আনিলে। ডক্তৰে, আনন্দক পৰীক্ষা কৰি কলে, আনন্দ, ডিপ্ৰেচনৰ বাবে মূৰ্চা গৈছিল। 


কিছু সময়ৰ পাচত আনন্দে নিজৰ পৰিয়ালৰ লোকলৈ ফোন কৰিলে আৰু সোনকালেই সেই ঘৰটোলৈ আহিবলৈ কলে। কিন্তু তাৰ পৰিয়ালৰ লোকে কলে, আনন্দৰ দুই সন্তানৰ পৰীক্ষা হয় থকা বাবে কিছু দিনৰ পাছত হে নতুন ঘৰলৈ যাব পাৰিব। কাৰণ নতুন ঘৰটোৰ পৰা স্কুললৈ বহু দূৰ হব। আৰু কিছু দিন আনন্দ সেই নতুন ঘৰটোত অকলে থাকিবলগীয়া হৈছিল। 

লাহে লাহে ভয়তে নিশা আনন্দৰ টুপনি নহা হল। আনন্দে যেনে তেনে টুপনি গলেও মাজৰাতি সাৰ পায় গৈছিল আৰু তাৰ এনে লাগিছিল সেই সকলোবোৰ মৃতদেহ তাৰ কোঠাতে তাৰ আশে পাষে থাকি তালৈ চাই ৰৈছিলকিন্তু আনন্দে সাহসেৰে নিজৰ টুপনি টেবলেট লৈছিল আৰু পুনৰ শুই পৰিছিল। 


কিন্তু এদিন নিশা আনন্দৰ অকস্মাৎ টুপনি ভাঙিল আৰু তেতিয়া সি দেখা পালে যে, আনন্দ বৰগছজোপাৰ একেবাৰে তলত আৰু মাজত শুই আছে। আৰু সেই সকলোবোৰ মৃতদেহ তাৰ মূৰৰ ওপৰত ওলমি আছিল। মৃতদেহ বোৰ লাহে লাহে তললৈ নামি আহিছল। আৰু তললৈ অহা পাছত সকলোবোৰে তালৈ চাই ৰৈছিল। মৃতদেহৰ চকু ঠিক সেই মহিলাৰ দৰে বাহিৰলৈ ওলাই আহিছল। পাচদিনা পুৱা পুনৰ আনন্দক ঘৰটোৰ বাৰণ্ডাত মনিয়ে মূৰ্চা অৱস্থাত পালে। আনন্দৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছিল। 


এদিন সকলোবোৰ কথা আনন্দে তাৰ পত্নী পপি'ক কলে। আৰু পপি'হঁতক তাৰ ওচৰলৈ মাতি পথিয়ালে। কিন্তু সেই নিশাৰ পাচত আনন্দে তাৰ পৰিয়ালৰ লোকক দেখা নাপালে। পাচদিনা পুৱা যেতিয়া আনন্দৰ পৰিয়াল সেই ঠাইত উপস্থিত হলগৈ, তেতিয়া আনন্দৰ পৰিয়ালৰ লোকে দেখা পালে যে, সেই ঘৰটোৰ সন্মুখত বহু লোকৰ জোম। আৰু আনন্দৰ মৃতদেহ বৰগছজোপাত ওলমি আছিল। তাত থকা সকলোৱে কলে আনন্দে আত্মহত্যা কৰিলে। কিন্তু আনন্দৰ পত্নী পপি'য়ে এই ঘটনাৰ প্ৰকৃত কাৰন বুজিছিল আৰু পপিয়ে সম্পূর্ণ বিশ্বাস কৰিছিল যে আনন্দই আত্মহত্যা কৰা নাই, আনন্দৰ প্ৰাণ তাত থকা সেই দুষ্ট আত্মাই ললে। 

এই ঘটনাটোৰ পাচত সেই ঘৰটোত থাকিবলৈ আৰু কোনো যোৱা নাছিল। কিছুদিনৰ পাচত সেই ঘৰটো ভাঙি পেলোৱা হল আৰু বৰগছজোপাৰ ওচৰত এটা মন্দিৰ সাঁজি দিয়া হল।


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages